পিতৰৰ প্ৰথম চিঠি
১ মই পিতৰ, যীচু খ্ৰীষ্টৰ এজন পাঁচনি* আৰু মই সেই বাছনি কৰা পাঁচনিসকলৰ নামত এই চিঠি লিখি আছোঁ, যিসকল পন্ত, গালাতিয়া, কাপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়াত সিঁচৰিত হৈ আছে আৰু অস্থায়ী বাসিন্দাৰ দৰে থাকে। ২ তেওঁলোকক আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে আগতীয়াকৈ জানিব পৰা নিজৰ ক্ষমতা ব্যৱহাৰ কৰি বাছনি কৰিছে আৰু পবিত্ৰ শক্তিৰে তেওঁলোকক পবিত্ৰ কৰা হৈছে যাতে তেওঁলোকে আজ্ঞা পালন কৰোঁতা হয় আৰু তেওঁলোকৰ ওপৰত যীচু খ্ৰীষ্টৰ তেজ ছটিওৱা হয়।
তোমালোকৰ ওপৰত ঈশ্বৰৰ মহা-কৃপা আৰু শান্তি আৰু বেছিকৈ হওক।
৩ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ ঈশ্বৰ আৰু পিতৃৰ প্ৰশংসা হওক, যিজনে যীচু খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তুলিলে* আৰু এইদৰে কৰি আমাৰ ওপৰত প্ৰচুৰ দয়া কৰিলে আৰু আমাক এক নতুন জন্ম দিলে আৰু এক নিশ্চিত আশা দিলে ৪ যাতে আমি সেই উত্তৰাধিকাৰ লাভ কৰোঁ, যি অবিনাশী আৰু নিষ্কলংক হয় আৰু যি কেতিয়াও শেষ নহয়। এই উত্তৰাধিকাৰ তোমালোকৰ কাৰণে স্বৰ্গত সুৰক্ষিতভাৱে ৰখা হৈছে। ৫ হয়, ঈশ্বৰে তোমালোকক নিজৰ শক্তিৰে সুৰক্ষিত কৰি ৰাখিছে, কিয়নো তোমালোকৰ বিশ্বাস আছে। ঈশ্বৰে সেই উদ্ধাৰৰ কাৰণে তোমালোকক সুৰক্ষিত কৰি ৰাখিছে, যি শেষ সময়ত প্ৰকাশ কৰা হʼব। ৬ সেইবাবে, তোমালোকে বহুত আনন্দ কৰিছা, যদিও কিছু সময়ৰ কাৰণে তোমালোকে বিভিন্ন ধৰণৰ পৰীক্ষাৰ বাবে দুখভোগ কৰি আছা, কিন্তু তোমালোকে হয়তো এনেধৰণৰ পৰীক্ষাৰ মাজেদিয়েই পাৰ হʼব লাগিব ৭ যাতে নিজৰ পৰীক্ষিত বিশ্বাসৰ কাৰণে তোমালোকে যীচু খ্ৰীষ্ট প্ৰকাশ হোৱাৰ সময়ত প্ৰশংসা, মহিমা আৰু আদৰ পোৱা। তোমালোকৰ পৰীক্ষিত বিশ্বাস সেই খাঁটি সোণতকৈয়ো বহুত মূল্যৱান, যি জুইত শুদ্ধ কৰাৰ পাছতো নষ্ট হৈ যায়। ৮ তোমালোকে খ্ৰীষ্টক কেতিয়াও দেখা নাই, তথাপিও তোমালোকে তেওঁক প্ৰেম কৰা। তোমালোকে এতিয়াও তেওঁক দেখা নাই, তথাপিও তোমালোকে তেওঁৰ ওপৰত বিশ্বাস কৰা আৰু ইমানেই বেছি আনন্দ কৰা, যি শব্দৰে প্ৰকাশ কৰিব নোৱাৰি, ৯ কিয়নো তোমালোকে জানা যে নিজৰ বিশ্বাসৰ কাৰণে তোমালোকে পুৰস্কাৰ হিচাপে উদ্ধাৰ পাবা।
১০ এই উদ্ধাৰৰ বিষয়ে সেই ভৱিষ্যবক্তাসকলে বহুত যত্নেৰে সোধ-পোছ কৰিলে আৰু মনোযোগেৰে অনুসন্ধান কৰিলে, যিসকলে তোমালোকৰ ওপৰত হʼবলগীয়া মহা-কৃপাৰ বিষয়ে ভৱিষ্যবাণী কৰিছিল। ১১ ঈশ্বৰে আগতে তেওঁলোকক পবিত্ৰ শক্তিৰ যোগেদি জনাইছিল যে খ্ৰীষ্টই দুখ-কষ্ট ভুগিব লাগিব আৰু ইয়াৰ পাছত তেওঁক মহিমান্বিত কৰা হʼব, সেইবাবে খ্ৰীষ্টৰ বিষয়ে কোৱা কথাবোৰ কোনটো সময়ত আৰু কেনে পৰিস্থিতিত পূৰ হʼব, সেইবোৰ ভৱিষ্যবক্তাসকলে চালি-জাৰি চাই থাকিল। ১২ তেওঁলোকৰ ওপৰত এয়া প্ৰকাশ কৰা হৈছিল যে তেওঁলোকে সেৱক হিচাপে যি কথাবোৰ কৈ থাকিল, সেইবোৰ তেওঁলোকৰ কাৰণে নাছিল, ইয়াৰ পৰিৱৰ্তে তোমালোকৰ কাৰণে আছিল। তেওঁলোকে যিবোৰ কথা ঘোষণা কৰিছিল, সেইবোৰ কথাই তোমালোকক সেই লোকসকলে জনাইছিল, যিসকলে স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ শক্তিৰ যোগেদি তোমালোকক শুভবাৰ্তা শুনাইছিল। আনকি স্বৰ্গদূতসকলেও এই কথাবোৰ জানিবলৈ বহুত আগ্ৰহী।
১৩ সেইবাবে, কঠোৰ পৰিশ্ৰম কৰিবলৈ নিজৰ মগজুক সাজু কৰা, সম্পূৰ্ণভাৱে সচেতন হৈ থাকা আৰু সেই মহা-কৃপাৰ ওপৰত আশা ৰাখা, যি যীচু খ্ৰীষ্ট প্ৰকাশ হʼলে তোমালোকে লাভ কৰিবা। ১৪ তোমালোকে যেতিয়া ঈশ্বৰক জনা নাছিলা, তেতিয়া তোমালোকে বেয়া ইচ্ছাৰ অনুসৰি চলিছিলা, কিন্তু এতিয়া যিহেতু তোমালোকে ঈশ্বৰৰ আজ্ঞা পালন কৰোঁতা সন্তান হোৱা, সেইবাবে তোমালোকে সেই ইচ্ছাবোৰৰ অনুসৰি চলিবলৈ বন্ধ কৰা। ১৫ ইয়াৰ পৰিৱৰ্তে, যিজনে তোমালোকক নিমন্ত্ৰণ কৰিছে, সেই পবিত্ৰ ঈশ্বৰৰ দৰে তোমালোকেও নিজৰ সকলো আচাৰ-ব্যৱহাৰত পবিত্ৰ হৈ থাকা। ১৬ কিয়নো শাস্ত্ৰত লিখা আছে: “তোমালোকে পবিত্ৰ হʼব লাগিব, কিয়নো মই পবিত্ৰ হওঁ।”
১৭ আৰু তোমালোকে যদি সেইজন পিতৃক প্ৰাৰ্থনা কৰা, যিজনে পক্ষপাত নকৰাকৈ প্ৰতিজন ব্যক্তিৰ কামৰ অনুসৰি ন্যায় কৰে, তেনেহʼলে এই জগতত বিদেশী হিচাপে থকাৰ সময়ত তোমালোকে ঈশ্বৰৰ প্ৰতি ভয় ৰাখি জীৱন-যাপন কৰা। ১৮ তোমালোকে জানা যে তোমালোকে নিজৰ পূৰ্বপুৰুষসকলৰ পৰা ব্যৰ্থ জীৱনৰ যি আচাৰ-ব্যৱহাৰ শিকিছিলা, তাৰ পৰা তোমালোকে ৰূপ বা সোণৰ দৰে বিনাশ হোৱা বস্তুবোৰৰ দ্বাৰা মুক্ত হোৱা নাই, ১৯ ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টৰ বহুমূলীয়া তেজৰ দ্বাৰা মুক্ত হৈছা, যি এক নিখুঁত আৰু নিৰ্দোষী ভেড়া পোৱালি হয়। ২০ ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে জানিব পৰা নিজৰ ক্ষমতাক ব্যৱহাৰ কৰি তেওঁক জগতৰ আৰম্ভণি হোৱাৰ আগতেই বাছনি কৰিছিল। কিন্তু এই জগতৰ ব্যৱস্থাৰ শেষত তোমালোকৰ কাৰণে তেওঁক প্ৰকাশ কৰা হৈছে। ২১ তোমালোকে তেওঁৰ যোগেদি ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা। ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে আৰু তেওঁক মহিমা দিলে যাতে তোমালোকে ঈশ্বৰৰ ওপৰত বিশ্বাস আৰু আশা ৰাখা।
২২ তোমালোকে সত্যৰ বাক্য পালন কৰি নিজকে শুচি কৰিলা, যাৰ কাৰণে তোমালোকে অকপট মনেৰে এজনে-আনজনক ভাইৰ দৰে মৰম-স্নেহ কৰা, সেইবাবে এতিয়া সম্পূৰ্ণ যত্নেৰে এজনে-আনজনক হৃদয়েৰে প্ৰেম কৰা। ২৩ কিয়নো তোমালোকক এক নতুন জন্ম দিয়া হৈছে আৰু এই নতুন জীৱন কোনো বিনাশী নহয়, ইয়াৰ পৰিৱৰ্তে অবিনাশী বীজৰ* যোগেদি দিয়া হৈছে, যি জীৱিত আৰু অনন্ত ঈশ্বৰৰ বাক্য হয়। ২৪ “সকলো মানুহ ঘাঁহৰ দৰে হয় আৰু তেওঁলোকৰ শোভা পথাৰৰ ফুলৰ দৰে হয়। ঘাঁহ শুকাই যায় আৰু ফুল সৰি পৰে, ২৫ কিন্তু যিহোৱাৰ* বাক্য সদায় কাললৈকে থাকে।” এই “বাক্য” সেই শুভবাৰ্তা হয়, যি তোমালোকক শুনোৱা হৈছে।
২ সেইবাবে, সকলো ধৰণৰ দুষ্টতা, ছল, কপট, ঈৰ্ষা, পৰচৰ্চা কৰা, এই সকলো নিজৰ পৰা দূৰ কৰা। ২ নতুনকৈ জন্ম হোৱা শিশুৰ দৰে শুদ্ধ* গাখীৰৰ কাৰণে অৰ্থাৎ ঈশ্বৰৰ বাক্যৰ কাৰণে ভোক উৎপন্ন কৰা যাতে তোমালোকে বাঢ়ি থাকা আৰু উদ্ধাৰ পোৱা। ৩ কিয়নো তোমালোকে নিজেই চাকি জানিছা* যে প্ৰভু কিমান দয়ালু হয়।
৪ প্ৰভু সেই জীৱিত শিল হয়, যিজনক মানুহে অস্বীকাৰ কৰিলে, কিন্তু ঈশ্বৰে তেওঁক বাছনি কৰিছে আৰু তেওঁৰ দৃষ্টিত বহুমূলীয়া হয়। তোমালোকে প্ৰভুৰ ওচৰলৈ আহিছা। ৫ সেইবাবে, তোমালোক নিজেও জীৱিত শিল হোৱা আৰু পবিত্ৰ শক্তিৰে এক ভৱনৰ ৰূপত তোমালোকক নিৰ্মাণ কৰা হৈ আছে। এইদৰে কৰাৰ কাৰণ হৈছে যাতে তোমালোক পবিত্ৰ পুৰোহিতৰ দল হোৱা আৰু যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰক এনে বলিদান উৎসৰ্গ কৰা, যি পবিত্ৰ শক্তিৰ অনুসৰি হয় আৰু তেওঁ গ্ৰহণ কৰে। ৬ কিয়নো শাস্ত্ৰই কয়, “চোৱা! মই চিয়োনত এটা বাছনি কৰা শিলৰ ভিত্তি স্থাপন কৰিছোঁ, যি চুকৰ মূল্যৱান শিল হয় আৰু যি কোনোৱে তাৰ ওপৰত বিশ্বাস কৰে, তেওঁ কেতিয়াও নিৰাশ নহʼব।”*
৭ তেওঁ তোমালোকৰ কাৰণে বহুমূলীয়া হয়, কিয়নো তোমালোকে তেওঁৰ ওপৰত বিশ্বাস কৰা। কিন্তু অবিশ্বাসীসকলৰ বিষয়ে শাস্ত্ৰই কয়, “ৰাজমিস্ত্ৰীসকলে যিটো শিল ব্যৱহাৰ নকৰিলে, সেয়াই চুকৰ প্ৰধান শিল হৈ পৰিল” ৮ আৰু তেওঁলোকৰ কাৰণে “যি শিলে উজুটি খোৱায়, সেই শিল আৰু যি শিলাই আঘাত কৰে, সেই শিলা” তেওঁ হʼল। তেওঁলোকে উজুটি খোৱাৰ কাৰণ হৈছে যে তেওঁলোকে বাক্যৰ আজ্ঞা পালন নকৰে। তেওঁলোকৰ অন্ত এইদৰেই হʼব লাগে। ৯ কিন্তু তোমালোক “এক বাছনি কৰা জাতি, ৰাজকীয় পুৰোহিতসকলৰ দল আৰু এক পবিত্ৰ ৰাষ্ট্ৰ হোৱা আৰু ঈশ্বৰৰ বিশেষ সম্পত্তি হʼবলৈ বাছনি কৰা লোক হোৱা যাতে তোমালোকে গোটেই পৃথিৱীত তেওঁৰ মহান গুণবোৰৰ* বিষয়ে ঘোষণা কৰা,” যিজনে তোমালোকক অন্ধকাৰৰ পৰা উলিয়াই নিজৰ মহিমাপূৰ্ণ পোহৰত নিমন্ত্ৰণ কৰিছে। ১০ কিয়নো এনে এক সময় আছিল যেতিয়া তোমালোক ঈশ্বৰৰ লোক নাছিলা, কিন্তু এতিয়া তেওঁৰ লোক হোৱা। তোমালোক এনে লোক আছিলা, যিসকলৰ ওপৰত দয়া কৰা হোৱা নাছিল, কিন্তু এতিয়া এনে লোক হোৱা, যিসকলৰ ওপৰত দয়া কৰা হৈছে।
১১ মৰমৰ ভাইসকল, মই তোমালোকক অনুৰোধ কৰিছোঁ যে এই জগতত বিদেশী আৰু অস্থায়ী বাসিন্দাৰ দৰে জীৱন-যাপন কৰি শৰীৰৰ ইচ্ছাবোৰৰ পৰা নিজকে দূৰত ৰাখা, যিবোৰে তোমালোকৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে। ১২ জগতৰ লোকসকলৰ মাজত তোমালোকে ভাল আচাৰ-ব্যৱহাৰ বজাই ৰাখা যাতে যেতিয়া তেওঁলোকে তোমালোকৰ ওপৰত বেয়া কাম কৰাৰ অভিযোগ লগাব, তেতিয়া নিজ চকুৰে তোমালোকৰ ভাল কাম চাব পাৰিব আৰু সেই দিনা ঈশ্বৰৰ মহিমা কৰিব, যিদিনা তেওঁ চালি-জাৰি চাবলৈ আহিব।
১৩ প্ৰভুৰ কাৰণে তোমালোকে মানুহে নিযুক্ত কৰা অধিকাৰীৰ অধীনত থাকা: ৰজাৰ অধীনত থাকা, কিয়নো তেওঁ আটাইতকৈ ডাঙৰ অধিকাৰী হয় ১৪ বা ৰাজ্যপালসকলৰ অধীনত থাকা, কাৰণ বেয়া কাম কৰা লোকসকলক শাস্তি দিবলৈ আৰু ভাল কাম কৰা লোকসকলক প্ৰশংসা কৰিবলৈ ৰজাই তেওঁলোকক নিযুক্ত কৰিছে। ১৫ কিয়নো ঈশ্বৰৰ ইচ্ছা এয়ে যে তোমালোকে ভাল কাম কৰি এনে মূৰ্খ লোকসকলৰ মুখ বন্ধ কৰা,* যিসকলে চিন্তা-ভাবনা নকৰাকৈ তোমালোকৰ বিৰুদ্ধে কয়। ১৬ স্বাধীন লোকসকলৰ দৰে জীয়াই থাকা, কিন্তু বেয়া কামক ঢাকি ৰাখিবলৈ* তোমালোকৰ স্বাধীনতাক ব্যৱহাৰ নকৰিবা, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ দাস হৈ জীয়াই থাকা। ১৭ সকলো ধৰণৰ মানুহক আদৰ কৰা, সকলো ভাইক প্ৰেম কৰা, ঈশ্বৰৰ প্ৰতি ভয় ৰাখা, ৰজাক আদৰ কৰা।
১৮ সেৱকসকলে নিজৰ মালিকসকলৰ অধীনত থকা উচিত আৰু তেওঁলোকক যিমান ভয় কৰিব লাগে, সিমান ভয় কৰা উচিত। তেওঁলোকে কেৱল ভাল কাম কৰা আৰু নিজৰ কথাত লাগি নথকা মালিকসকলৰ অধীনত থকা উচিত এনে নহয়, ইয়াৰ পৰিৱৰ্তে সেই মালিকসকলৰো অধীনত থকা উচিত, যিসকলক আনন্দিত কৰাটো কঠিন। ১৯ কিয়নো যদি কোনোবাই ঈশ্বৰৰ আগত নিজৰ বিবেক শুদ্ধ কৰি ৰাখিবলৈ কষ্ট* ভোগ কৰে আৰু অন্যায় সহন কৰে, তেনেহʼলে ঈশ্বৰৰ দৃষ্টিত এয়া ভাল কথা। ২০ কিয়নো যদি তোমালোকক পাপ কৰাৰ কাৰণে মাৰ-পিট কৰা হয় আৰু তোমালোকে সহন কৰা, তেনেহʼলে ইয়াত প্ৰশংসা কৰাৰ কি কথা আছে? কিন্তু তোমালোকে যদি ভাল কাম কৰাৰ কাৰণে দুখ সহন কৰা, তেনেহʼলে ঈশ্বৰৰ দৃষ্টিত এয়া ভাল কথা।
২১ আচলতে তোমালোকক এই পথত চলিবলৈ নিমন্ত্ৰণ কৰা হৈছে, কিয়নো খ্ৰীষ্টও তোমালোকৰ কাৰণে দুখভোগ কৰিলে আৰু তেওঁ তোমালোকৰ কাৰণে এক আৰ্হি ৰাখি গʼল যাতে তোমালোকে তেওঁৰ খোজক ভালদৰে অনুকৰণ কৰিব পাৰা। ২২ তেওঁ কোনো পাপ কৰা নাছিল, আনকি তেওঁৰ মুখৰ পৰা কোনো ছলনা কথাও নোলাল। ২৩ যেতিয়া তেওঁৰ অপমান কৰা হৈছিল,* তেতিয়া তাৰ সলনি তেওঁ অপমান নকৰিলে।* যেতিয়া তেওঁ দুখ সহন কৰি আছিল, তেতিয়া তেওঁ ধমকি নিদিলে, ইয়াৰ পৰিৱৰ্তে নিজকে সেই ঈশ্বৰৰ হাতত গতাই দিলে, যিজনে প্ৰকৃত ন্যায় কৰে। ২৪ যেতিয়া তেওঁক কাঠত* গজাল মাৰি দিয়া হৈছিল, তেতিয়া তেওঁ আমাৰ পাপবোৰৰ ভাৰ নিজৰ শৰীৰত উঠাই লʼলে যাতে আমি নিজৰ পাপবোৰৰ পৰা মুকলি হʼব পাৰোঁ আৰু ভাল কাম কৰিবলৈ জীয়াই থাকিব পাৰোঁ। আৰু “তেওঁৰ ঘাৰ পৰা তোমালোক সুস্থ হʼলা।” ২৫ কিয়নো তোমালোক হেৰাই যোৱা ভেড়াবোৰৰ নিচিনা আছিলা, কিন্তু এতিয়া তোমালোক নিজৰ ৰখীয়া আৰু তোমালোকৰ জীৱনৰ চোৱা-চিতা কৰাজনৰ ওচৰলৈ উভতি আহিছা।
৩ ঠিক সেইদৰে পত্নীসকল, তোমালোকে নিজৰ নিজৰ স্বামীৰ অধীনত থাকা যাতে যদি কাৰোবাৰ স্বামীয়ে ঈশ্বৰৰ বাক্যৰ আজ্ঞা পালন নকৰে, ২ তেনেহʼলে তেওঁ নিজৰ পত্নীৰ পবিত্ৰ আচাৰ-ব্যৱহাৰ আৰু গভীৰ আদৰ দেখি ঈশ্বৰৰ বাক্য পালন কৰিব। ৩ তোমালোকৰ সাজোন-কাচোন দেখনিয়াৰ নহওক, যেনে চুলি গোঁঠা, সোণৰ গহনা বা দামী কাপোৰ পিন্ধা। ৪ ইয়াৰ পৰিৱৰ্তে, তোমালোকে নিজৰ ভিতৰৰ ব্যক্তিত্বক শান্ত আৰু কোমল স্বভাৱেৰে সজোৱা। এয়া এনে সাজোন-কাচোন হয়, যি কেতিয়াও পুৰণি নহয় আৰু ঈশ্বৰৰ দৃষ্টিত মূল্যৱান হয়। ৫ ঈশ্বৰৰ ওপৰত আশা ৰখা প্ৰাচীন সময়ৰ পবিত্ৰ তিৰোতাসকলেও এইদৰেই নিজকে সজাই তুলিছিল আৰু নিজৰ নিজৰ স্বামীৰ অধীনত থাকিছিল। ৬ যিদৰে চাৰাই অব্ৰাহামৰ আজ্ঞা পালন কৰিছিল আৰু তেওঁক প্ৰভু বুলি মাতিছিল। যদি তোমালোকে ভাল কাম কৰি থাকা আৰু ভয়ক নিজৰ ওপৰত প্ৰভাৱ পেলাবলৈ নিদিয়া, তেনেহʼলে তেওঁৰ ছোৱালী হʼব পাৰিবা।
৭ স্বামীসকল, তোমালোকেও ঠিক সেইদৰে নিজৰ নিজৰ পত্নীৰ মনৰ কথা ভালদৰে বুজি* তেওঁলোকৰ লগত জীৱন অতিবাহিত কৰা। আৰু তিৰোতা হোৱাৰ কাৰণে তোমালোকতকৈ দুৰ্বল পাত্ৰ হয় বুলি জানি তেওঁলোকৰ লগত আদৰেৰে ব্যৱহাৰ কৰা। কিয়নো তেওঁলোকেও তোমালোকৰ লগত মহা-কৃপাৰ যোগেদি পোৱা জীৱনৰ উত্তৰাধিকাৰী হয় যাতে তোমালোকৰ প্ৰাৰ্থনাত কোনো বাধা নাহে।
৮ অৱশেষত মই কৈছোঁ, তোমালোকৰ সকলোৰে চিন্তাধাৰা একেই হওক, এজনে-আনজনৰ দুখ অনুভৱ কৰা, ভাইসকলৰ দৰে স্নেহ ৰাখা, কোমল কৰুণা দেখুৱা, নম্ৰ স্বভাৱ ৰাখা। ৯ যদি কোনোবাই তোমালোকক আঘাত দিয়ে, তেনেহʼলে তাৰ সলনি তেওঁক আঘাত নিদিবা আৰু যদি কোনোবাই তোমালোকৰ অপমান কৰে, তেনেহʼলে তাৰ সলনি তেওঁক অপমান নকৰিবা। ইয়াৰ পৰিৱৰ্তে, তেওঁৰ কাৰণে ভাল কাম কৰা,* কিয়নো তোমালোকক এই পথতে চলিবলৈ মতা হৈছে যাতে উত্তৰাধিকাৰী হিচাপে আশীৰ্বাদ লাভ কৰিব পাৰা।
১০ কিয়নো “যিজনে জীৱনক প্ৰেম কৰে আৰু যিজনে ভাল দিন চাব বিচাৰে, তেওঁ নিজৰ জিভাক বেয়া কথা কোৱাৰ পৰা আৰু নিজৰ ওঁঠক ছলনা কথা কোৱাৰ পৰা বাধা দিয়ক। ১১ তেওঁ দুষ্টতাৰ পৰা আঁতৰি যাওক আৰু ভাল কাম কৰক, শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু তাত লাগি থাকক। ১২ কিয়নো যিহোৱাৰ* দৃষ্টি ভাল লোকসকলৰ ওপৰত থাকে আৰু তেওঁৰ কাণে তেওঁলোকৰ মিনতি শুনে। কিন্তু যিহোৱা* বেয়া কাম কৰা লোকসকলৰ বিৰুদ্ধে হৈ যায়।”
১৩ যদি তোমালোকে ভাল কামৰ কাৰণে উৎসাহ দেখুৱা, তেনেহʼলে কোনে তোমালোকক হানি কৰিব? ১৪ কিন্তু ভাল কামৰ কাৰণে তোমালোকে যদি কষ্ট সহনো কৰা, তথাপিও তোমালোক সুখী। যিবোৰ কথাক লৈ লোকসকলে ভয় কৰে, তালৈ ভয় নকৰিবা* আৰু চিন্তাও নকৰিবা। ১৫ ইয়াৰ পৰিৱৰ্তে, তোমালোকে নিজৰ হৃদয়ত স্বীকাৰ কৰা যে খ্ৰীষ্টই হʼল প্ৰভু আৰু তেওঁ পবিত্ৰ। আৰু যিজনে তোমালোকৰ আশাৰ কাৰণ জানিব বিচাৰে, তেওঁৰ আগত তাৰ কাৰণ জনাবলৈ সদায় সাজু হৈ থাকা, কিন্তু কোমল স্বভাৱ আৰু গভীৰ সন্মানেৰে সৈতে এইদৰে কৰা।
১৬ নিজৰ বিবেক শুদ্ধ কৰি ৰাখা যাতে লোকসকলে তোমালোকৰ বিৰুদ্ধে যিয়ে নকওক, খ্ৰীষ্টৰ শিষ্য হিচাপে তোমালোকৰ ভাল আচাৰ-ব্যৱহাৰ দেখি তেওঁলোকে লাজ পাব। ১৭ কাৰণ বেয়া কাম কৰি দুখভোগ কৰাতকৈ যদি ঈশ্বৰৰ ইচ্ছা হয়, তেনেহʼলে ভাল কাম কৰি দুখভোগ কৰাটো বেছি ভাল। ১৮ আনকি খ্ৰীষ্টও আমাৰ পাপৰ কাৰণে এবাৰেই সদায়ৰ কাৰণে মৰিল। তেওঁ ভাল ব্যক্তি হোৱাৰ সত্ত্বেও পাপীবিলাকৰ কাৰণে মৰিল যাতে তোমালোকক ঈশ্বৰৰ ওচৰলৈ লৈ যাব পাৰে। যেতিয়া তেওঁক হত্যা কৰা হৈছিল, তেতিয়া তেওঁৰ মানৱীয় শৰীৰ আছিল। কিন্তু যেতিয়া তেওঁক জীয়াই তোলা হʼল, তেতিয়া তেওঁক অদৃশ্য শৰীৰ দিয়া হʼল। ১৯ এই অৱস্থাতে তেওঁ গৈ জেলত থকা দুষ্ট স্বৰ্গদূতবিলাকক প্ৰচাৰ কৰিলে। ২০ এই দুষ্ট স্বৰ্গদূতবিলাকে নোহৰ সময়ত ঈশ্বৰৰ আজ্ঞাৰ বিৰুদ্ধে কাম কৰিছিল, সেই সময়ত ঈশ্বৰে ধৈৰ্যৰে অপেক্ষা কৰি আছিল আৰু নোহৰ জাহাজৰ নিৰ্মাণ কাম চলি আছিল আৰু সেই জাহাজত কেইজনমান লোককহে অৰ্থাৎ আঠজন লোকক* পানীৰ পৰা ৰক্ষা কৰা হৈছিল।
২১ এই ঘটনা বাপ্তিষ্মাৰ* চিন হয়, যিয়ে আজি যীচু খ্ৰীষ্টক আকৌ জীয়াই তোলাৰ* যোগেদি তোমালোকক বচোৱা হৈছে। (বাপ্তিষ্মাৰ অৰ্থ শৰীৰৰ মলি আঁতৰুৱা নহয়, ইয়াৰ পৰিৱৰ্তে শুদ্ধ বিবেক পাবলৈ ঈশ্বৰলৈ অনুৰোধ কৰা হয়।) ২২ যীচুৱে এতিয়া স্বৰ্গলৈ উভতি গʼল আৰু ঈশ্বৰৰ সোঁহাতে আছে। আৰু স্বৰ্গদূত, অধিকাৰ আৰু শক্তিক তেওঁৰ অধীনত কৰা হৈছে।
৪ মানুহ হিচাপে থকাৰ সময়ত খ্ৰীষ্টই যিহেতু দুখভোগ কৰিছিল, সেইবাবে তোমালোকেও তেওঁৰ দৰে সেই একেই চিন্তাধাৰা বজাই ৰাখিবলৈ সাজু থাকা। কিয়নো যিজন মানুহে দুখভোগ কৰে, তেওঁ পাপ কৰিবলৈ এৰি দিয়ে ২ যাতে তেওঁ নিজৰ জীৱনৰ বাকী সময়ছোৱাত মানুহৰ ইচ্ছা পূৰ কৰিবলৈ নহয়, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ জীয়াই থাকে। ৩ কাৰণ জগতৰ লোকসকলৰ দৰে তোমালোকেও আগতে নিৰ্লজ্জভাৱে কৰা পাপ কাম,* নিয়ন্ত্ৰণ নোহোৱাকৈ কামভাৱ পূৰ কৰা, অতিমাত্ৰা মদ খোৱা, নিয়ন্ত্ৰণ নকৰাকৈ আনন্দ-ফূৰ্তি কৰা, মদ খোৱাৰ প্ৰতিযোগিতা কৰা আৰু ঘৃণনীয় মূৰ্তিপূজা কৰাত যি সময় অতিবাহিত কৰিছিলা, সেয়াই যথেষ্ট আছিল। ৪ কিন্তু এতিয়া তোমালোকে তেওঁলোকৰ লগত বেয়া কামবোৰ কৰিবলৈ এৰি দিছা, সেইবাবে তেওঁলোকে আচৰিত হয় আৰু তোমালোকৰ বিষয়ে বেয়াকৈ কয়। ৫ কিন্তু এই লোকসকলে সেইজনক হিচাপ দিব লাগিব, যিজনে জীৱিত আৰু মৃত লোকসকলৰ ন্যায় কৰিবলৈ সাজু আছে। ৬ আচলতে মৃত লোকসকলকো এই কাৰণে শুভবাৰ্তা শুনোৱা হৈছিল যাতে তেওঁলোকৰ ন্যায় সকলো মানুহৰ দৰে হোৱাৰ সত্ত্বেও তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি জীয়াই থাকিব পাৰে।
৭ কিন্তু সকলো বিষয়ৰ অন্ত কাষ চাপি আহিছে। সেইবাবে, সঠিক চিন্তাধাৰা বজাই ৰাখা আৰু প্ৰাৰ্থনাৰ ক্ষেত্ৰত সচেতন হৈ থাকা।* ৮ সকলোতকৈ বেছি এজনে-আনজনক গভীৰ প্ৰেম কৰা, কিয়নো প্ৰেমে বহুতো পাপক ঢাকি দিয়ে। ৯ ভোৰভোৰণি নকৰাকৈ এজনে-আনজনক অতিথি-সৎকাৰ দেখুৱা। ১০ ঈশ্বৰে যি মহা-কৃপা বেলেগ বেলেগ উপায়েৰে দেখুৱাইছে, তোমালোকে তাৰ ভাল প্ৰবন্ধক হোৱা। প্ৰবন্ধক হিচাপে তোমালোকৰ মাজৰ প্ৰতিজনে যি যি বৰদান পাইছা, সেয়া আনৰ সেৱা কৰিবলৈ ব্যৱহাৰ কৰা। ১১ যদি কোনোবাই কয়, তেনেহʼলে ঈশ্বৰৰ পবিত্ৰ বাক্য কওক। যদি কোনোবাই সেৱা কৰে, তেনেহʼলে তেওঁ সেই শক্তিৰ ওপৰত নিৰ্ভৰ হৈ কৰক, যি ঈশ্বৰে দিয়ে যাতে সকলো বিষয়ত যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ মহিমা হয়। মহিমা আৰু শক্তি সদায় কাললৈকে তেওঁৰেই হয়। আমেন।
১২ মৰমৰ ভাইসকল, পৰীক্ষাৰ যি জুইৰে তোমালোকে পাৰ হৈ আছা, তাত আচৰিত নহʼবা। আৰু তোমালোকে এইদৰে নাভাবিবা যে তোমালোকৰ লগত অদ্ভুত কিবা ঘটনা ঘটিছে। ১৩ ইয়াৰ পৰিৱৰ্তে, তোমালোকে এই কথাক লৈ আনন্দ কৰা যে তোমালোকে খ্ৰীষ্টৰ দুখ-কষ্টৰ সহভাগী হৈছা যাতে যেতিয়া তেওঁৰ মহিমা প্ৰকাশ হʼব, তেতিয়া তোমালোকে আৰু বেছিকৈ আনন্দিত হোৱা। ১৪ যদি খ্ৰীষ্টৰ নামৰ কাৰণে তোমালোকক বদনাম* কৰা হৈছে, তেনেহʼলে তোমালোক সুখী, কিয়নো ঈশ্বৰৰ পবিত্ৰ শক্তি আৰু ইয়াৰ মহিমা তোমালোকৰ ওপৰত আছে।
১৫ কিন্তু তোমালোকৰ মাজৰ কোনেও যেন হত্যাকাৰী, চুৰ বা বেয়া কাম কৰা বা আনৰ ব্যক্তিগত বিষয়ত দখল দিয়াৰ কাৰণে দুখভোগ নকৰক। ১৬ কিন্তু যদি কোনোৱে খ্ৰীষ্টান হোৱাৰ কাৰণে দুখভোগ কৰে, তেনেহʼলে তেওঁ লাজ অনুভৱ নকৰক, ইয়াৰ পৰিৱৰ্তে এই নাম বহন কৰাৰ যোগেদি ঈশ্বৰৰ মহিমা কৰক। ১৭ কাৰণ ন্যায় কৰাৰ নিৰ্ধাৰিত সময় আহি পাইছে আৰু এই ন্যায়ৰ আৰম্ভণি ঈশ্বৰৰ ঘৰৰ পৰা হʼব। যদি ইয়াৰ আৰম্ভণি আমাৰ পৰা হয়, তেনেহʼলে তেওঁলোকৰ কি অৱস্থা হʼব, যিসকলে ঈশ্বৰৰ শুভবাৰ্তাৰ অনুসৰি চলিবলৈ অস্বীকাৰ কৰে? ১৮ “যদি এজন ভাল মানুহৰ কাৰণে উদ্ধাৰ পাবলৈ কঠিন হয়, তেনেহʼল তেওঁলোকৰ কি হʼব, যিসকল ভক্তিহীন আৰু পাপী হয়?” ১৯ সেইবাবে, যিসকলে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাৰ কাৰণে দুখভোগ কৰে, তেওঁলোকেও ভাল কাম কৰি নিজকে বিশ্বাসযোগ্য সৃষ্টিকৰ্তাৰ হাতত গতাই দিয়ক।
৫ সেইবাবে, তোমালোকৰ মাজত যিসকল প্ৰাচীন আছে, তেওঁলোকলৈ মোৰ এটা অনুৰোধ আছে,* কিয়নো ময়ো তেওঁলোকৰ দৰে এজন প্ৰাচীন হওঁ আৰু খ্ৰীষ্টৰ দুখ-কষ্টৰ এজন সাক্ষী আৰু সেই মহিমাৰ সহভাগী হওঁ, যি প্ৰকাশ হʼবলগীয়া আছে। মই অনুৰোধ কৰিছোঁ ২ যে তোমালোকে ৰখীয়াৰ দৰে ঈশ্বৰৰ জাকৰ চোৱা-চিতা কৰা, যিসকলৰ দায়িত্ব তোমালোকক দিয়া হৈছে আৰু অধ্যক্ষ হিচাপে* ঈশ্বৰৰ আগত কৰিব লাগিব বুলি নহয়, কিন্তু আনন্দেৰে সেৱা কৰা। তোমালোকে লোভ কৰি আনৰ সুযোগ লৈ নহয়, কিন্তু নিজ ইচ্ছাৰে সেৱা কৰা। ৩ আৰু যিসকল ঈশ্বৰৰ সম্পত্তি হয়, তেওঁলোকৰ ওপৰত অধিকাৰ নচলাবা, ইয়াৰ পৰিৱৰ্তে জাকৰ কাৰণে এক উদাহৰণ হোৱা। ৪ আৰু যেতিয়া প্ৰধান ৰখীয়া প্ৰকাশ হʼব, তেতিয়া তোমালোকে মহিমাৰ সেই কিৰীটি পাবা, যাৰ শোভা কেতিয়াও শেষ নহʼব।
৫ ঠিক সেইদৰে ডেকাসকল, মই তোমালোকক অনুৰোধ কৰিছোঁ যে বৃদ্ধসকলৰ* অধীনত থাকা। আৰু তোমালোক সকলোৱে এজনে-আনজনৰ লগত নম্ৰতাৰে ব্যৱহাৰ কৰা,* কিয়নো ঈশ্বৰে অহংকাৰী লোকসকলক বিৰোধ কৰে, কিন্তু নম্ৰ লোকসকলৰ ওপৰত মহা-কৃপা কৰে।
৬ সেইবাবে, ঈশ্বৰৰ শক্তিশালী হাতৰ অধীনত নিজকে নম্ৰ কৰা যাতে তেওঁ সঠিক সময়ত তোমালোকক ওখ কৰে। ৭ আৰু তোমালোকৰ সকলো চিন্তাৰ* বোজা তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে। ৮ তোমালোকে সচেতন আৰু সতৰ্ক হৈ থাকা! তোমালোকৰ শত্ৰু চয়তান* গুজৰি থকা সিংহৰ দৰে কাক ফালি খাম, এই সুযোগত ঘূৰি ফুৰিছে। ৯ কিন্তু তোমালোকে বিশ্বাসত মজবুত হৈ তাৰ সন্মুখীন হোৱা, কিয়নো তোমালোকে জানা যে গোটেই পৃথিৱীত সিঁচৰিত হৈ থকা তোমালোকৰ ভাইসকলেও এনেধৰণৰ দুখ-কষ্ট ভুগি আছে। ১০ কিন্তু এই দুখ-কষ্ট তোমালোকে কেৱল অলপ দিনৰ কাৰণেহে ভুগিব লাগিব, ইয়াৰ পাছত ঈশ্বৰে, যিজনে সকলো ধৰণৰ মহা-কৃপা কৰে, তেওঁ তোমালোকৰ প্ৰশিক্ষণ শেষ কৰিব। তেওঁ তোমালোকক সদায় বৰ্তি থকা মহিমা পাবলৈ নিমন্ত্ৰণ কৰিছে, কিয়নো তোমালোক খ্ৰীষ্টৰ লগত একতাত আছা। তেওঁ তোমালোকক মজবুত কৰিব, শক্তিশালী কৰি তুলিব আৰু দৃঢ়তাৰে থিয় কৰাব। ১১ শক্তি সদায় কাললৈকে তেওঁৰেই থাকক। আমেন।
১২ চীল,* যিজনক মই বিশ্বাসযোগ্য ভাই বুলি মানোঁ, তেওঁৰ যোগেদি মই তোমালোকলৈ কিছু কথা লিখিছোঁ যাতে তোমালোকক উৎসাহিত কৰিব পাৰোঁ আৰু তোমালোকৰ বিশ্বাস জন্মাব পাৰোঁ যে এয়াই ঈশ্বৰৰ প্ৰকৃত মহা-কৃপা হয়। তোমালোকে এই মহা-কৃপাত দৃঢ়তাৰে থিয় হৈ থাকা। ১৩ তেওঁ, যিজন বাবিলত আছে আৰু তোমালোকৰ দৰে বাছনি কৰা লোক হয়, তোমালোকক নমস্কাৰ জনাইছে আৰু মোৰ লʼৰা মাৰ্কেও তোমালোকক নমস্কাৰ জনাইছে। ১৪ প্ৰেমৰ চুমাৰে এজনে-আনজনক নমস্কাৰ কৰা।
মোৰ প্ৰাৰ্থনা এই যে তোমালোক সকলো, যিসকল খ্ৰীষ্টৰ লগত একতাত আছা, তোমালোকলৈ শান্তি হওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “পুনৰুত্থান কৰিলে।” শব্দকোষ চাওক।
অৰ্থাৎ এনে বীজ, যিয়ে ফল উৎপন্ন কৰিব পাৰে।
অতি. ক৫ চাওক।
বা “মিহলি নোহোৱা।”
বা “অনুভৱ কৰিছা।”
আক্ষ., “লাজত পেলোৱা নহʼব।”
অৰ্থাৎ তেওঁৰ প্ৰশংসনীয় গুণ আৰু কাম।
আক্ষ., “মুখ বান্ধি দিয়া।”
বা “কাম কৰাৰ বাহানা হিচাপে।”
বা “বেদনা।”
বা “তেওঁক গালি পৰা হৈছিল।”
বা “গালি নাপাৰিলে।”
বা “গছত।”
আক্ষ., “জ্ঞানৰ অনুসৰি।” বা “নিজৰ নিজৰ পত্নীৰ অৱস্থা বুজি।”
আক্ষ., “তেওঁক আশীৰ্বাদ দিয়া।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা হয়তো, “লোকসকলৰ ধমকিলৈ ভয় নকৰিবা।”
শব্দকোষত “জীৱন” চাওক।
বা “সম্পূৰ্ণৰূপে পানীত ডুবোৱাৰ।”
বা “পুনৰুত্থানৰ।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।
বা “জাগি থাকা।”
বা “তোমালোকক অপমান।”
বা “তেওঁলোকলৈ মই এটা নিবেদন কৰিছোঁ।”
বা “জাকৰ ওপৰত ভালদৰে দৃষ্টি ৰাখি।”
বা “প্ৰাচীনসকলৰ।”
বা “নম্ৰতাক পিন্ধি লোৱা।”
বা “দুখ-বেদনাৰ।”
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।
বা “চীলবান।”