তীতলৈ চিঠি
১ মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ এজন পাঁচনি* হওঁ। মোৰ বিশ্বাস আৰু মোৰ সেৱা বাছনি কৰা লোকসকলৰ বিশ্বাসৰ অনুসৰি আৰু সেই সত্যৰ সঠিক জ্ঞানৰ অনুসৰি হয়, যি ঈশ্বৰৰ ভক্তিৰ লগত জড়িত আছে ২ আৰু ইয়াৰ আধাৰ হৈছে, অনন্ত জীৱনৰ আশা, যাৰ প্ৰতিজ্ঞা মিছা নোকোৱা ঈশ্বৰে বহু আগতেই কৰিছিল। ৩ আৰু তেওঁ নিজৰ নিৰ্ধাৰিত সময়ত প্ৰচাৰৰ যোগেদি নিজৰ বাক্যৰ ঘোষণা কৰালে। প্ৰচাৰৰ এই দায়িত্ব আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰৰ আজ্ঞাৰ অনুসৰি মোক দিয়া হৈছে। ৪ যি বিশ্বাসৰ আমি সকলোৱে সহভাগী হওঁ, সেই বিশ্বাসত মোৰ প্ৰকৃত লʼৰা তীত, মই তোমালৈ এই চিঠি লিখি আছোঁ:
মোৰ প্ৰাৰ্থনা এয়ে যে ঈশ্বৰ আমাৰ পিতৃ আৰু খ্ৰীষ্ট যীচু আমাৰ উদ্ধাৰকৰ্তাৰ ফালৰ পৰা তোমালৈ মহা-কৃপা আৰু শান্তি হওক।
৫ মই তোমাক ক্ৰীতিত এৰি অহাৰ কাৰণ হৈছে যাতে তুমি শুধৰণি কৰিবলগীয়া বিষয়বোৰ শুধৰণি কৰিব পাৰা আৰু মই যিদৰে তোমাক নিৰ্দেশনা দিছিলোঁ, তুমি চহৰে চহৰে প্ৰাচীনবিলাকক নিযুক্ত কৰিব পাৰা। ৬ এনে ভাইক নিযুক্ত কৰিবা, যিজন নিৰ্দোষী হয়, তেওঁৰ এজনীয়েই পত্নী আছে, তেওঁৰ লʼৰা-ছোৱালী বিশ্বাসী হয় আৰু তেওঁলোকৰ ওপৰত অনৈতিক জীৱন-যাপন কৰা বা বিদ্ৰোহী হোৱাৰ অভিযোগ নাই। ৭ অধ্যক্ষ পদত থকা ভাই ঈশ্বৰে নিযুক্ত কৰা প্ৰবন্ধক হয়। সেইবাবে, তেওঁৰ ওপৰত কোনো অভিযোগ থকা উচিত নহয়। তেওঁ নিজ ইচ্ছাৰ মতে চলা ব্যক্তি, খঙাল, মতলীয়া, মাৰ-পিট কৰা ব্যক্তি আৰু লোভ কৰি আনৰ সুযোগ লোৱা ব্যক্তি হোৱা উচিত নহয়। ৮ ইয়াৰ পৰিৱৰ্তে, তেওঁ অতিথি-সৎকাৰ কৰা ব্যক্তি, ভাল বিষয়ক প্ৰেম কৰা ব্যক্তি, সঠিক দৃষ্টিভংগী ৰখা ব্যক্তি,* ভাল মানুহ, বিশ্বাসী, আত্মনিয়ন্ত্ৰণ কৰা ব্যক্তি হোৱা উচিত। ৯ শিক্ষা দিয়াৰ সময়ত তেওঁ ঈশ্বৰৰ ভৰসাযোগ্য বাক্য* দৃঢ়তাৰে ধৰি থকা উচিত যাতে তেওঁ কেৱল লাভজনক* শিক্ষা দি উৎসাহিত কৰাই নহয়, ইয়াৰ পৰিৱৰ্তে যিসকলে এই শিক্ষাৰ বিৰোধ কৰে, তেওঁলোকক শুধৰণিও কৰিব পাৰে।
১০ কিয়নো তাত এনে বহুতো লোক আছে, যিসকল বিদ্ৰোহী, অনৰ্থক কথা কয় আৰু আনক ভুল পথলৈ নিয়ে। বিশেষকৈ তেওঁলোকৰ মাজত সেই লোকসকল আছে, যিসকলে চুন্নৎ কৰিবই লাগিব বুলি এটা কথাতে লাগি থাকে। ১১ এনে লোকসকলৰ মুখ বন্ধ কৰাটো প্ৰয়োজন, কিয়নো তেওঁলোকে বেয়া উপায়েৰে কিবা লাভ কৰিবলৈ এনে শিক্ষা দিয়ে, যি তেওঁলোকে দিয়া উচিত নহয় আৰু গোটেই পৰিয়ালৰ বিশ্বাস ধ্বংস কৰি দিয়ে। ১২ তেওঁলোকৰেই এজন ভৱিষ্যবক্তাই কৈছে, “ক্ৰীতিৰ লোকসকল মিছলীয়া, বনৰীয়া জন্তুৰ দৰে হিংস্ৰ, এলেহুৱা আৰু খকুৱা হয়।”
১৩ এই সাক্ষ্য সত্য হয়। সেইবাবে, তুমি কঠোৰভাৱে তেওঁলোকক শুধৰাই থাকা যাতে তেওঁলোকে বিশ্বাসত মজবুত* হয়। ১৪ আৰু যিহূদীসকলৰ কথা-কাহিনী আৰু সেই লোকসকলৰ আজ্ঞাবোৰৰ ওপৰত ধ্যান নিদিবা, যিসকলে সত্যৰ পথত চলিবলৈ এৰি দিয়ে। ১৫ শুচি লোকসকলৰ কাৰণে সকলো শুচি। কিন্তু যিসকল অশুচি আৰু অবিশ্বাসী হয়, তেওঁলোকৰ কাৰণে একোৱেই শুচি নহয়। কিয়নো তেওঁলোকৰ মগজু আৰু তেওঁলোকৰ বিবেক দুয়োটাই অশুচি হয়। ১৬ তেওঁলোকে ঈশ্বৰক জানোঁ বুলি মুকলিভাৱে দাবীতো কৰে, কিন্তু তেওঁলোকৰ কামে দেখুৱায় যে তেওঁলোকে ঈশ্বৰক অস্বীকাৰ কৰে। কিয়নো তেওঁলোক ঘৃণনীয় আৰু আজ্ঞা পালন নকৰা লোক হয় আৰু কোনো ভাল কামৰ যোগ্য নহয়।
২ কিন্তু তুমি সেই কথাবোৰেই কৈ থাকা, যিবোৰ লাভজনক* শিক্ষাৰ অনুসৰি হয়। ২ বৃদ্ধ পুৰুষসকলে সকলো বিষয়ত আত্মনিয়ন্ত্ৰণ ৰখা ব্যক্তি হওক, গম্ভীৰ হওক, সঠিক চিন্তাধাৰা ৰখা ব্যক্তি হওক, তেওঁলোকৰ বিশ্বাস মজবুত হওক, তেওঁলোকে প্ৰেমেৰে পৰিপূৰ্ণ হওক আৰু ধৈৰ্য ধৰা ব্যক্তি হওক। ৩ ঠিক সেইদৰে, বৃদ্ধ তিৰোতাসকলৰ ব্যৱহাৰ এইদৰে হোৱা উচিত, যিদৰে পবিত্ৰ লোকসকলক শোভা দিয়ে। তেওঁলোকে বদনাম কৰোঁতা নহওক, অধিক মাত্ৰাত দ্ৰাক্ষাৰস খোৱাৰ অভ্যাস নাথাকক, ইয়াৰ পৰিৱৰ্তে ভাল বিষয় শিকাওঁতা হওক ৪ যাতে তেওঁলোকে যুৱতীসকলক উপদেশ দিব* পাৰে যে তেওঁলোকে নিজৰ স্বামী আৰু লʼৰা-ছোৱালীক প্ৰেম কৰে, ৫ সঠিক চিন্তাধাৰা ৰাখে, শুদ্ধতা বজাই ৰাখে। লগতে তেওঁলোকে নিজৰ ঘৰৰ কাম-বন* কৰোঁতা হওক, ভাল আচৰণ বজাই ৰাখক আৰু নিজৰ স্বামীৰ অধীনত থাকক যাতে ঈশ্বৰৰ বাক্যৰ বদনামী নহয়।
৬ এইদৰে ডেকা ভাইসকলক সঠিক চিন্তাধাৰা ৰাখিবলৈ উৎসাহিত কৰি থাকা। ৭ আৰু তুমি নিজেও সকলো বিষয়ত ভাল কাম কৰাৰ উদাহৰণ ৰাখা। সম্পূৰ্ণ গম্ভীৰতাৰে এনে কথাবোৰ শিকোৱা, যিবোৰ শুদ্ধ হয়* ৮ আৰু ভাল* কথাবোৰ কোৱা, যʼত কোনেও খুঁত উলিয়াব নোৱাৰে যাতে আমাৰ বিৰোধীসকলে লাজ পায় আৰু আমাৰ বিৰুদ্ধে তেওঁলোকে কিবা বেয়া কথা কʼবলৈ সুযোগ নাপায়। ৯ যিসকল দাস হয়, তেওঁলোকে সকলো বিষয়ত নিজৰ মালিকবিলাকৰ অধীনত থাকক, তেওঁলোকক আনন্দিত কৰক, ঘূৰাই উত্তৰ নিদিয়ক, ১০ তেওঁলোকৰ একো বস্তু চুৰ নকৰক, ইয়াৰ পৰিৱৰ্তে সম্পূৰ্ণৰূপে ভৰসাযোগ্য হৈ থাকক যাতে তেওঁলোকে সকলো বিষয়ত আমাৰ উদ্ধাৰকৰ্তাৰ শিক্ষাৰ শোভা বঢ়াব পাৰে।
১১ ঈশ্বৰৰ মহা-কৃপা প্ৰকাশ কৰা হৈছে, যিয়ে সকলো ধৰণৰ লোকসকলক উদ্ধাৰ কৰে। ১২ ইয়ে আমাক ভক্তিহীন কাম আৰু জগতৰ ইচ্ছাবোৰক অস্বীকাৰ কৰিবলৈ আৰু এই জগতত* সঠিক চিন্তাধাৰা ৰাখিবলৈ, ভাল কাম কৰিবলৈ আৰু ঈশ্বৰৰ ভক্তিৰে সৈতে জীৱন-যাপন কৰিবলৈ শিকায়। ১৩ আৰু আমি সেই সময়ৰ বাবে অপেক্ষা কৰোঁ, যেতিয়া আমাক আনন্দ দিয়া আশা পূৰ হʼব আৰু মহান ঈশ্বৰ আৰু আমাৰ উদ্ধাৰকৰ্তা খ্ৰীষ্ট যীচুৰ মহিমা প্ৰকাশিত হʼব। ১৪ আমাক সকলো ধৰণৰ দুষ্টতাৰ পৰা উদ্ধাৰ কৰিবলৈ* আৰু শুচি কৰিবলৈ খ্ৰীষ্টই নিজৰ জীৱন দিলে যাতে আমি তেওঁৰ বিশেষ সম্পত্তি হʼব পাৰোঁ আৰু ভাল কাম কৰাত উৎসাহী হʼব পাৰোঁ।
১৫ তুমি তেওঁলোকক এই সকলো কথা কৈ থাকা, তেওঁলোকক বুজাই* থাকা আৰু সম্পূৰ্ণ অধিকাৰেৰে তেওঁলোকক শুধৰাই থাকা। কোনেও যেন তোমাক তল চকুৰে নাচায়।
৩ তেওঁলোকক মনত পেলাই দি থাকা যে তেওঁলোকে যেন চৰকাৰ আৰু অধিকাৰীসকলৰ অধীনত থাকে আৰু তেওঁলোকৰ আজ্ঞা পালন কৰি থাকে, সকলো ভাল কাম কৰিবলৈ সাজু থাকে, ২ কাৰো বিষয়েও যেন বদনাম কৰা কথা নকয়, কাজিয়া নকৰে, নিজৰ মতামতত লাগি নাথাকে আৰু সকলোৰে লগত সম্পূৰ্ণ কোমলতাৰে যেন ব্যৱহাৰ কৰে। ৩ কাৰণ এটা সময় আছিল, যেতিয়া আমিও মূৰ্খ আছিলোঁ, আজ্ঞা পালন কৰা নাছিলোঁ, ভুল পথলৈ পৰিচালিত হৈছিলোঁ, বিভিন্ন ধৰণৰ ইচ্ছা আৰু লাসবিলাসৰ দাস হৈ আছিলোঁ, বেয়া কামত লাগি আছিলোঁ, ঈৰ্ষা কৰি আছিলোঁ, ঘৃণাৰ যোগ্য আছিলোঁ আৰু এজনে-আনজনক ঘিণ কৰিছিলোঁ।
৪ কিন্তু যেতিয়া আমাৰ উদ্ধাৰকৰ্তা ঈশ্বৰৰ কৃপা আৰু সকলো মানুহৰ কাৰণে তেওঁৰ প্ৰেম প্ৰকাশ হʼল ৫ (আমি ভাল কাম কৰাৰ কাৰণে নহয়, কিন্তু এয়া তেওঁৰ দয়া আছিল), তেতিয়া তেওঁ আমাক পানীৰ* যোগেদি জীৱন দিলে আৰু পবিত্ৰ শক্তিৰ যোগেদি নতুন কৰি আমাক উদ্ধাৰ কৰিলে। ৬ তেওঁ এই পবিত্ৰ শক্তি আমাৰ উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ যোগেদি আমাৰ ওপৰত প্ৰচুৰ পৰিমাণে* বাকি দিছে ৭ যাতে তেওঁৰ মহা-কৃপাৰ যোগেদি আমাক ভাল ব্যক্তি বুলি গণ্য কৰা হয় আৰু ইয়াৰ পাছত আমি অনন্ত জীৱনৰ আশাৰ অনুসৰি উত্তৰাধিকাৰী হʼব পাৰোঁ।
৮ এই কথাবোৰ ভৰসাযোগ্য হয় আৰু মই বিচাৰোঁ যে তুমি এই কথাবোৰৰ ওপৰত জোৰ দি থাকা যাতে যিসকলে ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিলে, তেওঁলোকে নিজৰ ধ্যান ভাল কামবোৰৰ ওপৰত লগাই ৰাখে। এই কথাবোৰ লোকসকলৰ কাৰণে ভাল আৰু লাভজনক হয়।
৯ কিন্তু মূৰ্খতাৰে ভৰা তৰ্ক-বিতৰ্ক আৰু বংশাৱলী আৰু নিয়মৰ ওপৰত তৰ্ক আৰু কাজিয়া কৰাৰ পৰা দূৰে থাকা, কিয়নো এইবোৰৰ পৰা একো লাভ নহয় আৰু এইবোৰ ব্যৰ্থ। ১০ যদি কোনো মানুহে কোনো গোটক উৎসাহিত কৰিছে, তেনেহʼলে তেওঁক প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ বুজোৱা* আৰু ইয়াৰ পাছত তেওঁৰ লগত সংগতি কৰিবলৈ এৰি দিয়া, ১১ কাৰণ তুমি জানা যে এনে মানুহ সঠিক পথৰ পৰা আঁতৰি গৈছে আৰু পাপ কৰিছে আৰু তেওঁ নিজকে দোষী কৰিছে।
১২ যেতিয়া মই আৰ্ত্তিমা বা তুখিকক তোমাৰ ওচৰলৈ পঠিয়াম, তেতিয়া তুমি নীকপলিত মোৰ ওচৰলৈ আহিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিবা। কিয়নো মই জাৰকালি তাতে কটাম বুলি নিৰ্ণয় লৈছোঁ। ১৩ নিয়মৰ বিষয়ে ভালদৰে জনা চীনা আৰু আপল্লোক সেই সকলো বস্তু দিবা, যিবোৰ তেওঁলোকক যাত্ৰা কৰাৰ সময়ত প্ৰয়োজন যাতে তেওঁলোকৰ একো অভাৱ নহয়। ১৪ আমাৰ লোকসকলেও ভাল কাম কৰাত লাগি থাকিবলৈ শিকক যাতে সমস্যাৰ সময়ত সহায় কৰিব পাৰে আৰু কোনো কামৰ যোগ্য নোহোৱা* ব্যক্তি নহয়।
১৫ যিসকল লোক মোৰ লগত আছে, তেওঁলোক সকলোৱে তোমাক নমস্কাৰ জনাইছে। সেই লোকসকলক মোৰ নমস্কাৰ জনাবা, যিসকলে বিশ্বাসত আমাৰ প্ৰতি কোমল স্নেহ ৰাখে।
ঈশ্বৰৰ মহা-কৃপা তোমালোক সকলোৰে ওপৰত থাকক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “বুদ্ধিমতাৰে কাম কৰা ব্যক্তি।”
বা “নিৰ্ভৰযোগ্য বাৰ্তা।”
বা “স্বাস্থ্যকৰ।”
বা “সুস্থ।”
বা “স্বাস্থ্যকৰ।”
বা “শিকাব।”
বা “ঘৰৰ চোৱা-চিতা।”
বা হয়তো, “শুদ্ধতাৰে শিকোৱা।”
বা “স্বাস্থ্যকৰ; লাভজনক।”
বা “জগতৰ ব্যৱস্থা।” শব্দকোষ চাওক।
আক্ষ., “আমাৰ কাৰণে মুক্তিৰ মূল্য দিবলৈ।”
বা “তেওঁলোকক উৎসাহিত কৰি।”
আক্ষ., “স্নান।”
বা “উদাৰতাৰে।”
বা “সাৱধান কৰা।”
আক্ষ., “নিষ্ফল।”