ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm পৃষ্ঠা ৩
  • বাইবেলখন কিয় পৰীক্ষা কৰা উচিত?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বাইবেলখন কিয় পৰীক্ষা কৰা উচিত?
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm পৃষ্ঠা ৩
এজন ব্যক্তিয়ে বাইবেলখন পঢ়িছ

বাইবেলখন কিয় পৰীক্ষা কৰা উচিত?

আপুনি বাইবেলৰ বিষয়ে জানেনে? এই অদ্বিতীয় কিতাপখন গোটেই ইতিহাসৰ ভিতৰত সকলোতকৈ ব্যাপকৰূপে প্ৰচলিত কিতাপ। বৰ্তমান সময়ত আমি দেখিবলৈ পাওঁ যে সকলো জাতি আৰু জন-জাতিৰ লোকসকলে বাইবেলখন পঢ়ি লাভৱান হৈছে আৰু তেওঁলোকৰ জীৱনলৈ আশা আৰু শান্তনা কঢ়িয়াই আনিছে। ইয়াৰ লগতে, বাইবেলত উল্লেখ কৰা নিৰ্দ্দেশনাবোৰ দৈনন্দিন জীৱনৰ বাবেও অতি ব্যৱহাৰিক। কিন্তু আজি বাইবেলৰ বিষয়ে বহুতোলোকে সঠিককৈ নাজানে। আপুনি ধাৰ্ম্মিক হওক বা নহওক, নিশ্চয় আপুনি ইয়াৰ বিষয়ে জানিবলৈ আগ্ৰহী। যদি আপুনি বাইবেলৰ বিষয়ে জানিব বিচাৰে, তেন্তে এই ব্ৰচাৰখনে আপোনাক বাইবেলৰ প্ৰাথমিক জ্ঞান লʼবলৈ সহায় কৰিব।

বাইবেলখন পঢ়াৰ আগতে ইয়াক কেনেকৈ তৈয়াৰ কৰা হৈছে, তাৰ বিষয়ে কিছু কথা জানিলে আপোনাক ইয়াৰ বিষয়ে বুজিবলৈ সহজ হʼব। মন কৰক যে এই পবিত্ৰ শাস্ত্ৰ অৰ্থাৎ বাইবেলখন আদিপুস্তকৰপৰা প্ৰকাশিত বাক্যলৈকে ৬৬ খন কিতাপ বা ভাগত বিভক্ত কৰা হৈছে।

এতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হʼল যে বাইবেলৰ লেখক কোন? প্ৰকৃততে বাইবেলখন ৪০ জন লোকে লিখিছিল আৰু ইয়াক সম্পূৰ্ণ কৰিবলৈ প্ৰায় ১,৬০০ বছৰ লাগিছিল। কিন্তু মন কৰিবলগীয়া বিষয় যে এই লেখকসকলে নিজকে কেতিয়াও বাইবেলৰ ৰচক বুলি দাবী কৰা নাই। ইয়াৰ বিষয়ে বাইবেলৰ এজন লেখকে কি কৈছে, তালৈ লক্ষ্য কৰক: “গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।” (২ তীমথিয় ৩:১৬) বাইবেলৰ আন এজন লেখকে এইদৰে বৰ্ণনা কৰিছে: “মোৰ দ্বাৰাই যিহোৱাৰ আত্মাই কথা কলে, তেওঁৰ বাক্য মোৰ জিবাত আছিল।” (২ চমূৱেল ২৩:২) গতিকে ইয়াৰপৰা আমি কʼব পাৰোঁ যে বাইবেলৰ লেখকসকলে, বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰকহে বাইবেলৰ প্ৰকৃত ৰচক বুলি উল্লেখ কৰিছে। বাইবেলৰ লেখকসকলে ইয়াকো প্ৰকাশ কৰে যে যিহোৱা ঈশ্বৰে মানৱ জাতিৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তুলিবলৈ অতি আগ্ৰহী।

বাইবেলখন ভালদৰে বুজিবলৈ হʼলে ইয়াৰ মুখ্য বিষয় কি, তাক জনাৰ অতি প্ৰয়োজন। বাইবেলৰ মুখ্য বিষয় হৈছে: স্বৰ্গীয় ৰাজ্যৰ দ্বাৰা, মানৱ জাতিৰ ওপৰত যিহোৱাৰ শাসন কৰাৰ অধিকাৰক উত্তম বুলি প্ৰমাণ কৰা। পৰৱৰ্তী অধ্যায়বোৰত আপুনি লক্ষ্য কৰিব যে বাইবেলৰ মুখ্য বিষয় কেনেকৈ আদিপুস্তকৰপৰা প্ৰকাশিত বাক্যলৈকে উল্লেখ কৰা হৈছে।

ওপৰত উল্লেখিত এই বিষয়বোৰ মনত ৰাখি, গোটেই বিশ্বজোৰি ব্যাপকৰূপে প্ৰচলিত এই কিতাপখন অৰ্থাৎ বাইবেলত দিয়া বাৰ্ত্তালৈ লক্ষ্য কৰক।

বাইবেলৰ বিষয়ে কিছুমান সত্যতা

  • বাইবেলখন লিখিবলৈ খ্ৰীষ্টপূৰ্ব ১৫১৩-ৰ পৰা আৰম্ভ কৰা হৈছিল আৰু ৯৮ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হৈছিল। ইয়াক সম্পূৰ্ণ কৰিবলৈ প্ৰায় ১,৬১০ বছৰ লাগিছিল।

  • বাইবেলৰ প্ৰথম ভাগত ৩৯ খন কিতাপ আছে। ইয়াৰে কেইখনমান আৰমীয় ভাষাত লিখা হৈছিল, কিন্তু বেছিভাগেই হীব্ৰু ভাষাত লিখা হৈছিল। বাইবেলৰ প্ৰথম ভাগক হীব্ৰু শাস্ত্ৰ বা “পুৰণি নিয়ম” বুলি কোৱা হয়।

  • বাকী ২৭ খন কিতাপ গ্ৰীক ভাষাত লিখা হৈছিল। বাইবেলৰ এই অংশ গ্ৰীক শাস্ত্ৰ বা “নতুন নিয়ম” বুলি জনা যায়।

  • বাইবেলখনক অধ্যায় আৰু পদৰ দ্বাৰা বিভাজিত কৰা হৈছে। উদাহৰণস্বৰূপে, মথি ৬:৯, ১০ পদক, আমি মথি কিতাপৰ ৬ অধ্যায়ৰ ৯ আৰু ১০ পদ বুলি বৰ্ণনা কৰিব পাৰোঁ।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক