ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • kp পৃষ্ঠা ৩-৫
  • এই জগতখন কেনে অৱস্থালৈ আগবাঢ়ি গৈছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই জগতখন কেনে অৱস্থালৈ আগবাঢ়ি গৈছে?
  • পৰ দি থাকক!
পৰ দি থাকক!
kp পৃষ্ঠা ৩-৫

এই জগতখন কেনে অৱস্থালৈ আগবাঢ়ি গৈছে?

প্ৰত্যেকদিনা পোৱা বাতৰিত বিশ্বজুৰি হোৱা গভীৰ সমস্যা আৰু বিচলিতকাৰী ঘটনাসমূহেৰে ভৰি আছে! ইয়াৰ অৰ্থ কি?

ব্যক্তিগত নিৰাপত্তা: হাট-বজাৰত বোমা বিস্ফোৰণ কৰা হয়। স্কুলত শিক্ষক আৰু বিদ্যাৰ্থীক গুলীয়াই হত্যা কৰা হয়। কণমাণি শিশুবোৰ ক্ষন্তেকৰ বাবে পিতৃ-মাতৃসকলৰ চকুৰ পৰা আঁতৰ হʼলেই শিশুবোৰ অপহৃত হয়। দিনৰ পোহৰতে মহিলা আৰু বৃদ্ধসকলক আক্ৰমণ কৰি লুটি নিয়ে।

ধৰ্ম্মবোৰৰ অৱস্থা: গীৰ্জাবোৰে শত্ৰুবোৰৰ অহিতে যুদ্ধত সহযোগ কৰে। যাজক আৰু পাদুৰিসকলক গণহত্যাৰ বাবে দোষী কৰা হʼল। ধৰ্ম্মযাজকসকলে ডেকা ব্যক্তিসকলক যৌন শোষণ কৰে; গীৰ্জাই তেনে কাৰ্য্যক কেৱল অনুচিত বুলি কৈ লুকুৱাই ৰাখে। গীৰ্জাঘৰবোৰত উপস্থিত হোৱা লোকৰ সংখ্যা দিনে দিনে হ্ৰাস পাই আহিছে আৰু গীৰ্জাঘৰবোৰক বিক্ৰি কৰা হৈছে।

পৰিবেশ: বাণিজ্যিক প্ৰকল্পৰ বাবে অৰণ্যবিলাক ধ্বংস কৰা হৈছে। দুখীয়াসকলে ৰান্ধিবৰ বাবে খৰি ব্যৱহাৰ কৰি গছ-গছনি কাটি শেষ কৰিছে। মাটিৰ তলত প্ৰকৃতিকৰূপে পোৱা পানী দূষিত আৰু খোৱাৰ বাবে অনুপযোগী হৈ পৰিছে। কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ৰাসায়নিক দ্ৰৱ আৰু আধুনিক মাছ ধৰা প্ৰণালীৰ বাবে মাছৰ সংখ্যা দিনে দিনে হ্ৰাস পাই আহিছে। বায়ু প্ৰদূষণ হোৱাৰ বাবে উশাহ-নিশাহ লোৱাত কষ্ট হৈছে।

জীয়াই থাকিবলৈ কৰা উপাৰ্জন: আফ্ৰিকাৰ চাহাৰা অঞ্চলত থকা দেশসমূহৰ ৰিপোৰ্টে দেখুৱাইছে যে গড় হিচাপে তাৰ প্ৰত্যেকজন বাসিন্দাৰ বছেৰেকীয়া উপাৰ্জন হৈছে ৪৮০ আমেৰিকান ডলাৰ। কোম্পানীবোৰৰ লোভীয়া কাৰ্য্যকৰ্তাসকলৰ বাবে ব্যৱসায় দেউলীয়া হৈছে আৰু বহুতে নিবনুৱা হৈ পৰিছে। প্ৰবঞ্চনাৰ বাবে বিনিয়োগকাৰীসকলে নিজৰ গোটেই জীৱনৰ সঞ্চিত পুঁজি হেৰুৱাইছে।

খাদ্যৰ অভাৱ: বিশ্বজুৰি প্ৰায় ৮০,০০,০০,০০০ লোকে নিতৌ অনাহাৰত ভুগীবলগীয়া হৈছে।

যুদ্ধ: বিংশ শতাব্দীত হোৱা যুদ্ধত ১০,০০,০০,০০০ তকৈ অধিক লোকে নিজৰ প্ৰাণ হেৰুৱাইছে। সমস্ত মানৱজাতিক বহুবাৰ ধ্বংস কৰিব পৰাকৈ যথেষ্ট মাত্ৰাত পৰমাণৱিক অস্ত্ৰ-শস্ত্ৰ উপলদ্ধ আছে। অসামৰিক যুদ্ধ। সন্ত্ৰাসবাদে গোটেই বিশ্বকে বিহ্বল কৰি তুলিছে।

মহামাৰী আৰু আন ৰোগসমূহ: ১৯১৮ চনত হোৱা স্পেনীয় ফ্লুʼৰ বাবে ২,১০,০০,০০০ জন লোকৰ মৃত্যু হয়। বৰ্তমান সময়ত এইড্‌চ ৰোগে “মানৱ ইতিহাসত সকলোতকৈ মাৰাত্মকৰূপে প্ৰমাণিত হৈছে।” তদুপৰি কেন্সাৰ আৰু হৃদয় ৰোগে জগতখনক আৱৰি ধৰিছে।

বাতৰিত এটাতকৈ অধিক ঘটনাবোৰক লক্ষ্য কৰিব পাৰি। এইবোৰ পৃথকে হোৱা ঘটনা নে? বা সেইবোৰ পৃথিৱীত ঘটা ঘটনাবোৰৰ বৈশিষ্ট্যতাৰ কোনো সংযুক্ত লক্ষণ নে যাৰ কোনো বাস্তৱিক অৰ্থ আছে?

[৫ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

ঈশ্বৰে বাস্তৱতে আমাৰ প্ৰতি চিন্তা কৰেনে?

কোনো বিহ্বল কৰা ঘটনা বা কোনো প্ৰিয়জনক মৃত্যুত হেৰুৱাই পোৱা বেদনাই লোকসকলক আচৰিত কৰি তুলিছে যে ঈশ্বৰে এনেবোৰ নঘটিবলৈ কিয় হস্তক্ষেপ নকৰে।

ঈশ্বৰে বাস্তৱতে আমাৰ প্ৰতি চিন্তা কৰে। বৰ্তমান সময়ত তেওঁ উত্তম নিৰ্দ্দেশনা আৰু প্ৰকৃত প্ৰতিকাৰ প্ৰদান কৰিছে। (মথি ১১:⁠২৮-​৩০; ২ তীমথিয় ৩:⁠১৬, ১৭) ঈশ্বৰে অত্যাচাৰ, ৰোগ আৰু মৃত্যুক চিৰকালৰ বাবে আঁতৰ কৰিবলৈ এক আধাৰ স্থাপন কৰিলে। ঈশ্বৰে কৰা এনে প্ৰবন্ধই প্ৰমাণ দিছে যে তেওঁ কেৱল এটা জাতি বা ৰাষ্ট্ৰক নহয় কিন্তু সকলো জাতি, ৰাষ্ট্ৰ আৰু ভাষাৰ লোকবিলাকৰ প্ৰতি চিন্তা কৰে।​—⁠পাঁচনিৰ কৰ্ম্ম ১০:⁠৩৪, ৩৫.

ঈশ্বৰৰ প্ৰতি আমি কিমান চিন্তা কৰোঁ? আপুনি জানেনে যে এই পৃথিৱী আৰু স্বৰ্গৰ সৃষ্টিকৰ্ত্তাজন কোন? তেওঁৰ নাম কি? তেওঁৰ উদ্দেশ্য কি? ঈশ্বৰে এই প্ৰশ্নসমূহৰ উত্তৰ বাইবেলৰ জড়িয়তে দিছে। তাত তেওঁ এই পৃথিৱীত হোৱা অত্যাচাৰ, বেমাৰ আৰু মৃত্যুক আঁতৰ কৰিবলৈ কেনে পদক্ষেপ লʼলে সেই বিষয়েও বৰ্ণনা কৰিছে। সেইবোৰৰ পৰা লাভৱান হʼবলৈ আমি কি কৰা আৱশ্যক? আমি ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে জনা আৱশ্যক। যদি আমি তেওঁক বিশ্বাস নকৰোঁ তেনেহʼলে তেওঁ কৰা প্ৰবন্ধৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰিম? (যোহন ৩:⁠১৬; ইব্ৰী ১১:⁠৬) তদুপৰি সেই আৱশ্যকতাসমূহৰ অনুসাৰে জীৱন-যাপন কৰাও আৱশ্যক। (১ যোহন ৫:⁠৩) ঈশ্বৰৰ বিষয়ে আপুনি ইমানেই চিন্তা কৰেনে যিয়ে আপোনাক তেওঁৰ আৱশ্যকতাসমূহ পালন কৰিবলৈ প্ৰেৰিত কৰে?

ঈশ্বৰে বৰ্তমানৰ এনে পৰিস্থিতিক কিয় অনুমতি দিছে, এই বিষয়ে বুজি পাবলৈ সৰ্ব্বপ্ৰথমে আমি এক গুৰুত্বপূৰ্ণ বাদ-বিষয়ৰ সম্পৰ্কে বুজি পোৱা আৱশ্যক। বাইবেলে এই বিষয়ে বৰ্ণনা কৰিছে। এই ব্ৰচাৰখনৰ ১৫ পৃষ্ঠাত সেই বাদ-বিষয়টোৰ বিষয়ে পঢ়ি জানিব পাৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক