ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • bm অংশ ১১ পৃষ্ঠা ১৪
  • শান্তনা আৰু শিক্ষাৰ বাবে—ঈশ্বৰ প্ৰেৰিত গীত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শান্তনা আৰু শিক্ষাৰ বাবে—ঈশ্বৰ প্ৰেৰিত গীত
  • বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
bm অংশ ১১ পৃষ্ঠা ১৪
দায়ূদে বীণা বজাইছ আৰু গীত গাইছ

অধ্যায় ১১

শান্তনা আৰু শিক্ষাৰ বাবে—ঈশ্বৰ প্ৰেৰিত গীত

দায়ূদ আৰু অন্য বহুতোলোকে উপাসনাৰ বাবে গীত লিখিছিল। গীতমালা কিতাপত ইয়াৰে ১৫০-টা গীত পোৱা যায়

বাইবেলৰ গীতমালা কিতাপখন ঈশ্বৰ প্ৰেৰিত গীতেৰে ভৰি আছে। এই কিতাপখন লিখিবলৈ প্ৰায় ১,০০০ বছৰ লাগিছিল। গীতমালা কিতাপখনত কিছুমান তাৎপৰ্য্যপূৰ্ণ আৰু বিশ্বাসৰ বিষয়ে এনে বৰ্ণনা আছে, যি আগতে কেতিয়াও লিখা হোৱা নাছিল। এই কিতাপখনত মানুহে বিভিন্ন ক্ষেত্ৰত প্ৰকাশ কৰা আবেগ আৰু অনুভূতিৰ বিষয়ে বৰ্ণনা আছে। ইয়াত আনন্দ, প্ৰশংসা আৰু ধন্যবাদৰপৰা লৈ দুখ, বেজাৰ আৰু অনুতাপ আদিৰ বিষয়ে বৰ্ণনা আছে। এইবোৰৰপৰা বুজিব পাৰি যে গীত ৰচকসকলে যিহোৱাক বিশ্বাস কৰিছিল আৰু তেওঁৰ লগত এক ঘনিষ্ঠ সম্পৰ্ক আছিল। আহক আমি এই গীতবোৰৰ কিছুমান বিষয়বস্তু আলোচনা কৰোঁ।

যিহোৱা সৰ্ব্বশ্ৰেষ্ঠ অধিকাৰী, তেওঁ উপাসনা আৰু প্ৰশংসাৰ যোগ্য। গীতমালা ৮৩:১৮ পদত ঈশ্বৰৰ বিষয়ে এইদৰে বৰ্ণনা কৰিছে, “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।” কেইবাটাও গীতত যিহোৱাক তেওঁৰ সৃষ্টিৰ বাবে প্ৰশংসা কৰা হৈছে। ইয়াৰে ভিতৰত কিছুমান হৈছে, জক্‌মকাই থকা সুন্দৰ আকাশ, আমাৰ শৰীৰ আৰু পৃথিৱীত থকা জীৱ-জন্তুবোৰ আদি। (গীতমালা ৮, ১৯, ১৩৯, ১৪৮) যিহোৱাই তেওঁৰ বিশ্বাসী লোকসকলক ৰক্ষা আৰু সহায় কৰাৰ বাবে আন কিছুমান গীতত তেওঁক প্ৰশংসা কৰা হৈছে। (গীতমালা ১৮, ৯৭, ১৩৮) ইয়াৰ উপৰিও কিছুমান গীতত যিহোৱাক ন্যায়ী ঈশ্বৰ বুলি প্ৰশংসা কৰা হৈছে, যিয়ে অত্যাচাৰীৰ হাতৰপৰা লোকসকলক ৰক্ষা কৰে আৰু দুষ্ট লোকক শাস্তি বিহে।—গীতমালা ১১, ৬৮, ১৪৬.

যিহোৱাই তেওঁৰ লোকসকলক সহায় আৰু শান্তনা দিয়ে। গীতমালা কিতাপত বৰ্ণনা কৰা ২৩ নম্বৰ গীতটোৱে হয়তো আটাইতকৈ বিখ্যাত। এই গীতত দায়ূদে যিহোৱাক এজন মৰমিয়াল মেৰৰখীয়াৰ লগত তুলনা কৰিছে, যিয়ে নিজৰ মেৰবোৰক বাট দেখুৱায়, ৰক্ষা কৰে আৰু তেওঁলোকৰ যত্ন লয়। ঈশ্বৰৰ উপাসকসকলক গীতমালা ৬৫:২ পদত সোঁৱৰাই দিয়ে যে যিহোৱা, “প্ৰাৰ্থনা শুনোতা” ঈশ্বৰ হয়। যিসকল লোকে গভীৰ পাপৰ বলি হৈছে, তেওঁলোক গীতমালা ৩৯ আৰু ৫১-ৰ পৰা শান্তনা লাভ কৰিব পাৰে। এই গীতবোৰত দায়ূদে গভীৰ পাপৰ বাবে কৰা আন্তৰিক অনুতাপ আৰু যিহোৱাৰ ক্ষমাৰ ওপৰত বিশ্বাস দেখুৱাইছে। গীতমালা ৫৫:২২ পদত যিহোৱাৰ ওপৰত বিশ্বাস কৰিবলৈ আৰু নিজৰ সকলো চিন্তা-ভাবনা তেওঁৰ ওপৰত এৰি দিবলৈ উদগণি পোৱা যায়।

মচীহৰ ৰাজ্যৰ যোগেদি যিহোৱাই এই পৃথিৱীৰ পৰিস্থিতি পৰিৱৰ্তন কৰিব। গীতমালা কিতাপত বৰ্ণনা কৰা বহুতো ভৱিষ্যতবাণী, প্ৰতিজ্ঞা কৰা ৰজা অৰ্থাৎ মচীহৰ ওপৰত পূৰ হোৱা দেখা যায়। দুই নম্বৰ গীতত ভৱিষ্যতবাণী কৰা হৈছে যে এই শাসকজনে তেওঁক বিৰোধ কৰা সকলো দুষ্ট ৰাষ্ট্ৰক ধ্বংস কৰিব। গীতমালা ৭২-ত বৰ্ণনা কৰা অনুসৰি এই ৰজাই খাদ্যৰ সমস্যা, অন্যায় আৰু অত্যাচাৰৰ অন্ত কৰিব। গীতমালা ৪৬:৯ পদৰ অনুসৰি ঈশ্বৰে, মচীহৰ ৰাজ্যৰ যোগেদি যুদ্ধ আৰু যুদ্ধত ব্যৱহাৰ হোৱা সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰ ধ্বংস কৰিব। গীতমালা ৩৭-ত উল্লেখ কৰা হৈছে যে দুষ্ট লোকসকল সম্পূৰ্ণৰূপে নাইকিয়া হʼব আৰু ধাৰ্ম্মিকসকল এই পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিব তথা তেওঁলোকে শান্তি আৰু সুৰক্ষাত জীৱন ধাৰণ কৰিব।

—এই অংশ গীতমালা কিতাপৰ আধাৰত।

  • গীত ৰচকে যিহোৱাই শাসন কৰাৰ অধিকাৰৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিছে?

  • কোনটো গীতে দেখুৱাই যে ঈশ্বৰে তেওঁৰ লোকসকলক সহায় আৰু শান্তনা আগবঢ়ায়?

  • গীতমালা কিতাপে বৰ্ণনা কৰা অনুসৰি যিহোৱাই কেনেকৈ এই পৃথিৱীৰ পৰিস্থিতি পৰিৱৰ্তন কৰিব?

সকলোতকৈ উত্তম গীত

পৰমগীত নামৰ এই কিতাপখনত ৰজা চলোমনে বৰ্ণনা কৰিছে যে ধন-সম্পত্তি থাকিলেই যে আমি বিচৰা সকলোখিনি পাম, এনে নহয়। ইয়াত ৰজা চলোমনে বৰ্ণনা কৰিছে যে তেওঁ এজনী ছোৱালীক ভাল পায়, কিন্তু ছোৱালীজনীয়ে তেওঁৰ প্ৰতি আকৃষ্ট নহয়। কিয়নো, ছোৱালীজনীয়ে মেৰৰখীয়া লʼৰা এজনক ভাল পায়। এই ঈশ্বৰ প্ৰেৰিত গীতে শিক্ষা দিয়ে যে দুজন ব্যক্তিয়ে যেতিয়া এজনে-আনজনৰ প্ৰতি শাৰীৰিকভাৱে আকৃষ্ট হয়, তেতিয়া তেওঁলোকে অভদ্ৰ বা অমৰ্য্যাদাশীল আচৰণ কৰা উচিত নহয়। মেৰৰখীয়া আৰু ছোৱালীজনীয়ে আত্মসংযম, পবিত্ৰতা আৰু এজনে-আনজনৰ প্ৰতি বিশ্বাস আদি প্ৰশংসনীয় গুণবোৰ প্ৰদৰ্শন কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক