ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • jt পৃষ্ঠা ৩২
  • আমি আপোনাক আমন্ত্ৰণ কৰিছোঁ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি আপোনাক আমন্ত্ৰণ কৰিছোঁ
  • যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে?
যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে?
jt পৃষ্ঠা ৩২

আমি আপোনাক আমন্ত্ৰণ কৰিছোঁ

আমি এই ব্ৰচাৰখনৰ দ্বাৰা আপোনাৰ সৈতে কথা পাতি অত্যন্ত আনন্দিত হলোঁ। আমি আশা কৰোঁ যে আপুনিও যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে বহুকিছু জানি আনন্দিত হʼল। আমি আপোনাক স্থানীয় ৰাজ্যগৃহত আহিবলৈ আমন্ত্ৰণ কৰিছোঁ, অনুগ্ৰহ কৰি আপুনি যেন উপস্থিত হয়। নিৰীক্ষণ কৰক যে তাত কেনেকৈ সভাসমূহ পৰিচালনা কৰা হয়। তদুপৰি, লক্ষ্য কৰক যে আমি আনক খ্ৰীষ্টৰ ৰাজ্যৰ অধীনত আহিবলগীয়া পৰমদেশীয় পৃথিৱীৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰিবলৈ কেনেকৈ প্ৰচেষ্টা কৰিছোঁ।

ঈশ্বৰে এই বিষয়ে প্ৰতিজ্ঞা কৰিছে। “তেওঁৰ প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।” (২ পিতৰ ৩:⁠১৩) এতিয়ালৈকে বহু শতাব্দী পাৰ হʼল আৰু এই জগতৰ অৱস্থাই নিৰ্দ্দেশিত কৰিছে যে সেই অপেক্ষা কৰা সময় একেবাৰে চৰম বিন্দুত উপনীত হৈছে।

পাঁচনি পৌলে কৈছিল যে, “দিন যিমান ওচৰ হোৱা দেখা,” তদুপৰি, তেওঁ এইদৰে কৈছিল, “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হʼবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; আৰু কোনো কোনোৰ দস্তুৰমতে আমি গোট খাবলৈ” নেৰোঁহঁক। (ইব্ৰী ১০:⁠২৪, ২৫) আমি আপোনাক পৌলে কোৱা এই পৰামৰ্শ অনুসাৰে আমাৰ সৈতে একত্ৰিত হʼবলৈ আমন্ত্ৰণ কৰিছোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক