পাঠ ৩৫
হান্নাই এটি লʼৰাৰ কাৰণে প্ৰাৰ্থনা কৰিলে
ইলকানা নামৰ এজন ইস্ৰায়েলীৰ দুগৰাকী পত্নী আছিল। এগৰাকীৰ নাম আছিল হান্না আৰু আনগৰাকীৰ নাম আছিল পিনিন্না। কিন্তু ইলকানাই সকলোতকৈ বেছি হান্নাক প্ৰেম কৰিছিল। হান্নাৰ কোনো লʼৰা-ছোৱালী নাছিল। কিন্তু পিনিন্নাৰ বহুতো লʼৰা-ছোৱালী আছিল। সেইকাৰণে, তেওঁ হান্নাক সদায় ঠাট্টা কৰিছিল। প্ৰতিবছৰে ইলকানাই নিজৰ পৰিয়ালক লৈ চীলোলৈ গৈছিল যাতে তেওঁলোকে পবিত্ৰ তম্বুৰ ওচৰত উপাসনা কৰিব পাৰে। এবাৰ যেতিয়া তেওঁলোকে তাত আছিল, তেতিয়া ইলকানাই মন কৰিলে যে তেওঁৰ মৰমৰ পত্নী হান্নাই বহুত দুখত আছে। তেতিয়া তেওঁ হান্নাক কʼলে, ‘নাকান্দিবা, মই আছোঁ নহয়। মই তোমাক বহুত প্ৰেম কৰোঁ!’
পাছত হান্নাই অকলে প্ৰাৰ্থনা কৰিবলৈ তম্বুৰ ওচৰলৈ গʼল। তেওঁ কান্দি কান্দি যিহোৱালৈ সহায় বিচাৰি মিনতি কৰিবলৈ ধৰিলে। তেওঁ এইদৰে প্ৰতিজ্ঞা কৰিলে, ‘হে যিহোৱা, তুমি যদি মোক এটি লʼৰা দিয়া, তেনেহʼলে মই তাক তোমাক দি দিম যাতে সি গোটেই জীৱন তোমাৰ সেৱা কৰে।’
মহা-পুৰোহিত এলীয়ে হান্নাই উচুপি থকা দেখি তেওঁ ভাবিলে যে হান্নাই মদ খাই আহিছে। হান্নাই এলীক কʼলে, ‘নহয় প্ৰভু, মই মদ খোৱা নাই। মই বহুত দুখত আছোঁ আৰু এই বিষয়ে মই যিহোৱাক জনাই আছোঁ।’ তেতিয়া এলীয়ে বুজি পালে যে তেওঁ ভুলকৈ ভাবিছে। এলীয়ে হান্নাক কʼলে, ‘তুমি যি খুজিছা, সেয়া ঈশ্বৰে তোমাক দিয়ক।’ এই কথা শুনি হান্নাৰ বহুত ভাল লাগিল আৰু তেওঁ তাৰ পৰা গুচি গʼল। তাৰ পিছৰ বছৰত তেওঁৰ এটি লʼৰা হʼল আৰু তাৰ নাম চমূৱেল ৰাখিলে। হান্না কিমান যে আনন্দিত হৈছিল!
হান্নাই যিহোৱালৈ কৰা প্ৰতিজ্ঞা পাহৰি যোৱা নাছিল। সেইবাবে, চমূৱেলে গাখীৰ খাবলৈ এৰি দিয়াৰ লগে লগে হান্নাই তাক পবিত্ৰ তম্বুৰ ওচৰলৈ লৈ আহে যাতে সি তাত সেৱা কৰিব পাৰে। হান্নাই এলীক কʼলে, ‘ই সেইজনেই হয়, যাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছিলোঁ। মই ইয়াক যিহোৱাক দিছোঁ যাতে ই গোটেই জীৱন তেওঁৰেই হৈ থাকে।’ ইলকানা আৰু হান্নাই প্ৰতিবছৰে চমূৱেলক লগ কৰিবলৈ গৈছিল আৰু তাৰ কাৰণে হাতকটা এটা নতুন কাপোৰ লৈ গৈছিল। যিহোৱাই হান্নাক আৰু তিনিজন লʼৰা আৰু দুজনী ছোৱালী দিলে।
“খুজি থাকা, তেতিয়াহে তোমালোকক দিয়া হʼব। বিচাৰি থাকা, তেতিয়াহে তোমালোকে পাবা।”—মথি ৭:৭