ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt ২ যোহন ১-১৩
  • ২ যোহন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ২ যোহন
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
২ যোহন

যোহনৰ দ্বিতীয় চিঠি

১ মই এজন বৃদ্ধ ব্যক্তি,* মই সেই বাছনি কৰা তিৰোতা আৰু তেওঁৰ সন্তানসকললৈ লিখিছোঁ, যিসকলক মই সঁচাকৈ প্ৰেম কৰোঁ। আৰু কেৱল ময়েই নহয়, কিন্তু সেই সকলোৱে তেওঁলোকক প্ৰেম কৰে, যিসকলে সত্যক জানে। ২ আমি তোমালোকক এই কাৰণে প্ৰেম কৰোঁ, কিয়নো সত্য আমাৰ হৃদয়ত আছে আৰু সদায় থাকিব। ৩ ঈশ্বৰ অৰ্থাৎ আমাৰ পিতৃ আৰু পিতৃৰ পুত্ৰ যীচু খ্ৰীষ্টৰ মহা-কৃপা, দয়া আৰু শান্তিৰ লগতে সত্য আৰু প্ৰেমো আমি লাভ কৰি থাকিম।

৪ মই এয়া জানি বহুত আনন্দিত হৈছোঁ যে তোমাৰ কিছুমান সন্তানে সত্যৰ পথত চলি আছে, যিদৰে আমি পিতৃৰ পৰা আজ্ঞা পাইছোঁ। ৫ সেইবাবে হে তিৰোতা, আমি এজনে-আনজনক প্ৰেম কৰা উচিত, এই আজ্ঞা মানিবলৈ মই তোমাক অনুৰোধ কৰিছোঁ। (মই তোমালৈ কোনো নতুন আজ্ঞা লিখা নাই, ইয়াৰ পৰিৱৰ্তে সেই আজ্ঞাই লিখি আছোঁ, যি আৰম্ভণিৰে পৰা আমাৰ ওচৰত আছিল।) ৬ প্ৰেমৰ অৰ্থ হৈছে আমি পিতৃৰ আজ্ঞাৰ অনুসৰি চলা। যেনেকৈ তোমালোকে আৰম্ভণিৰ পৰা শুনিছা, তেওঁৰ আজ্ঞা এয়েই যে তোমালোকে প্ৰেমৰ পথত চলি থাকা। ৭ কাৰণ জগতত বহুতো বিশ্বাসঘাত কৰা লোকক দেখিবলৈ পোৱা গৈছে। তেওঁলোকে এই কথা স্বীকাৰ নকৰে যে যীচু খ্ৰীষ্ট মানুহ হিচাপে পৃথিৱীলৈ আহিছিল। যিজনে এই কথাৰ ওপৰত স্বীকাৰ নকৰে, তেৱেঁই বিশ্বাসঘাতক আৰু খ্ৰীষ্টৰ বিৰোধী হয়।

৮ তোমালোকে সাৱধানে থাকা যাতে তোমালোকে সেই বস্তুবোৰ হেৰাই নেপেলোৱা, যিবোৰ আমি বহুত পৰিশ্ৰম কৰি লাভ কৰিছোঁ। ইয়াৰ পৰিৱৰ্তে, তোমালোকে যেন সম্পূৰ্ণ পুৰস্কাৰ পোৱা। ৯ যি কোনোৱে খ্ৰীষ্টৰ শিক্ষা পালন নকৰে আৰু ভুলকৈ শিক্ষা দিয়ে, তেওঁক ঈশ্বৰে গ্ৰহণ নকৰে। যিজনে তেওঁৰ শিক্ষা পালন কৰি থাকে, তেওঁক পিতৃ আৰু পুত্ৰ দুয়োজনে গ্ৰহণ কৰে। ১০ যদি কোনোবাই তোমালোকৰ ওচৰলৈ আহে আৰু এনে শিক্ষা দিয়ে যি খ্ৰীষ্টই শিকোৱা শিক্ষাৰ লগত মিল নাখায়, তেনেহʼলে এনে মানুহক নিজৰ ঘৰলৈ কেতিয়াও আহিবলৈ নিদিবা আৰু তেওঁক নমস্কাৰো নজনাবা। ১১ যিজনে তেওঁক নমস্কাৰ জনায়, তেওঁ সেই মানুহজনৰ দুষ্ট কামৰ সহভাগী হয়।

১২ যদিও মোৰ বহুতো কথা লিখিব­লগীয়া আছে, কিন্তু মই সকলো কথা চিয়াঁহীৰে কাগজত লিখিব নিবিচাৰোঁ, ইয়াৰ পৰিৱৰ্তে মই তোমালোকৰ ওচৰলৈ আহিবলৈ আৰু মুখামুখিকৈ তোমালোকৰ লগত কথা পাতিবলৈ আশা কৰোঁ যাতে তোমালোকৰ আনন্দ আৰু বাঢ়ি যায়।

১৩ তোমাৰ ভনী, যিজনীক বাছনি কৰা হৈছে, তেওঁৰ সন্তানসকলে তোমালোকক নমস্কাৰ জনাইছে।

বা “প্ৰাচীন।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক