পাঠ ৬৫
ইষ্টেৰে নিজৰ লোকসকলক বচালে
ইষ্টেৰ এজনী যিহূদী ছোৱালী আছিল আৰু তেওঁ পাৰস্যৰ চহৰ চূচনত থাকিছিল। বহু বছৰৰ আগতে তেওঁৰ পৰিয়ালক নবূখদনেচৰে যিৰূচালেমৰ পৰা লৈ গৈছিল। ইষ্টেৰক তেওঁৰ দাদা মৰ্দখয়ে ডাঙৰ-দীঘল কৰিছিল আৰু মৰ্দখয়, ৰজা অহচবেৰোচৰ এজন সেৱক আছিল।
ৰজা অহচবেৰোচক এজনী ৰাণীৰ প্ৰয়োজন আছিল। সেইবাবে, তেওঁৰ সেৱকসকলে দেশৰ সকলোতকৈ ধুনীয়া ধুনীয়া ছোৱালীক তেওঁৰ ওচৰলৈ লৈ গʼল। তেওঁলোকৰ ভিতৰত ইষ্টেৰো আছিল। ৰজাই সকলো ছোৱালীৰ ভিতৰত ইষ্টেৰক ৰাণী হিচাপে বাছনি কৰিলে। ইষ্টেৰ এজনী যিহূদী হয় বুলি কাকো নকʼবলৈ মৰ্দখয়ে ইষ্টেৰক কʼলে।
হামন নামৰ এজন অহংকাৰী মানুহ সকলো অধ্যক্ষৰ মুৰব্বী আছিল। সকলো মানুহে তেওঁক মূৰ দোৱাটো তেওঁ বিচাৰিছিল। কিন্তু মৰ্দখয়ে এইদৰে কৰিবলৈ মানা কৰিলে। হামনৰ ইমানেই খং উঠিল যে তেওঁ মৰ্দখয়ক মাৰি পেলাব বিচাৰিছিল। যেতিয়া তেওঁ গʼম পালে যে মৰ্দখয় এজন যিহূদী হয়, তেতিয়া তেওঁ দেশৰ সকলো যিহূদীক মাৰি পেলাবলৈ ষড়যন্ত্ৰ কৰিলে। তেওঁ ৰজাক কʼলে, ‘যিহূদীসকল বহুত বিপদজনক হয়। আপুনি তেওঁলোকক মাৰি পেলোৱা উচিত।’ তেতিয়া অহচবেৰোচে তেওঁক কʼলে, ‘তুমি যি কৰিব বিচাৰা, সেইদৰেই কৰা।’ তেওঁ হামনক এটা নিয়ম বনাবলৈ অধিকাৰো দিলে। তেতিয়া হামনে অদাৰ মাহৰ ১৩ দিনৰ দিনা যিহূদীসকলক মাৰি পেলাবলৈ এটা নিয়ম বনালে। কিন্তু যিহোৱাই এই সকলো চাই আছিল।
ইষ্টেৰে সেই নিয়মৰ বিষয়ে জনা নাছিল। সেইবাবে, মৰ্দখয়ে তাৰ এটা কপি তেওঁলৈ পঠাই দিলে আৰু তেওঁক কʼলে, ‘তুমি গৈ ৰজাৰ লগত কথা পাতা।’ ইষ্টেৰে কʼলে, ‘ৰজাই নমতাকৈ যিজনে তেওঁৰ ওচৰলৈ যায়, তেওঁক মাৰি পেলোৱা হʼব। ৩০ দিনৰ পৰা ৰজাই মোক মাতা নাই! তথাপিও মই যাম। যদি ৰজাই নিজৰ ৰাজদণ্ড মোৰ ফালে আগবঢ়াই দিব, তেনেহʼলে মই বাচি যাম, নহʼলে মোক মাৰি পেলোৱা হʼব।’
ইষ্টেৰে ৰজাৰ চোতাললৈ গʼল। যেতিয়া ৰজাই ইষ্টেৰক দেখে, তেতিয়া তেওঁ নিজৰ ৰাজদণ্ড তেওঁৰ ফালে আগবঢ়াই দিলে। তেতিয়া ইষ্টেৰে ৰজাৰ ওচৰলৈ গʼল আৰু ৰজাই তেওঁক সুধিলে, ‘ইষ্টেৰ, মই তোমাৰ কাৰণে কি কৰিব পাৰোঁ?’ ইষ্টেৰে কʼলে, ‘ৰজা আৰু হামনে এটা ভোজত অহাটো মই বিচাৰোঁ।’ সেই ভোজত ইষ্টেৰে আৰু এটা ভোজলৈ তেওঁলোকক মাতিলে। দ্বিতীয় ভোজত ৰজাই ইষ্টেৰক আকৌ সুধিলে, ‘ইষ্টেৰ, মই তোমাৰ কাৰণে কি কৰিব পাৰোঁ?’ ইষ্টেৰে কʼলে, ‘কোনোবাই মোক আৰু মোৰ লোকসকলক মাৰি পেলাবলৈ চেষ্টা কৰিছে। দয়া কৰি আমাক বচাওক।’ ৰজাই সুধিলে, ‘কোনে তোমালোকক মাৰি পেলাব বিচাৰিছে?’ তেওঁ কʼলে, ‘এই দুষ্ট হামনে।’ তেতিয়া অহচবেৰোচৰ ইমানেই খং উঠিলে যে তেওঁ হামনক লগে লগে মাৰি পেলাবলৈ কʼলে।
কিন্তু হামনে যি নিয়ম বনাইছিল, তাক কোনেও সলনি কৰিব নোৱাৰিছিল, আনকি ৰজাও নোৱাৰিছিল। সেইবাবে, ৰজাই মৰ্দখয়ক অধ্যক্ষবিলাকৰ প্ৰধান বনালে আৰু তেওঁক এটা নতুন নিয়ম বনাবলৈ অধিকাৰ দিলে। মৰ্দখয়ে এটা নিয়ম বনালে, যাৰ বাবে যিহূদীসকলে নিজকে বচাব পাৰিছিল। অদাৰ মাহৰ ১৩ দিনৰ দিনা যিহূদীসকলে শত্ৰুবিলাকক হৰুৱালে। তেতিয়াৰে পৰা প্ৰতিবছৰে সেই দিনা যিহূদীসকলে সেই জয়লাভৰ আনন্দত এটা উৎসৱ পালন কৰিবলৈ ধৰিলে।
“মোৰ কাৰণে তোমালোকক ৰাজ্যপাল আৰু ৰজাবিলাকৰ ওচৰলৈ নিয়া হʼব যাতে তেওঁলোকে আৰু যিহূদী নোহোৱা লোকসকলে সাক্ষ্য পায়।”—মথি ১০:১৮