তীমথিয়লৈ দ্বিতীয় চিঠি
১ মই পৌল, ঈশ্বৰৰ ইচ্ছাৰে খ্ৰীষ্টৰ এজন পাঁচনি* হওঁ আৰু খ্ৰীষ্ট যীচুৰ যোগেদি পোৱা জীৱনৰ প্ৰতিজ্ঞাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ মোক বাছনি কৰা হৈছে। ২ নিজৰ মৰমৰ লʼৰা তীমথিয়ৰ নামত এই চিঠিখন লিখি আছোঁ:
ঈশ্বৰ আমাৰ পিতৃ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ মহা-কৃপা, দয়া আৰু শান্তি তোমালোকৰ ওপৰত থাকক।
৩ মই ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ, যিজনৰ পবিত্ৰ সেৱা মোৰ পূৰ্বপুৰুষসকলে কৰিছিল আৰু ময়ো শুদ্ধ বিবেকেৰে সৈতে তেওঁৰ পবিত্ৰ সেৱা কৰোঁ। মই দিনে-ৰাতিয়ে মিনতি কৰাৰ সময়ত তোমাক মনত পেলাওঁ। ৪ মই তোমাৰ চকুপানীক মনত পেলাই তোমাক চাবলৈ মোৰ বৰ হেঁপাহ আছে যাতে তোমাক লগ কৰি আনন্দেৰে ভৰি পৰোঁ। ৫ মই তোমাৰ বিশ্বাসক সদায় মনত পেলাওঁ, যʼত কোনো কপট নাই। এনেধৰণৰ বিশ্বাস আগতে তোমাৰ আইতা লোয়ী আৰু তোমাৰ মা উনীকীৰ আছিল। মোৰ বিশ্বাস আছে যে সেই একেই বিশ্বাস তোমাৰো আছে।
৬ এই কাৰণে মই তোমাক মনত পেলাই দিওঁ যে মই যেতিয়া তোমাৰ ওপৰত হাত ৰাখিছিলোঁ, তেতিয়া তুমি ঈশ্বৰৰ পৰা যি বৰদান পাইছিলা, তাক জুইৰ দৰে জ্বলাই ৰাখা।* ৭ কাৰণ ঈশ্বৰে দিয়া পবিত্ৰ শক্তিয়ে আমাৰ মনত ভয়ভাব জগাই নোতোলে, ইয়াৰ পৰিৱৰ্তে আমাক শক্তি, প্ৰেম আৰু সঠিক চিন্তাধাৰা দিয়ে। ৮ সেইবাবে, আমাৰ প্ৰভুৰ বিষয়ে সাক্ষ্য দিবলৈ লাজ অনুভৱ নকৰিবা আৰু মই যে প্ৰভুৰ কাৰণে জেলত আছোঁ, তাৰ কাৰণেও লাজ অনুভৱ নকৰিবা। ইয়াৰ পৰিৱৰ্তে, ঈশ্বৰৰ শক্তিৰ ওপৰত ভৰসা ৰাখি শুভবাৰ্তাৰ কাৰণে দুখ ভুগিবলৈ সাজু থাকা। ৯ তেওঁ আমাক বচালে আৰু পবিত্ৰ নিমন্ত্ৰণ দিলে। কিন্তু এই নিমন্ত্ৰণ আমাক নিজৰ কামৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে এই নিমন্ত্ৰণ পোৱাৰ কাৰণ হৈছে এয়া ঈশ্বৰৰ উদ্দেশ্য আছিল আৰু তেওঁ আমাৰ ওপৰত মহা-কৃপা কৰিছিল। বহু আগেয়ে খ্ৰীষ্ট যীচুৰ যোগেদি ঈশ্বৰে আমাৰ ওপৰত এই মহা-কৃপা কৰিছিল। ১০ কিন্তু এতিয়া আমাৰ উদ্ধাৰকৰ্তা খ্ৰীষ্ট যীচু প্ৰকাশ হোৱাৰ কাৰণে এই মহা-কৃপাৰ বিষয়ে আমাক স্পষ্ট কৰা হৈছে। তেওঁ মৃত্যুক শেষ কৰিলে আৰু শুভবাৰ্তাৰ যোগেদি জীৱন কেনেকৈ পাব পাৰি আৰু কেনেকৈ অবিনাশী হʼব পাৰি, এয়া পোহৰলৈ আনিলে। ১১ এই শুভবাৰ্তা শুনাবলৈ মোক এজন প্ৰচাৰক, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰা হৈছে।
১২ এই কাৰণেই মই এই সকলো দুখ-কষ্ট ভুগি আছোঁ, কিন্তু মই লাজ অনুভৱ নকৰোঁ, কিয়নো যিজনৰ ওপৰত মই বিশ্বাস কৰোঁ, তেওঁক মই জানোঁ। আৰু মোৰ সম্পূৰ্ণ ভৰসা আছে যে মই তেওঁক যি সম্পত্তি গতাই দিছোঁ, তাক তেওঁ ন্যায়ৰ দিনলৈকে সুৰক্ষিত ৰখাৰ যোগ্য হয়। ১৩ যিবোৰ লাভজনক* শিক্ষা তুমি মোৰ পৰা শুনিছা, তাক আৰ্হি* হিচাপে লৈ বিশ্বাস আৰু প্ৰেমেৰে ধৰি ৰাখা, যি খ্ৰীষ্ট যীচুৰ লগত একতাত থকাৰ কাৰণে উৎপন্ন হয়। ১৪ আমাৰ ভিতৰত বাস কৰা পবিত্ৰ শক্তিৰ যোগেদি বহুমূলীয়া সম্পত্তিক ৰক্ষা কৰা।
১৫ তুমি জানা যে এচিয়া প্ৰদেশৰ সকলোৱে মোৰ পৰা আঁতৰি গৈছে। তাৰ মাজত ফুগিল্ল আৰু হৰ্ম্মগিনিও আছে। ১৬ অনীচিফৰৰ ঘৰৰ লোকসকলক প্ৰভুৱে দয়া কৰি থাকক, কিয়নো তেওঁ কেইবাবাৰো মোক উৎসাহিত কৰিছিল আৰু মই বন্দী হৈ থকাৰ কাৰণে তেওঁ লাজ অনুভৱ কৰা নাছিল। ১৭ ইয়াৰ পৰিৱৰ্তে, যেতিয়া তেওঁ ৰোমত আছিল, তেতিয়া তেওঁ বহুত যত্নেৰে মোক বিচাৰিলে আৰু মোক লগ কৰিলে। ১৮ প্ৰভু যিহোৱাই* ন্যায়ৰ দিনত তেওঁৰ ওপৰত দয়া কৰক। তুমি ভালদৰে জানা যে তেওঁ ইফিচত মোৰ কিমান সেৱা কৰিলে।
২ সেইবাবে মোৰ লʼৰা, খ্ৰীষ্ট যীচুৱে দেখুৱা মহা-কৃপাৰ যোগেদি নিজকে শক্তিশালী কৰি গৈ থাকা। ২ আৰু যিবোৰ কথা তুমি মোৰ পৰা শুনিলা আৰু যাৰ বিষয়ে বহুতো লোকে সাক্ষ্য দিছে, সেইবোৰ কথা বিশ্বাসযোগ্য পুৰুষসকলক শিকোৱা যাতে তেওঁলোকে আনক শিকাবলৈ যোগ্য হʼব পাৰে। ৩ খ্ৰীষ্ট যীচুৰ এজন ভাল সৈনিক হিচাপে সমস্যাৰ সন্মুখীন হʼবলৈ সাজু থাকা। ৪ কোনো সৈনিকে নিজকে জগতৰ ব্যৱসায়ত* যেন নলগায়* যাতে যিজনে তেওঁক সেনাত ভৰ্তি কৰিলে, তেওঁৰ অনুমোদন পাব পাৰে।* ৫ আৰু যি কোনোৱে খেল প্ৰতিযোগিতাত ভাগ লয়, যদি তেওঁ নিয়মৰ অনুসৰি নেখেলে, তেনেহʼলে তেওঁ পুৰস্কাৰ* নাপায়। ৬ এজন পৰিশ্ৰমী খেতিয়কেহে সকলোতকৈ প্ৰথমে নিজৰ শস্যৰ ভাগ পোৱা উচিত। ৭ মই যি কৈ আছোঁ, তাক সদায় ধ্যান দি থাকা। প্ৰভুৱে তোমাক সকলো বিষয়ত বুজি পোৱাৰ ক্ষমতা* দিব।
৮ মনত ৰাখা যে যীচু খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হৈছিল আৰু তেওঁ দায়ূদৰ বংশৰ* পৰা আছিল। মই এই বিষয়েই শুভবাৰ্তা শুনাওঁ। ৯ এই শুভবাৰ্তাৰ কাৰণেই মই দুখ ভুগি আছোঁ আৰু এজন অপৰাধীৰ দৰে বন্দী হৈ আছোঁ। তথাপিও ঈশ্বৰৰ বাক্য বন্দী হৈ থকা নাই। ১০ ইয়াৰ কাৰণেই মই বাছনি কৰা লোকসকলৰ বাবে সকলো সহি আছোঁ যাতে তেওঁলোকেও খ্ৰীষ্ট যীচুৰ যোগেদি উদ্ধাৰ আৰু সেই মহিমা পাব পাৰে, যি সদায় থাকিব। ১১ এই কথা ভৰসাযোগ্য: যদি আমি তেওঁৰ লগত মৃত্যু হৈছোঁ, তেনেহʼলে নিশ্চয় তেওঁৰ লগত জীয়াইও উঠিম। ১২ যদি আমি ধৈৰ্য ধৰি থাকোঁ, তেনেহʼলে তেওঁৰ লগত ৰজা হৈ শাসন কৰিম। যদি আমি তেওঁক অস্বীকাৰ কৰিম, তেনেহʼলে তেৱোঁ আমাক অস্বীকাৰ কৰিব। ১৩ যদিও আমি বিশ্বাসঘাতক হৈ যাওঁ, তথাপি তেওঁ বিশ্বাসযোগ্য হৈ থাকিব, কিয়নো তেওঁ নিজকে অস্বীকাৰ কৰিব নোৱাৰে।
১৪ তেওঁলোকক ঈশ্বৰৰ আগত এই কথা মনত পেলাই থাকা আৰু নিৰ্দেশনা দিয়া* যে তেওঁলোকে যেন শব্দবোৰক লৈ কাজিয়া নকৰে, কিয়নো ইয়াৰ পৰা একো লাভ নহয়, ইয়াৰ পৰিৱৰ্তে শুনোঁতাসকলক ক্ষতি* কৰে। ১৫ তুমি নিজৰ ফালৰ পৰা যিমান কৰিব পাৰা, সেয়া কৰা যাতে তুমি নিজকে ঈশ্বৰৰ আগত এনে সেৱকৰ দৰে তুলি ধৰিব পাৰিবা, যাক ঈশ্বৰে গ্ৰহণ কৰে আৰু যিজনে নিজৰ কামৰ বাবে লাজ অনুভৱ কৰিবলগীয়া নহয় আৰু যিজনে সত্যৰ বাক্যক ভালদৰে ব্যৱহাৰ কৰিবলৈ জানে। ১৬ অনৰ্থক কথাবোৰ গ্ৰহণ নকৰিবা, যিবোৰ পবিত্ৰ বিষয়বোৰৰ বিৰুদ্ধে হয়, কিয়নো এনে শিক্ষাই আৰু বেছি ভক্তিহীন কামৰ ফালে লৈ যায় ১৭ আৰু তেওঁলোকৰ শিক্ষা গেলি যোৱা ঘাৰ দৰে বিয়পি যাব। হুমিনায় আৰু ফিলীতো তেওঁলোকৰ মাজৰ হয়। ১৮ এই মানুহবিলাকে সত্যৰ পথৰ পৰা আঁতৰি গৈছে, কিয়নো এওঁলোকে কয় যে মৃতবিলাকক জীয়াই তোলা* হʼল আৰু এওঁলোকে কিছুমান লোকৰ বিশ্বাস নষ্ট কৰি আছে। ১৯ তথাপি ঈশ্বৰে যি ভিত্তি স্থাপন কৰিছে, সেয়া দৃঢ় হৈ থাকে আৰু তাৰ ওপৰত এই কথা মোহৰ মৰা আছে: “যিহোৱাই* জানে যে কোন লোকসকল তেওঁৰ নিজৰ হয়” আৰু “যিহোৱাৰ* নাম লোৱা প্ৰতিজনে দুষ্টতাক এৰি দিয়ক।”
২০ এখন ডাঙৰ ঘৰত কেৱল সোণ-ৰূপৰ বাচনেই নাথাকে, ইয়াৰ পৰিৱৰ্তে কাঠৰ আৰু মাটিৰ বাচনো থাকে। কিছুমান আদৰৰ কামৰ কাৰণে আৰু কিছুমান সাধাৰণ ব্যৱহাৰৰ কাৰণে। ২১ যদি কোনোবাই সাধাৰণ কামত ব্যৱহাৰ হোৱা বাচনৰ পৰা নিজকে দূৰত ৰাখে, তেনেহʼলে তেওঁ এনে বাচন হʼব, যি আদৰৰ ব্যৱহাৰৰ কাৰণে পবিত্ৰ বুলি গণ্য কৰা হয়, নিজৰ মালিকৰ কামত আহে আৰু সকলো ভাল কামৰ কাৰণে তৈয়াৰ কৰা হয়। ২২ সেইবাবে, ডেকাকালত উঠা ইচ্ছাবোৰৰ পৰা দূৰলৈ পলোৱা আৰু যিসকলে শুদ্ধ মনেৰে প্ৰভুৰ নাম লয়, তেওঁলোকৰ লগত সঠিক কাম কৰি থাকা আৰু বিশ্বাস, প্ৰেম আৰু শান্তিৰ পথত চলি থাকা।
২৩ মূৰ্খতাৰে ভৰা আৰু ব্যৰ্থ তৰ্ক-বিতৰ্কত নপৰিবা, কিয়নো তুমি জানা যে ইয়াৰ পৰা কাজিয়াহে হয়। ২৪ প্ৰভুৰ দাসক যুঁজ কৰাৰ প্ৰয়োজন নাই, ইয়াৰ পৰিৱৰ্তে তেওঁ সকলোৰে লগত কোমলতাৰে* ব্যৱহাৰ কৰক, শিকোৱাত নিপুণ হওক আৰু যেতিয়া তেওঁৰ লগত বেয়া ব্যৱহাৰ কৰা হয়, তেতিয়াও নিজকে নিয়ন্ত্ৰণত ৰাখক ২৫ আৰু যিসকলে সঠিক দৃষ্টিভংগী নাৰাখে, তেওঁলোকক কোমলতাৰে বুজাওক। হয়তো ঈশ্বৰে তেওঁলোকক অনুতাপ কৰিবলৈ* সুযোগ দিব, যাৰ পৰা তেওঁলোকে সত্যৰ সঠিক জ্ঞান পায় ২৬ আৰু তেওঁলোকৰ অনুভৱ হয় যে চয়তানে* নিজৰ ইচ্ছা পূৰ কৰিবলৈ তেওঁলোকক জীয়াই জীয়াই ফান্দত পেলাইছে, তাৰ পাছত হয়তো তেওঁলোকে চেতনা পাই তাৰ ফান্দৰ পৰা ওলাই আহিব পাৰে।
৩ কিন্তু এয়া জানি লোৱা যে শেষ-কালত সংকটেৰে ভৰা এনে সময় আহিব, যাৰ সন্মুখীন হোৱাটো বৰ কঠিন হʼব। ২ কাৰণ লোকসকলে কেৱল নিজকে প্ৰেম কৰিব, টকা-পইচাক প্ৰেম কৰিব, ফিতাহি মাৰিব, অহংকাৰী হʼব, নিন্দা কৰিব, মা-দেউতাৰ কথা নুশুনিব, কৃতজ্ঞতা নেদেখুৱাব, আনৰ প্ৰতি বিশ্বাসী হৈ নাথাকিব,* ৩ স্নেহ নেদেখুৱাব, কোনো কথাত মান্তি নহʼব, বদনাম কৰিব, আত্মনিয়ন্ত্ৰণ নকৰিব, হিংস্ৰ হʼব, ভাল বিষয়ক ঘিণ কৰিব, ৪ বিশ্বাসঘাতক হʼব, জেদী হʼব, গৰ্বেৰে ভৰি পৰিব, ঈশ্বৰৰ পৰিৱৰ্তে আনন্দ-ফূৰ্তিক প্ৰেম কৰিব, ৫ তেওঁলোকে ভক্তিৰ ভাও ধৰিব, কিন্তু সেই অনুসৰি জীৱন-যাপন নকৰিব। এনে লোকসকলৰ পৰা দূৰ হʼবা। ৬ তেওঁলোকৰ মাজৰ পৰাই এনে লোকসকলক দেখিবলৈ পোৱা যায়, যিসকলে চতুৰতাৰে ঘৰবোৰত সোমাই আহে আৰু বিভিন্ন ইচ্ছাৰ দ্বাৰা প্ৰভাৱিত হোৱা আৰু পাপৰ বোজা লৈ থকা দুৰ্বল তিৰোতাসকলক দাস কৰি লয়, ৭ এই তিৰোতাসকলে সদায় শিকিতো থাকে, কিন্তু সত্যৰ সঠিক জ্ঞান কেতিয়াও লাভ কৰিব নোৱাৰে।
৮ যিদৰে যান্নিয়ে আৰু যাম্ব্ৰিয়ে মোচিৰ বিৰোধ কৰিছিল, ঠিক সেইদৰে এই লোকসকলেও সত্যৰ বিৰোধ কৰি থাকে। এওঁলোকৰ মগজু একেবাৰে ভ্ৰষ্ট হৈ গৈছে আৰু তেওঁলোকে বিশ্বাসৰ অনুসৰি নচলাৰ কাৰণে তেওঁলোকৰ ওপৰত ঈশ্বৰৰ অনুমোদন নাই। ৯ কিন্তু এই লোকসকল আৰু আগবাঢ়িব নোৱাৰিব, কিয়নো যেনেকৈ সেই দুয়োজনৰ মূৰ্খতা সকলোৱে স্পষ্টকৈ জানিব পাৰিছিল, ঠিক সেইদৰে এই লোকসকলৰ মূৰ্খতাও সকলোৱে স্পষ্টকৈ জানিব পাৰিব। ১০ কিন্তু তুমি মোৰ শিক্ষা, মোৰ জীৱন-প্ৰণালী, মোৰ উদ্দেশ্য, মোৰ বিশ্বাস, মোৰ ধৈৰ্য, মোৰ প্ৰেম, মোৰ সহন ১১ আৰু মোৰ ওপৰত হোৱা অত্যাচাৰ আৰু দুখ-কষ্টবোৰৰ বিষয়ে জানা। তুমি এয়াও জানা যে আন্তিয়খিয়া, ইকনিয় আৰু লুস্ত্ৰাত মই কি কি ভুগিলোঁ আৰু কেনেধৰণৰ অত্যাচাৰ সহন কৰিলোঁ, তথাপিও প্ৰভুৱে মোক এই সকলোৰে পৰা বচালে। ১২ আচলতে, যিমান লোকসকলে খ্ৰীষ্ট যীচুৰ শিষ্য হিচাপে ঈশ্বৰৰ ভক্তিৰে সৈতে জীৱন-যাপন কৰিব বিচাৰে, সেই সকলোৰে ওপৰত এইদৰেই অত্যাচাৰ কৰা হʼব। ১৩ কিন্তু দুষ্ট আৰু প্ৰবঞ্চকবিলাকে বেয়াতকৈ বেয়া হৈ গৈ থাকিব। সিহঁতে নিজেইতো বেয়া পথলৈ পৰিচালিত হʼবই, লগতে আনকো ভুল পথলৈ পৰিচালিত কৰি থাকিব।
১৪ কিন্তু যিবোৰ কথা তুমি শিকিছা আৰু যিবোৰ তোমাক যুক্তি দি বিশ্বাস জন্মোৱা হৈছিল, সেইবোৰ কথা পালন কৰি থাকা, কাৰণ তুমিতো জানা যে তুমি এয়া কোন লোকসকলৰ পৰা শিকিছিলা। ১৫ আৰু তোমাকতো শিশু কালৰ পৰাই পবিত্ৰ শাস্ত্ৰৰ বিষয়ে শিক্ষা দিয়া হৈছিল। এই পবিত্ৰ শাস্ত্ৰই তোমাক খ্ৰীষ্ট যীচুৰ ওপৰত বিশ্বাসৰ যোগেদি উদ্ধাৰ পাবলৈ বুদ্ধিমান কৰি তুলিব পাৰে। ১৬ গোটেই শাস্ত্ৰ ঈশ্বৰৰ প্ৰেৰণাৰে লিখা হৈছে আৰু শিকাবলৈ, বুজাবলৈ, শুধৰণি কৰিবলৈ আৰু ঈশ্বৰৰ সঠিক মানদণ্ডৰ অনুসৰি অনুশাসন দিবলৈ লাভজনক হয় ১৭ যাতে ঈশ্বৰৰ সেৱকে সকলো ভাল কামৰ কাৰণে সম্পূৰ্ণৰূপে যোগ্য হʼব পাৰে আৰু সকলো ফালৰ পৰা সাজু হʼব পাৰে।
৪ মই তোমাক ঈশ্বৰৰ আগত আৰু যিজনৰ ৰাজ্য আহিবলগীয়া আছে, যিজনে প্ৰকাশ হৈ জীৱিত লোকসকলৰ আৰু মৃতবিলাকৰ ন্যায় কৰিব, সেই খ্ৰীষ্ট যীচুৰ আগত মই তোমাক এই আদেশ দিছোঁ: ২ তুমি বাক্যৰ প্ৰচাৰ কৰা। ভাল সময়তেই হওক বা বেয়া সময়তেই হওক, তুমি উৎসাহেৰে এই কাম কৰি থাকা। সম্পূৰ্ণ ধৈৰ্যেৰে আৰু কৌশলতাৰে শিক্ষা দি ভুল কৰা লোকসকলক শুধৰণি কৰা, কঠোৰভাৱে সাৱধান কৰা আৰু বুজোৱা। ৩ কাৰণ এনে সময় আহিব, যেতিয়া লোকসকলে লাভজনক* শিক্ষা শুনিব নিবিচাৰিব, ইয়াৰ পৰিৱৰ্তে তেওঁলোকে নিজে ভালপোৱা কথা শুনিবলৈ নিজৰ পচন্দৰ অনুসৰি বহুতো শিক্ষকক একগোট কৰিব। ৪ তেওঁলোকে সত্যৰ কথাবোৰ নুশুনিব আৰু মিছা কাহিনীবোৰৰ ওপৰত ধ্যান দিব। ৫ কিন্তু তুমি সকলো বিষয়ত সচেতন হৈ থাকা, সমস্যাৰ সময়ত ধৈৰ্য ধৰা, প্ৰচাৰকৰ কাম কৰা,* নিজৰ সেৱা ভালদৰে পূৰ কৰা।
৬ মোক দ্ৰাক্ষাৰস উৎসৰ্গ কৰাৰ নিচিনা ঢালি দিয়া হৈছে আৰু মই মুকলি হোৱাৰ সময় একেবাৰে কাষ চাপিছে। ৭ মই ভালদৰে সংঘৰ্ষ কৰিলোঁ। মই নিজৰ দৌৰ সম্পূৰ্ণ কৰিলোঁ, মই বিশ্বাসক ধৰি ৰাখিছোঁ। ৮ এতিয়াৰে পৰা মোৰ কাৰণে সেই কিৰীটি ৰখা হৈছে, যি ভাল মানুহক দিয়া হʼব। এই কিৰীটি প্ৰকৃত ন্যায়ী প্ৰভুৱে ন্যায়ৰ দিনাখন মোক পুৰস্কাৰ হিচাপে দিব। এই পুৰস্কাৰ কেৱল ময়েই নহয়, ইয়াৰ পৰিৱৰ্তে সেই সকলোৱে পাব, যিসকলে তেওঁ প্ৰকাশ হোৱালৈ আগ্ৰহেৰে অপেক্ষা কৰে।
৯ মোৰ ওচৰলৈ যিমান সোনকালে পাৰা, সিমান সোনকালে আহিবলৈ চেষ্টা কৰা। ১০ কাৰণ দীমাই এই জগতৰ* প্ৰেমত পৰি মোক এৰি দিলে আৰু তেওঁ থিচলনীকীলৈ গুচি গʼল। ক্ৰীষ্কেন্ত গালাতিয়ালৈ গʼল আৰু তীত দালমাতিয়ালৈ গʼল। ১১ কেৱল লূক মোৰ লগত আছে। মাৰ্কক নিজৰ লগত লৈ আনিবা, কিয়নো তেওঁ সেৱা কৰিবলৈ মোক বহুত সহায় কৰিব পাৰিব। ১২ তুখিকক মই ইফিচলৈ পঠালোঁ। ১৩ যেতিয়া তুমি আহিবা, তেতিয়া মোৰ সেই গৰম কাপোৰ লৈ আনিবা, যি মই ত্ৰোৱাত কাৰ্পৰ তাত এৰিছিলোঁ। লগতে নুৰাও লৈ আনিবা, বিশেষকৈ চামৰাৰ নুৰা।
১৪ তামৰ কাম কৰা আলেকজেন্দাৰে মোৰ বহুত ক্ষতি কৰিলে। যিহোৱাই* তেওঁক তেওঁৰ কামৰ প্ৰতিফল দিব। ১৫ তুমিও তাৰ পৰা সাৱধানে থাকিবা, কিয়নো তেওঁ আমাৰ বাৰ্তাৰ বহুত বিৰোধ কৰিছে।
১৬ মই প্ৰথমবাৰ নিজৰ পক্ষে উত্তৰ দিয়াৰ সময়ত কোনেও মোৰ পক্ষ নলʼলে, সকলোৱে মোক এৰি গুচি গʼল। মোৰ প্ৰাৰ্থনা এয়েই যে ঈশ্বৰে যেন তেওঁলোকৰ এই কামৰ হিচাপ নলয়। ১৭ কিন্তু প্ৰভুৱে মোক সহায় কৰিলে আৰু তেওঁ মোক শক্তি দিলে যাতে মোৰ যোগেদি ভালদৰে প্ৰচাৰ হয় আৰু সকলো ৰাষ্ট্ৰৰ লোকসকলে শুনিব পাৰে। মোক সিংহৰ মুখৰ পৰা উদ্ধাৰ কৰা হʼল। ১৮ প্ৰভুৱে মোক সকলো দুষ্টতাৰ পৰা বচাব আৰু নিজৰ স্বৰ্গৰ ৰাজ্যৰ কাৰণে মোক ৰক্ষা কৰিব। তেওঁৰ মহিমা সদায় কাললৈকে হৈ থাকক। আমেন।
১৯ প্ৰিষ্কা আৰু আক্কিলাক আৰু অনীচিফৰৰ ঘৰৰ লোকসকলক মোৰ নমস্কাৰ জনাবা।
২০ ইৰাস্ত কৰিন্থত থাকি গʼল আৰু ত্ৰফিমক মই মিলীতত এৰি আহিলোঁ, কিয়নো তেওঁৰ বেমাৰ হৈছিল। ২১ জাৰকালি আৰম্ভ হোৱাৰ আগেয়ে মোৰ ওচৰলৈ আহিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিবা।
উবুল, পুদেন্ত, লীন, ক্লৌদিয়া আৰু সকলো ভায়ে তোমাক নমস্কাৰ জনাইছে।
২২ তুমি যি সঠিক মনোবৃত্তি দেখুৱাইছা, তাৰ কাৰণে প্ৰভুৰ আশীৰ্বাদ তোমাৰ ওপৰত থাকক। তেওঁৰ মহা-কৃপা তোমালোকৰ ওপৰত থাকক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “তাক উৎসাহেৰে ব্যৱহাৰ কৰি থাকা।”
বা “স্বাস্থ্যকৰ।”
বা “নক্সা।”
অতি. ক৫ চাওক।
বা হয়তো, “দৈনন্দিন কামবোৰত।”
আক্ষ., “আবদ্ধ নকৰে।”
বা “তেওঁক আনন্দিত কৰিব পাৰে।”
আক্ষ., “কিৰীটি।”
বা “বিবেচনা কৰাৰ ক্ষমতা।”
আক্ষ., “দায়ূদৰ বীজৰ।”
আক্ষ., “ভালদৰে সাক্ষ্য দিয়া।”
বা “ধ্বংস; সৰ্বনাশ।”
বা “পুনৰুত্থান।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “বুদ্ধিমতাৰে।”
বা “নিজৰ চিন্তাধাৰা সলনি কৰিবলৈ।”
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।
বা “ঈশ্বৰৰ প্ৰতি বিশ্বাসী হৈ নাথাকিব।”
বা “স্বাস্থ্যকৰ।”
বা “শুভবাৰ্তাৰ প্ৰচাৰ কৰি থাকা।”
বা “জগতৰ ব্যৱস্থাৰ।” শব্দকোষ চাওক।
অতি. ক৫ চাওক।