যোহনৰ প্ৰথম চিঠি
১ আমি জীৱনৰ সেই বাক্যৰ বিষয়ে তোমালোকলৈ লিখিছোঁ, যি আৰম্ভণিৰে পৰা আছিল, যাক আমি শুনিলোঁ, যাক আমি নিজ চকুৰে দেখিলোঁ, যাক আমি লক্ষ্য কৰিলোঁ আৰু যাক আমি নিজ হাতেৰে চুলোঁ। ২ (হয়, আমাক অনন্ত জীৱন প্ৰকাশ কৰা হʼল আৰু আমি তাক দেখিলোঁ আৰু আমি সেই বিষয়ে সাক্ষ্য দি আছোঁ আৰু তোমালোকক সেই বিষয়ে কৈ আছোঁ। এই অনন্ত জীৱন পিতৃৰ ফালৰ পৰা হয় আৰু এয়া আমাক প্ৰকাশ কৰা হৈছিল।) ৩ আৰু যাক আমি দেখিলোঁ আৰু শুনিলোঁ, সেই বিষয়ে আমি তোমালোকক কৈ আছোঁ যাতে তোমালোকেও আমাৰ সৈতে সহভাগী হʼব পাৰা। আৰু আমাৰ এই সহভাগীতা পিতৃ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ সৈতে আছে। ৪ আৰু আমি তোমালোকক এইবোৰ কথা লিখি আছোঁ যাতে আমাৰ আনন্দ পূৰ হয়।
৫ আমি তেওঁৰ পৰা শুনা বাৰ্তা আৰু তোমালোকক শুনোৱা বাৰ্তা এয়েই হয়: ঈশ্বৰ পোহৰ হয় আৰু তেওঁত অলপো অন্ধকাৰ নাই। ৬ যদি আমি কওঁ, “আমি তেওঁৰেই সৈতে সহভাগীতাত আছোঁ” আৰু তথাপি আমি অন্ধকাৰত চলি থাকোঁ, তেনেহʼলে আমি মিছা কথা কৈ আছোঁ আৰু সত্যতাৰ অনুসৰি কাম কৰা নাই। ৭ কিন্তু আমি যদি পোহৰত চলি থাকোঁ, যিদৰে তেওঁ নিজেও পোহৰত আছে, তেনেহʼলে আমি নিশ্চয় এজনে-আনজনৰ সৈতে সহভাগী হওঁ আৰু তেওঁৰ পুত্ৰ যীচুৰ তেজে আমাৰ সকলো পাপ ধুই আমাক শুদ্ধ কৰে।
৮ যদি আমি কওঁ, “আমাৰ ভিতৰত পাপ নাই,” তেনেহʼলে আমি নিজকে ভুলাই আছোঁ আৰু সত্যতা আমাৰ ভিতৰত নাই। ৯ ঈশ্বৰ বিশ্বাসযোগ্য আৰু সত্য হয়। সেইবাবে, আমি যদি নিজৰ পাপ স্বীকাৰ কৰোঁ, তেনেহʼলে তেওঁ আমাৰ পাপ ক্ষমা কৰিব আৰু আমাক সকলো দুষ্ট কামৰ পৰা শুদ্ধ কৰিব। ১০ যদি আমি কওঁ, “আমি পাপ কৰা নাই,” তেনেহʼলে আমি তেওঁক মিছলীয়া বুলি কৈছোঁ আৰু তেওঁৰ বাক্য আমাৰ ভিতৰত নাই।
২ মোৰ মৰমৰ সন্তানসকল, মই তোমালোকক এইবোৰ কথা লিখাৰ কাৰণ হৈছে যাতে তোমালোকে কোনো পাপ নকৰা আৰু যদি কাৰোবাৰ পৰা পাপ হৈ যায়, তেনেহʼলে আমাৰ কাৰণে পিতৃৰ লগত এজন সহায়কৰ্তা* আছে অৰ্থাৎ যীচু খ্ৰীষ্ট, যিজনে ঈশ্বৰৰ দৃষ্টিত যি সঠিক, সেয়াই কৰে। ২ তেওঁ আমাৰ পাপৰ কাৰণে এনে বলিদান হয়, যি ঈশ্বৰৰ লগত আমাৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে* আৰু কেৱল আমাৰ পাপৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে গোটেই জগতৰ পাপৰ কাৰণে। ৩ যদি আমি তেওঁৰ আজ্ঞা পালন কৰি থাকোঁ, তেনেহʼলে ইয়াৰ পৰা আমাৰ অনুভৱ হয় যে আমি তেওঁক জানোঁ। ৪ যিজনে কয়, “মই তেওঁক জানিলোঁ,” তথাপি তেওঁৰ আজ্ঞাবোৰ পালন নকৰে, তেনেহʼলে তেওঁ মিছলীয়া আৰু এনে মানুহৰ ভিতৰত সত্যতা নাই। ৫ কিন্তু যি কোনোৱে তেওঁৰ আজ্ঞা পালন কৰে, সঁচাকৈ সেই মানুহজনৰ অন্তৰত ঈশ্বৰৰ প্ৰতি থকা প্ৰেম সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ পৰাই আমি জানিব পাৰোঁ যে আমি তেওঁৰ লগত একতাত আছোঁ। ৬ যিজনে কয়, মই তেওঁৰ লগত একতাত আছোঁ, তেওঁৰ কৰ্তব্য হয় যে তেওঁ সেইদৰে জীৱন-যাপন কৰক, যিদৰে যীচুৱে কৰিছিল।*
৭ মৰমৰ ভাইসকল, মই তোমালোকক যি লিখি আছোঁ, সেয়া কোনো নতুন আজ্ঞা নহয়, ইয়াৰ পৰিৱৰ্তে সেই পুৰণি আজ্ঞাই হয়, যি তোমালোকে আগতে পাইছিলা। এই পুৰণি আজ্ঞা সেই বাক্য হয়, যি তোমালোকে শুনিছিলা। ৮ তথাপি মই তোমালোকক এই আজ্ঞাটোকে এক নতুন আজ্ঞাৰ দৰে লিখি আছোঁ, যি খ্ৰীষ্টই পালন কৰিছিল আৰু তোমালোকেও পালন কৰা, কিয়নো অন্ধকাৰ নাইকিয়া হৈ গৈ আছে আৰু প্ৰকৃত পোহৰ এতিয়াৰে পৰা জিলিকি উঠিছে।
৯ যিজনে কয় মই পোহৰত আছোঁ, তথাপি নিজৰ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে অন্ধকাৰত আছে। ১০ যিজনে নিজৰ ভাইক প্ৰেম কৰে, তেওঁ পোহৰতেই থাকে আৰু তেওঁৰ বাবে উজুটি খোৱাৰ কোনো কাৰণ নাথাকে। ১১ কিন্তু যিজনে নিজৰ ভাইক ঘিণ কৰে, তেওঁ অন্ধকাৰত আছে আৰু অন্ধকাৰত চলি আছে আৰু তেওঁ নাজানে যে কʼলৈ গৈ আছে, কিয়নো অন্ধকাৰে তেওঁৰ চকু অন্ধ কৰি দিছে।
১২ মৰমৰ সন্তানসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তেওঁৰ নামৰ কাৰণে তোমালোকৰ পাপ ক্ষমা কৰা হʼল। ১৩ পিতৃসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোকে যীচুক* জানিলা, যিজন আৰম্ভণিৰে পৰা আছে। ডেকাসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোকে চয়তানক* জয় কৰিলা। সন্তানসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোকে পিতৃক জানিলা। ১৪ পিতৃসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোকে যীচুক জানিলা, যিজন আৰম্ভণিৰে পৰা আছে। ডেকাসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোক বলৱান হোৱা আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ ভিতৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিলা।
১৫ তোমালোকে জগতক আৰু জগতৰ বস্তুবোৰক প্ৰেম নকৰিবা। যদি কোনোবাই জগতক প্ৰেম কৰে, তেনেহʼলে পিতৃৰ প্ৰতি তেওঁৰ প্ৰেম নাই। ১৬ কিয়নো জগতত যিবোৰ আছে অৰ্থাৎ শৰীৰৰ অভিলাষ, চকুৰ অভিলাষ আৰু নিজৰ বস্তুবোৰক* লৈ গৰ্ব কৰা,* এইবোৰ ঈশ্বৰৰ ফালৰ পৰা নহয়, ইয়াৰ পৰিৱৰ্তে জগতৰ ফালৰ পৰা হয়। ১৭ ইয়াৰ উপৰিও, এই জগত আৰু ইয়াৰ অভিলাষবোৰ নাইকিয়া হৈ গৈ আছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পূৰ কৰে, তেওঁ সদায় কাললৈকে থাকিব।
১৮ মৰমৰ সন্তানসকল, এয়া শেষ সময় হয় আৰু যিদৰে তোমালোকে শুনিলা, খ্ৰীষ্টৰ বিৰোধী আহি আছে, আনকি খ্ৰীষ্টৰ এনে বহুতো বিৰোধী ইতিমধ্যে আহি গʼল। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে এয়া শেষ সময় হয়। ১৯ তেওঁলোকে আমাৰ মাজৰ পৰাই ওলাই গৈছিল, কিন্তু তেওঁলোক আমাৰ দৰে নাছিল, তেওঁলোক আমাৰ দৰে হোৱা হʼলে আমাৰ লগতে থাকিলেহেঁতেন, কিন্তু তেওঁলোক ওলাই গুচি গʼল যাতে এয়া স্পষ্টকৈ প্ৰমাণ হয় যে সকলোৱে আমাৰ দৰে নহয়। ২০ পবিত্ৰ ঈশ্বৰে তোমালোকক অভিষেক কৰিছে, সেইবাবে তোমালোক সকলোৰে জ্ঞান আছে। ২১ তোমালোকে সত্যতা নাজানা বুলি মই তোমালোকলৈ লিখিছোঁ এনে নহয়, ইয়াৰ পৰিৱৰ্তে তোমালোকে সত্যতা জানা আৰু সত্যতাৰ পৰা কোনো ধৰণৰ মিছা নোলায় বুলি মই তোমালোকলৈ লিখিছোঁ।
২২ মিছলীয়া কোন হয়? সেইজনেই নহয় নে, যিজনে যীচুৱেই খ্ৰীষ্ট হয় বুলি অস্বীকাৰ কৰে? তেৱেঁই খ্ৰীষ্টৰ বিৰোধী হয়, যিজনে পিতৃক আৰু পুত্ৰক অস্বীকাৰ কৰে। ২৩ যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁৰ লগত পিতৃ নাই। আৰু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁৰ লগত পিতৃ আছে। ২৪ তোমালোকে আৰম্ভণিৰে পৰা যি শুনিছিলা, সেয়া তোমালোকৰ অন্তৰত থাকক। তোমালোকে আৰম্ভণিতে যি শুনিছিলা, সেয়া যদি তোমালোকৰ হৃদয়ত থাকে, তেনেহʼলে তোমালোকে পুত্ৰৰ লগত আৰু পিতৃৰ লগতো একতাত থাকিবা। ২৫ ইয়াৰ উপৰিও, তেওঁ নিজে আমাৰ লগত যি প্ৰতিজ্ঞা কৰিছে, সেয়া হৈছে অনন্ত জীৱন।
২৬ মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণ হৈছে যে কিছুমান লোকে তোমালোকক ভুল পথলৈ নিবলৈ চেষ্টা কৰি আছে। ২৭ ঈশ্বৰে যি পবিত্ৰ শক্তিৰে তোমালোকক অভিষেক কৰিলে, সেয়া তোমালোকৰ অন্তৰত থাকে। এতিয়া আন কোনোবাই তোমালোকক শিকোৱাটো প্ৰয়োজন নাই। কিন্তু ঈশ্বৰে তোমালোকক অভিষেক কৰাৰ যোগেদি তোমালোকক সকলো কথা শিকাই আছে। তোমালোকৰ অভিষেক সত্য হয়, মিছা নহয়। তোমালোকক অভিষেক কৰাৰ যোগেদি যি শিকোৱা হৈছে, সেই অনুসৰি তোমালোকে ঈশ্বৰৰ লগত একতাত থাকা। ২৮ সেইবাবে মৰমৰ সন্তানসকল, তেওঁৰ লগত একতাত থাকা যাতে যেতিয়া তেওঁক প্ৰকাশ কৰা হʼব, তেতিয়া আমাৰ ওচৰত সংকোচ নকৰাকৈ কʼবলৈ সাহস থাকে আৰু তেওঁৰ উপস্থিতিৰ সময়ছোৱাত আমি যেন লাজ পাই তেওঁৰ পৰা দূৰলৈ নাযাওঁ। ২৯ যদি তোমালোকে জানা যে তেওঁ ভাল ব্যক্তি হয়, তেনেহʼলে তোমালোকে এয়াও জানা যে যিজনে ভাল কাম কৰে, তেওঁ ঈশ্বৰৰ সন্তান হয়।
৩ চোৱা! পিতৃয়ে আমাক ইমান প্ৰেম কৰে যে তেওঁ আমাক নিজৰ সন্তান বুলি মতাৰ সন্মান দিছে আৰু আমি সঁচাকৈ তেওঁৰ সন্তান হওঁ! এই জগতে আমাক নাজানে, কিয়নো জগতে পিতৃক নাজানে। ২ মৰমৰ ভাইসকল, এতিয়া আমি ঈশ্বৰৰ সন্তান হওঁ, কিন্তু আমি ভৱিষ্যতে কি হʼম, সেয়া এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। আমি এয়া নিশ্চয় জানোঁ যে যেতিয়া তেওঁ প্ৰকাশ হʼব, তেতিয়া আমি তেওঁৰ নিচিনা হʼম, কিয়নো তেওঁ যেনেকুৱা আছে, আমি তেওঁক তেনেকুৱাই দেখিম। ৩ আৰু যি কোনোৱে তেওঁৰ ওপৰত আশা ৰাখে, তেওঁ নিজকে শুচি কৰে, কিয়নো তেওঁ শুচি হয়।
৪ যি কোনোৱে পাপ কৰি থাকে, তেওঁ নিয়ম ভংগ কৰে। পাপ কৰাৰ অৰ্থ হৈছে নিয়ম ভংগ কৰা। ৫ তোমালোকে এয়াও জানা যে যীচুৱে আমাৰ পাপ উঠাই লৈ যাবলৈ আহিছিল* আৰু তেওঁত কোনো পাপ নাই। ৬ যি কোনোৱে তেওঁৰ লগত একতাত থাকে, তেওঁ পাপ কৰি নাথাকে। যি কোনোৱে পাপ কৰাত লাগি থাকে, তেওঁ যীচুক দেখাও নাই আৰু তেওঁক জনাও নাই। ৭ মৰমৰ সন্তানসকল, কোনেও যেন তোমালোকক ভুল পথলৈ নিনিয়ক। যিজনে ভাল কামত লাগি থাকে, তেওঁ ভাল মানুহ হয়, যিদৰে যীচু ভাল ব্যক্তি হয়। ৮ যিজনে পাপ কৰি থাকে, তেওঁ চয়তানৰ* পৰা হয়, কিয়নো চয়তানে আৰম্ভণিৰে পৰা পাপ কৰি আহিছে। ঈশ্বৰৰ পুত্ৰক এই উদ্দেশ্যেৰে প্ৰকাশ কৰা হৈছে যাতে তেওঁ চয়তানৰ কামবোৰক নষ্ট কৰে।
৯ যিজন ঈশ্বৰৰ সন্তান হয়, তেওঁ পাপ কৰি নাথাকে, কিয়নো ঈশ্বৰৰ পবিত্ৰ শক্তি* তেওঁৰ অন্তৰত থাকে আৰু তেওঁ পাপ কৰি থাকিব নোৱাৰে, কিয়নো তেওঁ ঈশ্বৰৰ সন্তান হয়। ১০ ঈশ্বৰৰ সন্তান আৰু চয়তানৰ সন্তানৰ চিনাক্ত এই কথাৰ পৰা হয়: যিজনে ভাল কাম কৰি নাথাকে, তেওঁ ঈশ্বৰৰ পৰা নহয় আৰু যিজনে নিজৰ ভাইক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়। ১১ কাৰণ আৰম্ভণিৰে পৰা তোমালোকে এয়েই বাৰ্তা শুনিছা যে আমি এজনে-আনজনক প্ৰেম কৰা উচিত। ১২ আৰু আমি কয়িনৰ দৰে হোৱা উচিত নহয়, যিজন চয়তানৰ পৰা আছিল আৰু যিজনে নিজৰ ভায়েকক নিষ্ঠুৰতাৰে হত্যা কৰিলে। তেওঁ কিয় নিজৰ ভায়েকক হত্যা কৰিলে? কিয়নো কয়িনৰ কাম দুষ্ট আছিল, কিন্তু তেওঁৰ ভায়েকৰ কাম ভাল আছিল।
১৩ ভাইসকল, এই কথাত আচৰিত নহʼবা যে জগতে তোমালোকক ঘৃণা কৰে। ১৪ আমি জানোঁ যে কʼবলৈ গʼলে আমি মৃত অৱস্থাত আছিলোঁ, কিন্তু এতিয়া জীৱিত হʼলোঁ, কিয়নো আমি ভাইসকলক প্ৰেম কৰোঁ। যিজনে প্ৰেম নকৰে, কʼবলৈ গʼলে তেওঁ এতিয়াও মৃত অৱস্থাতে আছে। ১৫ যিজনে নিজৰ ভাইক ঘিণ কৰে, তেওঁ হত্যাকাৰী হয় আৰু তোমালোকে জানা যে কোনো হত্যাকাৰীয়ে অনন্ত জীৱন নাপাব। ১৬ প্ৰেম কি হয়, এয়া আমি এই কথাৰ পৰা জানিব পাৰিলোঁ যে যীচু খ্ৰীষ্টই আমাৰ কাৰণে নিজৰ জীৱন দিলে আৰু আমিও নিজৰ ভাইসকলৰ কাৰণে নিজৰ জীৱন দিয়াটো আমাৰ কৰ্তব্য হয়। ১৭ কিন্তু যদি কাৰোবাৰ ওচৰত জীৱন-যাপন কৰিবলৈ সকলো আছে আৰু তেওঁ দেখে যে তেওঁৰ ভাই অভাৱত আছে, তথাপি তেওঁক দয়া দেখুৱাবলৈ অস্বীকাৰ কৰে, তেনেহʼলে এয়া কেনেকৈ কʼব পাৰি যে তেওঁ ঈশ্বৰক প্ৰেম কৰে? ১৮ মৰমৰ সন্তানসকল, আমি কেৱল কথাৰে বা জিভাৰে নহয়, ইয়াৰ পৰিৱৰ্তে নিজৰ কামৰ যোগেদি দেখুৱা উচিত যে আমি আন্তৰিকতাৰে প্ৰেম কৰোঁ।
১৯ এইদৰে আমি জানিব পাৰিম যে আমি সত্যৰ ফলীয়া হওঁ আৰু নিজৰ হৃদয়ত বিশ্বাস জন্মাওঁ যে ঈশ্বৰে আমাক প্ৰেম কৰে। ২০ আমাৰ হৃদয়ে আমাক কোনো কথাৰ কাৰণে দোষী কৰিলেও আমি মনত ৰাখোঁ যে ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান হয় আৰু তেওঁ সকলো জানে। ২১ মৰমৰ ভাইসকল, যদি আমাৰ হৃদয়ে আমাক দোষী নকৰে, তেনেহʼলে আমি ঈশ্বৰৰ লগত সংকোচ নকৰাকৈ কথা পাতিব পাৰোঁ। ২২ আৰু আমি তেওঁৰ পৰা যিয়েই বিচাৰোঁ, সেয়া তেওঁ আমাক দিয়ে, কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি ভাল, সেয়াই কৰোঁ। ২৩ আচলতে, তেওঁৰ আজ্ঞা এয়া যে আমি যেন তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ নামত বিশ্বাস কৰোঁ আৰু এজনে-আনজনক প্ৰেম কৰোঁ, যিদৰে তেওঁ আমাক আজ্ঞা দিছে। ২৪ আৰু যিজনে ঈশ্বৰৰ আজ্ঞা পালন কৰে, তেওঁ ঈশ্বৰৰ লগত একতাত থাকে আৰু ঈশ্বৰেও তেওঁৰ লগত একতাত থাকে। তেওঁ আমাক যি পবিত্ৰ শক্তি দিছে, তাৰ পৰা জানিব পাৰি যে তেওঁ আমাৰ লগত একতাত আছে।
৪ মৰমৰ ভাইসকল, এনে সকলো বাৰ্তাৰ ওপৰত বিশ্বাস নকৰিবা, যিবোৰ ঈশ্বৰৰ ফালৰ পৰা আহিছে বুলি দাবী কৰা হয়। ইয়াৰ পৰিৱৰ্তে, সেইবোৰ পৰীক্ষা কৰিবা যে সেয়া সঁচাকৈ ঈশ্বৰৰ ফালৰ পৰা হয় নে নহয়, কিয়নো জগতত বহুতো মিছা ভৱিষ্যবক্তা ওলাইছে।
২ কোনো বাৰ্তা ঈশ্বৰৰ ফালৰ পৰা হয় নে নহয়, সেয়া তোমালোকে এইদৰে জানিব পাৰা: যি বাৰ্তাত এয়া স্বীকাৰ কৰা হয় যে যীচু খ্ৰীষ্ট হাড়-মাংসৰ মানুহ হৈ পৃথিৱীলৈ আহিছিল, সেই বাৰ্তা ঈশ্বৰৰ ফালৰ পৰা হয়। ৩ কিন্তু যি বাৰ্তাই যীচুৰ বিষয়ে এই কথা স্বীকাৰ নকৰে, সেয়া ঈশ্বৰৰ ফালৰ পৰা নহয়। ইয়াৰ পৰিৱৰ্তে, এয়া খ্ৰীষ্টৰ বিৰোধীৰ ফালৰ পৰা হয়। তোমালোকে শুনিছিলা যে খ্ৰীষ্টৰ বিৰোধীয়ে এই বাৰ্তা শুনাব আৰু এতিয়া সঁচাকৈ এই বাৰ্তা জগতত শুনোৱা হৈছে।
৪ মৰমৰ সন্তানসকল, তোমালোক ঈশ্বৰৰ ফালৰ পৰা হোৱা আৰু তোমালোকে এই লোকসকলৰ ওপৰত জয় কৰিলা, কিয়নো ঈশ্বৰ যিজন তোমালোকৰ লগত একতাত আছে, তেওঁ চয়তানতকৈ মহান হয়, যি জগতৰ লগত একতাত আছে। ৫ এই লোকসকল জগতৰ ফালৰ পৰা হয়, সেইবাবে তেওঁলোকে সেই কথাবোৰেই কয়, যি জগতৰ ফালৰ পৰা হয় আৰু জগতে তেওঁলোকৰ কথা শুনে। ৬ আমি ঈশ্বৰৰ ফালৰ পৰা হওঁ। যি কোনোৱে ঈশ্বৰক জানে, তেওঁ আমাৰ বাৰ্তা শুনে আৰু যি কোনোৱে ঈশ্বৰৰ ফালৰ পৰা নহয়, তেওঁ আমাৰ কথা নুশুনে। এইদৰে আমি চিনাক্ত কৰিব পাৰোঁ যে কোনটো বাৰ্তা সত্য হয় আৰু কোনটো মিছা।
৭ মৰমৰ ভাইসকল, আহা আমি এজনে-আনজনক প্ৰেম কৰি থাকোঁ, কিয়নো প্ৰেম ঈশ্বৰৰ ফালৰ পৰা হয় আৰু যিজনে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ সন্তান হয় আৰু তেওঁ ঈশ্বৰক জানে। ৮ যিজনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে, কিয়নো ঈশ্বৰ প্ৰেম হয়। ৯ আমাৰ প্ৰতি ঈশ্বৰৰ প্ৰেম এইদৰে প্ৰকাশিত হʼল যে ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক জগতলৈ পঠিয়ালে যাতে আমি তেওঁৰ যোগেদি জীৱন পাওঁ। ১০ আমি ঈশ্বৰক প্ৰেম কৰিলোঁ বুলি তেওঁ যে আমাক প্ৰেম কৰিলে এনে নহয়, ইয়াৰ পৰিৱৰ্তে তেৱেঁই আমাক প্ৰেম কৰিলে আৰু নিজৰ পুত্ৰক পঠিয়ালে যাতে তেওঁ আমাৰ পাপবোৰৰ কাৰণে নিজৰ বলিদান দি ঈশ্বৰৰ লগত আমাৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে।*
১১ মৰমৰ ভাইসকল, যিহেতু ঈশ্বৰে আমাক এইদৰে প্ৰেম কৰিলে, সেইবাবে আমি এজনে-আনজনক প্ৰেম কৰাটো আমাৰো কৰ্তব্য হয়। ১২ কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই। যদি আমি এজনে-আনজনক প্ৰেম কৰি থাকোঁ, তেনেহʼলে ঈশ্বৰ আমাৰ লগত থাকে আৰু আমাৰ ভিতৰত তেওঁৰ প্ৰেম সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা যায়। ১৩ তেওঁ আমাক নিজৰ পবিত্ৰ শক্তি দিছে, সেইবাবে আমি জানোঁ যে আমি তেওঁৰ লগত একতাত আছোঁ আৰু তেৱোঁ আমাৰ লগত একতাত আছে। ১৪ ইয়াৰ উপৰিও, আমি নিজেই দেখিছোঁ আৰু এই সাক্ষ্যও দি আছোঁ যে পিতৃয়ে নিজৰ পুত্ৰক জগতৰ উদ্ধাৰকৰ্তা হিচাপে পঠালে। ১৫ যিজনে যীচুক ঈশ্বৰৰ পুত্ৰ হয় বুলি স্বীকাৰ কৰে, ঈশ্বৰ তেওঁৰ লগত একতাত থাকে আৰু তেৱোঁ ঈশ্বৰৰ লগত একতাত থাকে। ১৬ আমি জানিলোঁ যে ঈশ্বৰে আমাক কিমান প্ৰেম কৰে আৰু এই কথাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে।
ঈশ্বৰ প্ৰেম হয় আৰু যিজনে প্ৰেম কৰি থাকে, তেওঁ ঈশ্বৰৰ লগত একতাত থাকে আৰু ঈশ্বৰ তেওঁৰ লগত একতাত থাকে। ১৭ এইদৰে আমাক সম্পূৰ্ণৰূপে প্ৰেম কৰা হʼল যাতে ন্যায়ৰ দিনত সংকোচ নকৰাকৈ কʼবলৈ আমাৰ সাহস হয়, কিয়নো এই জগতত আমি ঠিক সেইদৰেই আছোঁ, যিদৰে খ্ৰীষ্ট আছে। ১৮ প্ৰেমত ভয় নাথাকে, ইয়াৰ পৰিৱৰ্তে পৰিপূৰ্ণ প্ৰেমে ভয় দূৰ কৰে, কিয়নো ভয়ে আমাক বাধা দিয়ে। আচলতে, যিজনে ভয় কৰে, তেওঁৰ প্ৰেম আধৰুৱা হয়। ১৯ আমি প্ৰেম কৰোঁ, কাৰণ প্ৰথমে ঈশ্বৰে আমাক প্ৰেম কৰিলে।
২০ যদি কোনোবাই কয়, “মই ঈশ্বৰক প্ৰেম কৰোঁ,” কিন্তু নিজৰ ভাইক ঘৃণা কৰে, তেনেহʼলে তেওঁ মিছলীয়া। কাৰণ যি ভাইক তেওঁ দেখিছে, তেওঁক যদি প্ৰেম নকৰে, তেনেহʼলে যিজনক তেওঁ দেখা নাই, সেই ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে। ২১ আৰু আমি তেওঁৰ পৰা এই আজ্ঞা পাইছোঁ যে যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ নিজৰ ভাইকো প্ৰেম কৰা উচিত।
৫ যিজনে যীচুৱেই খ্ৰীষ্ট হয় বুলি বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ সন্তান হয়। আৰু যিজনে জীৱন দিওঁতা ঈশ্বৰক প্ৰেম কৰে, তেওঁ তেওঁৰ সন্তানকো প্ৰেম কৰে। ২ যেতিয়া আমি ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেতিয়া ইয়াৰ পৰাই আমি জানিব পাৰোঁ যে আমি ঈশ্বৰৰ সন্তানসকলক প্ৰেম কৰোঁ। ৩ ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ এয়েই যে আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ আজ্ঞাবোৰ আমাৰ কাৰণে বোজা নহয়। ৪ কিয়নো যিজন ঈশ্বৰৰ সন্তান হয়, তেওঁ জগতক জয় কৰে। আৰু আমি নিজৰ বিশ্বাসৰ কাৰণেহে জগতক জয় কৰিলোঁ।
৫ কোনে জগতক জয় কৰিব পাৰে? সেই জনেই নহয় নে, যিজনে যীচুৱেই ঈশ্বৰৰ পুত্ৰ হয় বুলি বিশ্বাস কৰে? ৬ তেওঁ সেইজনেই হয়, যিজনে পানী আৰু তেজৰ যোগেদি আহিল অৰ্থাৎ যীচু খ্ৰীষ্ট। তেওঁ কেৱল পানীৰে সৈতে অহা নাই, কিন্তু পানী আৰু তেজৰ সৈতে আহিলে। পবিত্ৰ শক্তিয়ে সাক্ষ্য দি আছে, কিয়নো পবিত্ৰ শক্তিৰ সাক্ষ্য সত্য হয়। ৭ এই তিনিটা বিষয় সাক্ষ্য হয়: ৮ পবিত্ৰ শক্তি, পানী আৰু তেজ আৰু এই তিনিও একেটা কথাত সন্মত হয়।
৯ যদি আমি মানুহৰ সাক্ষ্যৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ হয়। কিয়নো ঈশ্বৰে নিজে নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিছে। ১০ যিজন মানুহে ঈশ্বৰৰ পুত্ৰৰ ওপৰত বিশ্বাস কৰে, তেওঁ নিজৰ হৃদয়ত সেই সাক্ষ্যক স্বীকাৰ কৰে, যি ঈশ্বৰে তেওঁক দিছে। যিজন মানুহে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া কৰি তোলে, কিয়নো তেওঁ ঈশ্বৰৰ সেই সাক্ষ্যৰ ওপৰত বিশ্বাস নকৰিলে, যি ঈশ্বৰে নিজৰ পুত্ৰৰ বিষয়ে দিছে। ১১ আৰু এই সাক্ষ্য এয়া হয় যে ঈশ্বৰে আমাক অনন্ত জীৱন দিছে আৰু এই জীৱন তেওঁৰ পুত্ৰৰ যোগেদি লাভ কৰা হয়। ১২ যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁৰ ওচৰত এই জীৱন আছে, যিজনে ঈশ্বৰৰ পুত্ৰক স্বীকাৰ নকৰে, তেওঁৰ ওচৰত এই জীৱন নাই।
১৩ মই তোমালোকক এইবোৰ কথা লিখাৰ কাৰণ হৈছে যাতে তোমালোকে জানিব পাৰা যে তোমালোকৰ ওচৰত অনন্ত জীৱন আছে, কিয়নো তোমালোকে ঈশ্বৰৰ পুত্ৰৰ নামৰ ওপৰত বিশ্বাস কৰা। ১৪ ঈশ্বৰৰ ওপৰত আমাৰ ভৰসা আছে* যে আমি তেওঁৰ ইচ্ছাৰ অনুসৰি যিয়েই খোজোঁ, তেওঁ আমাৰ শুনে। ১৫ আমি জানোঁ যে আমি যিয়েই খোজোঁ, তেওঁ আমাৰ শুনে, সেইবাবে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি তেওঁক যিয়েই খুজিম, তেওঁ আমাক নিশ্চয় দিব।
১৬ যদি কোনোবাই নিজৰ ভাইক এনে পাপ কৰা দেখে যাৰ পৰিণাম মৃত্যু নহয়, তেনেহʼলে তেওঁ নিজৰ ভাইৰ কাৰণে প্ৰাৰ্থনা কৰক আৰু ঈশ্বৰে তেওঁক জীৱন দিব। হয়, সেই লোকসকলক জীৱন দিব, যিসকলে এনে পাপ কৰা নাই যাৰ পৰিণাম মৃত্যু হয়। কিন্তু এনে পাপো আছে যাৰ পৰিণাম মৃত্যু হয়। মই এনে পাপ কৰা লোকসকলৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ নকওঁ। ১৭ প্ৰতিটো বেয়া কাম পাপ হয়, কিন্তু এনে পাপো আছে যাৰ পৰিণাম মৃত্যু নহয়।
১৮ আমি জানোঁ যে যিজন ঈশ্বৰৰ সন্তান হয়, তেওঁ পাপ কৰাত লাগি নাথাকে, কিন্তু তেওঁ* সেই মানুহজনক ৰক্ষা কৰে, যিজন ঈশ্বৰৰ সন্তান হয় আৰু চয়তানে* তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে। ১৯ আমি জানোঁ যে আমি ঈশ্বৰৰ পৰা হওঁ, কিন্তু গোটেই জগত চয়তানৰ নিয়ন্ত্ৰণত আছে। ২০ আৰু আমি এয়াও জানোঁ যে ঈশ্বৰৰ পুত্ৰ আহিছে আৰু তেওঁ আমাক অন্তৰ্দৃষ্টি* দিছে যাতে যি সত্য, তাৰ বিষয়ে আমি জ্ঞান লʼব পাৰোঁ। আৰু আমি সেই সত্য ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত একতাত আছোঁ। তেৱেঁই সত্য ঈশ্বৰ হয় আৰু অনন্ত জীৱন তেৱেঁই দিয়ে। ২১ মৰমৰ সন্তানসকল, নিজকে মূৰ্তিবোৰৰ পৰা আঁতৰাই ৰাখা।
বা “আমাৰ পক্ষে কওঁতা।”
বা “যি প্ৰায়শ্চিত্তৰ বলিদান হয়; যিয়ে ঈশ্বৰক আনন্দিত কৰে।”
আক্ষ., “সেইদৰেই চলি থাকক, যিদৰে তেওঁ চলিছিল।”
আক্ষ., “তেওঁক।”
আক্ষ., “সেই দুষ্টক।”
বা “জীৱনৰ সাধনক।”
বা “লৈ ফিতাহি মৰা।”
আক্ষ., “তেওঁক প্ৰকাশ কৰা হʼল।”
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।
আক্ষ., “ঈশ্বৰৰ বীজ।”
বা “প্ৰায়শ্চিত্তৰ বলিদান দিয়ে; যিয়ে ঈশ্বৰক আনন্দিত কৰে।”
বা “সংকোচ নকৰাকৈ কোৱাৰ সাহস আছে।”
অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্ট।
আক্ষ., “সেই দুষ্ট।”
আক্ষ., “বুজি পোৱাৰ ক্ষমতা; মগজুৰ ক্ষমতা।”