ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • kp পৃষ্ঠা ৯-১১
  • আপোনাৰ জীৱনটো কোনফালে আগুৱাই গৈছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ জীৱনটো কোনফালে আগুৱাই গৈছে?
  • পৰ দি থাকক!
পৰ দি থাকক!
kp পৃষ্ঠা ৯-১১

আপোনাৰ জীৱনটো কোনফালে আগুৱাই গৈছে?

• দৈনন্দিন জীৱনৰ আৱশ্যকতাসমূহত ব্যস্ত থকাৰ বাবে বহুতো লোকে নিজৰ জীৱনটো কোনফালে আগুৱাই গৈছে সেই বিষয়ে ভাবিবলৈ নিচেই কম সময় পায়।

• বাইবেলে আমাক সতৰ্ক কৰিছে যে ভৱিষ্যতে আমাৰ বাবে এক অত্যুত্তম পৰিস্থিতিয়ে অপেক্ষা কৰি আছে। তদুপৰি ইয়াত এইদৰেও সতৰ্কবাণী দিয়া হৈছে যে বিশ্বজুৰি মানৱীয় প্ৰতিষ্ঠানবোৰে এক বৃহৎ পৰিৱৰ্তনৰ সম্মুখীন হʼব। আমি বাইবেলৰ পৰা জনাৰ বাবে এই বিষয়ে লাভৱান আৰু বিপত্তিৰ পৰা ৰক্ষা পাবলৈ পলম নকৰাকৈ এক উপযুক্ত পদক্ষেপ লোৱা উচিত।

• এনে কিছুমান লোক আছে যিসকলে বাইবেলে কি কৈছে সেই বিষয়ে জানে আৰু সেই অনুসাৰে জীৱন-যাপন কৰিবলৈ চেষ্টা কৰিছে, কিন্তু জীৱনৰ দৈনন্দিন চিন্তাধাৰাত অধিক ব্যস্ত হোৱাৰ বাবে তেওঁলোকে এক মাৰাত্মক ভুল পথলৈ আগবাঢ়ি গৈছে।

• আপোনাৰ জীৱনটো যি পথলৈ গতি কৰিছে তাত আপুনি আনন্দিত হৈছেনে? আপুনি যেতিয়া কোনো পৰিকল্পনা কৰে তেতিয়া এইদৰে চিন্তা কৰেনে যে তেনে কৰাৰ দ্বাৰা জীৱনৰ লক্ষ্যত দীৰ্ঘ-সময়ে কেনে প্ৰভাৱিত কৰিব পাৰে?

[৯ পৃষ্ঠাৰ বক্স/ছবিসমূহ]

আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কি?

তলত দিয়া বিষয়বোৰক আপুনি কেনে স্থান দিব? গুৰুত্বতাৰ অনুসাৰে সেইবোৰক ১ৰ পৰা ১০ নম্বৰত সজাওক।

এইবোৰৰ বেছিভাগেই জীৱনৰ উপযুক্ত স্থান অধিকাৰ কৰি আছে। কিন্তু যেতিয়া এইবোৰক বাছনি কৰাৰ প্ৰশ্ন আহে তেতিয়া আপুনি কোনটোক প্ৰথম? দ্বিতীয়? তৃতীয় আদি নম্বৰত স্থান দিব।

․․․ আমোদ-প্ৰমোদ/খেল-ধেমালি

․․․ মোৰ চাকৰি বা বৃত্তি

․․․ মোৰ স্বাস্থ্য

․․․ ব্যক্তিগত সুখ

․․․ মোৰ বৈবাহিক সঙ্গী

․․․ মোৰ পিতৃ-মাতৃ

․․․ মোৰ লʼৰা-ছোৱালী

․․․ এক সুন্দৰ ঘৰ, দামী সাজ-পোছাক

․․․ মই যি কৰোঁ ই সকলোতকৈ উত্তম

․․․ ঈশ্বৰৰ উপাসনা

[১০, ১১ পৃষ্ঠাৰ বক্স]

আপুনি কৰা বাছনিসমূহে বাস্তৱতে সঠিক পথলৈ পৰিচালিত কৰেনে?

এই প্ৰশ্নসমূহক বিবেচনা কৰক

আমোদ-প্ৰমোদ/খেল-ধেমালি: আমোদ-প্ৰমোদ বা খেল-ধেমালিৰ বাবে মই কৰা বাছনিয়ে মোক সতেজ কৰেনে? ইয়াত এনেবোৰ দুঃসাহসিক অভিযান বা কাৰ্য্য সন্মিলিত আছেনে যাৰ বাবে মোৰ স্বাস্থ্য হানি বা গোটেই জীৱন বিকলাঙ্গ হৈ কটাব লাগিব? এইটো এনে ধৰণৰ “ধেমালি” নে যাৰ দ্বাৰা কেৱল ক্ষন্তেক সময়ে আনন্দ পোৱা যায় কিন্তু দীৰ্ঘসময়ৰ বাবে হৃদয় বিদাৰকৰ কাৰণ হৈ পৰে? মই যদিও হিতকাৰক খেল-ধেমালি বাছনি কৰোঁ, তথাপিও সেইবোৰত অধিক সময় অতিবাহিত কৰোঁনে যাৰ বাবে অত্যাৱশ্যকীয় বিষয়বোৰ বাদ পৰি যায়?

মোৰ চাকৰি বা বৃত্তি: চাকৰি বা বৃত্তিয়ে মোৰ জীৱনটো চলাবলৈ সহায় কৰিছেনে অথবা মই ইয়াৰ অধীন হৈ পৰিছোঁ? ইয়াৰ বাবে মোৰ স্বাস্থ্যৰ কোনো অৱনতি হৈছেনে? মই মোৰ চাকৰিত অতিৰিক্ত সময় দিবলগীয়া হয়নে অথবা মই মোৰ বৈবাহিক সঙ্গী বা লʼৰা-ছোৱালীৰ সৈতে সময় অতিবাহিত কৰোঁনে? মেনেজাৰে যদি মোক এনে এক বিবেক দংশিত কৰা বা বাৰে বাৰে মোৰ আধ্যাত্মিক বিষয়ত হানি কৰা কোনো কাৰ্য্য কৰিবলৈ কয়, তেনেহʼলে মই মোৰ চাকৰি ৰক্ষাৰ বাবে সেই কাৰ্য্য কৰিমনে?

মোৰ স্বাস্থ্য: মই মোৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰোঁনে নতুবা ইয়াক প্ৰতিৰক্ষা কৰোঁ? কথোপকথনে মোৰ স্বাস্থ্যৰ বিষয়টো প্ৰমুখ স্থান অধিকাৰ কৰিছেনে? মোৰ স্বাস্থ্যৰ প্ৰতি যত্ন লৈ প্ৰকাশ কৰোঁনে যে মই মোৰ পৰিয়ালৰ প্ৰতি চিন্তা কৰোঁ?

ব্যক্তিগত সুখ: ইয়াক মোৰ জীৱনৰ প্ৰমুখ স্থান দিওঁনে? মই মোৰ বৈবাহিক সঙ্গী বা পৰিয়ালতকৈ ইয়াৰ প্ৰতি অধিক গুৰুত্ব দিওঁনে? সত্য ঈশ্বৰৰ উপাসনাৰ সামঞ্জস্যত মই মোৰ ব্যক্তিগত সুখ বিচাৰোঁনে?

মোৰ বৈবাহিক সঙ্গী: যেতিয়া মই মোৰ বৈবাহিক সঙ্গীৰ প্ৰতি আগ্ৰহী হওঁ তেতিয়া মই সাধাৰণভাৱে তেওঁক বা তাইক নিজৰ সঙ্গী বুলি দৃষ্টি কৰোঁনে? মই মোৰ বৈবাহিক সঙ্গীক এজন ব্যক্তি হিচাবে সন্মান কৰোঁনে? ঈশ্বৰৰ প্ৰতি থকা বিশ্বাসে মোৰ বৈবাহিক সঙ্গীৰ প্ৰতি থকা দৃষ্টিত প্ৰভাৱিত কৰেনে?

মোৰ পিতৃ-মাতৃ: যদি এতিয়াও সৰু হৈ আছোঁ মই মোৰ পিতৃ-মাতৃৰ আজ্ঞাকাৰী অৰ্থাৎ সন্মানপূৰ্বক উত্তৰ, কৰিবলৈ কোৱা কাম, তেওঁলোকে কোৱা সময়ত মই ঘৰত উপস্থিত, তেওঁলোকে মানা কৰা লোকৰ সৈতে সঙ্গতি আৰু কাৰ্য্য কৰোনে? যদি সাবালক তেন্তে মই সন্মানপূৰ্বক মোৰ পিতৃ-মাতৃৰ কথা শুনোনে, তেওঁলোকক আৱশ্যকীয় সহায় কৰোঁনে? মই মোৰ সুবিধা অনুসাৰে বা ঈশ্বৰৰ বাক্যৰ পৰামৰ্শৰ সামঞ্জস্যত তেওঁলোকৰ সৈতে আচৰণ কৰোঁনে?

মোৰ লʼৰা-ছোৱালী: মই মোৰ লʼৰা-ছোৱালীক উপযুক্ত নৈতিকতাৰ শিক্ষাদান কৰিবলৈ দায়িত্ববদ্ধ অনুভৱ বা স্কুলত তেওঁলোকে শিকিব বুলি অপেক্ষা কৰোঁনে? লʼৰা-ছোৱালীয়ে যেতিয়া ঈশ্বৰৰ আজ্ঞাক আওকাণ বা মোক যেতিয়া তেওঁলোকে বিৰক্ত কৰে তেতিয়া মই তেওঁলোকক অনুশাসন দিওঁনে?

এক সুন্দৰ ঘৰ, দামী সাজ-পোছাক: ৰূপ-সজ্জা আৰু সা-সম্পত্তিৰ প্ৰতি থকা মোৰ দৃষ্টিভঙ্গী​—⁠চুবুৰীয়াক প্ৰভাৱিত কৰেনে? মোৰ পৰিয়ালৰ কল্যাণৰ বাবেনে? মই এজন ঈশ্বৰৰ উপাসক বুলি পৰিচয় দিয়েনে?

মই যি কৰোঁ ই সকলোতকৈ উত্তম: কোনো এটা কাম উত্তমভাৱে কৰাটো মই গুৰুত্বপূৰ্ণ বুলি ভাবোনে? মই সকলোতকৈ উত্তমভাৱে কৰিবলৈ চেষ্টা কৰোঁনে? কোনোবা এজনে মোতকৈ উত্তম কৰা দেখি মই মানসিক অশান্তি অনুভৱ কৰোঁনে?

ঈশ্বৰৰ উপাসনা: মই মোৰ সঙ্গী, লʼৰা-ছোৱালী, পিতৃ-মাতৃ বা মোৰ মেনেজাৰৰ অনুমোদন পোৱাতকৈ ঈশ্বৰৰ অনুমোদন পোৱাটো অধিক গুৰুত্বপূৰ্ণ বুলি ভাবোনে? আৰামেৰে জীৱন-যাপন কৰিবলৈ মই ঈশ্বৰৰ সেৱাক দ্বিতীয় স্থান দিছোঁনেকি?

বাইবেলৰ পৰামৰ্শসমূহক মনোযোগেৰে বিবেচনা কৰক

আপুনি ঈশ্বৰক নিজৰ জীৱনত কেনে স্থান দিছে?

উপদেশক ১২:⁠১৩: “ঈশ্বৰলৈ ভয় ৰাখা, আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰা; কিয়নো এয়েই মানুহৰ সকলো কৰ্তব্য কৰ্ম্ম।”

নিজকে এইদৰে সোধক: মোৰ জীৱনধাৰাই প্ৰকাশ কৰিছেনে যে মই সেই শাস্ত্ৰীয় পদৰ সামঞ্জস্যত চলিছোঁ? ঈশ্বৰৰ আজ্ঞা পালন কৰা নিৰ্দ্দেশনাই নিৰ্ণয় কৰেনে যে মই ঘৰ, চাকৰি বা স্কুলত কেনেকৈ দায়িত্বসমূহ পালন কৰোঁ? বা আন আগ্ৰহকতা অথবা দৈনন্দিন জীৱনৰ হেঁচাই স্থিৰ কৰেনে যে মই ঈশ্বৰৰ প্ৰতি সময় আছুতিয়াকৈ ৰাখোঁ?

ঈশ্বৰৰ সৈতে আপোনাৰ কেনে সম্বন্ধ আছে?

হিতোপদেশ ৩:⁠৫, ৬: “সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা। তোমাৰ সকলো কাৰ্য্যত তেওঁক স্বীকাৰ কৰা; তাতে তেওঁ তোমাৰ পথবোৰ সমান কৰিব।”

মথি ৪:⁠১০: “তোমাৰ [যিহোৱা, NW] পৰমেশ্বৰক প্ৰণিপাত কৰা, আৰু কেৱল তেওঁৰেই আৰাধনা কৰা।”

নিজকে এইদৰে সোধক: মই ঈশ্বৰৰ সম্বন্ধে তেনেদৰে অনুভৱ কৰোঁনে? মোৰ দৈনন্দিন কাৰ্য্য, একেইদৰে কঠিন পৰিস্থিতিত যিদৰে সম্মুখীন হওঁ, সেয়ে প্ৰকাশ কৰেনে যে ঈশ্বৰৰ প্ৰতি মোৰ তেনে ভক্তি আৰু ভাৰসা আছে?

বাইবেলখন পঢ়া আৰু অধ্যয়ন কৰাটো আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ?

যোহন ১৭:⁠৩: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।”

নিজকে এইদৰে সোধক: ঈশ্বৰৰ বাক্য পঢ়াক গুৰুত্ব আৰু তাৰ বিষয়বোৰক গভীৰভাৱে মনোযোগেৰে ধ্যান কৰাৰ দ্বাৰা প্ৰকাশ পাইনে যে মই বাস্তৱতে বাইবেলখনক বিশ্বাস কৰোঁ?

খ্ৰীষ্টান মণ্ডলীৰ সভাত উপস্থিত থকাটো আপোনাৰ বাবে কিমান গুৰুত্বপূৰ্ণ?

ইব্ৰী ১০:⁠২৪, ২৫: “প্ৰেমত আৰু সৎকৰ্ম্মত উত্তেজিত হবলৈ আমি পৰস্পৰে মনোযোগ কৰোঁহঁক; . . . আমি গোট খাবলৈ নেৰি, দিন যিমান ওচৰ হোৱা দেখা, সিমান অধিককৈ পৰস্পৰে উদগাওঁহঁক।”

গীত ১২২:⁠১: “যেতিয়া লোকবিলাকে মোক কলে, ‘বʼলা, যিহোৱাৰ গৃহলৈ যাওহঁক,’ তেতিয়া মই আনন্দিত হলোঁ।”

নিজকে এইদৰে সোধক: মোৰ জীৱনধাৰাই এইটো প্ৰকাশ কৰেনে যে মই ঈশ্বৰৰ বাক্যত পোৱা নিৰ্দ্দেশনাবোৰ বাস্তৱতে মূল্যাঙ্কন কৰোঁ? যোৱা মাহত আন কোনো কাৰ্য্য কৰিবলৈ সভাত অনুপস্থিত থাকিলোঁনে?

ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে কোৱা কাৰ্য্যত মই উৎসাহী হৈ ভাগ লওঁনে?

মথি ২৪:⁠১৪: “ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব; তেতিয়াহে শেষ হব।”

মথি ২৮:⁠১৯, ২০: “এই হেতুকে তোমালোক যোৱা; আৰু সকলো জাতিকে শিষ্য কৰি, . . . মই যি যি আদেশ তোমালোকক দিলোঁ, সেই সকলোকে পালন কৰিবলৈ তেওঁবিলাকক শিক্ষা দিয়া।”

গীত ৯৬:⁠২: “যিহোৱাৰ উদ্দেশে গান কৰা, তেওঁৰ নামৰ ধন্যবাদ কৰা; দিনে দিনে তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা।”

নিজকে এইদৰে সোধক: মোৰ জীৱনত এই কাৰ্য্য বাস্তৱতে গুৰুত্বপূৰ্ণ বুলি ভাবোনে? প্ৰচাৰ কাৰ্য্যত ভাগ লৈ আমি বাস কৰা সময়ছোৱাৰ গুৰুত্বতাৰ প্ৰতি বাস্তৱতে নিশ্চয়তা প্ৰকাশ কৰোঁনে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক