প্ৰশাসন গোষ্ঠীৰপৰা এখন চিঠি
যিহোৱা ঈশ্বৰক প্ৰেম কৰোঁতাসকল,
“তোমালোকে সত্যক জানিবা, আৰু সেই সত্যেই তোমালোকক মুক্ত কৰিব।” (যোহন ৮:৩২) যীচুৱে কোৱা এই বাক্যশাৰী আমাৰ বাবে কিমান যে উৎসাহজনক! যদিও বৰ্তমান সময়ত মিছা আৰু অসত্য বিষয়বোৰ বিয়পি পৰা দেখিবলৈ পোৱা যায়, তথাপি সংকটেৰে ভৰি থকা “শেষ-কালত” সত্য জনাটো সম্ভৱ। (২ তীমথিয় ৩:১) যেতিয়া আপোনাক কোনোবাই ঈশ্বৰৰ বাক্যৰপৰা প্ৰথমবাৰ সত্যৰ বিষয়ে জনায়, সেই সময়ৰ বিষয়ে আপোনাৰ মনত আছেনে? সেয়া কি যে এক আনন্দৰ দিন আছিল!
কিন্তু, সত্যৰ বিষয়ে সঠিক জ্ঞান থকা আৰু ইয়াৰ বিষয়ে আনক জনোৱা আমাৰ বাবে যিমান গুৰুত্বপূৰ্ণ, সিমানেই সত্যৰ অনুসৰি জীৱন অতিবাহিত কৰা আমাৰ বাবে প্ৰয়োজন। এইদৰে কৰিবলৈ হʼলে আমি নিজকে ঈশ্বৰৰ প্ৰেমত ৰখা উচিত। ইয়াৰ বাবে কি কৰাৰ প্ৰয়োজন? ইয়াৰ উত্তৰ পাবলৈ যীচুৱে মৃত্যুৰ কিছু সময়ৰ আগত তেওঁৰ বিশ্বাসী পাঁচনিসকলক কি কৈছিল তালৈ লক্ষ্য কৰক: “যদি মোৰ আজ্ঞা পালন কৰা, তেন্তে, মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকোঁ, তোমালোকো তেনেকৈ মোৰ প্ৰেমতে থাকিবা।”—যোহন ১৫:১০.
মন কৰিবলগীয়া কথা যে ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ যীচুৱে পিতৃৰ আজ্ঞাবোৰ পালন কৰিছিল। বৰ্তমান সময়ত আমিও এইদৰে কৰা উচিত। ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ হʼলে আমি জীৱনৰ প্ৰতিটো মুহূৰ্তত বাইবেলৰ সত্যক পালন কৰা উচিত। পাঁচনিসকলক যীচুৱে আগলৈ এইদৰে কৈছিল: “এইবোৰ জানি যদি পালন কৰা, তেন্তে তোমালোক ধন্য।”—যোহন ১৩:১৭.
আমি আন্তৰিকতাৰে আশা কৰোঁ যে এই কিতাপখনে আপোনাক, সত্যক নিজৰ জীৱনত পালন কৰি থাকিবলৈ সহায় কৰিব। এইদৰে আপুনি ‘ঈশ্বৰৰ প্ৰেমত নিজক ৰাখক আৰু অনন্ত জীৱনৰ’ অধিকাৰী হওক।—যিহূদা ২০, ২১.
যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠী