পৰিচয়
বৰ্তমান সময়ত লোকসকলে আনৰ সন্মান নকৰে। সেইবোবে, যেতিয়া কোনোবাই কাৰোবাক সন্মান কৰে, তেতিয়া তেওঁলোকে আচৰিত হয় আৰু ভাবে যে ‘তেওঁ এয়া কিয় কৰিলে?’
উদাহৰণস্বৰূপে, বহুতো লোকে বৃদ্ধ লোকসকলক, আনকি নিজৰ পিতৃ-মাতৃকো সন্মান কৰিবলৈ এৰি দিছে। ইয়াৰ উপৰিও পুলিচ, লগত কাম কৰা লোক, শিক্ষক-শিক্ষয়িত্ৰী আৰু অধিকাৰীসকলক সন্মান নকৰে। চʼচিয়েল মিডিয়াত তেওঁলোকে আনৰ বিষয়ে যি বিচাৰে, তাকে লিখি দিয়ে। হাৱাৰ্ড বিজনেছ ৰিভিউ পত্ৰিকাৰ এখন লেখত এয়াই লিখা আছে, ‘এয়া সঁচা যে লোকসকলৰ হৃদয়ত আনৰ প্ৰতি সন্মান নাইকিয়া হৈ গৈছে। কিছুমান লোকে নিজেই এই বিষয়ে কৈছে।’