যোহনলৈ দিয়া প্ৰকাশিত বাক্য
১ এইবোৰ সেই কথাবোৰ হয়, যিবোৰ যীচু খ্ৰীষ্টই প্ৰকাশ কৰিছিল,* ঈশ্বৰে এইবোৰ কথা প্ৰকাশ কৰাৰ কাৰণ হৈছে যাতে তেওঁ নিজৰ দাসসকলক দেখুৱাব পাৰে যে অতি সোনকালে কি কি হʼবলগীয়া আছে। আৰু যীচুৱে নিজৰ স্বৰ্গদূত পঠাই এই কথাবোৰ তেওঁৰ দাস যোহনক চিনবোৰৰ যোগেদি জনালে। ২ যোহনে ঈশ্বৰৰ বাক্যৰ বিষয়ে আৰু যীচু খ্ৰীষ্টৰ সাক্ষ্যৰ বিষয়ে অৰ্থাৎ তেওঁ যিবোৰ দেখিছিল, সেই সকলো বিষয়ে সাক্ষ্য দিছিল। ৩ সেইজন সুখী, যিজনে এই ভৱিষ্যবাণীৰ বাক্য জোৰেৰে পঢ়ে আৰু তেওঁলোকো সুখী, যিসকলে এইবোৰ শুনে আৰু ইয়াত লিখা কথাবোৰৰ অনুসৰি চলে, কিয়নো নিৰ্ধাৰিত কৰা সময় কাষত আছে।
৪ মই যোহন এচিয়া প্ৰদেশত থকা সাতখন মণ্ডলীলৈ লিখি আছোঁ:
মোৰ প্ৰাৰ্থনা এয়েই যে তেওঁৰ ফালৰ পৰা অৰ্থাৎ “যিজন আছিল আৰু যিজন আছে আৰু যিজন আহি আছে,” তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক আৰু সাতটা পবিত্ৰ শক্তিৰ ফালৰ পৰাও যি তেওঁৰ সিংহাসনৰ আগত আছে। ৫ তোমালোকলৈ যীচু খ্ৰীষ্টৰ ফালৰ পৰাও মহা-কৃপা আৰু শান্তি হওক, যিজন “বিশ্বাসযোগ্য সাক্ষী,” “মৃতবিলাকৰ মাজৰ পৰা জীয়াই উঠা প্ৰথম সন্তান” আৰু “পৃথিৱীৰ ৰজাবিলাকৰ ৰজা” হয়।
যীচু, যিজনে আমাক প্ৰেম কৰে আৰু যিজনে নিজৰ তেজৰ যোগেদি আমাক পাপৰ পৰা মুকলি কৰিলে ৬ আৰু আমাক নিজৰ ঈশ্বৰ আৰু পিতৃৰ কাৰণে ৰজা আৰু পুৰোহিত পাতিলে, হয়, মহিমা আৰু শক্তি সদায় তেওঁৰেই হওক। আমেন।
৭ চোৱা! তেওঁ মেঘৰ সৈতে আহি আছে আৰু আটাই চকুৱে তেওঁক দেখিব আৰু তেওঁলোকেও দেখিব, যিসকলে তেওঁক খুঁচিছিল। আৰু পৃথিৱীৰ সকলো গোষ্ঠীয়ে তেওঁৰ কাৰণে দুখত হিয়া ভুকুৱাব। হয়, আমেন।
৮ যিহোৱা* ঈশ্বৰ, “যিজন আছিল, যিজন আছে আৰু যিজন আহি আছে আৰু যিজন সৰ্বশক্তিমান হয়” তেওঁ কৈছে, “ময়েই আৰম্ভণি আৰু ময়েই অন্ত।”*
৯ মই যোহন তোমালোকৰ ভাই যীচুৰ শিষ্য হিচাপে দুখ সহন কৰা, শাসন কৰা আৰু ধৈৰ্য ধৰাত তোমালোকৰ সহভাগী হওঁ। মই ঈশ্বৰৰ বিষয়ে কোৱাৰ কাৰণে আৰু যীচুৰ বিষয়ে সাক্ষ্য দিয়াৰ কাৰণে পাত্ম নামৰ দ্বীপত আছিলোঁ। ১০ মই পবিত্ৰ শক্তিৰে অনুপ্ৰাণিত হৈ প্ৰভুৰ দিনত উপস্থিত হʼলোঁ। আৰু মই নিজৰ পিছফালে তূৰীৰ দৰে ডাঙৰ মাত শুনিলোঁ, ১১ যিয়ে মোক কৈ আছিল, “তুমি যি দেখা, তাক এখন নুৰাত লিখি লোৱা আৰু সেয়া এই সাতখন মণ্ডলীলৈ পঠোৱা: ইফিচ, স্মুৰ্ণা, পৰ্গাম, থুয়াতীৰা, চাৰ্দ্দি, ফিলাদেলফিয়া আৰু লায়দিকেয়া।”
১২ তাৰ পাছত মই এয়া চাবলৈ ঘূৰিলোঁ যে মোক কোনে কৈ আছে, তেতিয়া মই সাতটা সোণৰ দীপাধাৰ দেখিলোঁ। ১৩ সেই দীপাধাৰৰ মাজত মই মানুহৰ পুত্ৰৰ দৰে কাৰোবাক দেখিলোঁ, যিজনে ভৰিলৈকে দীঘল চোলা পিন্ধিছিল আৰু সোণৰ বুকুপটা বান্ধিছিল। ১৪ তেওঁৰ মূৰ আৰু চুলি ঊণ আৰু বৰফৰ দৰে বগা আছিল আৰু তেওঁৰ চকু জুইৰ শিখাৰ দৰে আছিল। ১৫ তেওঁৰ ভৰি অগ্নিকুণ্ডত গৰম কৰা চকচকীয়া তামৰ দৰে আছিল আৰু তেওঁৰ মাত পানীত তীব্ৰ বেগত বৈ যোৱা সোঁতৰ দৰে আছিল। ১৬ তেওঁৰ সোঁহাতত সাতটা তৰা আছিল আৰু তেওঁৰ মুখৰ পৰা এখন দীঘল আৰু দুয়োফালে চোকা ধাৰ থকা তৰোৱাল ওলাই আছিল। তেওঁৰ চেহেৰা এনেদৰে জিলিকি আছিল, যিদৰে সূৰ্যই চোকা ৰʼদত জিলিকে। ১৭ যেতিয়া মই তেওঁক দেখিলোঁ, তেতিয়া মই তেওঁৰ ভৰিত মৰা মানুহৰ নিচিনা পৰি গʼলোঁ।
তেতিয়া তেওঁ নিজৰ সোঁহাত মোৰ ওপৰত থৈ কʼলে, “ভয় নকৰিবা। ময়েই প্ৰথম আৰু শেষ হওঁ ১৮ আৰু জীৱিত ময়েই হওঁ। মই মৰি গৈছিলোঁ, কিন্তু চোৱা! এতিয়া মই সদায় কালৰ কাৰণে জীয়াই আছোঁ আৰু মোৰ ওচৰত মৃত্যু আৰু কবৰৰ* চাবিবোৰ আছে। ১৯ সেইবাবে, তুমি যি দেখিলা আৰু যি হৈ আছে আৰু ইয়াৰ পাছত যি হʼবলগীয়া আছে, সেই সকলো কথা লিখি লোৱা। ২০ আৰু তুমি মোৰ সোঁহাতে যি সাতটা তৰা আৰু সোণৰ সাতটা দীপাধাৰ দেখিলা, সেইবোৰৰ পবিত্ৰ ৰহস্য এয়েই যে: এই সাতটা তৰাৰ অৰ্থ হৈছে সাতখন মণ্ডলীৰ দূত আৰু সাতটা দীপাধাৰৰ অৰ্থ হৈছে সাতখন মণ্ডলী।”
২ “ইফিচৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজনে নিজৰ সোঁহাতত সাতটা তৰা লৈ আছে আৰু সোণৰ সাতটা দীপাধাৰৰ মাজত চলা-ফুৰা কৰে, তেওঁ এইদৰে কৈছে, ২ ‘মই তোমাৰ কাম, তোমাৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ বিষয়ে জানোঁ আৰু এয়াও জানোঁ যে তুমি দুষ্ট লোকসকলক সহন কৰিব নোৱাৰা। আৰু যিসকলে নিজকে পাঁচনি* বুলি কয়, কিন্তু নহয়, তুমি তেওঁলোকক পৰীক্ষা কৰিলা আৰু তেওঁলোক মিছলীয়া বুলি জানিব পাৰিলা। ৩ তুমি ধৈৰ্যও ধৰা আৰু তুমি মোৰ নামৰ কাৰণে বহুতো কষ্ট সহন কৰিও ভাগৰি পৰা নাই। ৪ তথাপিও তোমাৰ বিৰুদ্ধে মোৰ এয়া কʼবলগীয়া আছে যে প্ৰথমে তোমাৰ যি প্ৰেম আছিল, সেই প্ৰেম এতিয়া নাই।
৫ সেইবাবে, তুমি কʼৰ পৰা পৰিলা, তাক মনত পেলোৱা আৰু অনুতাপ কৰা আৰু আগৰ দৰে কাম কৰা। যদি তুমি অনুতাপ নকৰা, তেনেহʼলে মই তোমাৰ ওচৰলৈ আহিম আৰু তোমাৰ দীপাধাৰ তাৰ ঠাইৰ পৰা আঁতৰাই দিম। ৬ তথাপি, তোমাৰ এটা ভাল গুণ আছে যে তুমি নীকলায়ৰ গোটৰ কামবোৰক ঘিণ কৰা, যিবোৰক ময়ো ঘিণ কৰোঁ। ৭ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈছে, যিজনে জয় কৰে, তেওঁক মই ঈশ্বৰৰ প্ৰমোদবনত থকা জীৱনৰ গছৰ ফল খাবলৈ দিম।’
৮ স্মুৰ্ণাৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজন ‘প্ৰথম আৰু শেষ হয়,’ যিজন মৰি গৈছিল আৰু আকৌ জীয়াই উঠিল, তেওঁ এইদৰে কৈছে, ৯ ‘মই তোমাৰ দুখ-কষ্ট আৰু তোমাৰ দৰিদ্ৰতা জানোঁ। (তথাপিও তুমি ধনী হোৱা।) মই এয়াও জানোঁ যে নিজকে যিহূদী বুলি কৈ লোকসকলে তোমাৰ নিন্দা কৰে। তেওঁলোক আচলতে যিহূদী নহয়, ইয়াৰ পৰিৱৰ্তে চয়তানৰ দল* হয়। ১০ তুমি যি কষ্ট ভুগিবলগীয়া আছে, তালৈ ভয় নকৰিবা। চোৱা! চয়তানে* তোমালোকৰ মাজৰ কিছুমানক জেলত বন্দী কৰি থাকিব যাতে তোমালোকৰ সম্পূৰ্ণৰূপে পৰীক্ষা হয় আৰু তোমালোকে দহ দিনলৈকে কষ্ট ভুগিব লাগিব, কিন্তু তোমালোকে মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থাকা, তেতিয়া মই তোমালোকক জীৱনৰ কিৰীটি দিম। ১১ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈ আছে: যিজনে জয় কৰে, তেওঁৰ দ্বিতীয় মৃত্যু নহʼব।’
১২ পৰ্গামৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজনৰ ওচৰত দীঘল আৰু দুয়োফালে ধাৰ থকা চোকা তৰোৱাল আছে, তেওঁ এইদৰে কৈছে, ১৩ ‘মই জানোঁ যে তুমি যʼত থাকা, তাত চয়তানৰ সিংহাসন আছে। তথাপিও তুমি মোৰ নাম দৃঢ়তাৰে ধৰি আছা আৰু তুমি সেই দিনবোৰতো মোৰ ওপৰত বিশ্বাস কৰিবলৈ অস্বীকাৰ নকৰিলা, যেতিয়া মোৰ বিশ্বাসযোগ্য সাক্ষী আন্তিপাক তোমালোকৰ সেই চহৰত হত্যা কৰা হৈছিল, যʼত চয়তানৰ আড্ডা আছে।
১৪ তথাপিও তোমালোকৰ বিৰুদ্ধে মোৰ কিছুমান কথা কʼবলগীয়া আছে। তোমালোকৰ মাজৰ এনে কিছুমান লোক আছে, যিসকলে বিলিয়মৰ শিক্ষাৰ অনুসৰি চলে, যিজনে বালাকক শিক্ষা দিছিল যে তেওঁ ইস্ৰায়েলৰ সন্তানসকলৰ পথত উজুটি খোৱাৰ শিল ৰাখে যাতে তেওঁলোকে মূৰ্তিবোৰক আগবঢ়োৱা বস্তুবোৰ খায় আৰু অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখে। ১৫ তোমালোকৰ মাজত এনে লোকো আছে, যিসকলে নীকলায়ৰ গোটৰ শিক্ষাৰ অনুসৰি চলে। ১৬ সেইবাবে, অনুতাপ কৰা। যদি তোমালোকে এইদৰে নকৰা, তেনেহʼলে মই অতি সোনকালে তোমালোকৰ ওচৰলৈ আহি আছোঁ আৰু মই নিজৰ মুখৰ পৰা ওলোৱা দীঘল তৰোৱালেৰে তেওঁলোকৰ লগত যুদ্ধ কৰিম।
১৭ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈছে, যিজনে জয় কৰে, তেওঁক মই লুকুৱাই থোৱা মান্নাৰ পৰা অলপ দিম আৰু এটা বগা শিতল শিলো দিম। সেই শিলত এটা নতুন নাম লিখা থাকিব, যি নাম সেই শিল পোৱা ব্যক্তিজনৰ বাহিৰে কোনেও গʼম নাপাব।’
১৮ থুয়াতীৰাৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজন ঈশ্বৰৰ পুত্ৰ হয়, যিজনৰ চকু জুইৰ শিখাৰ দৰে হয় আৰু যাৰ ভৰি চকচকীয়া তামৰ দৰে হয়, তেওঁ এইদৰে কৈছে, ১৯ ‘মই তোমাৰ কাম, প্ৰেম, বিশ্বাস, সেৱা আৰু ধৈৰ্যৰ বিষয়ে জানোঁ। আৰু এয়াও জানোঁ যে তুমি অলপতে যি কাম কৰিছিলা, সেয়া আগতে কৰা কামতকৈ উত্তম।
২০ তথাপিও তোমাৰ বিৰুদ্ধে মোৰ কʼবলগীয়া আছে যে তুমি সেই তিৰোতা ঈজেবলক সহ্য কৰিছা, যিজনীয়ে নিজকে ভৱিষ্যবক্তা বুলি কয় আৰু মোৰ দাসসকলক ভুল পথলৈ নিয়ে আৰু তেওঁলোকক অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ আৰু মূৰ্তিবোৰক আগবঢ়োৱা বস্তুবোৰ খাবলৈ শিক্ষা দিয়ে। ২১ মই তাইক সময় দিলোঁ যাতে তাই অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ এৰি দিয়ে আৰু অনুতাপ কৰে, কিন্তু তাই এইদৰে কৰিব নিবিচাৰে। ২২ চোৱা! মই তাইক ৰোগত আক্ৰান্ত কৰি বিছনাত পেলাম আৰু যিসকলে তাইৰ লগত ব্যভিচাৰ কৰে, তেওঁলোকে যদি তাইৰ দৰে কাম কৰিবলৈ এৰি অনুতাপ নকৰে, তেনেহʼলে মই তেওঁলোকক ডাঙৰ সমস্যাত পেলাম। ২৩ মই তাইৰ সন্তানসকলক মাৰাত্মক মহামাৰীৰে মাৰি পেলাম। তেতিয়া গোটেই মণ্ডলীয়ে জানিব যে মই সেইজনেই হওঁ, যিজনে মানুহৰ ভিতৰৰ গভীৰতাত লুকাই থকা চিন্তাধাৰা* আৰু হৃদয়ক চালি-জাৰি চায় আৰু মই তোমালোক প্ৰতিজনকে তোমালোকৰ কামৰ অনুসৰি ফল দিম।
২৪ কিন্তু থুয়াতীৰাৰ বাকী লোকসকল, যিসকলে এই শিক্ষা পালন নকৰে আৰু সেই কথাবোৰৰ বিষয়ে একেবাৰে নাজানে, যিবোৰক চয়তানৰ “গভীৰ বিষয়” বুলি কোৱা হয়, তেওঁলোকক মই কৈছোঁ, মই তোমালোকৰ ওপৰত আৰু কোনো বোজা দিয়া নাই। ২৫ মই কেৱল এয়াই কৈছোঁ, তোমালোকৰ ওচৰত যি আছে, মই নহালৈকে তাক দৃঢ়তাৰে ধৰি ৰাখা। ২৬ আৰু যিজনে জয় কৰে আৰু শেষলৈকে মোৰ দৰে কাম কৰে, মই তেওঁক ৰাষ্ট্ৰৰ ওপৰত অধিকাৰ দিম। ২৭ আৰু তেওঁ লোকসকলৰ ওপৰত ৰখীয়াৰ দৰে লোহাৰ দণ্ডেৰে শাসন কৰিব আৰু তেওঁলোকক মাটিৰ পাত্ৰৰ দৰে ডোখৰ ডোখৰ কৰিব, এই অধিকাৰ মই মোৰ পিতৃৰ পৰা পাইছোঁ। ২৮ জয় কৰাজনক মই ৰাতিপুৱাৰ তৰা দিম। ২৯ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কয়।’
৩ চাৰ্দ্দিৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজনৰ ওচৰত ঈশ্বৰৰ সাতটা পবিত্ৰ শক্তি আছে আৰু সাতটা তৰা আছে, তেওঁ কয়, ‘মই তোমাৰ কাম জানোঁ। লোকসকলে ভাবে যে তুমি জীয়াই আছা, কিন্তু তুমি মৃত। ২ সেইবাবে, সতৰ্ক হোৱা আৰু যিবোৰ মৃত্যু হʼবলগীয়া আছে, সেইবোৰ মজবুত কৰা, কিয়নো মই দেখিছোঁ যে মোৰ ঈশ্বৰৰ ওচৰত তুমি নিজৰ কাম সম্পূৰ্ণ কৰা নাই। ৩ সেইবাবে, তুমি যি যি পাইছা আৰু শুনিছা, সেইবোৰৰ ওপৰত সদায় ধ্যান দিয়া* আৰু সেইবোৰৰ অনুসৰি চলি থাকা আৰু অনুতাপ কৰা। যদি তুমি জাগি নাথাকা, তেনেহʼলে মই হঠাতে চোৰৰ দৰে আহিম আৰু তুমি গʼমেই নাপাবা যে মই কোনটো সময়ত আহিম।
৪ তথাপিও চাৰ্দ্দিত থকা তোমালোকৰ মাজত কিছুমান এনে লোক* আছে, যিসকলে নিজৰ কাপোৰত দাগ লগোৱা নাই আৰু তেওঁলোকে বগা কাপোৰ পিন্ধি মোৰ লগত চলিব, কিয়নো তেওঁলোক এই সন্মানৰ যোগ্য। ৫ যিজনে জয় কৰে, তেওঁক এইদৰে বগা কাপোৰ পিন্ধোৱা হʼব আৰু মই জীৱনৰ কিতাপৰ পৰা তেওঁৰ নাম কেতিয়াও মোহাৰি নিদিম, কিন্তু নিজৰ পিতৃ আৰু তেওঁৰ স্বৰ্গদূতৰ আগত তেওঁক গ্ৰহণ কৰিম। ৬ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈছে।’
৭ ফিলাদেলফিয়াৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজন পবিত্ৰ আৰু সত্য, যিজনৰ ওচৰত দায়ূদৰ চাবি আছে, যিজনে দুৱাৰ খুলিলে কোনেও বন্ধ কৰিব নোৱাৰে আৰু বন্ধ কৰিলে কোনেও খুলিব নোৱাৰে, তেওঁ এইদৰে কৈছে, ৮ ‘মই তোমাৰ কাম জানোঁ। (চোৱা! মই তোমাৰ আগত এখন দুৱাৰ খুলিছোঁ, যাক কোনেও বন্ধ কৰিব নোৱাৰে।) মই এয়াও জানোঁ যে তোমাৰ ওচৰত অলপ শক্তি আছে আৰু তুমি মোৰ আজ্ঞাবোৰ পালন কৰিলা আৰু মোৰ নামক অস্বীকাৰ কৰা নাই। ৯ চোৱা! যিসকলে চয়তানৰ দলৰ* হয় আৰু নিজকে যিহূদী বুলি কয়, কিন্তু আচলতে নহয়, ইয়াৰ পৰিৱৰ্তে মিছা কথা কয়, মই তেওঁলোকক তোমাৰ ওচৰলৈ আনিম আৰু তেওঁলোকে তোমাৰ ভৰিত পৰিব। মই তোমাক প্ৰেম কৰোঁ বুলি তেওঁলোকক অনুভৱ কৰাম। ১০ তুমি মোৰ ধৈৰ্য ধৰাৰ বিষয়ে যি শুনিছা, তাৰ অনুসৰি তুমি চলিলা,* সেইবাবে পৰীক্ষাৰ সেই সময়ত মই তোমাক চম্ভালিম, যি গোটেই জগতত আহিবলগীয়া আছে, যাৰ যোগেদি পৃথিৱীত থকা লোকসকলৰ ওপৰত পৰীক্ষা হয়। ১১ মই অতি সোনকালে আহি আছোঁ। তোমাৰ ওচৰত যি আছে, তাক দৃঢ়তাৰে ধৰি থাকা যাতে কোনেও তোমাৰ কিৰীটি তোমাৰ পৰা কাঢ়ি নলয়।
১২ যিজনে জয় কৰে, তেওঁক মই নিজৰ ঈশ্বৰৰ মন্দিৰত এটা স্তম্ভ বনাম আৰু তেওঁ কেতিয়াও এই মন্দিৰৰ পৰা বাহিৰলৈ নাযাব। আৰু মই তেওঁৰ ওপৰত মোৰ ঈশ্বৰৰ নাম আৰু মোৰ ঈশ্বৰৰ নগৰ অৰ্থাৎ নতুন যিৰূচালেমৰ নাম লিখিম, যি স্বৰ্গৰ পৰা মোৰ ঈশ্বৰৰ ওচৰৰ পৰা নামে আৰু তেওঁৰ ওপৰত মোৰ নতুন নামো লিখিম। ১৩ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কয়।’
১৪ লায়দিকেয়াৰ মণ্ডলীৰ দূতলৈ এয়া লিখা: যিজন আমেন হয়, বিশ্বাসযোগ্য আৰু সত্য সাক্ষী হয় আৰু ঈশ্বৰৰ সৃষ্টিৰ আৰম্ভণি হয়, তেওঁ এইদৰে কৈছে, ১৫ ‘মই তোমাৰ কাম জানোঁ যে তুমি ঠাণ্ডাও নোহোৱা আৰু গৰমো নোহোৱা। তুমি ঠাণ্ডা বা গৰম হোৱা হʼলে ভাল আছিল। ১৬ তুমি কুহুমীয়া হোৱা, তুমি ঠাণ্ডাও নোহোৱা আৰু গৰমো নোহোৱা, সেইবাবে মই তোমাক নিজৰ মুখৰ পৰা উকুলিয়াই দিম। ১৭ তুমি কোৱা, “মই ধনী হওঁ আৰু মই বহুত সম্পত্তি অৰ্জন কৰিলোঁ আৰু মোৰ কোনো বস্তুৰ প্ৰয়োজন নাই,” কিন্তু তুমি নাজানা যে তোমাৰ অৱস্থা কিমান বেয়া আৰু দুখময়, তুমি দৰিদ্ৰ, অন্ধ আৰু উলংগ হোৱা। ১৮ সেইবাবে, মই তোমাক উপদেশ দিছোঁ যে তুমি মোৰ পৰা সোণ কিনি লোৱা, যাক জুইত পুৰি শুদ্ধ কৰা হৈছে যাতে তুমি ধনী হোৱা। আৰু তুমি পিন্ধিবলৈ মোৰ পৰা বগা কাপোৰো কিনি লোৱা যাতে লোকসকলে তোমাৰ উলংগতা নেদেখে আৰু তুমি লাজ নোপোৱা আৰু নিজৰ চকুত লগাবলৈ মলমো কিনি লোৱা যাতে তুমি দেখা পোৱা।
১৯ যিসকলক মই মৰম-স্নেহ কৰোঁ, সেই সকলোকে শুধৰাওঁ আৰু অনুশাসন কৰোঁ। সেইবাবে, উৎসাহী হোৱা আৰু অনুতাপ কৰা। ২০ চোৱা! মই দুৱাৰত থিয় হৈ টুকুৰীয়াই আছোঁ। যদি কোনোবাই মোৰ মাত শুনি দুৱাৰ খোলে, তেনেহʼলে মই তেওঁৰ ঘৰৰ ভিতৰলৈ যাম আৰু তেওঁৰ লগত ৰাতিৰ আহাৰ খাম আৰু তেওঁ মোৰ লগত খাব। ২১ যিজনে জয় কৰে, তেওঁক মই মোৰ লগত নিজৰ সিংহাসনত বহিবলৈ অনুমতি দিম, যিদৰে মই জয় কৰি নিজৰ পিতৃৰ লগত তেওঁৰ সিংহাসনত বহিছিলোঁ। ২২ কাণ পাতি শুনা যে পবিত্ৰ শক্তিয়ে মণ্ডলীবোৰক কি কৈছে।’”
৪ ইয়াৰ পাছত চোৱা মই কি দেখিলোঁ, স্বৰ্গত এখন খোলা দুৱাৰ আছে আৰু যি মাত মই আগতে শুনিছিলোঁ, সেয়া তূৰীৰ দৰে মাত আছিল আৰু সেই মাতে মোক কʼলে, “ইয়াত ওপৰলৈ আহা, মই তোমাক সেই বিষয়বোৰ দেখুৱাম, যিবোৰ নিশ্চয় হʼব।” ২ ইয়াৰ পাছত লগে লগে পবিত্ৰ শক্তি মোৰ ওপৰত আহিল আৰু মই স্বৰ্গত এটা সিংহাসন দেখিলোঁ আৰু তাৰ ওপৰত কোনোবাই বহি আছিল। ৩ আৰু যিজন বহিছিল, তেওঁৰ ৰূপ সূৰ্যকান্ত আৰু ৰঙা ৰঙৰ বহুমূলীয়া ৰত্নৰ নিচিনা আছিল আৰু তেওঁৰ সিংহাসনৰ চাৰিওফালে এখন মেঘধনু আছিল, যি দেখাত মৰকত মণিৰ* নিচিনা আছিল।
৪ সেই সিংহাসনৰ চাৰিওফালে ২৪ খন সিংহাসন আছিল আৰু সেই সিংহাসনত মই ২৪ জন প্ৰাচীনক বহি থকা দেখিলোঁ, যিসকলে বগা কাপোৰ পিন্ধিছিল আৰু তেওঁলোকৰ মূৰত সোণৰ কিৰীটি আছিল। ৫ সেই সিংহাসনৰ পৰা বিজুলী, ঢেৰেকনি, মেঘ-গৰ্জনৰ মাত ওলাই আছিল। আৰু সিংহাসনৰ আগত সাতটা ডাঙৰ চাকি আছিল, যʼৰ পৰা শিখা ওলাই আছিল। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ সাতটা পবিত্ৰ শক্তি। ৬ আৰু সিংহাসনৰ সন্মুখত কাঁচৰ দৰে এখন সমুদ্ৰ আছিল, যি স্ফটিকৰ দৰে ইপাৰে-সিপাৰে দেখা পোৱা গৈছিল।
সিংহাসনৰ মাজত আৰু তাৰ চাৰিওফালে চাৰিটা জীৱিত প্ৰাণী আছিল, যিবোৰৰ আগফালে আৰু পিছফালে চকুৰে ভৰি আছিল। ৭ প্ৰথম জীৱিত প্ৰাণী দেখিবলৈ সিংহৰ নিচিনা, দ্বিতীয় জীৱিত প্ৰাণী ষাঁড় গৰুৰ নিচিনা, তৃতীয় জীৱিত প্ৰাণীৰ চেহেৰা মানুহৰ চেহেৰাৰ নিচিনা আৰু চতুৰ্থ জীৱিত প্ৰাণী এটা উৰি থকা ঈগলৰ নিচিনা আছিল। ৮ এই চাৰিটা জীৱিত প্ৰাণীৰ প্ৰত্যেকৰে ছখন ছখনকৈ ডেউকা আছিল। সিহঁতৰ চাৰিওফালে আৰু ভিতৰফালে চকুৰে ভৰি আছিল আৰু সিহঁতে দিনে-ৰাতিয়ে একেৰাহে কয়, “সৰ্বশক্তিমান ঈশ্বৰ যিহোৱা* পবিত্ৰ, পবিত্ৰ, পবিত্ৰ হয়! সেই ঈশ্বৰ, যিজন আছিল, যিজন আছে আৰু যিজন আহি আছে।”
৯ যেতিয়াই এই জীৱিত প্ৰাণীয়ে সিংহাসনত বহা ঈশ্বৰৰ, যিজন সদায় কাললৈকে জীৱিত থাকে, তেওঁৰ মহিমা কৰে আৰু তেওঁক আদৰ আৰু ধন্যবাদ দিয়ে, ১০ তেতিয়াই এই ২৪ জন প্ৰাচীনে সিংহাসনত বহা ঈশ্বৰৰ সন্মুখত পৰি তেওঁৰ উপাসনা কৰে, যিজন সদায় কাললৈকে জীৱিত থাকে আৰু তেওঁলোকে নিজৰ কিৰীটি উলিয়াই তেওঁৰ সিংহাসনৰ সন্মুখত থয় আৰু এইদৰে কয়, ১১ “হে যিহোৱা* আমাৰ ঈশ্বৰ, তুমি মহিমা, আদৰ আৰু শক্তি পোৱাৰ যোগ্য, কিয়নো তুমিয়েই সকলো বস্তু সৃষ্টি কৰিলা আৰু তোমাৰ ইচ্ছাৰ কাৰণেই এইবোৰ অস্তিত্বত আহিল আৰু সৃষ্টি কৰা হʼল।”
৫ আৰু মই দেখিলোঁ যে সিংহাসনত বহা ঈশ্বৰৰ সোঁহাতত এখন নুৰা আছে, যাৰ দুয়োফালে* লিখা আছে আৰু তাক সাতটা মোহৰেৰে মোহৰ মৰা হৈছে। ২ মই দেখিলোঁ যে এজন শক্তিশালী স্বৰ্গদূতে ডাঙৰ মাতেৰে ঘোষণা কৰি আছিল: “এই মোহৰবোৰ ভাঙিবলৈ আৰু এই নুৰা খুলিবলৈ কোন যোগ্য হয়?” ৩ কিন্তু স্বৰ্গত, পৃথিৱীত আৰু পৃথিৱীৰ তলত এনে কোনো নাছিল, যিজনে সেই নুৰাখন খোলা বা পঢ়াৰ যোগ্য হয়। ৪ তেতিয়া মই হোক-হোকাই কান্দিবলৈ ধৰিলোঁ, কিয়নো এনে কাকো নাপালোঁ, যিজনে নুৰাখন খোলা আৰু পঢ়াৰ যোগ্য হয়। ৫ কিন্তু প্ৰাচীনসকলৰ মাজৰ এজনে মোক কʼলে “নাকান্দিবা। যিহূদা গোষ্ঠীৰ এই সিংহক চোৱা, যিজন দায়ূদৰ শিপা হয়। এওঁ জয় কৰিলে যাতে এই নুৰা আৰু ইয়াত মৰা সাতটা মোহৰ খুলিব পাৰে।”
৬ আৰু মই সেই সিংহাসনৰ ওচৰত* আৰু সেই চাৰিটা জীৱিত প্ৰাণীৰ মাজত আৰু সেই প্ৰাচীনসকলৰ মাজত এটা ভেড়া পোৱালি থিয় হৈ থকা দেখিলোঁ, তাক দেখি এনে লাগিছিল যেন তাক হত্যা কৰা হৈছিল। তাৰ সাতটা শিং আৰু সাতটা চকু আছিল, এই চকুবোৰৰ অৰ্থ হৈছে ঈশ্বৰৰ সাতটা পবিত্ৰ শক্তি, যাক গোটেই পৃথিৱীত পঠোৱা হৈছে। ৭ সেই ভেড়া পোৱালিয়ে লগে লগে আগুৱাই আহিল আৰু তেওঁ সিংহাসনত বহা ঈশ্বৰৰ সোঁহাতৰ পৰা সেই মোহৰ মৰা নুৰাখন লʼলে। ৮ আৰু যেতিয়া তেওঁ সেই নুৰাখন লʼলে, তেতিয়া সেই চাৰিটা জীৱিত প্ৰাণী আৰু ২৪ জন প্ৰাচীনে ভেড়া পোৱালিৰ আগত পৰি প্ৰণাম কৰিলে। প্ৰতিজন প্ৰাচীনৰ ওচৰত এখন বীণা আৰু ধূপেৰে ভৰা এটা সোণৰ বাটি আছিল। (এই ধূপৰ অৰ্থ হৈছে, পবিত্ৰ লোকসকলৰ প্ৰাৰ্থনা।) ৯ আৰু তেওঁলোকে এটা নতুন গীত গাই এইদৰে কয়, “এই নুৰা লোৱা আৰু ইয়াৰ মোহৰ খোলাৰ তুমিয়েই যোগ্য, কিয়নো তোমাক হত্যা কৰা হৈছিল আৰু তুমি নিজৰ তেজেৰে সকলো গোষ্ঠী, ভাষা, জাতি আৰু ৰাষ্ট্ৰৰ পৰা ঈশ্বৰৰ কাৰণে লোকসকলক কিনি লʼলা। ১০ আৰু তুমি তেওঁলোকক আমাৰ ঈশ্বৰৰ কাৰণে ৰজা আৰু পুৰোহিত পাতিলা আৰু তেওঁলোকে ৰজা হিচাপে পৃথিৱীত শাসন কৰিব।”
১১ আৰু মই সেই সিংহাসন আৰু সেই জীৱিত প্ৰাণী আৰু সেই প্ৰাচীনসকলৰ চাৰিওফালে অসংখ্য স্বৰ্গদূত দেখিলোঁ আৰু তেওঁলোকৰ মাত শুনিলোঁ। তেওঁলোকৰ সংখ্যা লাখ লাখ আৰু কোটি কোটি আছিল। ১২ আৰু তেওঁলোকে ডাঙৰ মাতেৰে কৈ আছিল, “এই ভেড়া পোৱালি, যাক হত্যা কৰা হৈছিল, তেওঁ শক্তি, সম্পত্তি, বুদ্ধি, বল, আদৰ, মহিমা আৰু আশীৰ্বাদ পোৱাৰ যোগ্য।”
১৩ আৰু মই স্বৰ্গত, পৃথিৱীত, পৃথিৱীৰ তলত আৰু সমুদ্ৰৰ ওপৰত আৰু ইয়াত থকা সকলো প্ৰাণী আৰু ইয়াত যি যি আছিল, সেই সকলোকে এয়া কোৱা শুনিলোঁ, “ঈশ্বৰ, যিজন সিংহাসনত বহি আছে, তেওঁৰ আৰু ভেড়া পোৱালিৰ প্ৰশংসা হওক আৰু আদৰ, মহিমা আৰু শক্তি সদায় কাললৈকে তেওঁলোকৰেই হওক।” ১৪ আৰু সেই চাৰিটা জীৱিত প্ৰাণীয়ে কৈ আছিল, “আমেন!” আৰু সেই প্ৰাচীনসকলে মূৰ দোৱাই ঈশ্বৰৰ উপাসনা কৰিলে।
৬ তাৰ পাছত মই দেখিলোঁ যে সেই ভেড়া পোৱালিয়ে সাতটা মোহৰৰ ভিতৰত এটা মোহৰ খুলিলে আৰু চাৰিটা জীৱিত প্ৰাণীৰ মাজত এটাই মেঘ-গৰ্জনৰ নিচিনা মাতেৰে এইদৰে কোৱা মই শুনিলোঁ, “আহা!” ২ আৰু চোৱা মই কি দেখিলোঁ! এটা বগা ঘোঁৰা আৰু তাৰ ওপৰত উঠাজনৰ ওচৰত এখন ধনু আছিল। আৰু তেওঁক এটা কিৰীটি দিয়া হʼল আৰু তেওঁ জয়লাভ সম্পূৰ্ণ কৰিবলৈ জয় কৰি কৰি ওলাই গʼল।
৩ যেতিয়া তেওঁ দ্বিতীয় মোহৰ খুলিলে, তেতিয়া মই দ্বিতীয় জীৱিত প্ৰাণীক এইদৰে কোৱা শুনিলোঁ, “আহা!” ৪ তাৰ পাছত আৰু এটা ঘোঁৰা আহিল, যি জুইৰ নিচিনা ৰঙা ৰঙৰ আছিল। পৃথিৱীৰ পৰা শান্তি দূৰ কৰিবলৈ তাৰ ওপৰত উঠাজনক অধিকাৰ দিয়া হʼল যাতে লোকসকলে এজনে-আনজনক হত্যা কৰে। তেওঁক এখন ডাঙৰ তৰোৱাল দিয়া হʼল।
৫ যেতিয়া তেওঁ তৃতীয় মোহৰ খুলিলে, তেতিয়া মই তৃতীয় জীৱিত প্ৰাণীক এইদৰে কোৱা শুনিলোঁ, “আহা!” আৰু চোৱা মই কি দেখিলোঁ! এটা কʼলা ৰঙৰ ঘোঁৰা আৰু তাৰ ওপৰত উঠাজনৰ হাতত এখন পাল্লা আছিল। ৬ তেতিয়া মই এনে মাত শুনিলোঁ, যি চাৰিটা জীৱিত প্ৰাণীৰ পৰা অহা যেন লাগিছিল, “এক কিলো* ঘেঁহু এক দীনাৰত* আৰু তিনি কিলো যৱ এক দীনাৰত। আৰু জলফাই তেল আৰু দ্ৰাক্ষাৰস নষ্ট নকৰিবা।”
৭ যেতিয়া তেওঁ চতুৰ্থ মোহৰ খুলিলে, তেতিয়া মই চতুৰ্থ জীৱিত প্ৰাণীক এইদৰে কোৱা শুনিলোঁ, “আহা!” ৮ আৰু চোৱা মই কি দেখিলোঁ! এটা পাতল হালধীয়া ৰঙৰ ঘোঁৰা আৰু তাৰ ওপৰত উঠাজনৰ নাম আছিল মৃত্যু। আৰু কবৰ* তেওঁৰ একেবাৰে পিছে পিছে আহি আছিল। আৰু তেওঁলোকক পৃথিৱীৰ চাৰি ভাগৰ এভাগৰ ওপৰত অধিকাৰ দিয়া হৈছিল যেন তেওঁলোকে দীঘলীয়া তৰোৱাল, আকাল, মাৰাত্মক মহামাৰী আৰু পৃথিৱীৰ বনৰীয়া জন্তুৰ দ্বাৰা লোকসকলক হত্যা কৰে।
৯ যেতিয়া তেওঁ পঞ্চম মোহৰ খুলিলে, তেতিয়া মই বেদীৰ তলত সেই লোকসকলৰ তেজ* দেখিলোঁ, যিসকলক ঈশ্বৰৰ বাক্যৰ অনুসৰি চলাৰ আৰু সাক্ষ্য দিয়াৰ কাৰণে হত্যা কৰা হৈছিল। ১০ আৰু তেওঁলোকে ডাঙৰ মাতেৰে চিঞৰি কʼলে, “হে গোটেই বিশ্বৰ মালিক, তুমি পবিত্ৰ আৰু সত্য হোৱা, পৃথিৱীত থকা লোকসকলৰ ন্যায় কৰিবলৈ আৰু আমাৰ তেজৰ প্ৰতিশোধ লʼবলৈ তুমি আৰু কিমান দিন অপেক্ষা কৰিবা?” ১১ আৰু তেওঁলোকৰ মাজৰ প্ৰতিজনক এখনকৈ বগা কাপোৰ দিয়া হʼল। আৰু তেওঁলোকক আৰু অলপ সময় অপেক্ষা কৰিবলৈ কোৱা হʼল, যেতিয়ালৈকে তেওঁলোকৰ সংগী দাসসকলৰ আৰু তেওঁলোকৰ ভাইসকলৰ সংখ্যা পূৰ নহয়, যিসকলক অতি সোনকালে তেওঁলোকৰ দৰেই হত্যা কৰা হʼব।
১২ আৰু মই দেখিলোঁ যে যেতিয়া তেওঁ ষষ্ঠ মোহৰ খুলিলে, তেতিয়া এটা ডাঙৰ ভূমিকম্প হʼল আৰু সূৰ্যই কʼলা ডাঠ কাপোৰৰ* দৰে কʼলা হৈ পৰিল আৰু চন্দ্ৰ তেজৰ দৰে ৰঙা হৈ গʼল। ১৩ আৰু জোৰেৰে বতাহ বলাৰ কাৰণে ডিমৰু গছৰ পৰা যিদৰে কেচা ডিমৰু সৰি পৰে, ঠিক সেইদৰে আকাশৰ পৰা তৰাবোৰো পৃথিৱীত পৰিল। ১৪ আৰু আকাশ এনেদৰে নাইকিয়া হৈ গʼল যেন কোনো নুৰাক মেৰিয়াই দিয়া হʼল আৰু প্ৰতিটো পাহাৰ আৰু প্ৰতিটো দ্বীপক নিজৰ নিজৰ ঠাইৰ পৰা আঁতৰাই দিয়া হʼল। ১৫ তেতিয়া পৃথিৱীৰ ৰজা আৰু ডাঙৰ ডাঙৰ অধিকাৰী, সেনাপতি, ধনী আৰু বলৱান লোক, সকলো দাস আৰু স্বাধীন লোক, সকলোৱে গুহা আৰু পাহাৰৰ শিলাবোৰত গৈ লুকালে। ১৬ আৰু তেওঁলোকে সেই পাহাৰ আৰু শিলাবোৰক কৈ থাকিল, “আমাৰ ওপৰত পৰি যা আৰু আমাক লুকুৱাই ৰাখ আৰু আমাক সিংহাসনত বহা ঈশ্বৰ আৰু ভেড়া পোৱালিৰ ক্ৰোধৰ পৰা ৰক্ষা কৰ। ১৭ কিয়নো তেওঁলোকৰ ক্ৰোধৰ ভয়ানক দিন আহি গৈছে আৰু কোনে তেওঁলোকৰ আগত থিয় হʼব পাৰে?”
৭ ইয়াৰ পাছত মই দেখিলোঁ যে পৃথিৱীৰ চাৰিটা চুকত চাৰিজন স্বৰ্গদূত থিয় হৈ আছে আৰু তেওঁলোকে পৃথিৱীৰ চাৰি বতাহক মজবুতেৰে ধৰি ৰাখিছে যাতে পৃথিৱী বা সমুদ্ৰক বা কোনো গছৰ ওপৰত যেন বতাহ নবলে। ২ আৰু মই পূব দিশৰ পৰা আৰু এজন স্বৰ্গদূতক উঠি অহা দেখিলোঁ, যিজনৰ লগত জীৱিত ঈশ্বৰৰ মোহৰ আছিল। আৰু তেওঁ সেই চাৰিজন স্বৰ্গদূতক, যিসকলক পৃথিৱী আৰু সমুদ্ৰক হানি কৰিবলৈ অধিকাৰ দিয়া হৈছিল, তেওঁলোকক ডাঙৰ মাতেৰে চিঞৰি কʼলে, ৩ “যেতিয়ালৈকে আমি নিজৰ ঈশ্বৰৰ দাসসকলৰ কপালত মোহৰ নামাৰোঁ, তেতিয়ালৈকে পৃথিৱী বা সমুদ্ৰ বা গছ-গছনিবোৰক ক্ষতি নকৰিবা।”
৪ আৰু মই তেওঁলোকৰ সংখ্যা শুনিলোঁ, যিসকলৰ কপালত মোহৰ মৰা হৈছিল। তেওঁলোক ১,৪৪,০০০ জন আছিল আৰু তেওঁলোকক ইস্ৰায়েলৰ পুত্ৰসকলৰ প্ৰতিটো গোষ্ঠীৰ পৰা লোৱা হৈছিল:
৫ যিহূদা গোষ্ঠীৰ পৰা ১২,০০০ জনক মোহৰ মৰা হৈছিল,
ৰূবেন গোষ্ঠীৰ পৰা ১২,০০০ জনক,
গাদ গোষ্ঠীৰ পৰা ১২,০০০ জনক,
৬ আচেৰ গোষ্ঠীৰ পৰা ১২,০০০ জনক,
নপ্তালী গোষ্ঠীৰ পৰা ১২,০০০ জনক,
মনচি গোষ্ঠীৰ পৰা ১২,০০০ জনক,
৭ চিমিয়োন গোষ্ঠীৰ পৰা ১২,০০০ জনক,
লেবী গোষ্ঠীৰ পৰা ১২,০০০ জনক,
ইচাখৰ গোষ্ঠীৰ পৰা ১২,০০০ জনক,
৮ জবূলূন গোষ্ঠীৰ পৰা ১২,০০০ জনক,
যোচেফ গোষ্ঠীৰ পৰা ১২,০০০ জনক
আৰু বিন্যামীন গোষ্ঠীৰ পৰা ১২,০০০ জনক মোহৰ মৰা হʼল।
৯ ইয়াৰ পাছত চোৱা মই কি দেখিলোঁ! সকলো ৰাষ্ট্ৰ, গোষ্ঠী, জাতি আৰু ভাষাৰ মাজৰ পৰা ওলোৱা এটা ডাঙৰ ভিৰ, যাক কোনো মানুহে গণিব নোৱাৰে, তেওঁলোক বগা কাপোৰ পিন্ধি আৰু হাতত খেজুৰৰ ডাল লৈ সিংহাসনৰ আগত আৰু ভেড়া পোৱালিৰ আগত থিয় হৈ আছে। ১০ আৰু এই ভিৰে ডাঙৰ মাতেৰে বাৰে বাৰে চিঞৰি কৈছে, “আমাক উদ্ধাৰ কৰাৰ কাৰণে সিংহাসনত বহা আমাৰ ঈশ্বৰ আৰু ভেড়া পোৱালিৰ প্ৰতি আমি কৃতজ্ঞ।”
১১ সকলো স্বৰ্গদূত, যিসকল সেই সিংহাসনৰ, প্ৰাচীনসকলৰ আৰু চাৰিটা জীৱিত প্ৰাণীৰ চাৰিওফালে থিয় হৈ আছিল, সিংহাসনৰ আগত উবুৰি হৈ পৰি ঈশ্বৰৰ উপাসনা কৰিবলৈ ধৰিলে ১২ আৰু কʼবলৈ ধৰিলে, “আমেন! আমাৰ ঈশ্বৰৰ সদায় প্ৰশংসা, ধন্যবাদ আৰু মহিমা হৈ থাকক আৰু বুদ্ধি, আদৰ, ক্ষমতা আৰু শক্তি সদায় তেওঁৰেই হওক। আমেন।”
১৩ এয়া দেখি এজন প্ৰাচীনে মোক কʼলে, “বগা কাপোৰ পিন্ধা এওঁলোক কোন হয় আৰু কʼৰ পৰা আহিছে?” ১৪ তেতিয়া মই লগে লগে তেওঁক কʼলোঁ, “মোৰ প্ৰভু, তুমিয়েই জানা যে এওঁলোক কোন হয়।” আৰু তেওঁ মোক কʼলে, “এওঁলোক সেই লোকসকল হয়, যিসকলে সেই মহা-সংকটৰ পৰা ওলাই আহিছে আৰু এওঁলোকে নিজৰ কাপোৰ ভেড়া পোৱালিৰ তেজেৰে ধুই বগা কৰিছে। ১৫ এই কাৰণে এওঁলোক ঈশ্বৰৰ সিংহাসনৰ আগত আছে আৰু দিনে-ৰাতিয়ে তেওঁৰ মন্দিৰত তেওঁৰ পবিত্ৰ সেৱা কৰে। আৰু সিংহাসনত বহা ঈশ্বৰে তেওঁলোকক সুৰক্ষিত ৰাখিব।* ১৬ এওঁলোকৰ আৰু কেতিয়াও ভোক-পিয়াহ নালাগিব আৰু এওঁলোকৰ গাত সূৰ্যৰ চোকা ৰʼদ আৰু তাপ নপৰিব। ১৭ কিয়নো সেই ভেড়া পোৱালিয়ে, যিজন সিংহাসনৰ ওচৰত* আছে, এওঁলোকক ৰখীয়াৰ দৰে জীৱনৰ পানীৰ ভুমুকলৈ লৈ যাব। আৰু ঈশ্বৰে এওঁলোকৰ আটাই চকুপানী মচি দিব।”
৮ যেতিয়া ভেড়া পোৱালিয়ে সপ্তম মোহৰ খুলিলে, তেতিয়া স্বৰ্গত প্ৰায় আধা ঘণ্টালৈকে নিঃশব্দ হৈ থাকিল। ২ আৰু মই সেই সাতজন স্বৰ্গদূতক দেখিলোঁ, যিসকলে ঈশ্বৰৰ আগত থিয় হৈ থাকে আৰু তেওঁলোকক সাতটা তূৰী দিয়া হʼল।
৩ তাৰ পাছত আৰু এজন স্বৰ্গদূত আহিল আৰু বেদীৰ ওচৰত থিয় হʼল। তেওঁৰ হাতত সোণৰ এটা ধূপদানী আছিল। তেওঁক বহুতো ধূপ দিয়া হৈছিল যাতে সকলো পবিত্ৰ লোকে প্ৰাৰ্থনা কৰাৰ সময়ত তেওঁ সিংহাসনৰ ওচৰত থকা সোণৰ বেদীত সেয়া উৎসৰ্গ কৰিব পাৰে। ৪ আৰু পবিত্ৰ লোকসকলৰ প্ৰাৰ্থনা আৰু স্বৰ্গদূতৰ হাতৰ পৰা ধূপৰ ধোঁৱা উঠি ঈশ্বৰৰ ওচৰত পালেগৈ। ৫ তেতিয়া সেই সময়তে স্বৰ্গদূতে ধূপদানী লʼলে আৰু তাত বেদীৰ জুই ভৰাই লʼলে আৰু তাক পৃথিৱীত পেলাই দিলে। তেতিয়া তীব্ৰ মেঘ-গৰ্জন আৰু মাত শুনিবলৈ পোৱা গʼল আৰু বিজুলী মাৰিলে আৰু এটা ভূমিকম্প হʼল। ৬ আৰু সাতজন স্বৰ্গদূতৰ ওচৰত, যি সাতটা তূৰী আছিল, তেওঁলোকে সেয়া বজাবলৈ সাজু হʼল।
৭ প্ৰথমজনে নিজৰ তূৰী বজালে। তেতিয়া তেজ মিহলি হোৱা শিল বৰষুণ আৰু তেজ মিহলি হোৱা জুই উৎপন্ন হʼল আৰু সেয়া পৃথিৱীত বৰষোৱা হʼল। ইয়াৰ পৰা পৃথিৱীৰ তিনি ভাগৰ এভাগ আৰু গছৰো তিনি ভাগৰ এভাগ জ্বলি গʼল আৰু গোটেই ঘাঁহ-বনো জ্বলি গʼল।
৮ তাৰ পাছত দ্বিতীয় স্বৰ্গদূতজনে নিজৰ তূৰী বজালে। আৰু জুইৰে জ্বলি থকা এখন ডাঙৰ পাহাৰৰ দৰে কিবা সমুদ্ৰত পেলোৱা হʼল। আৰু সমুদ্ৰৰ তিনি ভাগৰ এভাগ তেজলৈ সলনি হʼল। ৯ আৰু সমুদ্ৰৰ তিনি ভাগৰ এভাগ জীৱ-জন্তু মৰি গʼল আৰু তিনি ভাগৰ এভাগ জাহাজ ধ্বংস হৈ গʼল।
১০ তাৰ পাছত তৃতীয় স্বৰ্গদূতজনে নিজৰ তূৰী বজালে। তেতিয়া জোঁৰৰ দৰে জ্বলি থকা এটা ডাঙৰ তৰা আকাশৰ পৰা পৰিল আৰু সেয়া তিনি ভাগৰ এভাগ নদী আৰু পানীৰ ভুমুকত গৈ পৰিল। ১১ সেই তৰাৰ নাম নাগদানা* হয়। আৰু পানীৰ তিনি ভাগৰ এভাগ নাগদানাৰ দৰে তিতা হৈ গʼল আৰু সেই পানী তিতা হোৱাৰ কাৰণে বহুতো লোকৰ মৃত্যু হʼল।
১২ তাৰ পাছত চতুৰ্থ স্বৰ্গদূতজনে নিজৰ তূৰী বজালে। আৰু সূৰ্যৰ তিনি ভাগৰ এভাগ আৰু চন্দ্ৰৰ তিনি ভাগৰ এভাগৰ ওপৰত আৰু তৰাৰ তিনি ভাগৰ এভাগৰ ওপৰত আঘাত কৰা হʼল যাতে সিহঁতৰ তিনি ভাগৰ এভাগৰ ওপৰত আন্ধাৰ হয় আৰু দিনৰ তিনি ভাগৰ এভাগত পোহৰ নহয় আৰু ৰাতিৰো তিনি ভাগৰ এভাগত পোহৰ নহয়।
১৩ আৰু মই দেখিলোঁ যে এটা ঈগলে আকাশৰ মাজত উৰি উৰি ডাঙৰ মাতেৰে কৈ আছিল, “পৃথিৱীত থকা লোকসকলৰ ওপৰত ডাঙৰ বিপদ আহিব,* কিয়নো আৰু তিনিজন স্বৰ্গদূতে নিজৰ তূৰী বজাবলৈ এতিয়াও বাকী আছে আৰু তেওঁলোকে অলপতে নিজৰ তূৰী বজাব!”
৯ পঞ্চমজন স্বৰ্গদূতে নিজৰ তূৰী বজালে। আৰু মই এটা তৰা দেখিলোঁ, যি আকাশৰ পৰা পৃথিৱীত পৰিছিল আৰু তেওঁক অগাধ ঠাইৰ গাঁতৰ* চাবি দিয়া হʼল। ২ আৰু তেওঁ অগ্নিকুণ্ডৰ গাঁত খুলিলে আৰু কোনো ডাঙৰ অগ্নিকুণ্ডৰ পৰা যিদৰে ধোঁৱা ওলায়, সেইদৰে তাৰ পৰা ধোঁৱা ওলালে আৰু সেই ধোঁৱাৰ কাৰণে সূৰ্য আৰু বতাহ অন্ধকাৰ হৈ পৰিল। ৩ আৰু সেই ধোঁৱাৰ পৰা কাকতী-ফৰিংবোৰ ওলাই পৃথিৱীলৈ আহিল আৰু পৃথিৱীৰ বৃশ্চিকবোৰৰ যিমান শক্তি থাকে, সিমান শক্তি সিহঁতক দিয়া হʼল। ৪ তেওঁলোকক কোৱা হʼল যে তেওঁলোকে যেন পৃথিৱীৰ কোনো ঘাঁহ, উদ্ভিদ আনকি গছ-গছনিৰ ক্ষতি নকৰে, ইয়াৰ পৰিৱৰ্তে সিহঁতে কেৱল সেই লোকসকলৰ ক্ষতি কৰে, যিসকলৰ কপালত ঈশ্বৰৰ মোহৰ মৰা নাই।
৫ আৰু লোকসকলক হত্যা কৰাৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে পাঁচ মাহলৈকে কষ্ট দি থাকিবলৈ কাকতী-ফৰিংবোৰক অধিকাৰ দিয়া হʼল। আৰু লোকসকলে এনেদৰে কষ্ট পাইছিল, যিদৰে বৃশ্চিকে বিন্ধিলে কষ্ট হয়। ৬ আৰু সেই সময়ত লোকসকলে মৰিব বিচাৰিব, কিন্তু তেওঁলোকৰ মৃত্যু নহʼব। তেওঁলোকে মৃত্যুৰ কাৰণে হাবিয়াহ কৰিব, কিন্তু মৃত্যু তেওঁলোকৰ পৰা দূৰলৈ পলাই যাব।
৭ আৰু সেই কাকতী-ফৰিংবোৰ যুদ্ধৰ কাৰণে সাজু কৰা ঘোঁৰাৰ দৰে দেখা গৈছিল। সিহঁতৰ মূৰত সোণৰ কিৰীটিৰ দৰে কিবা আছিল আৰু সিহঁতৰ চেহেৰা মানুহৰ চেহেৰাৰ দৰে আছিল, ৮ কিন্তু সিহঁতৰ চুলি তিৰোতাৰ চুলিৰ নিচিনা দীঘল আছিল। আৰু সিহঁতৰ দাঁত সিংহৰ দাঁতৰ নিচিনা আছিল। ৯ সিহঁতৰ বুকুবৰি লোহাৰ বুকুবৰিৰ দৰে আছিল। সিহঁতৰ ডেউকাৰ শব্দ যুদ্ধলৈ দৌৰা ঘোঁৰাই টনা ৰথৰ শব্দৰ দৰে আছিল। ১০ আৰু সিহঁতৰ নেজত বৃশ্চিকৰ দৰে শুং আছিল আৰু সিহঁতৰ নেজত লোকসকলক পাঁচ মাহলৈকে আঘাত কৰাৰ শক্তি আছিল। ১১ অগাধ ঠাইৰ স্বৰ্গদূত সিহঁতৰ ৰজা আছিল। হিব্ৰু ভাষাত তাৰ নাম আবদ্দোন,* কিন্তু গ্ৰীক ভাষাত তাৰ নাম আপল্লুয়োন।*
১২ প্ৰথম বিপত্তি শেষ হʼল। চোৱা! ইয়াৰ পাছত আৰু দুটা বিপত্তি আহিবলগীয়া আছে।
১৩ ষষ্ঠ স্বৰ্গদূতে নিজৰ তূৰী বজালে। আৰু ঈশ্বৰৰ আগত যি সোণৰ বেদী আছিল, সেই বেদীৰ শিংবোৰৰ পৰা মই এটা মাত শুনিলোঁ। ১৪ সেই ষষ্ঠ স্বৰ্গদূত, যাৰ ওচৰত তূৰী আছিল তেওঁক সেই মাতে এই কথা কʼলে, “মহা-নদী ফৰাতৰ ওচৰত যি চাৰিজন স্বৰ্গদূতক বান্ধি ৰখা হৈছে, তেওঁলোকক এৰি দিয়া।” ১৫ আৰু সেই চাৰিজন স্বৰ্গদূতক, যিসকলক এই সময়, দিন, মাহ আৰু বছৰৰ কাৰণে সাজু কৰা হৈছে, তেওঁলোকক মুকলি কৰা হʼল যাতে তেওঁলোকে তিনি ভাগৰ এভাগ মানুহক হত্যা কৰিব পাৰে।
১৬ অশ্বাৰোহী সেনাৰ সংখ্যা ২০ কোটি আছিল। মই তেওঁলোকৰ সংখ্যা শুনিলোঁ। ১৭ আৰু মই দৰ্শনত সেই ঘোঁৰাবোৰক আৰু যিসকলে সেইবোৰত উঠি আছিল, তেওঁলোকক এনেদৰে দেখিলোঁ: তেওঁলোকৰ বুকুবৰি জলন্ত জুইৰ দৰে ৰঙা আৰু গাঢ় নীলা আৰু গন্ধকৰ দৰে হালধীয়া আছিল। ঘোঁৰাবোৰৰ মূৰ সিংহৰ দৰে আছিল আৰু সিহঁতৰ মুখৰ পৰা জুই, ধোঁৱা আৰু গন্ধক ওলাই আছিল। ১৮ এই তিনিটা বিপত্তিৰ যোগেদি অৰ্থাৎ সিহঁতৰ মুখৰ পৰা ওলোৱা জুই, ধোঁৱা আৰু গন্ধকৰ যোগেদি তিনি ভাগৰ এভাগ লোকক হত্যা কৰা হʼল। ১৯ কাৰণ ঘোঁৰাবোৰৰ শক্তি সিহঁতৰ মুখ আৰু সিহঁতৰ নেজত থাকে। সিহঁতৰ নেজ সাপৰ দৰে হয়, যʼত মূৰ আছে আৰু ইয়াৰ যোগেদি সিহঁতে লোকসকলক ক্ষতি কৰে।
২০ কিন্তু বাকী লোকসকল, যিসকলক এই তিনিটা বিপত্তিৰ যোগেদি হত্যা কৰা হোৱা নাছিল, তেওঁলোকে নিজৰ কামৰ কাৰণে অনুতাপ নকৰিলে আৰু দুষ্ট স্বৰ্গদূতবিলাকৰ আৰু সোণ-ৰূপ, তাম, শিল আৰু কাঠেৰে তৈয়াৰ কৰা মূৰ্তিবোৰক উপাসনা কৰিবলৈ এৰি নিদিলে, যিবোৰে দেখা নাপায়, শুনা নাপায়, আনকি খোজকাঢ়িবও নোৱাৰে। ২১ আৰু তেওঁলোকে যি হত্যা, যাদুবিদ্যা আৰু চুৰ কৰিছিল আৰু অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখিছিল, তাৰ কাৰণে অনুতাপ নকৰিলে।
১০ তাৰ পাছত মই আৰু এজন শক্তিশালী স্বৰ্গদূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ। তেওঁ মেঘ পিন্ধি আছিল আৰু তেওঁৰ মূৰৰ ওপৰত মেঘধনু আছিল। আৰু তেওঁৰ চেহেৰা সূৰ্যৰ দৰে আছিল আৰু তেওঁৰ ভৰি জুইৰ স্তম্ভৰ দৰে আছিল। ২ তেওঁৰ হাতত এখন সৰু নুৰা আছিল, যি খুলি থোৱা আছিল। আৰু তেওঁ নিজৰ সোঁ ভৰি সমুদ্ৰত আৰু বাওঁ ভৰি পৃথিৱীত ৰাখিলে ৩ আৰু সিংহৰ গোঁজৰণিৰ দৰে তেওঁ ডাঙৰ মাতেৰে চিঞৰিলে। আৰু যেতিয়া তেওঁ চিঞৰিলে, তেতিয়া সাতটা মেঘ-গৰ্জনৰ মাত শুনা গʼল।
৪ যেতিয়া সাতটা মেঘ-গৰ্জনৰ মাত শুনা গʼল, তেতিয়া মই লিখিবলৈ গৈ আছিলোঁ, কিন্তু মই স্বৰ্গৰ পৰা এটা মাত শুনিলোঁ, যিয়ে কৈ আছিল, “সাতটা মেঘ-গৰ্জনে যিবোৰ কথা কʼলে, সেইবোৰ মোহৰ মাৰি দিয়া আৰু সেইবোৰ নিলিখিবা।” ৫ মই যিজন স্বৰ্গদূতক সমুদ্ৰ আৰু পৃথিৱীত থিয় হৈ থকা দেখিলোঁ, তেওঁ নিজৰ সোঁহাত স্বৰ্গৰ ফালে উঠালে ৬ আৰু সেইজন ঈশ্বৰৰ শপত খালে, যিজন সদায় কাললৈকে জীয়াই থাকে, যিজনে আকাশ আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে আৰু সমুদ্ৰ আৰু তাত যি যি আছে, সেই সকলোকে সৃষ্টি কৰিলে আৰু কʼলে, “এতিয়া আৰু দেৰি নহʼব। ৭ কিন্তু যিবোৰ দিনত সপ্তম স্বৰ্গদূতে নিজৰ তূৰী বজাবলৈ সাজু হʼব, তেতিয়া ঈশ্বৰৰ সেই পবিত্ৰ ৰহস্য সমাপ্ত হʼব, যি তেওঁ নিজৰ দাসসকলক অৰ্থাৎ ভৱিষ্যবক্তাসকলক শুভবাৰ্তা হিচাপে জনাইছিল।”
৮ আকৌ এবাৰ মই স্বৰ্গৰ পৰা এই মাত শুনিলোঁ, “যিয়ে মোক কৈ আছিল যোৱা সমুদ্ৰ আৰু পৃথিৱীত যিজন স্বৰ্গদূত থিয় হৈ আছে, তেওঁৰ হাতৰ পৰা খুলি থোৱা নুৰা লৈ লোৱা।” ৯ তেতিয়া মই সেই স্বৰ্গদূতৰ ওচৰলৈ গʼলোঁ আৰু মই তেওঁৰ পৰা সেই সৰু নুৰা খুজিলোঁ। তেওঁ মোক কʼলে, “লোৱা আৰু ইয়াক খোৱা। ইয়ে তোমাৰ পেট তিতা কৰিব, কিন্তু তোমাৰ মুখত ই মৌৰ দৰে মিঠা লাগিব।” ১০ আৰু মই স্বৰ্গদূতৰ হাতৰ পৰা সেই সৰু নুৰা লʼলোঁ আৰু সেয়া খালোঁ। সেয়া মোৰ মুখত মৌৰ দৰে মিঠা লাগিল। কিন্তু সেয়া খোৱাৰ পাছত মোৰ পেট তিতা হʼল। ১১ আৰু মোক কোৱা হʼল, “তুমি জাতি, ৰাষ্ট্ৰ, বেলেগ বেলেগ ভাষাৰ লোকসকলৰ আৰু বহুতো ৰজাৰ বিষয়ে আকৌ ভৱিষ্যবাণী কৰিব লাগিব।”
১১ আৰু মোক লাঠিৰ* নিচিনা নলখাগৰি দিয়া হʼল আৰু মোক কোৱা হʼল, “উঠা আৰু ঈশ্বৰৰ মন্দিৰৰ পবিত্ৰ-স্থান আৰু তাৰ বেদীৰ জোখ লোৱা আৰু মন্দিৰত উপাসনা কৰা লোকসকলৰ সংখ্যা গণনা কৰা। ২ কিন্তু মন্দিৰৰ পবিত্ৰ-স্থানৰ বাহিৰত থকা চোতালখনক এৰি দিয়া, তাৰ জোখ নলʼবা, কিয়নো এই চোতাল আন ৰাষ্ট্ৰক দিয়া হৈছে আৰু তেওঁলোকে ৪২ মাহলৈকে পবিত্ৰ নগৰক নিজৰ ভৰিৰে গচকিব। ৩ মই নিজৰ দুজন সাক্ষীক পঠাম যাতে তেওঁলোকে ডাঠ কাপোৰ পিন্ধি ১,২৬০ দিনলৈকে ভৱিষ্যবাণী কৰে।” ৪ জলফাইৰ দুজোপা গছ আৰু দুটা দীপাধাৰ সেই দুজন সাক্ষীৰ চিন হয় আৰু তেওঁলোকে গোটেই পৃথিৱীৰ মালিকৰ আগত থিয় হৈ আছে।
৫ যদি কোনোবাই সেই দুজন সাক্ষীক হানি কৰিব বিচাৰে, তেনেহʼলে তেওঁলোকৰ মুখৰ পৰা জুই ওলায় আৰু তেওঁলোকৰ শত্ৰুসকলক ভষ্ম কৰি দিয়ে। যি কোনোৱে তেওঁলোকক হানি কৰিব বিচাৰে, তেওঁক এইদৰেই হত্যা কৰা হʼব। ৬ তেওঁলোকৰ ওচৰত আকাশ* বন্ধ কৰি দিয়াৰ অধিকাৰ আছে যাতে তেওঁলোকে ভৱিষ্যবাণী কৰা দিনবোৰত বৰষুণ নহয়। আৰু পানীক তেজলৈ সলনি কৰা আৰু যেতিয়াই বিচাৰে, তেতিয়াই পৃথিৱীত সকলো ধৰণৰ বিপত্তি অনাৰ অধিকাৰো তেওঁলোকৰ আছে।
৭ আৰু তেওঁলোকৰ সাক্ষ্য দিয়াৰ কাম শেষ হোৱাৰ পাছত অগাধ ঠাইৰ পৰা ওলাই অহা বনৰীয়া জন্তুৱে তেওঁলোকৰ লগত যুদ্ধ কৰিব আৰু তেওঁলোকৰ ওপৰত জয়লাভ কৰি তেওঁলোকক হত্যা কৰিব। ৮ আৰু তেওঁলোকৰ মৃতদেহ সেই মহা-নগৰৰ প্ৰধান ৰাস্তাত পৰি থাকিব, যি লাক্ষণিক অৰ্থত চদোম আৰু মিচৰ বুলি কোৱা হয়, যʼত তেওঁলোকৰ প্ৰভুকো কাঠত আঁৰি হত্যা কৰা হৈছিল। ৯ আৰু জাতি, গোষ্ঠী, ভাষা আৰু ৰাষ্ট্ৰৰ লোকসকলে চাৰে তিনি দিনলৈকে তেওঁলোকৰ মৃতদেহ চাই থাকিব আৰু তেওঁলোকৰ মৃতদেহক কবৰত থʼবলৈ নিদিব। ১০ আৰু পৃথিৱীত থকা লোকসকলে তেওঁলোকৰ মৃত্যুত সুখী হʼব আৰু আনন্দ-ফূৰ্তি কৰিব আৰু এজনে-আনজনক উপহাৰ পঠিয়াব, কিয়নো সেই দুজন ভৱিষ্যবক্তাই পৃথিৱীত থকা লোকসকলক নিজৰ বাৰ্তাৰ পৰা যাতনা দিছিল।
১১ চাৰে তিনি দিনৰ পাছত ঈশ্বৰৰ ফালৰ পৰা জীৱন-শক্তি তেওঁলোকৰ ভিতৰত সোমালে আৰু তেওঁলোকে নিজৰ ভৰিত থিয় হʼল আৰু যিসকলে তেওঁলোকক চাই আছিল, তেওঁলোকে খুব ভয় খালে। ১২ আৰু তেওঁলোকে আকাশৰ পৰা এটা ডাঙৰ মাত শুনিবলৈ পালে, যিয়ে তেওঁলোকক কৈ আছিল, “ইয়াত ওপৰলৈ আহা।” আৰু তেওঁলোকে মেঘত আকাশলৈ গʼল আৰু তেওঁলোকৰ শত্ৰুৱে তেওঁলোকক দেখিলে।* ১৩ সেই সময়তে এটা ডাঙৰ ভূমিকম্প হʼল আৰু সেই নগৰৰ দহ ভাগৰ এভাগ ধ্বংস হʼল। সেই ভূমিকম্পত ৭,০০০ লোকৰ মৃত্যু হʼল আৰু বাকী লোকসকলে খুব ভয় খালে আৰু তেওঁলোকে স্বৰ্গৰ ঈশ্বৰৰ মহিমা কৰিলে।
১৪ দ্বিতীয় বিপত্তি শেষ হʼল। চোৱা! তৃতীয় বিপত্তি অতি সোনকালে আহি আছে।
১৫ সপ্তম স্বৰ্গদূতজনে নিজৰ তূৰী বজালে। স্বৰ্গত ডাঙৰ মাত শুনিবলৈ পোৱা গʼল, যিয়ে কৈ আছিল, “জগতৰ ৰাজ্য এতিয়া আমাৰ মালিক আৰু তেওঁৰ খ্ৰীষ্টৰ হৈ গʼল আৰু তেওঁ ৰজা হিচাপে সদায় কাললৈকে শাসন কৰিব।”
১৬ আৰু ২৪ জন প্ৰাচীন, যিসকলে ঈশ্বৰৰ আগত নিজৰ সিংহাসনত বহি আছিল, তেওঁলোকে উবুৰি হৈ পৰিল আৰু এইদৰে কৈ ঈশ্বৰৰ উপাসনা কৰিবলৈ ধৰিলে, ১৭ “সৰ্বশক্তিমান ঈশ্বৰ যিহোৱা,* তুমি যি আছিলা আৰু আছা, আমি তোমাক ধন্যবাদ দিওঁ, কিয়নো তুমি নিজৰ মহা-শক্তিৰে ৰজা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰিলা। ১৮ কিন্তু ৰাষ্ট্ৰই ক্ৰোধিত হʼল আৰু তোমাৰ ক্ৰোধ তেওঁলোকৰ ওপৰত আহি পৰিছে। মৃত লোকসকলক ন্যায় কৰিবলৈ আৰু তোমাৰ দাসসকলক অৰ্থাৎ ভৱিষ্যবক্তাসকলক আৰু পবিত্ৰ লোকসকলক আৰু তোমাৰ নামলৈ ভয় ৰাখোঁতা সৰু-ডাঙৰ সকলোৱে পুৰস্কাৰ পাবলৈ আৰু পৃথিৱীক ধ্বংস কৰা লোকসকলক শেষ কৰিবলৈ নিৰ্ধাৰিত সময় আহি পৰিছে।”
১৯ আৰু স্বৰ্গত ঈশ্বৰৰ মন্দিৰৰ পবিত্ৰ-স্থান খোলা হʼল আৰু তাৰ চুক্তিৰ চন্দুক মন্দিৰৰ পবিত্ৰ-স্থানত দেখা গʼল। আৰু বিজুলী মাৰিলে, ডাঙৰ মাত আৰু মেঘ-গৰ্জন শুনা গʼল আৰু ভূমিকম্প হʼল আৰু ডাঙৰ ডাঙৰ শিলাবৃষ্টি হʼল।
১২ তাৰ পাছত স্বৰ্গত এটা ডাঙৰ চিন দেখা গʼল: এগৰাকী তিৰোতাই সূৰ্যক পিন্ধিছিল আৰু তাইৰ ভৰিৰ তলত চন্দ্ৰ আছিল আৰু তাইৰ মূৰত ১২ টা তৰাৰ কিৰীটি আছিল ২ আৰু তাই গৰ্ভৱতী আছিল। বিষৰ কাৰণে তাই চিঞৰি আছিল আৰু প্ৰসৱ বেদনাৰ কাৰণে চটফটাই আছিল।
৩ তাৰ পাছত স্বৰ্গত আৰু এটা চিন দেখা গʼল আৰু চোৱা! জুইৰ দৰে ৰঙা ৰঙৰ এটা ডাঙৰ ভয়ানক অজগৰ দেখিবলৈ পোৱা গʼল, যাৰ সাতটা মূৰ আৰু দহটা শিং আছিল আৰু তাৰ মূৰত সাতটা কিৰীটি আছিল। ৪ সি নিজৰ নেজডালেৰে আকাশৰ তিনি ভাগৰ এভাগ তৰা টানি আনি পৃথিৱীত পেলাই দিলে। আৰু অজগৰে সেই তিৰোতাৰ ওচৰত থিয় হৈ আছিল যাতে তিৰোতাই সন্তান জন্ম দিয়াৰ লগে লগেই সি সন্তানটিক গিলিব পাৰে।
৫ সেই তিৰোতাই এটি লʼৰাক জন্ম দিলে, যিজনে ৰখীয়াৰ দৰে সকলো ৰাষ্ট্ৰক লোহাৰ দণ্ডেৰে শাসন কৰিব। সেই তিৰোতাৰ সন্তানক কাঢ়ি* ঈশ্বৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ লৈ যোৱা হʼল। ৬ সেই তিৰোতাই অৰণ্যলৈ পলাই গʼল, যʼত ঈশ্বৰে তাইৰ কাৰণে এখন ঠাই তৈয়াৰ কৰিছিল যাতে তাত ১,২৬০ দিনলৈকে তাইৰ যত্ন লোৱা হয়।
৭ আৰু স্বৰ্গত যুদ্ধ আৰম্ভ হʼল: মীখায়েল* আৰু তেওঁৰ স্বৰ্গদূতসকলে অজগৰৰ লগত যুদ্ধ কৰিলে আৰু অজগৰ আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাকে তেওঁলোকৰ লগত যুদ্ধ কৰিলে। ৮ কিন্তু অজগৰ আৰু দুষ্ট স্বৰ্গদূতবিলাকে জয়ী হʼব নোৱাৰিলে আৰু স্বৰ্গত সিহঁতৰ কাৰণে আৰু কোনো ঠাই নাথাকিল। ৯ সেইবাবে, সেই ডাঙৰ ভয়ানক অজগৰ অৰ্থাৎ পুৰণি সাপ, যাক দিয়াবল আৰু চয়তান বুলি কোৱা হয় আৰু যিয়ে গোটেই জগতক* ভুল পথলৈ নিয়ে, তাক পৃথিৱীলৈ পেলাই দিয়া হʼল আৰু তাৰ দুষ্ট স্বৰ্গদূতবিলাককো তাৰ লগতে পেলাই দিয়া হʼল। ১০ আৰু মই স্বৰ্গৰ পৰা এটা ডাঙৰ মাতেৰে এই কথাবোৰ কোৱা শুনিলোঁ:
“আমাৰ ঈশ্বৰৰ ফালৰ পৰা উদ্ধাৰ আৰু তেওঁৰ শক্তি আৰু তেওঁৰ ৰাজ্য আৰু তেওঁৰ খ্ৰীষ্টৰ অধিকাৰ এতিয়া প্ৰকাশ হʼল। কিয়নো আমাৰ ভাইসকলৰ ওপৰত দোষাৰোপ কৰাজনক তললৈ পেলাই দিয়া হʼল, যিয়ে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকক দোষাৰোপ কৰিছিল! ১১ আৰু তেওঁলোকে ভেড়া পোৱালিৰ তেজৰ কাৰণে আৰু সেই বাৰ্তাৰ কাৰণে, যাৰ বিষয়ে তেওঁলোকে সাক্ষ্য দিছিল, তাৰ ওপৰত জয়লাভ কৰিলে আৰু মৃত্যুৰ সন্মুখীন হোৱাৰ সময়তো নিজৰ জীৱনৰ বিষয়ে চিন্তা নকৰিলে। ১২ সেইবাবে, হে স্বৰ্গ আৰু তাত থকাসকল, আনন্দ কৰা! হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ ওপৰত ডাঙৰ সমস্যা আহি পৰিছে, কিয়নো চয়তান তোমালোকৰ ওচৰলৈ নামি আহিছে আৰু সি বহুত ক্ৰোধত আছে, কিয়নো সি জানে যে তাৰ বহুত কম সময় বাকী আছে।”
১৩ যেতিয়া অজগৰে দেখিলে যে তাক পৃথিৱীত পেলাই দিয়া হʼল, তেতিয়া সি সেই তিৰোতাৰ ওপৰত অত্যাচাৰ কৰিলে, যিগৰাকীয়ে লʼৰাটিক জন্ম দিছিল। ১৪ কিন্তু তিৰোতাগৰাকীক ডাঙৰ ঈগলৰ দুখন ডেউকা দিয়া হʼল যাতে তাই উৰি অৰণ্যত সেই ঠাইলৈ গুচি যায়, যি তাইৰ কাৰণে তৈয়াৰ কৰা হৈছিল আৰু তাত সাপৰ পৰা দূৰত এক কাল, দুই কাল আৰু অৰ্ধ কালৰ* কাৰণে তাইৰ যত্ন লোৱা হয়।
১৫ আৰু সাপে সেই তিৰোতাৰ পিছফালে নিজৰ মুখৰ পৰা নদীৰ পানীৰ নিচিনা সোঁত এৰি দিলে যাতে তিৰোতাই নদীত ডুবি যায়। ১৬ কিন্তু পৃথিৱীয়ে তিৰোতাক সহায় কৰিলে আৰু পৃথিৱীয়ে নিজৰ মুখ মেলিলে আৰু সেই নদীক গিলি পেলালে, যি অজগৰে নিজৰ মুখৰ পৰা উলিয়াইছিল। ১৭ আৰু তিৰোতাৰ ওপৰত অজগৰৰ খং উঠিল আৰু সেই তিৰোতাৰ বংশৰ* বাকী থকা লোকসকলৰ লগত যুদ্ধ কৰিবলৈ ওলাই গʼল, যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যিসকলে যীচুৰ বিষয়ে সাক্ষ্য দিয়াৰ কাম পাইছে।
১৩ আৰু সি* সমুদ্ৰৰ বালিত গৈ থিয় হʼল।
আৰু মই এটা বনৰীয়া জন্তুক সমুদ্ৰৰ পৰা ওলাই অহা দেখিলোঁ, যাৰ দহটা শিং আৰু সাতটা মূৰ আছিল। তাৰ শিংবোৰত দহটা কিৰীটি আছিল, কিন্তু তাৰ মূৰবোৰত ঈশ্বৰক নিন্দা কৰা নাম লিখা আছিল। ২ মই যি বনৰীয়া জন্তু দেখিলোঁ, সেয়া দেখাত এটা নাহৰফুটুকী বাঘৰ নিচিনা আছিল, কিন্তু তাৰ ভৰি ভালুকৰ নিচিনা আৰু তাৰ মুখ সিংহৰ মুখৰ নিচিনা আছিল। আৰু অজগৰে তাক শক্তি, সিংহাসন আৰু ডাঙৰ অধিকাৰ দিছিল।
৩ পাছত মই দেখাত এনে লাগিল যেন তাৰ এটা মূৰ বেয়াকৈ আঘাত কৰা হৈছিল, কিন্তু সেই মৃত্যুজনক ঘা সুস্থ কৰা হʼল আৰু গোটেই পৃথিৱীয়ে সেই বনৰীয়া জন্তুৰ প্ৰশংসা কৰি কৰি তাৰ পিছে পিছে গʼল। ৪ আৰু তেওঁলোকে অজগৰৰ পূজা কৰিলে, কিয়নো সি বনৰীয়া জন্তুক অধিকাৰ দিছিল। আৰু সিহঁতে এইদৰে কৈ বনৰীয়া জন্তুৰ পূজা কৰিলে, “এই বনৰীয়া জন্তুৰ দৰে কোন আছে আৰু কোনে ইয়াৰ লগত যুদ্ধ কৰিব পাৰে?” ৫ তাক ডাঙৰ ডাঙৰ কথা কʼবলৈ আৰু ঈশ্বৰৰ নিন্দা কৰিবলৈ এখন মুখ দিয়া হʼল আৰু তাক ৪২ মাহলৈকে নিজৰ ইচ্ছামতে কাম কৰিবলৈ অধিকাৰ দিয়া হʼল। ৬ আৰু সি ঈশ্বৰৰ নিন্দা কৰিবলৈ নিজৰ মুখ মেলে যাতে সি তেওঁৰ নাম, তেওঁৰ বাসস্থান, আনকি স্বৰ্গত থকাসকলৰ নিন্দা কৰিব পাৰে। ৭ আৰু তাক পবিত্ৰ লোকসকলৰ লগত যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয়ী কৰিবলৈ অনুমতি দিয়া হʼল আৰু প্ৰতিটো গোষ্ঠী, জাতি, ভাষা আৰু ৰাষ্ট্ৰৰ লোকসকলৰ ওপৰত অধিকাৰ দিয়া হʼল। ৮ আৰু পৃথিৱীত থকা সকলোৱে তাৰ পূজা কৰিব। তেওঁলোকৰ মাজৰ এজনৰো নাম বলি কৰা ভেড়া পোৱালিৰ জীৱনৰ কিতাপত* লিখা নহʼল, যি জগতৰ আৰম্ভণিৰে পৰা লিখা হৈ আছে।
৯ কাণ পাতি শুনা যে কি কোৱা হৈছে। ১০ যদি কাৰোবাক বন্দী কৰিবলগীয়া আছে, তেনেহʼলে তেওঁক বন্দী কৰা হʼব। কোনোৱে যদি কাৰোবাক তৰোৱালেৰে হত্যা কৰে,* তেনেহʼলে তেওঁক তৰোৱালেৰে হত্যা কৰিব লাগিব। এই কাৰণে পবিত্ৰ লোকসকলে ধৈৰ্য ধৰা আৰু বিশ্বাস কৰাটো প্ৰয়োজন।
১১ তাৰ পাছত মই আৰু এটা বনৰীয়া জন্তুক পৃথিৱীৰ পৰা ওপৰলৈ অহা দেখিলোঁ। তাৰ ভেড়া পোৱালিৰ শিঙৰ নিচিনা দুটা শিং আছিল, কিন্তু সি অজগৰৰ দৰে কথা কʼবলৈ ধৰিলে। ১২ আৰু সেই জন্তুৱে প্ৰথম বনৰীয়া জন্তুৰ ওচৰত তাৰ সকলো অধিকাৰ চলায়। আৰু সি পৃথিৱী আৰু তাত থকা লোকসকলক সেই প্ৰথম বনৰীয়া জন্তুৰ পূজা কৰায়, যাৰ মৃত্যুজনক ঘা সুস্থ হৈ গৈছিল। ১৩ আৰু সেই জন্তুৱে ডাঙৰ ডাঙৰ চমৎকাৰ কৰে, আনকি সি লোকসকলৰ আগত আকাশৰ পৰা পৃথিৱীলৈ জুই বৰষায়।
১৪ তাক বনৰীয়া জন্তুৰ আগত চমৎকাৰ কৰিবলৈ অনুমতি দিয়া হৈছিল আৰু সি চমৎকাৰ দেখুৱাই পৃথিৱীত থকা লোকসকলক ভুল পথলৈ নিয়ে। লগতে সি সেই বনৰীয়া জন্তুৰ মূৰ্তি বনাবলৈ পৃথিৱীত থকা লোকসকলক কয়, যি তৰোৱালেৰে আঘাত পোৱাৰ পাছতো বাচি গৈছিল। ১৫ আৰু তাক বনৰীয়া জন্তুৰ মূৰ্তিত জীৱন দিবলৈ অনুমতি দিয়া হʼল যাতে তাৰ মূৰ্তিয়ে কথা কʼব পাৰে আৰু সেই সকলোকে মাৰি পেলায়, যিসকলে বনৰীয়া জন্তুৰ মূৰ্তিক পূজা কৰিবলৈ অস্বীকাৰ কৰে।
১৬ সেই জন্তুৱে সৰু আৰু ডাঙৰ, দুখীয়া আৰু ধনী, স্বাধীন আৰু দাস সকলোৰে সোঁহাতত বা কপালত চিন লগাবলৈ তেওঁলোকৰ লগত জোৰ-জবৰদস্তি কৰে ১৭ আৰু যিজনৰ এই চিন অৰ্থাৎ বনৰীয়া জন্তুৰ নাম বা তাৰ নামৰ সংখ্যা নাথাকে, তেওঁ কিনিবও নোৱাৰে আৰু বেচিবও নোৱাৰে। ১৮ এই কথা বুজিবলৈ বুদ্ধিৰ প্ৰয়োজন: যিজনৰ অন্তৰ্দৃষ্টি আছে, তেওঁ সেই বনৰীয়া জন্তুৰ সংখ্যাৰ হিচাপ কৰক, কাৰণ এয়া এজন মানুহৰ সংখ্যা হয় আৰু ইয়াৰ সংখ্যা হৈছে ৬৬৬.
১৪ তাৰ পাছত চোৱা মই কি দেখিলোঁ! ভেড়া পোৱালি চিয়োন পাহাৰত থিয় হৈ আছে আৰু তেওঁৰ লগত ১,৪৪,০০০ জন থিয় হৈ আছে, যিসকলৰ কপালত তেওঁৰ নাম আৰু তেওঁৰ পিতৃৰ নাম লিখা আছে। ২ আৰু মই স্বৰ্গৰ পৰা এটা মাত শুনিলোঁ, যি পানীৰ বহুতো সোঁতৰ মাত আৰু তীব্ৰ মেঘ-গৰ্জনৰ দৰে লাগিছিল। আৰু মই যি মাত শুনিছিলোঁ, সেয়া এনে আছিল যেন গায়কসকলে নিজৰ বীণা বজাই আছে। ৩ আৰু তেওঁলোকে সিংহাসনৰ আগত আৰু চাৰিটা জীৱিত প্ৰাণী আৰু প্ৰাচীনসকলৰ আগত যেন এটা নতুন গীত গাই আছে। পৃথিৱীৰ পৰা যিসকলক কিনা হৈছে, সেই ১,৪৪,০০০ জনৰ বাহিৰে আৰু কোনেও সেই গান শিকিব নোৱাৰিলে। ৪ এওঁলোক সেই লোকসকলেই হয়, যিসকলে তিৰোতাৰ লগত নিজকে দুষিত নকৰিলে। আচলতে এওঁলোক কুমাৰ। এওঁলোক সেই লোকসকলেই হয়, যিসকলে ভেড়া পোৱালি যʼলৈকে যায়, তেওঁৰ পিছে পিছে তালৈ যায়। এওঁলোকক মানুহৰ মাজৰ পৰা ঈশ্বৰ আৰু ভেড়া পোৱালিৰ কাৰণে প্ৰথম ফল হিচাপে কিনা হৈছিল ৫ আৰু তেওঁলোকে কেতিয়াও ছলনা কথা কোৱা নাই। তেওঁলোক নিৰ্দোষী হয়।
৬ তাৰ পাছত মই আৰু এটা স্বৰ্গদূতক দেখিলোঁ, যিজন আকাশৰ মাজত* উৰি আছিল আৰু তেওঁৰ ওচৰত সদায় বৰ্তি থকা শুভবাৰ্তা আছিল যাতে তেওঁ ইয়াক পৃথিৱীত থকা লোকসকলক অৰ্থাৎ সকলো ৰাষ্ট্ৰ, গোষ্ঠী, ভাষা আৰু জাতিৰ লোকসকলক শুনাব পাৰে। ৭ সেই স্বৰ্গদূতজনে ডাঙৰ মাতেৰে কৈ আছিল, “ঈশ্বৰক ভয় কৰা আৰু তেওঁৰ মহিমা কৰা, কিয়নো তেওঁৰ ন্যায় কৰাৰ দিন আহি পৰিছে। সেইবাবে, সেই ঈশ্বৰৰ উপাসনা কৰা, যিজনে আকাশ, পৃথিৱী, সমুদ্ৰ আৰু পানীৰ ভুমুক বনাইছে।”
৮ ইয়াৰ পাছত দ্বিতীয়জন স্বৰ্গদূত আহিলে আৰু এইদৰে কʼলে, “তাই পৰিল! মহা-বাবিল পৰিল, তাই সকলো ৰাষ্ট্ৰক নিজৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ,* হয় নিজৰ কামভাৱৰ* দ্ৰাক্ষাৰস খোৱালে!”
৯ ইয়াৰ পাছত তৃতীয়জন স্বৰ্গদূতে ডাঙৰ মাতেৰে এইদৰে কৈ কৈ আহিল, “যদি কোনোবাই সেই বনৰীয়া জন্তু আৰু তাৰ মূৰ্তিক পূজা কৰে আৰু নিজৰ কপালত বা হাতত চিন লগায়, ১০ তেনেহʼলে তেওঁ ঈশ্বৰৰ ক্ৰোধৰ দ্ৰাক্ষাৰস খাব, যি ঈশ্বৰৰ ক্ৰোধৰ পাত্ৰত মিহলি নকৰাকৈ ঢালি দিয়া হৈছে আৰু তেওঁক পবিত্ৰ স্বৰ্গদূতৰ আগত আৰু ভেড়া পোৱালিৰ আগত জুই আৰু গন্ধকেৰে কষ্ট দিয়া হʼব। ১১ আৰু যি জুইত তেওঁলোকক কষ্ট দিয়া হʼব, তাৰ পৰা* সদায় ধোঁৱা ওলাই থাকিব আৰু তেওঁলোকে দিনে-ৰাতিয়ে কেতিয়াও শান্তি নাপাব, হয় সেই লোকসকলে, যিসকলে বনৰীয়া জন্তু আৰু তাৰ মূৰ্তিক পূজা কৰে আৰু তাৰ নামৰ মোহৰ লগায়। ১২ এই কাৰণে পবিত্ৰ লোকসকলে ধৈৰ্য ধৰাটো প্ৰয়োজন, যিসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ ওপৰত বিশ্বাস* কৰিবলৈ এৰি নিদিয়ে।”
১৩ আৰু মই স্বৰ্গৰ পৰা এই মাত শুনিলোঁ, “লিখি লোৱা: সুখী তেওঁলোক, যিসকলে এতিয়াৰ পৰা প্ৰভুৰ লগত একতাত মৰিব। হয়, পবিত্ৰ শক্তিয়ে কয়, এতিয়া তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ পৰা আৰাম পাওক, কিয়নো তেওঁলোকে যি কাম কৰিলে, সেয়া পাহৰি যোৱা নহʼব।”*
১৪ তাৰ পাছত চোৱা মই কি দেখিলোঁ! এডোখৰ বগা মেঘ আছিল, যাৰ ওপৰত মানুহৰ পুত্ৰৰ দৰে কোনোবাই বহি আছে। তেওঁৰ মূৰত সোণৰ কিৰীটি আৰু তেওঁৰ হাতত চোকা কাচি আছে।
১৫ তাৰ পাছত মন্দিৰৰ পবিত্ৰ-স্থানৰ পৰা আৰু এজন স্বৰ্গদূত ওলাল আৰু মেঘৰ ওপৰত বহাজনক ডাঙৰ মাতেৰে কʼলে, “নিজৰ কাচি লগাই শস্য দোৱা, কিয়নো দাবৰ সময় হʼল আৰু পৃথিৱীৰ শস্য সম্পূৰ্ণৰূপে পকি গৈছে।” ১৬ আৰু মেঘৰ ওপৰত বহাজনে পৃথিৱীৰ ওপৰত নিজৰ কাচি লগালে আৰু পৃথিৱীৰ শস্য দোৱা হʼল।
১৭ তাৰ পাছত স্বৰ্গত থকা মন্দিৰৰ পবিত্ৰ-স্থানৰ পৰা আৰু এজন স্বৰ্গদূত ওলাল। তেওঁৰ ওচৰতো এখন চোকা কাচি আছিল।
১৮ তাৰ পাছত বেদীৰ পৰা আৰু এজন স্বৰ্গদূত ওলাল, যিজনে জুইৰ ওপৰত অধিকাৰ পাইছিল। তেওঁ ডাঙৰ মাতেৰে সেই স্বৰ্গদূতজনক মাতিলে, যিজনৰ ওচৰত চোকা কাচি আছিল আৰু তেওঁক কʼলে, “নিজৰ কাচি লগাই পৃথিৱীৰ আঙুৰ লতাৰ থোক গোটোৱা, কিয়নো তাৰ আঙুৰ পকি গৈছে।” ১৯ আৰু সেই স্বৰ্গদূতজনে পৃথিৱীত নিজৰ কাচি লগালে আৰু পৃথিৱীৰ আঙুৰ লতাৰ থোকবোৰ গোটালে। তেওঁ সেইবোৰ আঙুৰ পেৰা সেই ডাঙৰ গাঁতত পেলাই দিলে, যি ঈশ্বৰৰ ক্ৰোধক চিত্ৰিত কৰে। ২০ চহৰৰ বাহিৰত আঙুৰ পেৰা সেই গাঁতত আঙুৰ পেৰা হʼল আৰু তাৰ পৰা যি তেজ ওলাল, সেয়া ঘোঁৰাৰ লেকামলৈকে ওখ হৈ প্ৰায় ৩০০ কিলোমিটাৰ* দূৰলৈকে বিয়পি গʼল।
১৫ তাৰ পাছত মই স্বৰ্গত আৰু এটা ডাঙৰ আৰু আশ্চৰ্য্য চিন দেখিলোঁ। সাতটা বিপত্তি লৈ থকা সাতজন স্বৰ্গদূতক মই দেখিলোঁ। এইবোৰ শেষ বিপত্তি হয়, কিয়নো এইবোৰৰ যোগেদি ঈশ্বৰৰ ক্ৰোধ অন্ত হয়।
২ আৰু মই এনে কিবা দেখিলোঁ, যি কাঁচৰ দৰে সমুদ্ৰ যেন লাগিছিল আৰু তাত জুই মিহলি হৈ আছিল। আৰু সমুদ্ৰৰ ওচৰত সেই লোকসকলক থিয় হৈ থকা দেখিলোঁ, যিসকলে বনৰীয়া জন্তু আৰু সিহঁতৰ মূৰ্তি আৰু সিহঁতৰ নামৰ সংখ্যাৰ ওপৰত জয়লাভ কৰিছিল। তেওঁলোকে ঈশ্বৰৰ বীণা লৈ থিয় হৈ আছিল। ৩ তেওঁলোকে ঈশ্বৰৰ দাস মোচিৰ আৰু ভেড়া পোৱালিৰ এই গীত গাই আছিল:
“হে সৰ্বশক্তিমান ঈশ্বৰ যিহোৱা,* তোমাৰ কাম কিমান মহান আৰু আচৰিতজনক। হে চিৰকালৰ ৰজা, তোমাৰ পথ কিমান ভাল আৰু সত্য। ৪ হে যিহোৱা,* কেৱল তুমিয়েই বিশ্বাসী, সেইবাবে কোনে তোমাক ভয় নকৰিব আৰু তোমাৰ নামৰ মহিমা নকৰিব? সকলো ৰাষ্ট্ৰ তোমাৰ ওচৰলৈ আহিব আৰু তোমাৰ উপাসনা কৰিব, কিয়নো তেওঁলোকক তোমাৰ ভাল আদেশ প্ৰকাশ কৰা হৈছে।”
৫ ইয়াৰ পাছত মই দেখিলোঁ, স্বৰ্গত সাক্ষ্যৰ তম্বুৰ পবিত্ৰ-স্থান খোলা হʼল ৬ আৰু সাতটা বিপত্তি লৈ থকা সাতজন স্বৰ্গদূত সেই পবিত্ৰ-স্থানৰ পৰা ওলালে। তেওঁলোকে পৰিষ্কাৰ আৰু উজ্জ্বল কাপোৰ পিন্ধিছিল আৰু সোণৰ বুকুপটা বান্ধিছিল। ৭ আৰু চাৰিটা জীৱিত প্ৰাণীৰ মাজৰ পৰা এটাই সেই সাতজন স্বৰ্গদূতক সোণৰ সাতটা পাত্ৰ দিলে, যʼত সেইজন ঈশ্বৰৰ ক্ৰোধ ভৰি আছিল, যিজন সদায় কাললৈকে জীয়াই থাকে। ৮ আৰু ঈশ্বৰৰ মহিমা আৰু শক্তিৰ কাৰণে সেই ভৱন ধোঁৱাৰে ভৰি গʼল আৰু সাতজন স্বৰ্গদূতৰ সাতটা বিপত্তি শেষ নোহোৱালৈকে কোনেও পবিত্ৰ-স্থানৰ ভিতৰলৈ সোমাব নোৱাৰিলে।
১৬ তাৰ পাছত মই পবিত্ৰ-স্থানৰ পৰা এটা ডাঙৰ মাত শুনিলোঁ, যিয়ে সাতজন স্বৰ্গদূতক কৈ আছিল, “যোৱা আৰু ঈশ্বৰৰ ক্ৰোধৰ সাতটা বাটি পৃথিৱীত ঢালি দিয়া।”
২ প্ৰথমজন স্বৰ্গদূত আহিল আৰু তেওঁ নিজৰ বাটি পৃথিৱীত ঢালিলে। আৰু যিসকলৰ ওপৰত বনৰীয়া জন্তুৰ চিন আছিল আৰু যিসকলে তাৰ মূৰ্তিক পূজা কৰি আছিল, তেওঁলোক বেদনাদায়ক আৰু ভয়ানক ঘাৰে পীড়িত হʼল।
৩ দ্বিতীয়জন স্বৰ্গদূতে নিজৰ বাটি সমুদ্ৰত ঢালি দিলে। আৰু সমুদ্ৰ মৃত লোকৰ তেজৰ দৰে হৈ গʼল আৰু সমুদ্ৰৰ আটাই প্ৰাণী মৰি গʼল।
৪ তৃতীয়জন স্বৰ্গদূতে নিজৰ বাটি নদী আৰু পানীৰ ভুমুকত ঢালি দিলে। তেতিয়া সেইবোৰ তেজলৈ সলনি হʼল। ৫ যিজন স্বৰ্গদূতক পানীৰ ওপৰত অধিকাৰ দিয়া হৈছিল, তেওঁক মই এইদৰে কোৱা শুনিলোঁ, “হে বিশ্বাসী ঈশ্বৰ, তুমি যি আছিলা আৰু যি আছা, তুমি সদায় সঠিক কাম কৰা, কিয়নো তুমি এইবোৰ নিৰ্ণয় শুনাই ন্যায় কৰিলা, ৬ কিয়নো তেওঁলোকে পবিত্ৰ লোক আৰু ভৱিষ্যবক্তাসকলৰ ৰক্তপাত কৰিছিল। তুমি তেওঁলোকক খাবলৈ তেজ দিলা। এওঁলোক ইয়াৰেই যোগ্য।” ৭ আৰু মই বেদীক এইদৰে কোৱা শুনিলোঁ, “হে সৰ্বশক্তিমান ঈশ্বৰ যিহোৱা,* তোমাৰ নিৰ্ণয়* সঁচাকৈ ভৰসাযোগ্য আৰু সত্য হয়।”
৮ চতুৰ্থজন স্বৰ্গদূতে নিজৰ বাটি সূৰ্যত ঢালি দিলে। আৰু সূৰ্যক এই অধিকাৰ দিয়া হʼল যে সি লোকসকলক জুইৰে পুৰি দিয়ে। ৯ ভয়ংকৰ গৰমে লোকসকলক পুৰিলে, তথাপি তেওঁলোকে প্ৰতিটো বিপত্তিৰ ওপৰত অধিকাৰ থকা ঈশ্বৰৰ নাম নিন্দা কৰিলে। তেওঁলোকে অনুতাপ নকৰিলে আৰু তেওঁৰ মহিমা নকৰিলে।
১০ পঞ্চমজন স্বৰ্গদূতে নিজৰ বাটি বনৰীয়া জন্তুৰ সিংহাসনৰ ওপৰত ঢালি দিলে। আৰু তাৰ ৰাজ্য অন্ধকাৰেৰে ভৰি গʼল আৰু লোকসকলে বিষত নিজৰ জিভা কামুৰিবলৈ ধৰিলে। ১১ তেওঁলোকে বেদনা আৰু ঘাবোৰৰ কাৰণে স্বৰ্গত থকা ঈশ্বৰৰ নিন্দা কৰিলে আৰু নিজৰ কামৰ কাৰণে অনুতাপ নকৰিলে।
১২ ষষ্ঠজন স্বৰ্গদূতে নিজৰ বাটি ফৰাৎ মহা-নদীত ঢালি দিলে আৰু তাৰ পানী শুকাই গʼল যাতে পূবৰ পৰা অহা ৰজাবিলাকৰ কাৰণে ৰাস্তা প্ৰস্তুত কৰে।
১৩ আৰু মই দেখিলোঁ যে অজগৰ, বনৰীয়া জন্তু আৰু মিছা ভৱিষ্যবক্তাৰ মুখৰ পৰা তিনিটা অশুচি বাৰ্তা ওলাই আছিল, যি দেখাত ভেকুলীৰ নিচিনা আছিল। ১৪ আচলতে সেইবোৰ দুষ্ট স্বৰ্গদূতবিলাকৰ প্ৰেৰণাৰে কোৱা বাক্য হয় আৰু সেইবোৰে চমৎকাৰ কৰে আৰু গোটেই জগতৰ ৰজাবিলাকৰ ওচৰলৈ যায় যাতে সৰ্বশক্তিমান ঈশ্বৰৰ মহা-দিনৰ যুদ্ধৰ কাৰণে তেওঁলোকক একগোট কৰিব পাৰে।
১৫ “চোৱা! মই এজন চোৰৰ দৰে আহি আছোঁ। সুখী সেই লোক, যিসকলে জাগি থাকে আৰু নিজৰ কাপোৰ নিজৰ লগতে ৰাখে যাতে তেওঁ উলংগ হৈ বাহিৰলৈ ওলাই নাহে আৰু তেওঁৰ লজ্জাজনক অৱস্থা লোকসকলে নেদেখে।”
১৬ আৰু তেওঁলোকে ৰজাবিলাকক সেই ঠাইত একগোট কৰিলে, যাক হিব্ৰু ভাষাত হৰমাগিদোন* বুলি কোৱা হয়।
১৭ সপ্তমজন স্বৰ্গদূতে নিজৰ বাটি বতাহত ঢালি দিলে। তেতিয়া পবিত্ৰ-স্থানত থকা সিংহাসনৰ পৰা এটা ডাঙৰ মাত ওলাল, যিয়ে কৈ আছিল, “পূৰ হʼল!” ১৮ আৰু বিজুলী মাৰিলে, ডাঙৰ মাত আহিল, মেঘ-গৰ্জন হʼল আৰু এনে ডাঙৰ আৰু ভয়ানক ভূমিকম্প হʼল, যি পৃথিৱীত মানুহ সৃষ্টি হোৱা দিনৰে পৰা এতিয়ালৈকে কেতিয়াও হোৱা নাছিল। ১৯ সেই মহা-নগৰখন ভাঙি তিনি ভাগত বিভক্ত হʼল আৰু ৰাষ্ট্ৰৰ চহৰবোৰ ধ্বংস হʼল। আৰু মহা-বাবিলক ঈশ্বৰে মনত পেলালে যাতে তেওঁ তাক ক্ৰোধৰ দ্ৰাক্ষাৰস খাবলৈ দিয়ে। ২০ লগতে আটাই দ্বীপ পলাই গʼল আৰু পাহাৰ নাইকিয়া হৈ গʼল। ২১ তাৰ পাছত লোকসকলৰ ওপৰত আকাশৰ পৰা ডাঙৰ ডাঙৰ শিলাবৃষ্টি হʼল আৰু প্ৰতিটো শিলাবৃষ্টিৰ ওজন প্ৰায় ২০ কিলো* আছিল। এই বিপত্তিৰ কাৰণে লোকসকলে ঈশ্বৰৰ নিন্দা কৰিলে, কিয়নো এই বিপত্তিয়ে বহুত ধ্বংস কৰিছিল।
১৭ যি সাতজন স্বৰ্গদূতৰ ওচৰত সাতটা বাটি আছিল, তেওঁলোকৰ মাজৰ এজনে আহি মোক কʼলে, “আহা, মই তোমাক দেখুৱাওঁ যে বহুতো পানীৰ ওপৰত বহি থকা মহা-বেশ্যাই কি শাস্তি পাব, ২ তাইৰ লগত পৃথিৱীৰ ৰজাসকলে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখিলে আৰু পৃথিৱীৰ লোকসকলক তাইৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ দ্ৰাক্ষাৰস খোৱাই মতলীয়া কৰা হʼল।”
৩ আৰু সেই স্বৰ্গদূতে মোক পবিত্ৰ শক্তিৰ যোগেদি এখন অৰণ্যলৈ লৈ গʼল। তাত মই এজনী তিৰোতাক দেখিলোঁ, যিজনী উজ্জ্বল ৰঙা ৰঙৰ এটা জন্তুৰ ওপৰত বহি আছিল। সেই জন্তু ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ আছিল আৰু তাৰ সাতটা মূৰ আৰু দহটা শিং আছিল। ৪ সেই তিৰোতাই বেঙুনীয়া আৰু উজ্জ্বল ৰঙা ৰঙৰ কাপোৰ পিন্ধি আছিল আৰু তাই সোণ আৰু বহুমূলীয়া ৰত্ন আৰু মুকুতাৰে সাজি-কাচি আছিল। তাইৰ হাতত সোণৰ এটা পাত্ৰ আছিল, যি ঘিণলগীয়া বস্তুৰে আৰু তাইৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ অশুচি বস্তুৰে পৰিপূৰ্ণ হৈ আছিল। ৫ সেই বেশ্যাৰ কপালত এটা ৰহস্যময় নাম লিখা আছিল: “মহা-বাবিল, বেশ্যাবিলাকৰ মা আৰু পৃথিৱীৰ ঘিণলগীয়া বস্তুবোৰক জন্ম দিওঁতা।” ৬ আৰু মই দেখিলোঁ যে সেই তিৰোতাই পবিত্ৰ লোকসকলৰ আৰু যীচুৰ সাক্ষীসকলৰ তেজ খাই মতলীয়া হৈ আছিল।
সেই তিৰোতাক দেখি মই সঁচাকৈ আচৰিত হʼলোঁ! ৭ তেতিয়া সেই স্বৰ্গদূতজনে মোক কʼলে, “তুমি ইমান কিয় আচৰিত হৈছা? মই তোমাক সেই তিৰোতা আৰু সেই বনৰীয়া জন্তুৰ ৰহস্য জনাওঁ, যাৰ সাতটা মূৰ আৰু দহটা শিং আছে আৰু যাৰ ওপৰত সেই তিৰোতা বহি আছে: ৮ যি বনৰীয়া জন্তুক তুমি দেখিলা, সেয়া আছিল, কিন্তু এতিয়া নাই, তথাপি সি অগাধ ঠাইৰ পৰা সোনকালে ওলাব আৰু তাক ধ্বংস কৰা হʼব। পৃথিৱীৰ লোকসকল, যিসকলৰ নাম জগতৰ আৰম্ভণিৰে পৰা লিখা জীৱনৰ কিতাপত* লিখা হোৱা নাই, তেওঁলোকে এয়া দেখি আচৰিত হʼব যে সেই বনৰীয়া জন্তু আগতে আছিল, কিন্তু এতিয়া নাই আৰু আকৌ আহিব।
৯ এই কথা বুজিবলৈ মগজু আৰু বুদ্ধি থাকিব লাগিব: সাতটা মূৰৰ অৰ্থ হৈছে সাতখন পাহাৰ, যাৰ ওপৰত সেই তিৰোতাই বহি আছে। ১০ আৰু ইয়াৰ অৰ্থ হৈছে, সাতজন ৰজা: পাঁচজন শেষ হৈ গৈছে, এজন আছে আৰু এজন এতিয়াও অহা নাই, কিন্তু যেতিয়া আহিব, তেতিয়া কিছু সময়ৰ কাৰণে সি থাকিব লাগিব। ১১ আৰু সেই বনৰীয়া জন্তু, যি আগতে আছিল, কিন্তু এতিয়া নাই, সি অষ্টম ৰজাও হয়। কিন্তু সি সেই সাতজনৰ মাজৰ পৰা ওলায় আৰু সি ধ্বংস হৈ যাব।
১২ যি দহটা শিং তুমি দেখিলা, তাৰ অৰ্থ হৈছে দহজন ৰজা, যিসকলে এতিয়ালৈকে ৰাজ্য পোৱা নাই, কিন্তু সিহঁতে বনৰীয়া জন্তুৰ লগত অলপ সময়ৰ* কাৰণে ৰজাবিলাকৰ দৰে অধিকাৰ পাব। ১৩ সিহঁত সকলোৰে একেই চিন্তাধাৰা আছে আৰু সিহঁতে নিজৰ শক্তি আৰু নিজৰ অধিকাৰ সেই বনৰীয়া জন্তুক দিব। ১৪ সিহঁতে ভেড়া পোৱালিৰ লগত যুদ্ধ কৰিব, কিন্তু ভেড়া পোৱালিয়ে সিহঁতৰ ওপৰত জয়লাভ কৰিব, কিয়নো তেওঁ প্ৰভুৰো প্ৰভু আৰু ৰজাৰো ৰজা হয়। আৰু যিসকলক মতা হৈছে, বাছনি কৰা হৈছে আৰু বিশ্বাসযোগ্য লোক তেওঁৰ লগত আছে, তেওঁলোকেও জয় কৰিব।”
১৫ সেই স্বৰ্গদূতজনে মোক কʼলে, “তুমি যি পানী দেখিলা, যাৰ ওপৰত সেই বেশ্যাই বহি আছিল, সেই পানীৰ অৰ্থ হৈছে লোক, ভিৰ, ৰাষ্ট্ৰ আৰু ভাষাবোৰ। ১৬ আৰু দহটা শিং তুমি যি দেখিলা সিহঁত আৰু সেই বনৰীয়া জন্তুৱে সেই বেশ্যাক ঘিণ কৰিব আৰু তাইক ধ্বংস আৰু উলংগ কৰি দিব আৰু তাইৰ মাংস খাব আৰু তাইক জুইত সম্পূৰ্ণৰূপে জ্বলাই দিব। ১৭ কিয়নো ঈশ্বৰে নিজৰ ইচ্ছা পূৰ কৰিবলৈ সিহঁতৰ মনত এই কথা সুমিয়াই দিছে যাতে সিহঁতে যি বিষয়ত একমত হয়, তাক পূৰ কৰিবলৈ তেতিয়ালৈকে বনৰীয়া জন্তুক নিজৰ ৰাজ্য দিব, যেতিয়ালৈকে ঈশ্বৰে কোৱা বাক্য পূৰ নহয়। ১৮ আৰু যিজনী তিৰোতাক তুমি দেখিলা, তাৰ অৰ্থ হৈছে সেই মহা-নগৰ, যিয়ে পৃথিৱীৰ ৰজাসকলৰ ওপৰত শাসন কৰে।”
১৮ ইয়াৰ পাছত মই আৰু এজন স্বৰ্গদূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, যিজনৰ ওচৰত ডাঙৰ অধিকাৰ আছিল। তেওঁৰ মহিমাৰে পৃথিৱী উজ্জ্বল হৈ উঠিল। ২ আৰু তেওঁ ডাঙৰ মাতেৰে চিঞৰি কʼলে, “পৰিল! মহা-বাবিল পৰিল আৰু তাই দুষ্ট স্বৰ্গদূতবিলাকৰ আড্ডা আৰু এনে ঠাই হৈ পৰিল, যʼত দুষ্ট স্বৰ্গদূত* আৰু অশুচি আৰু ঘৃণনীয় চৰাইবোৰ লুকাই থাকে। ৩ কাৰণ সকলো ৰাষ্ট্ৰ তাইৰ সেই দ্ৰাক্ষাৰস খাই মতলীয়া হৈছে, যিয়ে অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখাৰ তীব্ৰ ইচ্ছা জগাই তোলে আৰু পৃথিৱীৰ ৰজাবিলাকে তাইৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিলে আৰু পৃথিৱীৰ সদাগৰবিলাকে* তাইৰ নিৰ্লজ্জ বিলাসিতাৰ কাৰণে ধনী হʼল।”
৪ মই স্বৰ্গৰ পৰা আৰু এটা মাত শুনিবলৈ পালোঁ, “মোৰ লোকসকল, তাইৰ মাজৰ পৰা ওলাই আহা। যদি তোমালোকে তাইৰ পাপৰ সহভাগী হʼব নিবিচাৰা আৰু তাই ওপৰত আহিবলগীয়া বিপত্তি তোমালোকৰ ওপৰত অহাটো নিবিচাৰা, তেনেহʼলে তাই মাজৰ পৰা ওলাই আহা। ৫ কিয়নো তাইৰ পাপ অসংখ্য হৈ আকাশত লাগিলগৈ আৰু তাই যি অন্যায় কৰিছে,* সেইবোৰ ঈশ্বৰে মনত পেলাইছে। ৬ তাই আনৰ লগত যিদৰে ব্যৱহাৰ কৰিছে, তাইৰ লগতো সেইদৰেই ব্যৱহাৰ কৰা আৰু তাই যি কাম কৰিলে, তাৰ দুগুণ শাস্তি তাইক দিয়া। তাই পাত্ৰত যি মিহলাইছে, তাৰ দুগুণ মিহলাই তাইক দিয়া। ৭ তাই নিজকে যিমান গৌৰৱান্বিত কৰিলে আৰু যিমান নিৰ্লজ্জভাৱে বিলাসিতা জীৱন-যাপন কৰিলে, তাইক সিমানেই কষ্ট দিয়া যাতে তাই শোক কৰে। কিয়নো তাই নিজৰ মনতে কয়, ‘মইতো ৰাণী হৈ সিংহাসনত বহি আছোঁ, মই কোনো বিধৱা নহওঁ। মই কেতিয়াও শোক কৰিবলগীয়া নহʼব।’ ৮ সেইবাবে, এদিনতেই তাইৰ ওপৰত মৃত্যু, শোক আৰু আকাল এই সকলো বিপত্তি আহি পৰিব আৰু তাইক জুইত সম্পূৰ্ণৰূপে জ্বলাই দিয়া হʼব, কিয়নো যিহোৱা* ঈশ্বৰ, যিজনে তাইৰ বিচাৰ কৰিছে, তেওঁ শক্তিশালী হয়।
৯ আৰু পৃথিৱীৰ ৰজাবিলাক, যিসকলে তাইৰ লগত অনৈতিক শাৰীৰিক সম্পৰ্ক ৰাখিছিল আৰু নিৰ্লজ্জভাৱে বিলাসিতা জীৱন-যাপন কৰিছিল, তেওঁলোকে যেতিয়া তাইক জ্বলোৱাৰ ধোঁৱা দেখিব, তেতিয়া তাইৰ কাৰণে কান্দিব আৰু দুখত হিয়া ভুকুৱাব। ১০ আৰু তেওঁলোককো তাইৰ দৰে যেন শাস্তি নিদিয়ে এই ভয়ত তেওঁলোকে দূৰত থিয় হৈ থাকিব। আৰু কʼব, ‘ধিক্কাৰ, মহা-বাবিল, ধিক্কাৰ! তোমাৰ অৱস্থা কিমান বেয়া হʼল। তুমি যি শক্তিশালী নগৰ আছিলা, এক মুহূৰ্ততে তুমি শাস্তি পাই গʼলা!’
১১ পৃথিৱীৰ সদাগৰসকলেও তাইৰ কাৰণে কান্দিব আৰু শোক কৰিব, কিয়নো তেওঁলোকৰ সকলো বস্তু কিনিবলগীয়া কোনো নাথাকিব, ১২ সেই বস্তুবোৰ হৈছে সোণ, ৰূপ, মূল্যৱান ৰত্ন, মুকুতা, মিহি সূতাৰে তৈয়াৰ কৰা কাপোৰ, বেঙুনীয়া ৰঙৰ কাপোৰ, পাট কাপোৰ আৰু উজ্জ্বল ৰঙা ৰঙৰ কাপোৰ আৰু সুগন্ধি কাঠেৰে তৈয়াৰ কৰা সকলো ধৰণৰ বস্তু আৰু হাতীৰ দাঁত, মূল্যৱান কাঠ, তাম, লোহা আৰু মাৰ্বলেৰে* তৈয়াৰ কৰা সকলো ধৰণৰ বস্তু। ১৩ আৰু ডালচেনি, ইলাচি,* ধূপ, সুগন্ধি তেল, সুগন্ধি বস্তু,* দ্ৰাক্ষাৰস, জলফাই তেল, ময়দা, ঘেঁহু, গৰু, ভেড়া, ঘোঁৰা, ঘোঁৰাগাড়ী, দাস আৰু মানুহবিলাকো। ১৪ হয়, যি ভাল ফলৰ কাৰণে তুমি হাবিয়াহ কৰিছিলা, সেয়া এতিয়া তোমাৰ পৰা আঁতৰি গৈছে আৰু সকলো ধৰণৰ উত্তম আহাৰ আৰু ধুনীয়া বস্তুবোৰ তোমাৰ পৰা আঁতৰি গৈছে আৰু সেইবোৰ আকৌ কেতিয়াও পোৱা নাযাব।
১৫ যিসকল সদাগৰে এই বস্তুবোৰক বিক্ৰী কৰিছিল আৰু সেই নগৰৰ যোগেদি ধনী হৈছিল, তেওঁলোককো তাইৰ দৰে যেন শাস্তি নিদিয়ে এই ভয়ত তেওঁলোকে দূৰত থিয় হৈ থাকিব। তেওঁলোকে কান্দিব আৰু শোক কৰিব ১৬ আৰু কʼব, ‘ধিক্কাৰ, এই মহা-নগৰৰ অৱস্থা কিমান বেয়া হʼল। তাই মিহি সূতাৰ আৰু বেঙুনীয়া ৰঙৰ আৰু উজ্জ্বল ৰঙা ৰঙৰ কাপোৰ পিন্ধিছিল আৰু সোণৰ গহনা, মূল্যৱান ৰত্ন আৰু মুকুতাৰে সজাই তুলিছিল। ১৭ কিন্তু তাইৰ প্ৰচুৰ ধন-সম্পত্তি এক মুহূৰ্ততে কেনেকৈ ধ্বংস হৈ গʼল!’
আৰু সকলো জাহাজৰ প্ৰধান নাৱিক, যাত্ৰী, সাধাৰণ নাৱিক আৰু সেই সকলো, যিসকলে সমুদ্ৰৰ পৰা নিজৰ প্ৰয়োজনীয়তা পূৰ কৰে, তেওঁলোকে দূৰত থিয় হৈ থাকিল ১৮ আৰু তাইক জ্বলোৱাৰ ধোঁৱা দেখি তেওঁলোকে চিঞৰি কʼলে, ‘এনে কোনো নগৰ আছে নে, যি এই মহা-নগৰৰ দৰে হয়?’ ১৯ তেওঁলোকে নিজৰ মূৰত ধূলি পেলালে, তেওঁলোকে কান্দি কান্দি আৰু শোক কৰি কৰি কʼবলৈ ধৰিলে, ‘ধিক্কাৰ, এই মহা-নগৰৰ অৱস্থা কিমান বেয়া হʼল। তাইৰ ধন-সম্পত্তিৰ কাৰণে জাহাজৰ মালিকবিলাকে ধনী হৈছিল। এক মুহূৰ্ততে তাই ধ্বংস হৈ গʼল!’
২০ হে স্বৰ্গ আৰু হে পবিত্ৰ লোক, পাঁচনি* আৰু ভৱিষ্যবক্তাসকল, তোমালোক সকলোৱে তাইৰ যি অৱস্থা হʼল, তাৰ কাৰণে আনন্দ কৰা। কিয়নো ঈশ্বৰে তোমালোকৰ কাৰণে সেই নগৰৰ বিচাৰ কৰিলে!”
২১ আৰু এজন শক্তিশালী স্বৰ্গদূতে জাঁতৰ নিচিনা এচটা ডাঙৰ শিল উঠালে আৰু এইদৰে কৈ তাক সমুদ্ৰত পেলাই দিলে, “এইদৰেই মহা-বাবিলক অতি বেগেৰে তললৈ পেলাই দিয়া হʼব আৰু আকৌ কেতিয়াও তাইক পোৱা নাযাব। ২২ আৰু তোমাৰ মাজত আকৌ কেতিয়াও বীণা বজাই গীত গোৱা লোক, সংগীতকাৰ, বাঁহী বজোৱা লোক আৰু তূৰী বজোৱা লোকসকলৰ মাত শুনিবলৈ পোৱা নাযাব। কোনো শিল্পকাৰী লোকক তোমাৰ মাজত আকৌ কেতিয়াও পোৱা নাযাব আৰু জাঁতৰ মাত তোমাৰ মাজত আকৌ কেতিয়াও শুনিবলৈ পোৱা নাযাব। ২৩ তোমাৰ মাজত আকৌ কেতিয়াও চাকিৰ পোহৰ দেখা পোৱা নাযাব আৰু দৰা-কন্যাৰ মাত আকৌ কেতিয়াও শুনিবলৈ পোৱা নাযাব। কিয়নো তোমাৰ সদাগৰবিলাক পৃথিৱীৰ গণ্য-মান্য মানুহ আছিল আৰু তোমাৰ যাদুবিদ্যাৰ যোগেদি সকলো ৰাষ্ট্ৰ ভুল পথলৈ পৰিচালিত হৈছিল। ২৪ হয়, এই নগৰতে ভৱিষ্যবক্তাসকল, পবিত্ৰ লোক আৰু সেই সকলোৰে তেজ পোৱা গʼল, যিসকলক পৃথিৱীত হত্যা কৰা হৈছিল।”
১৯ ইয়াৰ পাছত মই স্বৰ্গৰ পৰা এনে মাত শুনিলোঁ, যি এটা ডাঙৰ ভিৰৰ ডাঙৰ মাতৰ দৰে আছিল। তেওঁলোকে কৈ আছিল, “যাঃৰ প্ৰশংসা কৰা!* আমাৰ ঈশ্বৰ আমাৰ উদ্ধাৰকৰ্তা হয়, মহিমা আৰু শক্তি তেওঁৰেই হয়, ২ কিয়নো তেওঁৰ নিৰ্ণয়বোৰ সঠিক আৰু সত্য হয়। তেওঁ সেই মহা-বেশ্যাক শাস্তি দিছে, যিজনীয়ে নিজৰ অনৈতিক শাৰীৰিক সম্পৰ্কৰ* দ্বাৰা পৃথিৱীক ভ্ৰষ্ট কৰিছিল। ঈশ্বৰে তাইৰ পৰা নিজৰ দাসসকলৰ তেজৰ প্ৰতিশোধ লʼলে।” ৩ ইয়াৰ লগে লগে তেওঁলোকে দ্বিতীয়বাৰ কʼলে, “যাঃৰ প্ৰশংসা কৰা! বাবিল নগৰ জ্বলি থকাৰ ধোঁৱা সদায় কাললৈকে উঠি থাকিব।”
৪ আৰু সেই ২৪ জন প্ৰাচীন আৰু চাৰিটা জীৱিত প্ৰাণীয়ে উবুৰি হৈ পৰি সেইজন ঈশ্বৰৰ উপাসনা কৰিলে, যিজন সিংহাসনত বহি আছিল আৰু কʼলে, “আমেন! যাঃৰ প্ৰশংসা কৰা!”
৫ আৰু সিংহাসনৰ পৰাও এই মাত ওলাল, যিয়ে কৈ আছিল, “আমাৰ ঈশ্বৰৰ সকলো দাস, তেওঁলৈ ভয় ৰাখোঁতা সৰু-ডাঙৰ সকলো দাস, তেওঁৰ প্ৰশংসা কৰা!”
৬ আৰু মই এনে মাত শুনিলোঁ, যি এক ডাঙৰ ভিৰৰ মাতৰ দৰে আছিল আৰু পানীৰ বহুতো সোঁতৰ মাত আৰু তীব্ৰ মেঘ-গৰ্জনৰ দৰে আছিল। তেওঁলোকে কৈ আছিল, “যাঃৰ প্ৰশংসা কৰা, কিয়নো আমাৰ সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই* ৰজা হিচাপে শাসন কৰিবলৈ আৰম্ভ কৰিলে! ৭ আহা, আনন্দেৰে উল্লাসিত হওঁ আৰু ঈশ্বৰৰ মহিমা কৰোঁ, কিয়নো ভেড়া পোৱালিৰ বিয়াৰ সময় আহি পৰিছে আৰু তেওঁৰ কন্যা সাজু আছে। ৮ কন্যাক পিন্ধিবলৈ উজ্জ্বল, পৰিষ্কাৰ আৰু মিহি সূতাৰ কাপোৰ দিয়া হৈছে, কিয়নো মিহি সূতাৰ সেই কাপোৰ পবিত্ৰ লোকসকলৰ সঠিক কামক চিত্ৰিত কৰে।”
৯ আৰু তেওঁ মোক কʼলে, “এয়া লিখা: সুখী সেই লোক, যিসকলে ভেড়া পোৱালিৰ বিয়াৰ সন্ধ্যাৰ ভোজত আহিবলৈ নিমন্ত্ৰণ পাইছে।” তেওঁ মোক এয়াও কʼলে, “এয়া ঈশ্বৰৰ সত্য বাক্য হয়।” ১০ এয়া শুনাৰ লগে লগে মই তেওঁৰ উপাসনা কৰিবলৈ তেওঁৰ ভৰিত পৰিলোঁ। কিন্তু তেওঁ মোক কʼলে, “এইদৰে নকৰিবা! মইতো কেৱল তোমাৰ আৰু তোমাৰ ভাইসকলৰ নিচিনা এজন দাস হওঁ, যিসকলে যীচুৰ বিষয়ে সাক্ষ্য দিয়াৰ কাম পাইছে। ঈশ্বৰৰ উপাসনা কৰা, কিয়নো ভৱিষ্যবাণীৰ উদ্দেশ্য হৈছে যীচুৰ বিষয়ে সাক্ষ্য দিয়া।”
১১ মই স্বৰ্গ মুকলি হোৱা দেখিলোঁ আৰু চোৱা! এটা বগা ঘোঁৰা। আৰু যিজন তাৰ ওপৰত বহিছিল, তেওঁক বিশ্বাসযোগ্য আৰু সত্য বুলি কোৱা হয়। তেওঁ সঠিক মানদণ্ডৰ অনুসৰি ন্যায় কৰে আৰু যুদ্ধ কৰে। ১২ তেওঁৰ চকু জুইৰ শিখা হয় আৰু তেওঁৰ মূৰত বহুতো কিৰীটি আছে। তেওঁৰ গাত এটা নাম লিখা আছে, যাৰ অৰ্থ তেওঁৰ বাহিৰে আৰু কোনেও নাজানে। ১৩ আৰু তেওঁ তেজৰ দাগ থকা* এযোৰ কাপোৰ পিন্ধি আছে আৰু তেওঁক এই নামেৰে মতা হয়, ঈশ্বৰৰ বাক্য। ১৪ তেওঁৰ পিছে পিছে স্বৰ্গৰ সেনাই বগা ঘোঁৰাত আহি আছে আৰু তেওঁলোকে বগা, পৰিষ্কাৰ আৰু মিহি সূতাৰ কাপোৰ পিন্ধিছিল। ১৫ আৰু সেই ঘোঁৰাৰ ওপৰত বহাজনৰ মুখৰ পৰা এখন চোকা ধাৰ থকা দীঘল তৰোৱাল ওলায় যাতে তেওঁ সেই তৰোৱালখনেৰে ৰাষ্ট্ৰক আঘাত কৰিব পাৰে। আৰু তেওঁ ৰখীয়াৰ দৰে লোহাৰ দণ্ডেৰে তেওঁলোকক শাসন কৰিব। ইয়াৰ উপৰিও, তেওঁ সৰ্বশক্তিমান ঈশ্বৰৰ ক্ৰোধৰ গাঁততো পেৰিব। ১৬ তেওঁৰ কাপোৰত, হয় তেওঁৰ কৰঙনত এটা নাম লিখা আছে: ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু।
১৭ মই আৰু এজন স্বৰ্গদূতক দেখিলোঁ, যিজন সূৰ্যৰ মাজত থিয় হৈ আছিল। তেওঁ ডাঙৰ মাতেৰে চিঞৰিলে আৰু আকাশত উৰি ফুৰা গোটেই চৰাইক কʼলে, “ইয়ালৈ আহা, ঈশ্বৰৰ সন্ধ্যাৰ ডাঙৰ ভোজৰ কাৰণে একগোট হোৱা ১৮ যাতে তোমালোকে ৰজা, সেনাপতি, শক্তিশালী ব্যক্তি, ঘোঁৰা আৰু ঘোঁৰাত উঠাবিলাকৰ মাংস খাব পাৰা। লগতে, স্বাধীন লোক আৰু দাস আৰু সৰু-ডাঙৰ সকলোৰে মাংস খাব পাৰা।”
১৯ আৰু মই দেখিলোঁ যে বনৰীয়া জন্তু আৰু পৃথিৱীৰ ৰজা আৰু তেওঁলোকৰ সেনাবিলাকে সেই ঘোঁৰাত উঠাজনৰ আৰু তেওঁৰ সেনাবিলাকৰ লগত যুদ্ধ কৰিবলৈ একগোট হʼল। ২০ আৰু সেই বনৰীয়া জন্তুক, তাৰ লগতে সেই মিছা ভৱিষ্যবক্তাক ধৰা হʼল, যিয়ে বনৰীয়া জন্তুৰ আগত চমৎকাৰ কৰি সেই লোকসকলক ভুল পথলৈ নিছিল, যিসকলে নিজৰ ওপৰত বনৰীয়া জন্তুৰ চিন লগাইছিল আৰু যিসকলে তাৰ মূৰ্তিক পূজা কৰিছিল। এই দুয়োকে জীয়াই জীয়াই জুইৰ সেই হ্ৰদত পেলাই দিয়া হʼল, যি গন্ধকেৰে জ্বলি থাকে। ২১ আৰু ঘোঁৰাত বহাজনৰ মুখৰ পৰা ওলোৱা দীঘল তৰোৱালেৰে বাকী লোকসকলক হত্যা কৰা হʼল। আৰু গোটেই চৰায়ে পেট ভৰাই সিহঁতৰ মাংস খালে।
২০ আৰু মই এজন স্বৰ্গদূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, যাৰ ওচৰত অগাধ ঠাইৰ চাবি আৰু হাতত এডাল ডাঙৰ শিকলি আছিল। ২ তেওঁ সেই অজগৰক অৰ্থাৎ সেই পুৰণি সাপক ধৰি লʼলে, যাক দিয়াবল আৰু চয়তান বুলি কোৱা হয় আৰু তাক ১,০০০ বছৰৰ কাৰণে বান্ধি দিলে। ৩ আৰু তাক অগাধ ঠাইত পেলাই দিলে আৰু অগাধ ঠাই বন্ধ কৰি তাৰ ওপৰত মোহৰ মাৰি দিলে যাতে সি ১,০০০ বছৰ শেষ নোহোৱালৈকে ৰাষ্ট্ৰবোৰক আকৌ ভুল পথলৈ নিনিয়ে। ইয়াৰ পাছত অলপ সময়ৰ কাৰণে তাক মুকলি কৰিব লাগিব।
৪ আৰু মই বহুতো সিংহাসন দেখিলোঁ আৰু যিসকলে তাত বহি আছিল, তেওঁলোকক ন্যায় কৰাৰ অধিকাৰ দিয়া হʼল। হয়, মই সেই লোকসকলক দেখিলোঁ, যিসকলক যীচুৰ বিষয়ে সাক্ষ্য দিয়াৰ কাৰণে আৰু ঈশ্বৰৰ বিষয়ে কোৱাৰ কাৰণে হত্যা কৰা হৈছিল* আৰু যিসকলে সেই বনৰীয়া জন্তুৰ নাইবা তাৰ মূৰ্তিৰ পূজা কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ চিন লগোৱা নাছিল। তেওঁলোক জীয়াই উঠিল আৰু তেওঁলোক ৰজা হৈ খ্ৰীষ্টৰ লগত ১,০০০ বছৰলৈকে শাসন কৰিলে। ৫ (সেই ১,০০০ বছৰ শেষ নোহোৱালৈকে বাকী মৃত লোকসকল জীৱিত নহʼল।) এওঁলোক সেই লোকসকল হয়, যিসকলক সকলোতকৈ প্ৰথমে জীয়াই তোলা হয়। ৬ সুখী আৰু পবিত্ৰ সেই লোক, যিসকলক মৃতবিলাকৰ মাজৰ পৰা সকলোতকৈ প্ৰথমে জীয়াই তোলা হয়। এওঁলোকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো অধিকাৰ নাই। কিন্তু এওঁলোকে ঈশ্বৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হʼব আৰু ৰজা হৈ তেওঁৰ লগত ১,০০০ বছৰলৈকে শাসন কৰিব।
৭ এহেজাৰ বছৰ শেষ হোৱাৰ লগে লগে চয়তানক বন্দীৰ পৰা মুকলি কৰা হʼব। ৮ আৰু সি পৃথিৱীৰ চাৰিও দিশত থকা ৰাষ্ট্ৰবোৰক অৰ্থাৎ গোগ আৰু মাগোকক ভুল পথলৈ নিবলৈ ওলাব আৰু সিহঁতক যুদ্ধৰ কাৰণে একগোট কৰিব। সিহঁতৰ সংখ্যা সমুদ্ৰৰ পাৰত থকা বালিৰ সমান হʼব। ৯ সিহঁত গোটেই পৃথিৱীত সিঁচৰিত হʼল আৰু সিহঁতে পবিত্ৰ লোকসকলৰ তম্বু আৰু সেই প্ৰিয় নগৰক আগুৰি ধৰিলে। কিন্তু স্বৰ্গৰ পৰা জুই বৰষিল আৰু সিহঁত ভষ্ম হৈ গʼল। ১০ আৰু সিহঁতক ভুল পথলৈ নিয়া চয়তানক জুই আৰু গন্ধকৰ হ্ৰদত পেলাই দিয়া হʼল, যʼত বনৰীয়া জন্তু আৰু মিছা ভৱিষ্যবক্তাক আগতেই পেলাই দিয়া হৈছিল। আৰু সিহঁতক দিনে-ৰাতিয়ে সদায় কালৰ কাৰণে শাস্তি দিয়া হʼব।*
১১ আৰু মই দেখিলোঁ যে এখন ডাঙৰ বগা সিংহাসন আছে আৰু তাৰ ওপৰত ঈশ্বৰ বহি আছে। তেওঁৰ ওচৰৰ পৰা পৃথিৱী আৰু আকাশ পলাই গʼল আৰু সিহঁতে কোনো ঠাই নাপালে। ১২ আৰু মই মৃতবিলাকক অৰ্থাৎ সৰু-ডাঙৰ সকলোকে সিংহাসনৰ আগত থিয় হোৱা দেখিলোঁ আৰু কেইখনমান কিতাপ* খোলা হʼল। তাৰ পাছত আৰু এখন কিতাপ খোলা হʼল, সেয়া হৈছে জীৱনৰ কিতাপ। সেই কিতাপবোৰত লিখা কথাবোৰৰ অনুসৰি মৃতবিলাকক তেওঁলোকৰ কামৰ অনুসৰি ন্যায় কৰা হʼল। ১৩ আৰু সমুদ্ৰই নিজৰ লগত থকা মৃতবিলাকক দি দিলে আৰু মৃত্যু আৰু কবৰেও* নিজৰ লগত থকা মৃতবিলাকক দিলে আৰু তেওঁলোকৰ কামৰ অনুসৰি তেওঁলোক প্ৰতিজনকে ন্যায় কৰা হʼল। ১৪ আৰু মৃত্যু আৰু কবৰক জুইৰ হ্ৰদত পেলাই দিয়া হʼল। এই জুইৰ হ্ৰদৰ অৰ্থ হৈছে দ্বিতীয় মৃত্যু। ১৫ আৰু যিজনৰ নাম জীৱনৰ কিতাপত লিখা নাছিল, তেওঁক জুইৰ হ্ৰদত পেলাই দিয়া হʼল।
২১ তাৰ পাছত মই এক নতুন আকাশ আৰু নতুন পৃথিৱী দেখিলোঁ, কিয়নো পুৰণি আকাশ আৰু পুৰণি পৃথিৱী শেষ হৈ গৈছিল আৰু সমুদ্ৰও নাথাকিল। ২ মই পবিত্ৰ নগৰ নতুন যিৰূচালেমকো দেখিলোঁ, যি স্বৰ্গৰ পৰা অৰ্থাৎ ঈশ্বৰৰ ওচৰৰ পৰা তললৈ নামি আহিছিল। কন্যাই যেনেকৈ নিজৰ দৰাৰ কাৰণে নিজকে সজাই তোলে, তেনেকৈ এই নগৰেও নিজকে সজাই তুলিছিল। ৩ তাৰ পাছত মই সিংহাসনৰ পৰা এটা ডাঙৰ মাত শুনিবলৈ পালোঁ, যিয়ে কৈ আছিল, “চোৱা! ঈশ্বৰৰ তম্বু মানুহৰ মাজত আছে। তেওঁ তেওঁলোকৰ লগত থাকিব আৰু তেওঁলোক তেওঁৰ লোক হʼব আৰু ঈশ্বৰ নিজেই তেওঁলোকৰ লগত থাকিব। ৪ আৰু তেওঁ তেওঁলোকৰ আটাই চকুপানী মচি দিব আৰু মৃত্যু নহʼব, শোক বা ক্ৰন্দন বা বেদনাও নাথাকিব। আগৰ বিষয়বোৰ শেষ হʼল।”
৫ আৰু ঈশ্বৰে, যিজন সিংহাসনত বহি আছিল, কʼলে, “চোৱা! মই সকলো নতুন কৰি আছোঁ।” তেওঁ এয়াও কʼলে, “এইবোৰ কথা লিখি লোৱা, কিয়নো এইবোৰ ভৰসাযোগ্য* আৰু সত্য হয়।” ৬ তাৰ পাছত তেওঁ মোক কʼলে, “এইবোৰ বাক্য সম্পূৰ্ণ হʼল! ময়েই আলফা আৰু ওমেগা* হওঁ অৰ্থাৎ আৰম্ভণি আৰু অন্ত ময়েই হওঁ। যিজনৰ পিয়াহ লাগিব, তেওঁক মই জীৱন দিয়াৰ পানীৰ ভুমুকৰ পৰা বিনামূল্যে পানী দিম। ৭ যিজনে জয়লাভ কৰিব, তেওঁ এই সকলো বস্তু উত্তৰাধিকাৰী হিচাপে লাভ কৰিব। মই তেওঁৰ ঈশ্বৰ হʼম আৰু তেওঁ মোৰ পুত্ৰ হʼব। ৮ কিন্তু যিসকল ভয়াতুৰ, যিসকলে বিশ্বাস নকৰে, যিসকল অশুচি আৰু ঘৃণনীয় কাম কৰে, হত্যা কৰে, অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰাখে, যাদুবিদ্যা আৰু মূৰ্তিপূজাত লাগি থাকে, সেই সকলোকে জুই আৰু গন্ধকেৰে জ্বলি থকা হ্ৰদত পেলাই দিয়া হʼব। ইয়াৰ অৰ্থ হৈছে দ্বিতীয় মৃত্যু।”
৯ যি সাতজন স্বৰ্গদূতৰ ওচৰত সাতটা শেষ বিপত্তিৰে ভৰা সাতটা বাটি আছিল, তেওঁলোকৰ ভিতৰত এজন স্বৰ্গদূতে আহি মোক কʼলে, “ইয়ালৈ আহা, মই তোমাক কন্যা দেখুৱাম, ভেড়া পোৱালিৰ কন্যা।” ১০ তেতিয়া তেওঁ মোক পবিত্ৰ শক্তিৰ যোগেদি এখন ডাঙৰ আৰু ওখ পাহাৰত লৈ গʼল আৰু তেওঁ মোক পবিত্ৰ নগৰ যিৰূচালেম দেখুৱালে, যি স্বৰ্গৰ পৰা অৰ্থাৎ ঈশ্বৰৰ ওচৰৰ পৰা তললৈ নামি আহিছিল। ১১ আৰু ঈশ্বৰৰ মহিমাৰে পৰিপূৰ্ণ আছিল। তাৰ উজ্জ্বলতা এক মূল্যৱান ৰত্নৰ দৰে আছিল, স্ফটিকৰ দৰে উজ্জ্বল সূৰ্যকান্ত মণিৰ নিচিনা আছিল। ১২ তাৰ দেৱাল বহুত ডাঙৰ আৰু ওখ আছিল আৰু তাত ১২ খন দুৱাৰ আছিল। সেই দুৱাৰবোৰত ১২ জন স্বৰ্গদূত আছিল আৰু দুৱাৰবোৰত ইস্ৰায়েলৰ ১২ টা গোষ্ঠীৰ নাম লিখা আছিল। ১৩ পূব ফালে তিনিখন দুৱাৰ আছিল, উত্তৰ ফালে তিনিখন, দক্ষিণ ফালে তিনিখন আৰু পশ্চিম ফালে তিনিখন দুৱাৰ আছিল। ১৪ সেই নগৰৰ দেৱালৰ ভিত্তি ১২ টা শিলৰ ওপৰত আছিল আৰু সেই শিলবোৰত ভেড়া পোৱালিৰ ১২ জন পাঁচনিৰ* নাম লিখা আছিল।
১৫ যিজন স্বৰ্গদূতে মোৰ লগত কথা পাতি আছিল, তেওঁ সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু দেৱালক জুখিবলৈ সোণৰ এটা নলখাগৰি লৈ আছিল। ১৬ সেই নগৰ চাৰিচুকীয়া আছিল আৰু তাৰ দীঘল আৰু বহল সমান আছিল। আৰু তেওঁ নলখাগৰিৰে সেই নগৰ জুখিলে আৰু সেয়া প্ৰায় ২,২২০ কিলোমিটাৰ* ওলাল। তাৰ দীঘল, বহল আৰু ওখ সমান আছিল। ১৭ তেওঁ তাৰ দেৱালো জুখিলে, যি মানুহৰ জোখৰ অনুসৰি, লগতে স্বৰ্গদূতৰ জোখৰ অনুসৰি ১৪৪ হাত* আছিল। ১৮ তাৰ দেৱালবোৰ সূৰ্যকান্ত মণিৰে বনোৱা আছিল আৰু সেই নগৰ খাঁটি সোণৰ আছিল আৰু কাঁচৰ দৰে চফা আছিল। ১৯ সেই নগৰৰ দেৱালৰ ভিত্তি সকলো ধৰণৰ মূল্যৱান ৰত্নৰে সজোৱা আছিল: ভিত্তিৰ প্ৰথম ৰত্ন আছিল সূৰ্যকান্ত, দ্বিতীয় নীলকান্ত, তৃতীয় তাম্ৰমণি, চতুৰ্থ মৰকত মণি,* ২০ পঞ্চম বৈদুৰ্য, ষষ্ঠ চাৰ্দ্দীয় মণি, সপ্তম স্বৰ্ণমণি, অষ্টম গোমেদক, নৱম পদ্মৰাগ, দশম লশুনীয়, একাদশ পেৰোজ, দ্বাদশ কটাহেলা। ২১ আৰু তাৰ ১২ খন দুৱাৰ ১২ টা মুকুতাৰ আছিল। প্ৰতিখন দুৱাৰ এটা এটা মুকুতাৰে বনোৱা আছিল। আৰু সেই নগৰৰ মুখ্য ৰাস্তা খাঁটি সোণৰ আছিল আৰু ইপাৰে-সিপাৰে দেখা পোৱা চফা কাঁচৰ দৰে আছিল।
২২ মই সেই নগৰত কোনো মন্দিৰ দেখা নাপালোঁ, কিয়নো সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই* তাৰ মন্দিৰ হয় আৰু ভেড়া পোৱালিও তাৰ মন্দিৰ হয়। ২৩ সেই নগৰক সূৰ্য আৰু চন্দ্ৰৰ পোহৰৰ প্ৰয়োজন নাই, কিয়নো সেয়া ঈশ্বৰৰ মহিমাৰে জিলিকে আৰু ভেড়া পোৱালি তাৰ চাকি হয়। ২৪ আৰু সকলো ৰাষ্ট্ৰই তেওঁৰ পোহৰত চলিব আৰু পৃথিৱীৰ ৰজাবিলাকে নিজৰ ঐশ্বৰ্য ইয়ালৈ লৈ আনিব। ২৫ সেই নগৰৰ দুৱাৰ দিনত বন্ধ কৰা নহʼব, কিয়নো তাত কেতিয়াও ৰাতি নহʼব। ২৬ আৰু তেওঁলোকে ৰাষ্ট্ৰৰ মহিমা আৰু গৌৰৱ সেই নগৰলৈ লৈ আনিব। ২৭ কিন্তু কোনো অশুচি বস্তু আৰু ঘৃণনীয় কাম কৰা আৰু ছল কৰা এনে কোনো মানুহ কোনোপধ্যেই সেই নগৰত সোমাব নোৱাৰিব। কেৱল তেওঁলোকেহে সোমাব পাৰিব, যিসকলৰ নাম ভেড়া পোৱালিৰ জীৱনৰ কিতাপত* লিখা আছে।
২২ আৰু তেওঁ মোক জীৱন দিয়া পানীৰ নদী দেখুৱালে, যি স্ফটিকৰ দৰে চফা আছিল আৰু সেয়া ঈশ্বৰ আৰু ভেড়া পোৱালিৰ সিংহাসনৰ পৰা বৈ আহিছিল। ২ এই নদী সেই নগৰৰ মুখ্য ৰাস্তাৰ মাজেদি বৈ গৈছিল। নদীৰ দুয়োফালে জীৱনৰ গছ আছিল, যʼত বছৰেকত ১২ বাৰ অৰ্থাৎ প্ৰতিমাহে ফল লাগিছিল। তাৰ পাতবোৰ ৰাষ্ট্ৰৰ লোকসকলৰ বেমাৰ সুস্থ কৰাৰ কাৰণে আছিল।
৩ ঈশ্বৰে আৰু কেতিয়াও সেই নগৰক কোনো ধৰণৰ শাও নিদিব। কিন্তু সেই নগৰত ঈশ্বৰ আৰু ভেড়া পোৱালিৰ সিংহাসন হʼব আৰু ঈশ্বৰৰ সেৱকসকলে তেওঁৰ পবিত্ৰ সেৱা কৰিব। ৪ তেওঁলোকে তেওঁৰ চেহেৰা দেখা পাব আৰু তেওঁৰ নাম তেওঁলোকৰ কপালত লিখা থাকিব। ৫ আৰু কেতিয়াও ৰাতি নহʼব আৰু তেওঁলোকক চাকি বা সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহʼব, কিয়নো যিহোৱা* ঈশ্বৰে তেওঁলোকৰ ওপৰত পোহৰ জিলিকাব আৰু তেওঁলোকে ৰজা হৈ সদায় কাললৈকে শাসন কৰিব।
৬ স্বৰ্গদূতে মোক কʼলে, “এই বাক্য ভৰসাযোগ্য* আৰু সত্য হয়। হয়, ভৱিষ্যবক্তাসকলৰ যোগেদি কথা কোৱা যিহোৱা* ঈশ্বৰে নিজৰ স্বৰ্গদূতক পঠিয়ালে যাতে নিজৰ দাসবিলাকক সেই সকলো বিষয় দেখুৱায়, যি অতি সোনকালে হʼবলগীয়া আছে। ৭ চোৱা! মই অতি সোনকালে আহি আছোঁ। সুখী সেই লোক, যিসকলে এই নুৰাৰ ভৱিষ্যবাণীৰ বাক্যবোৰ পালন কৰে।”
৮ মই যোহনে, এইবোৰ কথা শুনি আৰু দেখি আছিলোঁ আৰু মই এইবোৰ শুনা আৰু দেখাৰ পাছত যিজন স্বৰ্গদূতে মোক এই সকলো বিষয় দেখুৱাই আছিল, তেওঁৰ উপাসনা কৰিবলৈ মই তেওঁৰ ভৰিত পৰিলোঁ। ৯ কিন্তু তেওঁ মোক কʼলে, “এইদৰে নকৰিবা! মইতো কেৱল তোমাৰ আৰু তোমাৰ ভাইসকল অৰ্থাৎ ভৱিষ্যবক্তাসকলৰ দৰে এজন দাস হওঁ, যিসকলে এই নুৰাত লিখা বাক্যৰ অনুসৰি চলে। ঈশ্বৰৰ উপাসনা কৰা।”
১০ তেওঁ মোক এয়াও কʼলে, “এই নুৰাত লিখা ভৱিষ্যবাণীৰ বাক্যৰ ওপৰত মোহৰ নামাৰিবা, কিয়নো নিৰ্ধাৰিত কৰা সময় ওচৰ পালেহি। ১১ যিজনে বেয়া কাম কৰে, তেওঁ বেয়া কামত লাগি থাকক। যিজনে অশুচি আচৰণ কৰে, তেওঁ অশুচি কামবোৰত লাগি থাকক। কিন্তু যিজন ভাল মানুহ হয়, তেওঁ ভাল কামবোৰত লাগি থাকক আৰু যিজন পবিত্ৰ হয়, তেওঁ পবিত্ৰ কামবোৰ কৰি থাকক।
১২ ‘চোৱা! মই অতি সোনকালে আহি আছোঁ আৰু মোৰ ওচৰত সেই পুৰস্কাৰ আছে, যি মই প্ৰত্যেকজনক তেওঁলোকৰ কামৰ অনুসৰি দিম। ১৩ ময়েই আলফা আৰু ওমেগা* হওঁ, ময়েই প্ৰথম আৰু শেষ, আৰম্ভণি আৰু অন্ত হওঁ। ১৪ সুখী সেই লোক, যিসকলে নিজৰ কাপোৰ ধুলে যাতে তেওঁলোকে জীৱনৰ গছৰ ফল খাবলৈ অধিকাৰ লাভ কৰে আৰু তেওঁলোকে সেই নগৰত তাৰ দুৱাৰেদি সোমাব পাৰে। ১৫ কিন্তু কুকুৰ,* যাদুবিদ্যা কৰা, অনৈতিক শাৰীৰিক সম্পৰ্ক* ৰখা, হত্যাকাৰী, মূৰ্তিপূজা কৰা, মিছা কথা কোৱা আৰু মিছাক ভাল পোৱা লোকসকলে সেই নগৰৰ বাহিৰত থাকিব।’
১৬ ‘মই যীচু নিজৰ স্বৰ্গদূতক পঠাই তোমালোকক এইবোৰ কথা জনালোঁ যাতে মণ্ডলীবোৰৰ লাভ হয়। মই দায়ূদৰ শিপা আৰু বংশ হওঁ আৰু ৰাতিপুৱাৰ উজ্জ্বল তৰা হওঁ।’”
১৭ আৰু পবিত্ৰ শক্তি আৰু সেই কন্যাই কৈ থাকে, “আহা!” আৰু যিজনে শুনে তেওঁ কওক, “আহা!” আৰু যিজন পিয়াহত আছে, তেওঁ আহক। যিজনে ইচ্ছা কৰে, তেওঁ বিনামূল্যে জীৱনৰ পানী লওক।
১৮ “মই এই নুৰাৰ ভৱিষ্যবাণীৰ বাক্য শুনা প্ৰতিজনকে এই সাক্ষ্য দিওঁ: যদি কোনোবাই এই কথাবোৰত কিবা যোগ কৰে, তেনেহʼলে এই নুৰাত লিখা বিপত্তি ঈশ্বৰে তাৰ ওপৰত লৈ আনিব। ১৯ যদি কোনোবাই ভৱিষ্যবাণীৰ এই নুৰাৰ বাক্যৰ পৰা কিবা উলিয়ায়, তেনেহʼলে ঈশ্বৰে তেওঁক এই নুৰাত লিখা ভাল বিষয়বোৰ নিদিব অৰ্থাৎ তেওঁক জীৱনৰ গছৰ পৰা ফল খাবলৈ নিদিব আৰু পবিত্ৰ নগৰত সোমাবলৈ নিদিব।
২০ যিজনে এই কথাবোৰৰ সাক্ষ্য দিয়ে, তেওঁ কৈছে, ‘হয়, মই অতি সোনকালে আহি আছোঁ।’”
“আমেন! প্ৰভু যীচু, আহা।”
২১ প্ৰভু যীচুৰ মহা-কৃপা পবিত্ৰ লোকসকলৰ লগত থাকক।
বা “যিবোৰ পোহৰলৈ আনিছিল।”
অতি. ক৫ চাওক।
আক্ষ., “ময়েই আলফা আৰু ওমেগা হওঁ।” এয়া গ্ৰীক বৰ্ণমালাৰ প্ৰথম আৰু শেষ আখৰ হয়।
বা “হেডীজৰ।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “সভাঘৰ।”
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “গভীৰ ভাৱনা।” আক্ষ., “বৃক্ক।”
বা “সেইবোৰ মনত ৰাখা।”
আক্ষ., “কিছুমান নাম।”
আক্ষ., “সভাঘৰ।”
বা হয়তো, “তুমি মোৰ উদাহৰণত চলি ধৈৰ্য ধৰিছা।”
এবিধ সেউজীয়া ৰঙৰ বহুমূলীয়া ৰত্ন।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
আক্ষ., “ভিতৰ আৰু বাহিৰৰ ফালে।”
বা “মাজত।”
গ্ৰীক ভাষাত খোইনিক্স। এক লিটাৰতকৈ অলপ বেছি।
দীনাৰ আছিল ৰোমানসকলৰ ৰূপৰ মুদ্ৰা, যি এদিনৰ মজুৰিৰ সমান আছিল। অতি. খ১৪ চাওক।
বা “হেডীজ।” শব্দকোষ চাওক।
শব্দকোষত “জীৱন” চাওক।
হয়তো ছাগলীৰ নোমেৰে বনোৱা ডাঠ কাপোৰ।
বা “তেওঁলোকৰ ওপৰত তম্বু তৰিব।”
বা “মাজত।”
নাগদানা এনে এক উদ্ভিদ হয়, যি তিতা আৰু বিষাক্ত হয়।
বা “পৃথিৱীত থকা লোকসকলক ধিক্কাৰ, ধিক্কাৰ, ধিক্কাৰ!”
অৰ্থাৎ এক গভীৰ গাঁত। শব্দকোষ চাওক।
ইয়াৰ অৰ্থ হৈছে “বিনাশ।”
ইয়াৰ অৰ্থ হৈছে “নাশ কৰোঁতা।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “জুখিবলৈ ব্যৱহাৰ কৰা লাঠি।”
বা “স্বৰ্গ।”
বা “শত্ৰুৱে চাই আছিল।”
অতি. ক৫ চাওক।
বা “ধৰি।”
ইয়াৰ অৰ্থ হৈছে “ঈশ্বৰৰ দৰে কোন আছে?”
বা “গোটেই পৃথিৱীক, যʼত লোকসকল থাকে।”
অৰ্থাৎ চাৰে তিনি কাল বা সময়।
আক্ষ., “বীজ।”
অৰ্থাৎ অজগৰ।
বা “নুৰাত।”
বা হয়তো, “যদি কাৰোবাক তৰোৱালেৰে হত্যা কৰিবলগীয়া আছে।”
বা “পৃথিৱীৰ পৰা অলপ ওপৰত; মূৰৰ ওপৰত।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “ক্ৰোধৰ।”
বা “আৰু য’ত তেওঁলোকক বন্দী কৰা হʼব, তাৰ পৰা।”
আক্ষ., “যীচুৰ বিশ্বাস।”
আক্ষ., “তেওঁলোকৰ কাম তেওঁলোকৰ লগত যাব।”
আক্ষ., “১,৬০০ ষ্টেডিয়াম।” এক ষ্টেডিয়াম ১৮৫ মিটাৰৰ সমান (৬০৬.৯৫ ফুট)। অতি. খ১৪ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।
বা “সিদ্ধান্ত।”
এই শব্দ এটা হিব্ৰু শব্দৰ পৰা ওলাইছে, যাৰ অৰ্থ হৈছে “মগিদ্দো পাহাৰ।”
এটা গ্ৰীক টেলেণ্ট। অতি. খ১৪ চাওক।
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “নুৰাত।”
আক্ষ., “এঘণ্টাৰ।”
বা হয়তো, “নিশ্বাস; বিষাক্ত বতাহ; প্ৰেৰণাৰে কোৱা কথা।”
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
বা “যাত্ৰা কৰা সদাগৰবিলাকে।”
বা “অপৰাধ কৰিছে।”
অতি. ক৫ চাওক।
বিভিন্ন ৰং থকা এবিধ পাথৰ।
আক্ষ., “ভাৰতৰ এবিধ মছলা।”
সেই সুগন্ধি বস্তু হৈছে ধূনাএঁঠা।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “হাল্লিলুয়া!” “যাঃ” হৈছে যিহোৱাৰ নামৰ সংক্ষিপ্ত ৰূপ।
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
অতি. ক৫ চাওক।
বা হয়তো, “তেজ ছটিওৱা।”
আক্ষ., “কুঠাৰেৰে হত্যা কৰা হৈছিল।”
বা “বান্ধি ৰখা হ’ব; বন্দী কৰি ৰখা হʼব।” প্ৰকা ১৪:১১ ফুট. চাওক।
বা “নুৰা।”
বা “হেডীজেও।” শব্দকোষ চাওক।
বা “বিশ্বাসযোগ্য।”
এয়া গ্ৰীক বৰ্ণমালাৰ প্ৰথম আৰু শেষ আখৰ হয়।
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “১২,০০০ ষ্টেডিয়াম।” এক ষ্টেডিয়াম ১৮৫ মিটাৰৰ সমান (৬০৬.৯৫ ফুট)। অতি. খ১৪ চাওক।
প্ৰায় ৬৪ মিটাৰ (২১০ ফুট)। অতি. খ১৪ চাওক।
এবিধ সেউজীয়া ৰঙৰ বহুমূলীয়া ৰত্ন।
অতি. ক৫ চাওক।
বা “নুৰাত।”
অতি. ক৫ চাওক।
বা “বিশ্বাসযোগ্য।”
অতি. ক৫ চাওক।
এয়া গ্ৰীক বৰ্ণমালাৰ প্ৰথম আৰু শেষ আখৰ হয়।
অৰ্থাৎ সেই লোকসকল, যিসকলৰ কাম ঈশ্বৰৰ দৃষ্টিত ঘিণলগীয়া হয়।
গ্ৰীক ভাষাত পৰনিয়া। শব্দকোষ চাওক।