ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পাঠ ৮৫ পৃষ্ঠা ১৯৮-পৃষ্ঠা ১৯৯ অনু. ১
  • বিশ্ৰাম-বাৰে যীচুৰ চমৎকাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • বিশ্ৰাম-বাৰে যীচুৰ চমৎকাৰ
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • “মোৰ পৰা শিক্ষা লোৱা”
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
বাইবেলৰ পৰা শিকোঁ আহা
lfb পাঠ ৮৫ পৃষ্ঠা ১৯৮-পৃষ্ঠা ১৯৯ অনু. ১
ফৰীচীসকলে আগতে অন্ধ থকা ব্যক্তিজনক প্ৰশ্ন কৰি আছে

পাঠ ৮৫

বিশ্ৰাম-বাৰে যীচুৰ চমৎকাৰ

ফৰীচীসকলে যীচুক ঘৃণা কৰিছিল আৰু তেওঁলোকে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ কিবা কাৰণ বিচাৰি ফুৰিছিল। তেওঁলোকে কʼলে যে বিশ্ৰাম-বাৰে তেওঁ বেমাৰী লোকক সুস্থ কৰা উচিত নহয়। এবাৰ যেতিয়া যীচুৱে এজন অন্ধ ব্যক্তিক ৰাস্তাত ভিক্ষা খুজি থকা দেখিলে, তেতিয়া তেওঁ নিজৰ শিষ্যসকলক কʼলে, ‘এতিয়া তোমালোকে চাবা, ঈশ্বৰৰ শক্তিয়ে এই মানুহজনক কেনেকৈ সহায় কৰিব।’ যীচুৱে নিজৰ থুৰে মাটি বোকা কৰি সেই অন্ধ মানুহজনৰ চকুত লগাই দিলে আৰু কʼলে, “যোৱা আৰু চীলোহৰ পুখুৰীত গৈ ধুই লোৱা।” যেতিয়া তেওঁ এইদৰে কৰিলে, তেতিয়া তেওঁ জীৱনত প্ৰথমবাৰ দেখা পাবলৈ ধৰিলে।

সেই মানুহজনক দেখি লোকসকল আচৰিত হʼল। তেওঁলোকে কʼবলৈ ধৰিলে, ‘ই সেই মানুহজনেই নহয় নে যিজনে ৰাস্তাত বহি ভিক্ষা খুজি আছিল নে ই দেখাত তাৰ নিচিনা?’ সেই ব্যক্তিজনে তেওঁলোকক কʼলে, ‘মই সেই মানুহজনেই হওঁ যি জন্মৰে পৰা অন্ধ আছিল।’ তেতিয়া লোকসকলে তেওঁক সুধিলে, ‘তুমি এতিয়া কেনেকৈ দেখা পাইছা?’ যেতিয়া তেওঁ জনালে যে তেওঁ কেনেকৈ ঠিক হʼল, তেতিয়া লোকসকলে তেওঁক ফৰীচীসকলৰ ওচৰলৈ লৈ গʼল।

সেই মানুহজনে ফৰীচীসকলক জনালে, ‘যীচুৱে মোৰ চকুত মাটিৰ বোকা লগালে আৰু মোক গৈ নিজৰ চকু ধুবলৈ কʼলে। যেতিয়া মই এইদৰেই কৰিলোঁ, তেতিয়াৰে পৰা মই দেখা পাবলৈ ধৰিলোঁ।’ ফৰীচীসকলে কʼলে, ‘যদি যীচুৱে বিশ্ৰাম-বাৰত বেমাৰী লোকসকলক সুস্থ কৰে, তেনেহʼলে ঈশ্বৰে তেওঁক শক্তি দিয়া নাই।’ কিন্তু আন লোকসকলে কʼলে, ‘ঈশ্বৰে শক্তি নিদিয়া হʼলে তেওঁ কাকো সুস্থ কৰিব নোৱাৰিলেহেঁতেন।’

ফৰীচীসকলে সেই মানুহজনৰ মা-দেউতাক মাতিলে আৰু সুধিলে, ‘এই লʼৰাজনে এতিয়া কেনেকৈ দেখা পাইছে?’ তেওঁৰ মা-দেউতাই বহুত ভয় খাইছিল, কিয়নো ফৰীচীসকলে কৈছিল যে যিসকলে যীচুৰ ওপৰত বিশ্বাস কৰিব, তেওঁলোকক সভাঘৰৰ পৰা উলিয়াই দিব। সেইবাবে তেওঁলোকে কʼলে, ‘আমি নাজানোঁ। তেওঁকে সোধক।’ ইয়াৰ পাছত ফৰীচীসকলে সেই মানুহজনক আৰু প্ৰশ্ন সুধিবলৈ ধৰিলে। শেষত সেই মানুহজনে কʼলে, ‘মই যিমানখিনি জানিছিলোঁ সকলোবোৰ কৈ দিলোঁ, তথাপি আপোনালোকে মোক কিয় ইমান সুধি আছে?’ তেতিয়া ফৰীচীসকলৰ বহুত খং উঠিল আৰু তেওঁলোকে তেওঁক বাহিৰলৈ উলিয়াই দিলে।

যীচুৱে সেই মানুহজনক লগ কৰিবলৈ গʼল আৰু সুধিলে, ‘তুমি খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰা নে?’ সেই মানুহজনে কʼলে, ‘তেওঁ কোন হয়, সেয়া মই জনা হʼলে মই নিশ্চয় বিশ্বাস কৰিলোঁহেঁতেন।’ যীচুৱে তেওঁক কʼলে, ‘খ্ৰীষ্ট মইয়ে হওঁ।’ তুমি মন কৰিলা নে যীচুৱে কেনেকৈ সেই মানুহজনক সহায় কৰিলে? তেওঁৰ চকু ভাল কৰাৰ লগতে তেওঁক বিশ্বাস কৰিবলৈও সহায় কৰিলে।

“তোমালোকে ভুল বুজিছা, কিয়নো তোমালোকে শাস্ত্ৰ আৰু ঈশ্বৰৰ শক্তিৰ বিষয়ে নাজানা।”—মথি ২২:২৯

প্ৰশ্ন: যীচুৱে অন্ধ মানুহজনক কেনেকৈ সহায় কৰিলে? ফৰীচীসকলে যীচুক কিয় ঘৃণা কৰিছিল?

যোহন ৯:১-৪১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক