ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt যাকোব ১:১-৫:২০
  • যাকোব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যাকোব
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
যাকোব

যাকোবৰ চিঠি

১ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ দাস যাকোবে চাৰিওফালে সিঁচৰিত হোৱা সেই ১২ গোষ্ঠীলৈ লিখিছে:

নমস্কাৰ!

২ মোৰ ভাইসকল, যেতিয়া তোমালোকে বিভিন্ন ধৰণৰ পৰীক্ষাৰ মাজেদি পাৰ হোৱা, তেতিয়া ইয়াক বৰ আনন্দৰ বিষয় বুলি ভাবিবা। ৩ কিয়নো তোমালোকে জানা যে এইদৰে পৰীক্ষিত হোৱা তোমালোকৰ বিশ্বাসে ধৈৰ্য উৎপন্ন কৰে। ৪ কিন্তু ধৈৰ্যক নিজৰ কাম পূৰ কৰিবলৈ দিয়া যাতে তোমালোকে সকলো ক্ষেত্ৰত নিখুঁত হোৱা আৰু তোমালোকৰ কোনো দোষ নাথাকক।

৫ সেইবাবে, তোমালোকৰ মাজত যদি কাৰোবাৰ বুদ্ধিৰ অভাৱ হয়, তেনেহʼলে তেওঁ ঈশ্বৰৰ পৰা খুজি থাকক আৰু সেয়া তেওঁক দিয়া হʼব। কিয়নো ঈশ্বৰে সকলোকে খং নকৰাকৈ* উদাৰতাৰে দিয়ে। ৬ কিন্তু অলপো সন্দেহ নকৰাকৈ বিশ্বাসেৰে খুজি থাকা, কিয়নো যিজনে সন্দেহ কৰে, তেওঁ বতাহে ইফাল-সিফাল কৰা সাগৰৰ ঢৌৰ নিচিনা হয়। ৭ আচলতে এনে মানুহে এয়া আশা নকৰক যে তেওঁ যিহোৱাৰ* পৰা কিবা পাব। ৮ এনে মানুহ দুই মনৰ হয় আৰু সকলো বিষয়ত অস্থিৰ হৈ থাকে।

৯ যিজন ভাই দুখীয়া, তেওঁ এই কাৰণে আনন্দ কৰক* যে তেওঁক উচ্চ কৰা হৈছে ১০ আৰু যিজন ধনী হয়, তেওঁ এই কাৰণে আনন্দ কৰক যে তেওঁক দীন কৰা হৈছে, কিয়নো তেওঁ মুকলি পথাৰত ফুলা ফুলৰ দৰে নাইকিয়া হৈ যাব। ১১ যিদৰে সূৰ্যৰ অতি তাপৰ কাৰণে ঘাঁহ মৰহি যায় আৰু তাৰ ফুল শুকাই সৰি পৰে আৰু তাৰ সুন্দৰতা নাইকিয়া হৈ যায়, ঠিক সেইদৰে ধনী মানুহেও ধন-সম্পত্তিৰ পিছে পিছে গৈ লুপ্ত হৈ যাব।

১২ যিজন মানুহে পৰীক্ষাত ধৈৰ্য ধৰে, তেওঁ সুখী কিয়নো সফলতাৰে পৰীক্ষাৰ সন্মুখীন হোৱাৰ পাছত* তেওঁ জীৱনৰ কিৰীটি পাব, যাৰ প্ৰতিজ্ঞা যিহোৱাই* সেই লোকসকলৰ লগত কৰিছে, যিসকলে তেওঁক সদায় প্ৰেম কৰে। ১৩ পৰীক্ষাৰ সময়ত কোনেও এইদৰে নকওক, “ঈশ্বৰে মোৰ পৰীক্ষা লৈ আছে।” কিয়নো বেয়া বিষয়ৰ যোগেদি ঈশ্বৰৰ পৰীক্ষা কৰিব পৰা নাযায় আৰু তেওঁ নিজেও বেয়া বিষয়ৰ যোগেদি আনৰ পৰীক্ষা নলয়। ১৪ কিন্তু প্ৰতিজনৰ ইচ্ছাই তেওঁক আকৰ্ষিত আৰু প্ৰলোভিত কৰে,* যাৰ কাৰণে তেওঁ পৰীক্ষাত পৰে। ১৫ তাৰ পাছত ইচ্ছা গৰ্ভৱতী হয় আৰু পাপক জন্ম দিয়ে আৰু যেতিয়া পাপ কৰা হয়, তেতিয়া ইয়াৰ পৰিণাম মৃত্যু হয়।

১৬ মোৰ মৰমৰ ভাইসকল, নিজকে নুভুলাবা।* ১৭ প্ৰতিটো ভাল উপহাৰ আৰু প্ৰতিটো উত্তম দান স্বৰ্গৰ পৰা আহে অৰ্থাৎ আকাশৰ জ্যোতিবোৰৰ পিতৃৰ ফালৰ পৰা আহে, যিজন ছাঁৰ দৰে পৰিৱৰ্তন নহয়। ১৮ আমাক সত্যৰ বাক্যৰে উৎপন্ন কৰাটোৱেই তেওঁৰ ইচ্ছা আছিল যাতে তেওঁ সৃষ্টি কৰা মানৱজাতিৰ মাজত আমি প্ৰথম ফলৰ দৰে হʼব পাৰোঁ।

১৯ মোৰ মৰমৰ ভাইসকল, এই কথা জানি লোৱা: প্ৰতিজনে শুনিবলৈ সদায় সাজু থাকক, কʼবলৈ খৰ-খেদা নকৰক আৰু সোনকালে খং নকৰক। ২০ কিয়নো ক্ৰোধ কৰা মানুহে ঈশ্বৰৰ দৃষ্টিত যি সঠিক, সেই অনুসৰি নচলে। ২১ সেইবাবে, সকলো ধৰণৰ অশুচিতা আৰু দুষ্টতাৰ প্ৰতিটো দাগ* দূৰ কৰা আৰু যেতিয়া তোমালোকৰ ভিতৰত বাক্য সিঁচা হয়, তেতিয়া তাক কোমলতাৰে গ্ৰহণ কৰা, কিয়নো ইয়ে তোমালোকৰ জীৱন বচাব পাৰে।

২২ কেৱল বাক্য শুনোঁতা নহʼবা, যিজনে মিছা প্ৰমাণবোৰৰ যোগেদি নিজকে ভুলায়, কিন্তু বাক্য পালন কৰোঁতা হোৱা। ২৩ কিয়নো যিজনে বাক্য শুনে, কিন্তু সেয়া পালন নকৰে, তেওঁ সেই মানুহজনৰ দৰে হয়, যিজনে আইনাত নিজৰ* চেহেৰা চায়। ২৪ তেওঁ নিজকে চায় আৰু গুচি যায় আৰু তেওঁ দেখাত কেনেকুৱা, সেয়া লগে লগে পাহৰি যায়। ২৫ কিন্তু যিজন মানুহে স্বাধীনতা দিয়া নিখুঁত নিয়মক ভালদৰে চালি-জাৰি চায় আৰু তাত লাগি থাকে, এনে মানুহে শুনি পাহৰি নাযায় কিন্তু সেইবোৰ পালন কৰে আৰু ইয়াৰ পৰা তেওঁ আনন্দ লাভ কৰে।

২৬ যদি কোনো মানুহে নিজকে ঈশ্বৰৰ উপাসক* বুলি ভাবে, কিন্তু নিজৰ জিভাক মজবুতেৰে লেকাম নলগায়, তেনেহʼলে তেওঁ নিজৰ হৃদয়ক ভুলায় আৰু তেওঁ উপাসনা কৰাটো ব্যৰ্থ। ২৭ আমাৰ ঈশ্বৰ আৰু পিতৃৰ দৃষ্টিত শুদ্ধ আৰু নিষ্কলংক উপাসনা* হʼল: অনাথ আৰু বিধৱাসকলক সমস্যাৰ সময়ত যত্ন লোৱা আৰু এই জগতৰ অশুচিতাৰ পৰা নিজকে পৃথকে ৰখা।

২ মোৰ ভাইসকল, তোমালোকে আমাৰ মহিমাপূৰ্ণ প্ৰভু যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰাৰ লগতে পক্ষপাতো কৰি আছা নে? ২ যদি কোনো মানুহে তোমালোকৰ সভাত সোণৰ আঙুঠিবোৰ আৰু দামী কাপোৰ পিন্ধি আহে আৰু এজন দুখীয়াই লেতেৰা-পেতেৰা কাপোৰ পিন্ধি আহে, ৩ তেনেহʼলে তোমালোকে দামী কাপোৰ পিন্ধাজনকতো সন্মান দিয়া আৰু তেওঁক কোৱা, “আপুনি এই উত্তম ঠাইত বহক।” কিন্তু দুখীয়াজনক কোৱা, “তই থিয় হৈ থাক,” বা “মোৰ এই ভৰিৰ পীৰাৰ ওচৰতেই বহ।” ৪ এইদৰে তোমালোকে নিজৰ মাজতেই পক্ষপাত কৰা নাই নে আৰু তোমালোকে এনে ন্যায়ী নোহোৱা নে, যিসকলে বেয়া উদ্দেশ্যেৰে নিৰ্ণয় লয়?

৫ মোৰ মৰমৰ ভাইসকল, শুনা। ঈশ্বৰে এনে লোকসকলক বাছনি কৰা নাই নে, যিসকল জগতৰ দৃষ্টিত দুখীয়া হয় যাতে তেওঁলোকে বিশ্বাসত ধনী হʼব পাৰে আৰু সেই ৰাজ্যৰ উত্তৰাধিকাৰী হʼব পাৰে, যাৰ প্ৰতিজ্ঞা তেওঁ সেই লোকসকলৰ লগত কৰিছে, যিসকলে তেওঁক প্ৰেম কৰে? ৬ কিন্তু তোমালোকে দুখীয়াসকলক অপমান কৰিলা। ধনী লোকসকলে তোমালোকৰ ওপৰত অত্যাচাৰ নকৰে নে আৰু তোমালোকক চোঁচৰাই আদালতলৈ লৈ নাযায় নে? ৭ তেওঁলোকে সেই উত্তম নামৰ নিন্দা নকৰে নে, যি নামেৰে তোমালোকক নিমন্ত্ৰণ কৰা হৈছে? ৮ যদি তোমালোকে শাস্ত্ৰৰ অনুসৰি এই ৰাজকীয় নিয়ম পালন কৰা: “তুমি নিজৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰিবা,” তেনেহʼলে তোমালোকে বহুত ভাল কাম কৰিছা। ৯ কিন্তু তোমালোকে যদি পক্ষপাত কৰিবলৈ এৰি নিদিয়া, তেনেহʼলে তোমালোকে পাপ কৰি আছা আৰু এই নিয়মে তোমালোকক দোষী কৰে।

১০ যদি কোনোবাই মোচিৰ গোটেই নিয়ম পালন কৰে, কিন্তু এটা আজ্ঞা পালন নকৰে, তেনেহʼলে তেওঁ গোটেই নিয়ম পালন নকৰাৰ দোষী হয়। ১১ কিয়নো যিজন ঈশ্বৰে এয়া কৈছে, “তুমি ব্যভিচাৰ* নকৰিবা,” তেওঁ এয়াও কৈছে, “তুমি হত্যা নকৰিবা।” সেইবাবে, যদি তুমি ব্যভিচাৰ নকৰা, কিন্তু হত্যা কৰা, তেনেহʼলে তুমি নিয়ম পালন নকৰাৰ দোষী হোৱা। ১২ তোমালোকে সদায় সেই লোকসকলৰ দৰে কোৱা আৰু সেই লোকসকলৰ দৰে ব্যৱহাৰ কৰা, যিসকলৰ ন্যায় স্বাধীন লোকসকলৰ নিয়মৰ* অনুসৰি হʼব। ১৩ কাৰণ যিজনে দয়া নকৰে, তেওঁৰ ন্যায়ো দয়া নকৰাকৈ কৰা হʼব। দয়াই ন্যায়ৰ ওপৰত জয়লাভ কৰে।

১৪ মোৰ ভাইসকল, যদি কোনোবাই কয় যে মোৰ বিশ্বাস আছে, কিন্তু তেওঁ বিশ্বাসৰ অনুসৰি কাম নকৰে, তেনেহʼলে ইয়াৰ কি লাভ? এনে বিশ্বাসে তেওঁক উদ্ধাৰ কৰিব পাৰে নে? ১৫ যদি কোনো ভাই বা ভনীৰ ওচৰত কাপোৰ নাই আৰু খাবলৈ দুবেলাৰ দুসাঁজো নাই ১৬ আৰু তোমালোকৰ মাজৰ কোনোবাই তেওঁক কয়, “ভালদৰে থাকা, তোমাৰ খোৱাৰ আৰু পিন্ধাৰ একো অভাৱ নহওক।” কিন্তু তোমালোকে যদি তেওঁক কাপোৰ আৰু আহাৰ নিদিয়া, তেনেহʼলে কি লাভ? ১৭ ঠিক সেইদৰে, কেৱল বিশ্বাস থাকিলেই যথেষ্ট নহয়। যদি বিশ্বাস কামৰ যোগেদি দেখুৱা নহয়, তেনেহʼলে সেই বিশ্বাস মৰা।

১৮ কিন্তু কোনোবাই হয়তো কʼব, “তুমি বিশ্বাস কৰা, কিন্তু মই কাম কৰোঁ। তুমি নিজৰ বিশ্বাস কামৰ অবিহনে দেখুৱা আৰু মই নিজৰ বিশ্বাস কামৰ যোগেদি দেখুৱাম।” ১৯ ঈশ্বৰ এজনেই বুলি তুমি বিশ্বাস কৰা নে? তুমি বহুত ভাল কৰিছা। দুষ্ট স্বৰ্গদূতেও এয়াই বিশ্বাস কৰে আৰু থৰ থৰকৈ কঁপে। ২০ কিন্তু হে মূৰ্খ মানুহ, কামৰ অবিহনে বিশ্বাস ব্যৰ্থ হয় বুলি তুমি বিশ্বাস কৰিব নিবিচাৰা নে? ২১ আমাৰ পিতৃ অব্ৰাহামে যেতিয়া নিজৰ লʼৰা ইচহাকক উছৰ্গা কৰিবলৈ তাক বেদীৰ ওপৰত ৰাখিছিল, তেতিয়া তেওঁ এই কামৰ যোগেদি ভাল মানুহ বুলি গণিত হোৱা নাছিল নে? ২২ তোমালোকে চাব পাৰা যে তেওঁ বিশ্বাস কৰাৰ লগতে কামো কৰিলে আৰু তেওঁৰ কামৰ যোগেদি তেওঁৰ বিশ্বাস সিদ্ধ হʼল। ২৩ আৰু শাস্ত্ৰৰ এই কথা পূৰ হʼল, “অব্ৰাহামে যিহোৱাৰ* ওপৰত বিশ্বাস কৰিলে আৰু ইয়াৰ কাৰণে তেওঁক ভাল মানুহ বুলি গণ্য কৰা হʼল” আৰু তেওঁক “যিহোৱাৰ* বন্ধু” বুলি কোৱা হʼল।

২৪ গতিকে, যিদৰে তোমালোকে দেখিলা, এজন মানুহক কেৱল বিশ্বাসৰ যোগেদিয়েই নহয়, কিন্তু কামৰ যোগেদিহে ভাল মানুহ বুলি গণ্য কৰা হয়। ২৫ এইদৰে ৰাহাব নামৰ বেশ্যাই যেতিয়া দূতসকলক অতিথি-সৎকাৰ দেখুৱাইছিল আৰু তেওঁলোকক আন ৰাস্তাইদি পঠাই দিছিল, তেতিয়া তেওঁ এই কামৰ যোগেদি ভাল মানুহ বুলি গণিত হোৱা নাছিল নে? ২৬ সঁচাকৈ, যিদৰে প্ৰাণৰ* অবিহনে শৰীৰ মৰা, ঠিক সেইদৰে কামৰ অবিহনে বিশ্বাসো মৰা।

৩ মোৰ ভাইসকল, আমাৰ মাজৰ বহুতো লোকে যেন শিক্ষক নহওক, কিয়নো আমি জানোঁ যে আমি আৰু কঠোৰ শাস্তি পাম। ২ কিয়নো আমি সকলোৱে বহুবাৰ ভুল কৰোঁ।* যদি কোনো মানুহে কথা কোৱাত ভুল নকৰে, তেনেহʼলে তেওঁ সিদ্ধ হয় আৰু নিজৰ গোটেই শৰীৰকো নিয়ন্ত্ৰণত ৰাখিব পাৰে।* ৩ আমি ঘোঁৰাৰ মুখত লেকাম লগাওঁ যাতে সি আমাৰ কথা শুনে আৰু ইয়াৰ পৰা আমি তাৰ গোটেই শৰীৰকো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। ৪ জাহাজবোৰৰ বিষয়েও চিন্তা কৰা! যদিও সেইবোৰ বহুত ডাঙৰ থাকে আৰু তীব্ৰ বতাহত চলোৱা হয়, তথাপি এটা সৰু গুড়ি বʼঠাৰে নাৱিকে সেইবোৰ যʼলৈ বিচাৰে, তালৈ লৈ যাব পাৰে।

৫ ঠিক সেইদৰে, জিভাও আমাৰ শৰীৰৰ এটা সৰু অংগ হয়, তথাপি ইয়ে ডাঙৰ ডাঙৰ ফিতাহি মাৰে। চোৱা! গোটেই জংঘলত জুই লগাবলৈ কেৱল জুইৰ এটি সৰু ফিৰিঙটিয়েই যথেষ্ট। ৬ জিভাও এক জুইৰ দৰে হয়। ইয়ে মানুহৰ শৰীৰৰ অংগবোৰৰ ভিতৰত দুষ্টতাৰ এক জগত, কিয়নো ই গোটেই শৰীৰক অশুচি কৰি দিয়ে আৰু মানুহৰ গোটেই জীৱনত জুই লগাই দিয়ে আৰু ইয়ে গেহেনাৰ* জুইৰ দৰে ভষ্ম কৰি দিয়ে। ৭ সকলো ধৰণৰ বনৰীয়া জন্তু, চৰাই, বগাই ফুৰা জীৱ-জন্তু আৰু সাগৰৰ প্ৰাণীক ঘৰচীয়া কৰিব পাৰি আৰু মানুহে সিহঁতক নিয়ন্ত্ৰণ কৰি ঘৰচীয়া কৰিও লৈছে, ৮ কিন্তু জিভাক কোনো মানুহে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। ই এনে এক বিপদজনক আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰা অংগ হয়, যি মাৰাত্মক বিহেৰে পৰিপূৰ্ণ। ৯ এই জিভাৰে আমি নিজৰ পিতৃ যিহোৱাৰ* প্ৰশংসা কৰোঁ আৰু এই জিভাৰেই মানুহক অভিশাপ দিওঁ, যিসকলক “ঈশ্বৰৰ দৰে” সৃষ্টি কৰা হৈছে। ১০ একে মুখৰ পৰাই প্ৰশংসা আৰু অভিশাপ ওলায়।

ভাইসকল, এনে হোৱাটো উচিত নহয়। ১১ একেটা ভুমুকৰ পৰা মিঠা আৰু নিমখীয়া পানী ওলায় নে? ১২ মোৰ ভাইসকল, ডিমৰু গছত জলফাই ধৰিব পাৰে নে? বা আঙুৰ গছত ডিমৰু ধৰিব পাৰে নে? নোৱাৰে। ঠিক সেইদৰে, নিমখীয়া পানীৰ ভুমুকৰ পৰা মিঠা পানী ওলাব নোৱাৰে।

১৩ তোমালোকৰ মাজৰ বুদ্ধিমান আৰু বুজি পোৱাৰ ক্ষমতা কাৰ আছে? যাৰ আছে, তেওঁ ইয়াক নিজৰ ভাল আচাৰ-ব্যৱহাৰৰ যোগেদি দেখুৱাওক আৰু বুদ্ধিৰে উৎপন্ন হোৱা কোমল স্বভাৱৰ অনুসৰি কাম কৰক। ১৪ কিন্তু যদি তোমালোকৰ হৃদয়ত ঈৰ্ষা আৰু কাজিয়া কৰাৰ ভাৱনা* আছে, তেনেহʼলে ফিতাহি নামাৰিবা আৰু সত্যৰ বিৰুদ্ধে মিছা কথা নকʼবা। ১৫ এয়া স্বৰ্গৰ পৰা পোৱা বুদ্ধি নহয়, ইয়াৰ পৰিৱৰ্তে এয়া জাগতিক, শাৰীৰিক* আৰু চয়তানৰ বুদ্ধি হয়। ১৬ কিয়নো যʼত ঈৰ্ষা আৰু কাজিয়া হয়,* তাত হুলস্থূল আৰু সকলো ধৰণৰ দুষ্টতাও হʼব।

১৭ কিন্তু যি বুদ্ধি স্বৰ্গৰ পৰা পোৱা যায়, সেয়া সকলোতকৈ প্ৰথমে পবিত্ৰ, তাৰ পাছত শান্তি বজাই ৰখা, নিজৰ মতামতত লাগি নথকা, আজ্ঞা মানিবলৈ সাজু থকা, দয়া আৰু ভাল কামেৰে পৰিপূৰ্ণ হয়। ই পক্ষপাত নকৰে আৰু নিষ্কপট হয়। ১৮ যিসকলে শান্তি বজাই ৰাখে, তেওঁলোকৰ কাৰণে শান্তিৰ পৰিস্থিতিত ভাল ফল ৰোৱা হয়।*

৪ তোমালোকৰ মাজত বিবাদ আৰু কাজিয়া কিয় হৈ আছে? এই সকলোবোৰ তোমালোকৰ শৰীৰৰ ইচ্ছাৰ কাৰণে নহয় নে, যিবোৰে তোমালোকৰ শৰীৰক নিয়ন্ত্ৰণ কৰিবলৈ তোমালোকৰ লগত যুঁজি থাকে? ২ তোমালোকে বিচাৰা, তথাপি তোমালোকে নোপোৱা। তোমালোকে হত্যা কৰা আৰু লোভ কৰা, তথাপিও লাভ কৰিব নোৱাৰা। তোমালোকে বিবাদ আৰু কাজিয়া কৰি থাকা। তোমালোকৰ ওচৰত এই কাৰণে নাই, কিয়নো তোমালোকে নোখোজা। ৩ আৰু যেতিয়া খোজা তেতিয়া নোপোৱা, কিয়নো তোমালোকে বেয়া উদ্দেশ্যেৰে খোজা যাতে তোমালোকে ইয়াক শৰীৰৰ ইচ্ছা পূৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰা।

৪ হে ব্যভিচাৰ কৰা লোকসকল,* তোমালোকে নাজানা নে যে জগতৰ বন্ধু হোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ শত্ৰু হোৱা? সেইবাবে, যিজনে এই জগতৰ বন্ধু হʼব বিচাৰে, তেওঁ ঈশ্বৰৰ শত্ৰু হৈ পৰে। ৫ তোমালোকে কি ভাবা, শাস্ত্ৰই এই কথা এনেই কয় নে, “আমাৰ ভিতৰত যি মনোভাৱ আছে, ইয়ে আমাৰ ভিতৰত ঈৰ্ষা উৎপন্ন কৰি নিজৰ ইচ্ছাবোৰ পূৰ কৰিবলৈ উৎসাহিত কৰি থাকে”? ৬ কিন্তু ঈশ্বৰে দিয়া মহা-কৃপাৰ কাৰণে সেই ঈৰ্ষাৰ মনোভাৱক আমি দমন কৰিব পাৰোঁ। সেইবাবে, শাস্ত্ৰই কয়, “ঈশ্বৰে অহংকাৰীসকলক বিৰোধ কৰে, কিন্তু নম্ৰ লোকসকলক মহা-কৃপা কৰে।”

৭ সেইবাবে, নিজকে ঈশ্বৰৰ অধীন কৰা, কিন্তু চয়তানৰ* বিৰোধ কৰা আৰু সি তোমালোকৰ ওচৰৰ পৰা পলাই যাব। ৮ ঈশ্বৰৰ কাষ চাপা আৰু তেওঁ তোমালোকৰ কাষ চাপিব। হে পাপীবিলাক, নিজৰ হাত ধোৱা, হে সন্দেহ কৰা লোকবিলাক,* নিজৰ হৃদয়ক শুদ্ধ কৰা। ৯ দুখ কৰা, শোক কৰা আৰু কান্দা। তোমালোকৰ হাঁহি শোকলৈ পৰিৱৰ্তন হওক আৰু তোমালোকৰ আনন্দ নিৰাশালৈ পৰিৱৰ্তন হওক। ১০ যিহোৱাৰ* দৃষ্টিত নিজকে নম্ৰ কৰা আৰু তেওঁ তোমালোকক ওখ কৰিব।

১১ ভাইসকল, এজনে-আনজনৰ বিৰুদ্ধে কʼবলৈ বন্ধ কৰা। যিজনে কোনো ভাইৰ বিৰুদ্ধে কয় বা তেওঁক দোষী কৰে, তেওঁ ঈশ্বৰৰ নিয়মৰ বিৰুদ্ধে কয় আৰু তেওঁ সেই নিয়মক দোষ দিয়ে। যদি তুমি নিয়মক দোষ দিয়া, তেনেহʼলে তুমি সেই নিয়ম পালন কৰা নাই, ইয়াৰ পৰিৱৰ্তে তাৰ ন্যায়ী হৈছা। ১২ নিয়ম দিয়াজন আৰু ন্যায়ীতো এজনেই আছে, যিজনে বচাবও পাৰে আৰু ধ্বংসও কৰিব পাৰে। তেনেহʼলে আনক দোষী কৰাজন তুমি কোন হোৱা?

১৩ শুনা, তোমালোকে কোৱা, “আজি বা কালি আমি সেই চহৰলৈ যাম আৰু তাত এবছৰ থাকিম আৰু ব্যৱসায় কৰিম আৰু খুব টকা-পইচা উপাৰ্জন কৰিম।” ১৪ কিন্তু তোমালোকে নাজানা যে কালি তোমালোকৰ জীৱনৰ কি হʼব, কিয়নো তোমালোক সেই কুঁৱলীৰ দৰে হোৱা, যি অলপ সময়ৰ কাৰণে দেখা পোৱা যায় আৰু তাৰ পাছত নাইকিয়া হৈ যায়। ১৫ ইয়াৰ পৰিৱৰ্তে, তোমালোকে এয়া কোৱা উচিত, “যদি যিহোৱাৰ* ইচ্ছা হয়, তেনেহʼলে আমি কালিৰ দিন চাবলৈ পাম আৰু এই কাম কৰিম বা সেই কাম কৰিম।” ১৬ কিন্তু তোমালোকেতো অহংকাৰ কৰা আৰু ফিতাহি মাৰা। এইদৰে অহংকাৰ কৰাটো বহুত বেয়া কথা হয়। ১৭ সেইবাবে, যদি কোনোবাই সঠিক কাম কৰিবলৈ জানে, তথাপিও নকৰে, তেনেহʼলে তেওঁ পাপ কৰে।

৫ হে ধনী লোকসকল, শুনা, তোমালোকৰ ওপৰত সংকট আহিবলগীয়া আছে, সেইবাবে ইনাই-বিনাই কান্দা। ২ তোমালোকৰ ধন-সম্পত্তি পচি গৈছে আৰু তোমালোকৰ কাপোৰ পোকে খাইছে। ৩ তোমালোকৰ সোণ-ৰূপত মামৰে ধৰিছে আৰু সেই মামৰে তোমালোকৰ বিৰুদ্ধে সাক্ষ্য দিব আৰু তোমালোকক খাই পেলাব। তোমালোকে যি গোটাইছা, সেয়া শেষ-কালত জুইৰ দৰে হʼব। ৪ চোৱা! যি কাম কৰা লোকসকলে তোমালোকৰ খেতিত শস্য দালে, তোমালোকে তেওঁলোকক নিদিয়া মজুৰিয়ে তোমালোকৰ বিৰুদ্ধে চিঞৰি আছে আৰু সহায়ৰ কাৰণে তেওঁলোকৰ চিঞৰ বাহিনীবিলাকৰ ঈশ্বৰ যিহোৱাৰ* কাণত পৰিছে। ৫ তোমালোকে জগতত খুব লাসবিলাসেৰে জীৱন-যাপন কৰিলা আৰু তোমালোকে নিজৰ প্ৰতিটো ইচ্ছা পূৰ কৰিলা। তোমালোক সেই জন্তুবোৰৰ নিচিনা হৈছা, যিবোৰক কটাৰ দিনৰ কাৰণে খুব খোৱাই-বোৱাই শকত কৰা হয়। ৬ তোমালোকে সেই ভাল মানুহজনক দোষী কৰি হত্যা কৰিলা। তেওঁ তোমালোকৰ বিৰোধ কৰা নাই নে?

৭ সেইবাবে ভাইসকল, আমাৰ প্ৰভুৰ উপস্থিতিলৈকে ধৈৰ্য ধৰা। চোৱা! এজন খেতিয়কে মাটিৰ বহুমূল্য শস্য পাবলৈ বাট চাই থাকে আৰু আৰম্ভণিৰ বৰষুণ আৰু শেষৰ বৰষুণ হোৱালৈকে ধৈৰ্য ধৰে। ৮ তোমালোকেও ধৈৰ্য ধৰা। নিজৰ হৃদয়ক মজবুত কৰা, কিয়নো প্ৰভুৰ উপস্থিতিৰ সময় ওচৰ চাপি আহিছে।

৯ ভাইসকল, তোমালোকে এজনে-আনজনৰ বিৰুদ্ধে ভোৰভোৰাই নাথাকিবা* যাতে তোমালোকে শাস্তি নোপোৱা। চোৱা! আমাৰ সকলোৰে ন্যায়ী দুৱাৰ মুখত আহি পাইছে। ১০ ভাইসকল, যিহোৱাৰ* নামেৰে কোৱা ভৱিষ্যবক্তাসকলে যিদৰে দুখ ভুগিলে আৰু ধৈৰ্য ধৰিলে, তাক অনুকৰণ কৰা। ১১ চোৱা! আমি বিশ্বাস কৰোঁ যে যিসকলে ধৈৰ্য ধৰে, তেওঁলোক সুখী।* তোমালোকে শুনিছা যে ইয়োবে কেনেকৈ ধৈৰ্য ধৰিছিল আৰু যিহোৱাই* তেওঁক কি পুৰস্কাৰ দিছিল, যাৰ পৰা তোমালোকে বুজিব পাৰা যে যিহোৱা* কোমল স্নেহ ৰাখোঁতা* আৰু দয়ালু ঈশ্বৰ হয়।

১২ বিশেষকৈ মোৰ ভাইসকল, শপত খাবলৈ বন্ধ কৰা। স্বৰ্গৰ নাইবা পৃথিৱীৰ বা কোনো বস্তুৰ নামেৰেও শপত নাখাবা। ইয়াৰ পৰিৱৰ্তে, তোমালোকৰ “হয়” মানে “হয়” হওক আৰু “নহয়” মানে “নহয়” হওক যাতে তোমালোকে শাস্তি পোৱাৰ যোগ্য নোহোৱা।

১৩ তোমালোকৰ মাজত কোনোবাই সমস্যা ভুগি আছে নে? তেনেহʼলে তেওঁ প্ৰাৰ্থনাত লাগি থাকক। কাৰোবাৰ মন আনন্দিত আছে নে? তেনেহʼলে ঈশ্বৰৰ প্ৰশংসাত গীত গাওক। ১৪ তোমালোকৰ মাজত কোনোবা বেমাৰ আছে নে? তেনেহʼলে তেওঁ মণ্ডলীৰ প্ৰাচীনসকলক মাতক আৰু তেওঁলোকে তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰক আৰু যিহোৱাৰ* নামেৰে তেওঁৰ মূৰত তেল লগাওক। ১৫ আৰু বিশ্বাসেৰে কৰা প্ৰাৰ্থনাই সেই অসুস্থ* ব্যক্তিজনক সুস্থ কৰিব আৰু যিহোৱাই* তেওঁক উঠাই থিয় কৰিব। আৰু যদি তেওঁ পাপ কৰিছে, তেনেহʼলে তেওঁক ক্ষমা কৰা হʼব।

১৬ সেইবাবে, তোমালোকে এজনে-আনজনৰ আগত খুলি নিজৰ পাপ স্বীকাৰ কৰা আৰু এজনে-আনজনৰ কাৰণে প্ৰাৰ্থনা কৰা যাতে তোমালোকে সুস্থ হʼব পাৰা। এজন ভাল মানুহে কৰা মিনতিয়ে গভীৰভাৱে প্ৰভাৱ পেলায়। ১৭ এলিয়াও আমাৰ নিচিনা এজন মানুহ আছিল, যিজনৰ আমাৰ নিচিনাই ভাৱনাবোৰ আছিল। তথাপি যেতিয়া তেওঁ বৰষুণ নহʼবলৈ মনে-প্ৰাণে প্ৰাৰ্থনা কৰিছিল, তেতিয়া দেশত চাৰে তিনি বছৰলৈকে বৰষুণ নহʼল। ১৮ আৰু যেতিয়া তেওঁ আকৌ প্ৰাৰ্থনা কৰিলে, তেতিয়া আকাশৰ পৰা বৰষুণ হʼল আৰু মাটিয়ে ফল উৎপন্ন কৰিলে।

১৯ মোৰ ভাইসকল, তোমালোকৰ মাজৰ পৰা কোনোবাই যদি সত্যৰ পৰা আঁতৰি গৈছে আৰু কোনোবাই তেওঁক উভতাই লৈ আনে, ২০ তেনেহʼলে এয়া জানি লোৱা যে যিজনে সেই পাপীক ভুল পথৰ পৰা উভতাই লৈ আনে, তেওঁ তেওঁক মৃত্যুৰ পৰা ৰক্ষা কৰে আৰু তেওঁৰ অসংখ্য পাপ ঢাকি দিয়ে।

বা “ভুল নিবিচৰাকৈ।”

অতি. ক৫ চাওক।

বা “গৰ্ব কৰক।”

বা “ঈশ্বৰৰ অনুমোদন পোৱাৰ পাছত।”

অতি. ক৫ চাওক।

বা “যেন টোপ দি ফান্দত পেলায়।”

বা হয়তো, “আনে তোমালোকক নুভুলাওক।”

বা হয়তো, “বহুতো দুষ্টতাক।”

বা “নিজৰ আচল।”

বা “ধাৰ্মিক।”

বা “ধৰ্ম।”

ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।

আক্ষ., “স্বাধীনতাৰ নিয়মৰ।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “উশাহৰ।”

আক্ষ., “উজুটি খাওঁ।”

আক্ষ., “লেকাম লগাব পাৰে।”

শব্দকোষ চাওক।

অতি. ক৫ চাওক।

বা হয়তো, “ডাঙৰ হোৱাৰ স্বাৰ্থপৰ ভাৱনা।”

বা “জন্তুৰ দৰে।”

বা হয়তো, “ডাঙৰ হোৱাৰ স্বাৰ্থপৰ ভাৱনা থাকে।”

বা হয়তো, “তেওঁলোকে শান্তিৰ পৰিস্থিতিত ভাল ফল ৰোৱে।”

বা “বিশ্বাসঘাতক লোকসকল।”

আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।

বা “দুই মনৰ লোকবিলাক।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “অভিযোগ নকৰিবা।” আক্ষ., “হুমুনিয়াহ নেপেলাবা।”

অতি. ক৫ চাওক।

বা “ধন্য।”

অতি. ক৫ চাওক।

অতি. ক৫ চাওক।

বা “কৰুণাৰে পৰিপূৰ্ণ।”

অতি. ক৫ চাওক।

বা হয়তো, “ভাগৰি যোৱা।”

অতি. ক৫ চাওক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক