আপুনি বাইবেলৰ বিষয়ে অধিক জানিব বিচাৰেনে?
বাইবেলত কি বাৰ্ত্তা আছে, তাৰ বিষয়ে জানিবলৈ এই ব্ৰচাৰখনে আমাক চমু আভাস দিয়ে। ইয়াত বাইবেলৰ সকলো শিক্ষাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হোৱা নাই।
আপুনি বাইবেলৰপৰা কিছুমান প্ৰশ্নৰ উত্তৰ জানিবলৈ হয়তো ইচ্ছা কৰিছে। যেনে: ঈশ্বৰে মোক সঁচাকৈ ব্যক্তিগতভাৱে যত্ন লয়নে? মৃত্যু হʼলে আমাৰ কি হয়? মই জীৱনত প্ৰকৃত আনন্দ কেনেকৈ লাভ কৰিব পাৰিম?
এই প্ৰশ্নবোৰৰ উপৰিও আন বহুতো প্ৰশ্নৰ উত্তৰ, বাইবেলে প্ৰকৃততে কি শিকায়? নামৰ কিতাপখনত পোৱা যায়। এই কিতাপখন যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে। বাইবেলৰ বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলৈ এই কিতাপখন প্ৰস্তুত কৰা হৈছে। এনে ধৰণৰ অধ্যয়নে আপোনাক এটা বিষয়ৰ লগত জড়িত থকা বাইবেলৰ বিভিন্ন পদবোৰৰ বিষয়ে জানিবলৈ সহায় কৰিব।
এই কিতাপখন www.pr418.com/as পৰা পঢ়িব বা ডাউনলʼড কৰিব পাৰে আৰু আপোনাক সাক্ষৎ কৰাৰ বাবে অনুৰোধ কৰিব পাৰে।