পাঠ ৫৪
যিহোৱাই যোনাৰ লগত ধৈৰ্যেৰে ব্যৱহাৰ কৰিলে
অচূৰ দেশৰ নীনবি চহৰৰ লোকসকল বহুত বেয়া আছিল। সেইবাবে, যিহোৱাই নিজৰ ভৱিষ্যবক্তা যোনাক নীনবিলৈ গৈ তাৰ লোকসকলক জনাবলৈ কʼলে যে তেওঁলোকে যেন বেয়া কাম কৰিবলৈ এৰি দিয়ে। কিন্তু যোনা বিপৰীত দিশলৈ গুচি গʼল। তেওঁ তৰ্চীচৰ নাৱত উঠিল।
যেতিয়া জাহাজখন সমুদ্ৰত আছিল, তেতিয়া ধুমুহা বতাহ আহিবলৈ ধৰিলে। জাহাজ চলোৱা নাৱিকসকলে বহুত ভয় খালে আৰু তেওঁলোকে নিজৰ নিজৰ দেৱতালৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। তেওঁলোকে সুধিলে, ‘এই ধুমুহা বতাহ কিয় হৈ আছে?’ শেষত যোনাই কʼলে, ‘এয়া মোৰ কাৰণে হৈ আছে। যিহোৱাই মোক যি আজ্ঞা দিছিল, সেয়া কৰাৰ পৰিৱৰ্তে মই পলাই গৈছোঁ। মোক সমুদ্ৰত পেলাই দিয়া, তেতিয়া ধুমুহা বতাহ শান্ত হৈ যাব।’ তেওঁলোকে যোনাক সমুদ্ৰত পেলাব বিচৰা নাছিল। কিন্তু এইদৰে কৰিবলৈ যোনাই তেওঁলোকক বাৰে বাৰে কʼলে। যেতিয়া তেওঁলোকে যোনাক সমুদ্ৰত পেলাই দিলে, তেতিয়া ধুমুহা বতাহ শান্ত হৈ গʼল।
যোনাই ভাবিলে যে এতিয়া সি মৰি যাব। যেতিয়া তেওঁ সমুদ্ৰত লাহে লাহে ডুবি গৈ আছিল, তেতিয়া যিহোৱালৈ প্ৰাৰ্থনা কৰিলে। যিহোৱাই এটা ডাঙৰ মাছ পঠালে আৰু সেই মাছটোৱে যোনাক গিলি পেলালে। তথাপি যোনাই নমৰিলে। মাছৰ পেটত যোনাই প্ৰাৰ্থনা কৰিলে, ‘মই প্ৰতিজ্ঞা কৰিছোঁ যে মই সদায় তোমাৰ কথা মানিম।’ যিহোৱাই যোনাক মাছৰ পেটত তিনি দিন বচাই ৰাখিলে। তাৰ পাছত তেওঁ এনে কিবা কৰিলে, যাৰ বাবে মাছটোৱে যোনাক শুকান মাটিত উকুলিয়াই দিলে।
যিহোৱাই যোনাক বচালে, গতিকে ইয়াৰ অৰ্থ এয়া আছিল নে যে যোনাক নীনবিলৈ কেতিয়াও যাব লগীয়া নহʼল? এইদৰে নাছিল। যিহোৱাই যোনাক আকৌ এবাৰ নীনবিলৈ যাবলৈ কʼলে। কিন্তু এইবাৰ যোনাই যিহোৱাৰ কথা শুনিলে। তেওঁ নীনবিলৈ গৈ দুষ্ট লোকসকলক কʼলে, ‘৪০ দিনৰ ভিতৰত নীনবি ধ্বংস হৈ যাব।’ তাৰ পাছত এনে কিবা হʼল যাৰ বিষয়ে যোনাই আশাই কৰা নাছিল। লোকসকলে যোনাৰ কথা শুনিলে আৰু বেয়া কাম কৰিবলৈ এৰি দিলে। নীনবিৰ ৰজাই লোকসকলক কʼলে, ‘ঈশ্বৰৰ নাম লোৱা আৰু অনুতাপ কৰা, তেতিয়া হয়তো ঈশ্বৰে আমাক নাশ নকৰিব।’ যেতিয়া যিহোৱাই দেখিলে যে লোকসকলে অনুতাপ কৰিলে, তেতিয়া তেওঁ নীনবি নগৰ ধ্বংস নকৰিলে।
এয়া দেখি যোনাৰ বহুত খং উঠিল। চিন্তা কৰা, যিহোৱাই যোনাৰ লগত ধৈৰ্যেৰে ব্যৱহাৰ কৰিছিল আৰু তেওঁক দয়া দেখুৱাইছিল, কিন্তু যোনাই নীনবিৰ লোকসকলক দয়া দেখুৱা নাছিল। তেওঁ চহৰৰ বাহিৰলৈ ওলাই গʼল আৰু খঙতে এজোপা এৰা গছৰ ছাঁৰ তলত বহিল। তাৰ পাছত এৰা গছজোপা মৰি গʼল, তেতিয়া যোনাৰ খং উঠিল। তেতিয়া যিহোৱাই তেওঁক কʼলে, ‘তুমি নীনবিৰ লোকসকলতকৈ এজোপা গছৰ বিষয়ে বেছিকৈ চিন্তা কৰিছা। মই তেওঁলোকৰ ওপৰত দয়া দেখুৱাইছিলোঁ, সেই কাৰণে তেওঁলোক বাচি গʼল।’ যিহোৱাই কি কʼব বিচাৰিছিল? তেওঁ এয়াই কʼব বিচাৰিছিল যে নীনবিৰ লোকসকলৰ জীৱন এজোপা গছতকৈ বহুত মূল্যৱান।
“যিহোৱাই . . . তোমালোকৰ লগত ধৈৰ্যেৰে ব্যৱহাৰ কৰি আছে, কিয়নো কোনেও ধ্বংস হোৱাটো তেওঁ নিবিচাৰে, ইয়াৰ পৰিৱৰ্তে সকলোৱে অনুতাপ কৰিবলৈ সুযোগ পোৱাটো বিচাৰে।”—২ পিতৰ ৩:৯