ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৬৮ পৃষ্ঠা ১৬২-পৃষ্ঠা ১৬৩ অনু. ১
  • এলীচাবেতৰ লʼৰা হʼল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এলীচাবেতৰ লʼৰা হʼল
  • বাইবেলৰ পৰা শিকোঁ আহা
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৬৮ পৃষ্ঠা ১৬২-পৃষ্ঠা ১৬৩ অনু. ১
জখৰিয়াই সম্বন্ধীয় আৰু বন্ধুসকলক লিখি দেখুৱাই আছে যে তেওঁৰ লʼৰাৰ নাম যোহন হʼব

পাঠ ৬৮

এলীচাবেতৰ লʼৰা হʼল

যিৰূচালেমৰ দেৱাল আকৌ বনোৱা ৪০০-তকৈ বেছি বছৰ পাৰ হৈ গৈছিল। যিৰূচালেম চহৰৰ ওচৰত জখৰিয়া নামৰ এজন পুৰোহিত আৰু তেওঁৰ পত্নী এলীচাবেৎ থাকিছিল। তেওঁলোকৰ বিয়া হোৱা বহু বছৰ হৈ গৈছিল। কিন্তু তেওঁলোকৰ কোনো লʼৰা-ছোৱালী নাছিল। এদিন জখৰিয়াই যেতিয়া মন্দিৰৰ পবিত্ৰ স্থানত ধূপ জ্বলাই আছিল, তেতিয়া গাব্ৰিয়েল স্বৰ্গদূত তেওঁৰ ওচৰলৈ আহিলে। জখৰিয়াই বহুত ভয় খালে। কিন্তু গাব্ৰিয়েলে তেওঁক কʼলে, ‘ভয় নকৰিবা, যিহোৱাৰ ফালৰ পৰা মই তোমাৰ কাৰণে এটা ভাল খবৰ আনিছোঁ। তোমাৰ পত্নী এলীচাবেতে এটি লʼৰা জন্ম দিব আৰু তাৰ নাম যোহন হʼব। যিহোৱাই যোহনক এটা বিশেষ কামৰ কাৰণে বাছনি কৰিছে।’ জখৰিয়াই কʼলে, ‘মই আপোনাৰ কথা কেনেকৈ বিশ্বাস কৰিব পাৰোঁ? মোৰ আৰু মোৰ পত্নীৰ বয়স বাঢ়ি গৈছে, তেনেহʼলে আমাৰ লʼৰা কেনেকৈ হʼব পাৰে?’ গাব্ৰিয়েলে কʼলে, ‘এই খবৰ জনাবলৈ ঈশ্বৰে মোক পঠাইছে, তথাপি তুমি মোৰ কথাৰ ওপৰত বিশ্বাস নকৰিলা। সেইবাবে, লʼৰাটি জন্ম নোহোৱালৈকে তুমি কথা পাতিব নোৱাৰিবা।’

জখৰিয়াই মন্দিৰত বহুত দেৰি কৰি আছিল আৰু লোকসকলে বাহিৰত তেওঁৰ কাৰণে ৰৈ আছিল। সেইবাবে, যেতিয়া তেওঁ বাহিৰলৈ আহিলে, তেতিয়া কি হʼল, সেয়া লোকসকলে জানিব বিচাৰিছিল। কিন্তু জখৰিয়াই একো কʼব নোৱাৰিলে। তেওঁ কেৱল হাতেৰে ইংগিত কৰিলে। তেতিয়া লোকসকলে গʼম পালে যে জখৰিয়াই ঈশ্বৰৰ পৰা কিবা বাৰ্তা পাইছে।

কিছু সময়ৰ পাছত স্বৰ্গদূতে কোৱাৰ দৰে এলীচাবেৎ গৰ্ভৱতী হʼল আৰু এটা লʼৰাক জন্ম দিলে। এলীচাবেতৰ পৰিয়াল আৰু বন্ধুসকলে লʼৰাটিক চাবলৈ আহিলে আৰু তেওঁলোকৰ লগত আনন্দ কৰিবলৈ ধৰিলে। এলীচাবেতে কʼলে, ‘এই লʼৰাটিৰ নাম যোহন হʼব।’ কিন্তু তেওঁলোকে কʼলে, ‘তোমাৰ পৰিয়ালৰ মাজত যোহন নাম কাৰো নাই। তাৰ দেউতাৰ নামৰ অনুসৰি লʼৰাৰ নাম জখৰিয়া থোৱা।’ তেতিয়া জখৰিয়াই লোকসকলক লিখি দেখুৱালে, ‘ইয়াৰ নাম যোহন হʼব।’ সেই সময়তেই জখৰিয়াই আকৌ কথা কʼবলৈ ধৰিলে। এই লʼৰাটি জন্ম হোৱা খবৰ গোটেই যিহূদিয়াত বিয়পি গʼল। লোকসকলে ভাবিবলৈ ধৰিলে, ‘এই লʼৰাজন ডাঙৰ হৈ কি হʼব?’

তাৰ পাছত জখৰিয়া পবিত্ৰ শক্তিৰে পৰিপূৰ্ণ হৈ এইদৰে ভৱিষ্যবাণী কৰিবলৈ ধৰিলে, ‘যিহোৱাৰ প্ৰশংসা হওক। তেওঁ অব্ৰাহামক প্ৰতিজ্ঞা কৰিছিল যে আমাক উদ্ধাৰ কৰিবলৈ মচীহক পঠাব। যোহন এজন ভৱিষ্যবক্তা হʼব আৰু মচীহৰ কাৰণে ৰাস্তা তৈয়াৰ কৰিব।’

এলীচাবেতৰ সম্বন্ধীয় মৰিয়মৰ লগতো এটা বিশেষ ঘটনা ঘটিছিল। আহা, এই বিষয়ে ইয়াৰ পিছৰ অধ্যায়ত চাম।

“মানুহৰ কাৰণে এয়া অসম্ভৱ, কিন্তু ঈশ্বৰৰ কাৰণে সকলো সম্ভৱ।”—মথি ১৯:২৬

প্ৰশ্ন: গাব্ৰিয়েলে জখৰিয়াক কি জনালে? যোহনক কি বিশেষ কাম দিয়া হʼল?

মথি ১১:৭-১৪; লূক ১:৫-২৫, ৫৭-৭৯; যিচয়া ৪০:৩; মলাখী ৩:১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক