ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt ৩ যোহন ১-১৪
  • ৩ যোহন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ৩ যোহন
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
৩ যোহন

যোহনৰ তৃতীয় চিঠি

১ মই এজন বৃদ্ধ* ব্যক্তি। মই মোৰ মৰমৰ গায়লৈ এই চিঠি লিখিছোঁ, যাক মই সঁচাকৈ প্ৰেম কৰোঁ।

২ মৰমৰ গায়, মই প্ৰাৰ্থনা কৰিছোঁ যে আজি যেনেকৈ তোমাৰ জীৱন সুখী, ঠিক সেইদৰে তুমি সকলো ফালৰ পৰা সুখী হৈ থাকা আৰু স্বাস্থ্যৱান হৈ থাকা। ৩ যেতিয়া ভাইসকলে আহি মোক জনালে যে তুমি সত্যক ধৰি আছা, তেতিয়া মই বহুত আনন্দিত হʼলোঁ। তুমি সঁচাকৈ সত্যৰ পথত চলি আছা। ৪ মোৰ সন্তানসকল যে সত্যত চলিছে এই কথা শুনি যি আনন্দ পোৱা যায়,* তাতকৈ বেছি আনন্দ আৰু কʼতো নাই।

৫ মৰমৰ ভাই, তুমি ভাইসকলক আগৰে পৰা চিনি নোপোৱাৰ সত্ত্বেও তেওঁলোকৰ কাৰণে যি বহুত কিছু কৰি আছা, ইয়ে দেখুৱায় যে তুমি বিশ্বাসযোগ্য হোৱা। ৬ এই ভাইসকলে মণ্ডলীৰ আগত তোমাৰ প্ৰেমৰ বিষয়ে সাক্ষ্য দিলে। অনুগ্ৰহ কৰি তুমি তেওঁলোকক যাত্ৰাৰ কাৰণে এইদৰে বিদায় দিয়া যেন ঈশ্বৰ আনন্দিত হয়। ৭ কিয়নো তেওঁলোকে ঈশ্বৰৰ নামৰ কাৰণেই ওলাইছে আৰু জগতৰ লোকসকলৰ পৰা একো নলয়। ৮ সেইবাবে, এনে ভাইসকলক অতিথি-সৎকাৰ দেখুৱাটো আমাৰ কৰ্তব্য হয় যাতে আমি সত্য বিয়পোৱাত তেওঁলোকৰ সহকৰ্মী হʼব পাৰোঁ।

৯ মই মণ্ডলীলৈ কিবা লিখিছিলোঁ, কিন্তু দিয়ত্ৰিফি, যিজন মণ্ডলীত সকলোতকৈ ডাঙৰ হʼব বিচাৰে, তেওঁ আমাৰ কোনো কথাক সন্মান নকৰে। ১০ সেইবাবে, যদি মই তালৈ আহোঁ, তেনেহʼলে তেওঁৰ কামবোৰৰ ওপৰত ধ্যান দিম, কিয়নো তেওঁ আমাক বদনাম কৰিবলৈ আমাৰ বিষয়ে বেয়া কথা বিয়পাই আছে।* আৰু এই সকলো কৰিও তেওঁ শান্তি পোৱা নাই। তেওঁ নিজে কেতিয়াও ভাইসকলক অতিথি-সৎকাৰ নেদেখুৱায় আৰু যিজনে এইদৰে কৰিব বিচাৰে, তেওঁক বাধা দিবলৈ আৰু মণ্ডলীৰ পৰা বাহিৰ কৰিবলৈ চেষ্টা কৰে।

১১ মৰমৰ ভাই, বেয়া উদাহৰণত নহয়, কিন্তু ভাল উদাহৰণত চলা। যিজনে ভাল কাম কৰে তেওঁ ঈশ্বৰৰ ফালৰ পৰা হয়, কিন্তু যিজনে বেয়া কাম কৰে, তেওঁ ঈশ্বৰক দেখা নাই। ১২ সকলো ভায়ে দীমীত্ৰিয়ৰ প্ৰশংসা কৰে আৰু যিদৰে তেওঁ সত্যতাৰ অনুসৰি জীৱন-যাপন কৰে, তাৰ পৰা এয়াই প্ৰমাণ হয়। আচলতে আমিও তেওঁৰ বিষয়ে এয়াই সাক্ষ্য দিওঁ আৰু তুমি জানা যে আমাৰ সাক্ষ্য সত্য হয়।

১৩ মই তোমালৈ বহুতো কথা লিখিব বিচাৰিছিলোঁ, কিন্তু মই সকলো কথা চিয়াঁহী আৰু কলমেৰে লিখিব নিবিচাৰোঁ। ১৪ মই আশা কৰোঁ যে অতি সোনকালে আহি তোমালোকক লগ কৰিম আৰু তেতিয়া আমি মুখামুখিকৈ কথা পাতিম।

মোৰ এয়াই প্ৰাৰ্থনা যে তোমালোকলৈ শান্তি হওক।

ইয়াত থকা সকলো বন্ধুৱে তোমাক নমস্কাৰ জনাইছে। তাত থকা প্ৰতিজন বন্ধুক মোৰ নমস্কাৰ জনাবা।

বা “প্ৰাচীন।”

বা হয়তো, “কৃতজ্ঞ হʼব পাৰোঁ।”

আক্ষ., “ভোৰভোৰণি কৰি আমাৰ বিষয়ে বেয়াকৈ কয়।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক