পিতৰৰ দ্বিতীয় চিঠি
১ যীচু খ্ৰীষ্টৰ দাস আৰু পাঁচনি* চিমোন পিতৰৰ এই চিঠি সেই লোকসকলৰ কাৰণে হয়, যিসকলে আমাৰ ঈশ্বৰ আৰু আমাৰ উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ ভাল কামৰ যোগেদি আমাৰ দৰে বহুমূলীয়া বিশ্বাস লাভ কৰিছে:
২ মোৰ প্ৰাৰ্থনা এইয়ে যে তোমালোকে ঈশ্বৰৰ বিষয়ে আৰু আমাৰ প্ৰভু যীচুৰ বিষয়ে সঠিক জ্ঞান লৈ থাকা যাতে তোমালোকৰ ওপৰত আৰু বেছিকৈ মহা-কৃপা আৰু শান্তি হয়। ৩ কাৰণ ঈশ্বৰে নিজৰ শক্তিৰে আমাক সেই সকলো বস্তু দিছে, যিবোৰ ঈশ্বৰৰ ভক্তিৰে সৈতে জীৱন-যাপন কৰাৰ কাৰণে প্ৰয়োজন। এই বস্তুবোৰ পোৱাৰ কাৰণ হৈছে আমি সেই ঈশ্বৰৰ বিষয়ে সঠিক জ্ঞান পাইছোঁ, যিজনে আমাক নিজৰ মহিমা আৰু সদগুণৰ যোগেদি নিমন্ত্ৰণ কৰিছে। ৪ এই মহিমা আৰু সদগুণৰ কাৰণে তেওঁ আমাৰ লগত বহুমূলীয়া আৰু অতি মহান প্ৰতিজ্ঞা কৰিছে যাতে তোমালোকে এই প্ৰতিজ্ঞাবোৰৰ যোগেদি তেওঁৰ দৰে অদৃশ্য হʼব পাৰা। তেওঁ আমাৰ লগত এইবোৰ প্ৰতিজ্ঞা কৰাৰ কাৰণ হৈছে আমি জগতৰ সেই ভ্ৰষ্টতাৰ পৰা মুক্ত হʼলোঁ, যি বেয়া ইচ্ছাবোৰৰ* কাৰণে হয়।
৫ সেই কাৰণে তোমালোকে মনে-প্ৰাণে চেষ্টা কৰা যে নিজৰ বিশ্বাসৰ সৈতে সদগুণ বঢ়োৱা, সদগুণৰ সৈতে জ্ঞান, ৬ জ্ঞানৰ সৈতে আত্মনিয়ন্ত্ৰণ, আত্মনিয়ন্ত্ৰণৰ সৈতে ধৈৰ্য, ধৈৰ্যৰ সৈতে ঈশ্বৰৰ ভক্তি, ৭ ঈশ্বৰৰ ভক্তিৰে সৈতে ভাইসকলৰ দৰে মৰম-স্নেহ আৰু ভাইসকলৰ দৰে মৰম-স্নেহৰ সৈতে প্ৰেম বঢ়াই থাকা। ৮ যদি এই গুণবোৰ তোমালোকৰ আছে আৰু সেইবোৰ তোমালোকে বঢ়াই থাকা, তেনেহʼলে তোমালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ সঠিক জ্ঞানৰ অনুসৰি চলি ফল উৎপন্ন কৰিবা আৰু নিষ্ফল* নহʼবা।
৯ যিজন মানুহৰ এইবোৰ গুণ নাই, তেওঁ অন্ধ হয় আৰু তেওঁ নিজৰ চকু বন্ধ কৰি লৈছে আৰু তেওঁ পোহৰক চাব নিবিচাৰে* আৰু পাহৰি গৈছে যে তেওঁক সেই পাপবোৰৰ পৰা শুচি কৰা হৈছে, যিবোৰ তেওঁ বহুত আগতে কৰিছিল। ১০ সেইবাবে ভাইসকল, তোমালোকক যি নিমন্ত্ৰণ কৰা হৈছে আৰু যি বাছনি কৰা হৈছে, তোমালোকে তাৰ যোগ্য হʼবলৈ আৰু বেছিকৈ পৰিশ্ৰম কৰি থাকা। যদি তোমালোকে এই সকলো কৰি থাকা, তেনেহʼলে তোমালোকে কেতিয়াও নিষ্ফল নহʼবা। ১১ আচলতে এইদৰে তোমালোকক আমাৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ সেই ৰাজ্যত মহিমাপূৰ্ণ উপায়েৰে প্ৰৱেশ কৰোৱা হʼব, যি সদায় কাললৈকে থাকিব।
১২ ইয়াৰ কাৰণে মই তোমালোকক এইবোৰ কথা মনত পেলাই দি থাকিবলৈ নিৰ্ণয় লৈছোঁ, যদিও তোমালোকে এইবোৰ জানা আৰু সেই সত্যতাত দৃঢ়তাৰে থিয় হৈ আছা, যি তোমালোকে শিকিছা। ১৩ আৰু মই ভাবোঁ যে যেতিয়ালৈকে মই এই তম্বুত* আছোঁ, তেতিয়ালৈকে মই তোমালোকক এই কথাবোৰ মনত পেলাই দি থকাটো উচিত হʼব যাতে তোমালোকক উৎসাহিত কৰি থাকোঁ। ১৪ কিয়নো মই জানোঁ যে অতি সোনকালে মোৰ এই তম্বু আঁতৰোৱা হʼব, যিদৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টও মোক স্পষ্টভাৱে জনাইছিল। ১৫ সেইবাবে, মই সকলো সময়তে মনে-প্ৰাণে চেষ্টা কৰিম যাতে মই যোৱাৰ পাছত তোমালোকে নিজেই এই কথাবোৰ মনত পেলাব পাৰা।*
১৬ যেতিয়া আমি তোমালোকক প্ৰভু যীচু খ্ৰীষ্টৰ শক্তি আৰু উপস্থিতিৰ বিষয়ে কৈছিলোঁ, তেতিয়া আমি চতুৰতাৰে সজা মিছা কাহিনীৰ সহায় লোৱা নাছিলোঁ, কিয়নো আমি নিজ চকুৰে তেওঁৰ মহিমা দেখিছিলোঁ। ১৭ কাৰণ তেওঁ ঈশ্বৰ অৰ্থাৎ আমাৰ পিতৃৰ পৰা আদৰ আৰু মহিমা পালে। এয়া সেই সময়ত ঘটিছিল যেতিয়া মহিমাময় ঈশ্বৰে তেওঁৰ বিষয়ে এইবোৰ কথা কৈছিল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁক মই গ্ৰহণ কৰিলোঁ।” ১৮ হয়, আমি আকাশৰ পৰা এই শব্দ সেই সময়ত শুনিছিলোঁ, যেতিয়া আমি তেওঁৰ লগত পবিত্ৰ পাহাৰত আছিলোঁ।
১৯ এইদৰে ভৱিষ্যবাণীৰ ওপৰত আমাৰ ভৰসা আৰু বেছি মজবুত হৈছে। আৰু (যেতিয়ালৈকে দিন নহয় আৰু দিনৰ তৰা নোলায়) তোমালোকে সেইবোৰৰ ওপৰত ধ্যান দি ভাল কৰি আছা, যেন এইবোৰে জ্বলি থকা চাকিৰ দৰে অন্ধকাৰ ঠাইত অৰ্থাৎ তোমালোকৰ হৃদয়ত পোহৰ দিছে। ২০ কিয়নো তোমালোকে প্ৰথমে এয়া জানি লোৱা যে শাস্ত্ৰৰ যিকোনো ভৱিষ্যবাণী কোনো মানুহৰ চিন্তাধাৰাৰ অনুসৰি কৰা হোৱা নাই। ২১ কিয়নো কোনো ভৱিষ্যবাণী মানুহৰ ইচ্ছাৰে কেতিয়াও হোৱা নাই, ইয়াৰ পৰিৱৰ্তে মানুহে পবিত্ৰ শক্তিৰে অনুপ্ৰাণিত হৈ ঈশ্বৰৰ ফালৰ পৰা কৈছিল।
২ কিন্তু যিদৰে ইস্ৰায়েলীসকলৰ মাজত মিছা ভৱিষ্যবক্তাসকলক দেখা গৈছিল, ঠিক সেইদৰে তোমালোকৰ মাজতো মিছা শিক্ষকবিলাক আহিব। তেওঁলোকে তোমালোকৰ মাজত লুকাই লুকাই এনে গোট আৰম্ভ কৰিব, যি বিনাশৰ ফালে লৈ যায় আৰু তেওঁলোকে সেই মালিকজনকো জানিবলৈ অস্বীকাৰ কৰিব, যিজনে তেওঁলোকক কিনিছিল। এইদৰে কৰি তেওঁলোকে বেগেৰে নিজৰ ওপৰত নিজে বিনাশ লৈ আহিব। ২ ইয়াৰ উপৰিও, বহুতো লোকে তেওঁলোকক দেখি নিৰ্লজ্জভাৱে পাপ কাম* কৰিব আৰু তেওঁলোকৰ কাৰণে সত্যৰ পথ বদনাম হʼব। ৩ আৰু তেওঁলোকে লোভৰ কাৰণে ছলনা কথা কৈ তোমালোকক লুটিব। কিন্তু তেওঁলোকৰ কাৰণে বহুত আগতেই শাস্তি নিৰ্ধাৰিত কৰা হৈছিল আৰু তেওঁলোকক শাস্তি দিয়াৰ সময় লাহে লাহে অহা নাই আৰু ৰখিও যোৱা নাই।
৪ সঁচাকৈ, ঈশ্বৰে সেই স্বৰ্গদূতবিলাককো শাস্তি দিবলৈ পিছ নুহুকিলে, যিবিলাকে পাপ কৰিছিল। কিন্তু সিহঁতক টাৰটাৰাচত* পেলাই দিলে আৰু তাত ঘোৰ অন্ধকাৰত* শিকলিৰে বান্ধি থৈছে যাতে শাস্তি পোৱা সময়লৈকে সিহঁত তাতে থাকে। ৫ তেওঁ নোহৰ সময়ৰ জগতকো শাস্তি দিবলৈ পিছ নুহুকিলে, কিন্তু যেতিয়া তেওঁ ভক্তিহীন লোকসকলৰ সেই পুৰণি জগতৰ ওপৰত জলপ্লাৱন আনিলে, তেতিয়া তেওঁ ভাল কামৰ প্ৰচাৰক নোহ আৰু তেওঁৰ লগত সাতজনক ৰক্ষা কৰিলে। ৬ লগতে তেওঁ চদোম আৰু ঘমোৰা নামৰ চহৰকো ভষ্ম কৰি শাস্তি দিলে আৰু এইদৰে আহিবলগীয়া ভক্তিহীন লোকসকলৰ কাৰণে এক উদাহৰণ ৰাখিলে। ৭ কিন্তু তেওঁ ভাল ব্যক্তি লোটক বচালে, যিজনে দুষ্ট লোকসকলে নিৰ্লজ্জভাৱে কৰা পাপ কাম দেখি দুখ কৰিছিল। ৮ হয়, যেতিয়া সেই ভাল মানুহ সিহঁতৰ মাজত আছিল, তেতিয়া প্ৰতিদিনে সিহঁতৰ দুষ্ট কামবোৰ দেখি আৰু সিহঁতৰ কথাবোৰ শুনি তেওঁৰ হৃদয় কঁপি উঠিছিল। ৯ এইদৰে ঈশ্বৰৰ ভক্তি কৰা লোকসকলক পৰীক্ষাৰ পৰা কেনেকৈ উলিয়াব লাগে আৰু ন্যায়ৰ দিনত ধ্বংস কৰাৰ কাৰণে* দুষ্ট লোকসকলক কেনেকৈ ৰাখিব লাগে, তাৰ বিষয়ে যিহোৱাই* জানে, ১০ বিশেষকৈ তেওঁলোকক, যিসকলে আনৰ শৰীৰ ভ্ৰষ্ট কৰিবলৈ চেষ্টা কৰে আৰু অধিকাৰত থকা লোকসকলক তুচ্ছ বুলি ভাবে।
সিহঁতে দুঃসাহস আৰু নিজৰ ইচ্ছামতে কৰে আৰু সেই লোকসকলৰ বিষয়ে বেয়া কথা কʼবলৈ ভয় নকৰে, যিসকলক ঈশ্বৰে মহিমা দিছে। ১১ যদিও স্বৰ্গদূতসকল এই মিছা শিক্ষকবিলাকতকৈ বহুগুণে বলৱান আৰু শক্তিশালী হয়, তথাপিও তেওঁলোকে যিহোৱাক* আদৰ কৰাৰ কাৰণে* তেওঁক দোষী কৰিবলৈ তেওঁৰ বিষয়ে বেয়াকৈ নকয়। ১২ কিন্তু এই লোকসকল নিৰ্বুদ্ধি জীৱ-জন্তুৰ দৰে হয়, যিবোৰে নিজৰ স্বভাৱৰ অনুসৰি কাম কৰে আৰু ধৰা পৰিবলৈ আৰু মৰিবলৈ জন্ম হয়। এই লোকসকলে যিবোৰ কথা নাজানে, তাৰ বিষয়ে বেয়াকৈ কয়। বিনাশৰ পথত চলাৰ কাৰণে তেওঁলোকে নিজে নিজৰ বিনাশৰ কাৰণ হʼব। ১৩ তেওঁলোকে নিজৰ বেয়া কামৰ পৰিণামস্বৰূপে শাস্তি ভোগ কৰিব।
তেওঁলোকে দিনৰ ভাগতো অনৈতিক জীৱন-যাপন কৰি ভাল পায়। তেওঁলোক দাগ আৰু কলংক হয় আৰু যেতিয়া তেওঁলোকে তোমালোকৰ লগত ভোজত থাকে, তেতিয়া তেওঁলোকে নিজৰ ছলনাৰে ভৰা শিক্ষাবোৰ বিয়পাই বহুত আনন্দিত হয়। ১৪ তেওঁলোকৰ চকু কামভাৱেৰে* ভৰি আছে আৰু তেওঁলোকে পাপ কৰিবলৈ নিজকে বাধা দিব নোৱাৰে আৰু তেওঁলোকে বিশ্বাসত দুৰ্বল লোকসকলক ফান্দত পেলায়। তেওঁলোকৰ মন লোভ কৰাত নিপুণ হৈ পৰিছে। তেওঁলোক অভিশপ্ত সন্তান। ১৫ পোন পথ ত্যাগ কৰি তেওঁলোকে ভুল পথলৈ পৰিচালিত হৈছে। তেওঁলোকে বিয়োৰৰ লʼৰা বিলিয়মৰ পথক অনুকৰণ কৰিছে, যিজনে বেয়া কাম কৰি পোৱা উপহাৰক ভাল পাইছিল ১৬ আৰু যিজনক সঠিক কামৰ বিৰুদ্ধে যোৱাৰ কাৰণে ধমকি দিয়া হৈছিল। বোজাৰ ভাৰ লোৱা আৰু কথা কʼব নোৱাৰা এটা গাধই মানুহৰ দৰে কথা কৈ সেই ভৱিষ্যবক্তাজনক মূৰ্খ কাম কৰিবলৈ বাধা দিছিল।
১৭ তেওঁলোক সেই ভুমুকৰ দৰে হয়, যʼত পানী নাথাকে আৰু কুঁৱলীৰ এনে ডাৱৰৰ দৰে হয়, যাক ধুমুহাই উৰুৱাই নিয়ে আৰু তেওঁলোকৰ কাৰণে ঘোৰ অন্ধকাৰ ৰখা হৈছে। ১৮ তেওঁলোকে এনে কথা কয়, যিবোৰ শুনিবলৈ প্ৰভাৱশালী যেন লাগে, কিন্তু আচলতে সেয়া ফোঁপোলা। তেওঁলোকে আনৰ শাৰীৰিক ইচ্ছাবোৰ জগাই তোলাৰ যোগেদি আৰু নিৰ্লজ্জভাৱে কৰা পাপ কামৰ যোগেদি সেই লোকসকলক ফান্দত পেলায়, যিসকলে বেয়া কাম কৰা লোকসকলৰ মাজৰ পৰা এইমাত্ৰ বাচি আহিছে। ১৯ তেওঁলোকে লোকসকলক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্তু তেওঁলোকে নিজেই ভ্ৰষ্টতাৰ দাসত্বত আছে, কাৰণ যদি কোনোবাই কাৰোবাৰ* নিয়ন্ত্ৰণত আহি যায়, তেনেহʼলে তেওঁ তাৰ দাস হৈ যায়। ২০ সঁচাকৈ, যদি তেওঁলোকে আমাৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ সঠিক জ্ঞান পাই জগতৰ অশুচিতাৰ পৰা বাচি ওলাই অহাৰ পাছত আকৌ সেইবোৰ কামতে লাগি যায় আৰু ইয়াৰ নিয়ন্ত্ৰণত আহি যায়, তেনেহʼলে তেওঁৰ এতিয়াৰ অৱস্থা আগতকৈয়ো বেছি বেয়া হৈ যায়। ২১ তেওঁলোকে ভাল পথৰ বিষয়ে সঠিক জ্ঞান নোলোৱাটোৱেই ভাল আছিল, কিয়নো তেওঁলোকে ইয়াৰ বিষয়ে শিকাৰ পাছত পবিত্ৰ আজ্ঞাবোৰৰ অনুসৰি চলিবলৈ এৰি দিছে, যিবোৰ তেওঁলোকে লাভ কৰিছিল। ২২ তেওঁলোকৰ ওপৰত এই কথাষাৰ সত্য হয়, “কুকুৰে নিজৰ বমি চেলেকিবলৈ উলটি যায় আৰু গাহৰিক ধুউৱা হʼলেও সি বোকালৈ আকৌ উলটি যায়।”
৩ মৰমৰ ভাইসকল, মই তোমালোকলৈ এই দ্বিতীয় চিঠি লিখি আছোঁ। প্ৰথম চিঠিৰ দৰে মই এই চিঠিখনতো কিছুমান কথা মনত পেলাই দি আছোঁ যাতে তোমালোকক স্পষ্টভাৱে চিন্তা কৰাৰ শক্তি ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব পাৰোঁ ২ আৰু তোমালোকে সেইবোৰ কথা মনত ৰাখা, যিবোৰ পবিত্ৰ ভৱিষ্যবক্তাসকলে বহুত আগতেই কৈছিল আৰু আমাৰ প্ৰভু আৰু উদ্ধাৰকৰ্তাৰ আজ্ঞা মনত ৰাখা, যিবোৰ তেওঁ তোমালোকৰ পাঁচনিসকলৰ* যোগেদি দিছিল। ৩ প্ৰথমে তোমালোকে এয়া জানি লোৱা যে শেষ-কালত ঠাট্টা কৰা লোকসকলক দেখিবলৈ পোৱা যাব, যিসকলে নিজৰ ইচ্ছাৰ অনুসৰি চলিব ৪ আৰু কʼব, “তেওঁ প্ৰতিজ্ঞা কৰিছিল যে তেওঁ উপস্থিত হʼব, কিন্তু তেওঁ কʼত? যেতিয়াৰে পৰা আমাৰ পূৰ্বপুৰুষসকলে মৃত্যুৰ টোপনিত গৈছে, তেতিয়াৰে পৰা সকলোবোৰ ঠিক সেইদৰেই চলি আছে, যিদৰে সৃষ্টিৰ আৰম্ভণিত আছিল।”
৫ তেওঁলোকে জানি-শুনি এই সত্যতাৰ ওপৰত ধ্যান নিদিয়ে যে ঈশ্বৰে কোৱাৰ কাৰণে বহু আগৰে পৰা আকাশ-মণ্ডল আছে আৰু পৃথিৱী পানীৰ ওপৰত আছে আৰু চাৰিওফালে পানীৰে আগুৰি আছে। ৬ এইবোৰৰ যোগেদিয়েই সেই সময়ৰ জগত জলপ্লাৱনেৰে ধ্বংস হʼল। ৭ কিন্তু ঈশ্বৰে সেই বাক্যৰে আজিৰ আকাশ-মণ্ডল আৰু পৃথিৱীক জুইৰে ভষ্ম কৰিবলৈ ৰাখিছে আৰু ভক্তিহীন লোকসকলক ন্যায়ৰ দিন আৰু ধ্বংস কৰা দিনলৈকে এইদৰে ৰখা হʼব।
৮ কিন্তু মৰমৰ ভাইসকল, তোমালোকে এই কথা পাহৰি নাযাবা যে যিহোৱাৰ* কাৰণে এদিন এহেজাৰ বছৰৰ সমান হয় আৰু এহেজাৰ বছৰ এদিনৰ সমান হয়। ৯ যিহোৱাই* নিজৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ দেৰি কৰা নাই, যিদৰে কিছুমান লোকে ভাবে, কিন্তু তেওঁ তোমালোকৰ লগত ধৈৰ্যেৰে ব্যৱহাৰ কৰি আছে, কিয়নো কোনেও ধ্বংস হোৱাটো তেওঁ নিবিচাৰে, ইয়াৰ পৰিৱৰ্তে সকলোৱে অনুতাপ কৰিবলৈ সুযোগ পোৱাটো বিচাৰে। ১০ কিন্তু যিহোৱাৰ* দিন এনেদৰে আহিব যিদৰে চোৰ আহে। সেই দিনা আকাশ-মণ্ডল গৰ্জন কৰি শেষ হৈ যাব আৰু আকাশৰ সকলো বস্তু বহুত গৰম হৈ গলি যাব আৰু পৃথিৱীত আৰু তাত হোৱা কামবোৰ প্ৰকাশ হʼব।
১১ সেইবাবে, যদি এই সকলো বস্তু এইদৰে গলি যাবলগীয়া আছে, তেনেহʼলে চিন্তা কৰা আজি তোমালোকে কেনেধৰণৰ মানুহ হোৱা উচিত, তোমালোকৰ আচাৰ-ব্যৱহাৰ পবিত্ৰ হোৱা উচিত আৰু তোমালোকে ঈশ্বৰৰ ভক্তিৰ কাম কৰা উচিত। ১২ আৰু যিহোৱাৰ* দিনলৈ অপেক্ষা কৰা উচিত আৰু এই কথা সদায় মনত ৰখা উচিত* যে সেই দিন অতি সোনকালে আহিবলগীয়া আছে। সেই দিনা আকাশ-মণ্ডল জুইত জ্বলি ধ্বংস হৈ যাব আৰু আকাশৰ সকলো বস্তু বহুত গৰম হৈ গলি যাব! ১৩ কিন্তু আমি ঈশ্বৰৰ প্ৰতিজ্ঞাৰ অনুসৰি এক নতুন আকাশ আৰু নতুন পৃথিৱীৰ কাৰণে অপেক্ষা কৰি আছোঁ, যʼত ভাল লোকসকল থাকিব।
১৪ সেইবাবে মৰমৰ ভাইসকল, যিহেতু তোমালোকে এই সকলো কথাৰ কাৰণে অপেক্ষা কৰি আছা, সেইবাবে শেষত তেওঁৰ দৃষ্টিত তোমালোক নিষ্কলংক, নিখুঁত আৰু শান্তিৰে থকা লোক বুলি প্ৰমাণিত হʼবলৈ মনে-প্ৰাণে চেষ্টা কৰা। ১৫ আৰু আমাৰ প্ৰভুৱে যি ধৈৰ্য ধৰিছে, তাক উদ্ধাৰ পোৱাৰ সুযোগ বুলি ভাবা। আমাৰ মৰমৰ ভাই পৌলেও ঈশ্বৰৰ পৰা পোৱা বুদ্ধিৰে তোমালোকলৈ এই একেই কথা লিখিছিল। ১৬ তেওঁ নিজৰ সকলো চিঠিত এইবোৰ কথাই লিখিছিল। কিন্তু তাৰ ভিতৰত কিছুমান কথা বুজিবলৈ কঠিন আৰু যিসকল লোকে ভালদৰে বুজি নাপায়* আৰু বিশ্বাসত দুৰ্বল, তেওঁলোকে এইবোৰ কথা ৰহণ লগাই কয়, যিদৰে তেওঁলোকে শাস্ত্ৰৰ বাকী কথাবোৰ কোৱাৰ সময়তো কৰে আৰু নিজৰ ধ্বংসৰ কাৰণ হয়।
১৭ মৰমৰ ভাইসকল, তোমালোকে আগৰে পৰা এইবোৰ কথা জানা, সেইবাবে সাৱধানে থাকা যাতে সেই দুষ্ট লোকসকলৰ মিছা শিক্ষাৰ দ্বাৰা তোমালোকে ভ্ৰান্ত নোহোৱা আৰু তোমালোকৰ দৃঢ় বিশ্বাসৰ পৰা পৰি নোযোৱা। ১৮ তোমালোকে ঈশ্বৰৰ মহা-কৃপা আৰু বেছিকৈ লাভ কৰি থাকা আৰু আমাৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ বিষয়ে নিজৰ জ্ঞান বঢ়াই থাকা। তেওঁৰ মহিমা আজি আৰু সদায় কাললৈকে হৈ থাকক। আমেন।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “কামভাৱৰ।”
বা “অযোগ্য।”
বা হয়তো, “তেওঁ অন্ধ হয়; তেওঁ দূৰলৈকে চিন্তা নকৰে।”
অৰ্থাৎ তেওঁৰ মানৱীয় শৰীৰ।
বা “উল্লেখ কৰিব পাৰা।”
গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।
বা হয়তো, “অন্ধকাৰ গাঁতত।”
আক্ষ., “তেওঁলোকক কাটি পেলোৱাৰ কাৰণে।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “তেওঁৰ আগত।”
বা “ব্যভিচাৰ।” ব্যভিচাৰৰ অৰ্থ হৈছে নিজৰ স্বামী বা পত্নীৰ বাহিৰে আন কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক ৰখা।
বা “কোনো বস্তুৰ।”
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “আগ্ৰহেৰে ইচ্ছা কৰা উচিত।”
বা “শিক্ষা পোৱা নাই।