ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ৩/১ পৃষ্ঠা ৩২
  • ধৰ্ম্মই বিশ্ব-শান্তি আনিব পাৰিবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ধৰ্ম্মই বিশ্ব-শান্তি আনিব পাৰিবনে?
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ৩/১ পৃষ্ঠা ৩২

ধৰ্ম্মই বিশ্ব-শান্তি আনিব পাৰিবনে?

দুহেজাৰ চনৰ আগষ্ট মাহৰ ২৮ তাৰিখৰ পৰা লৈ ৩১ তাৰিখৰ লৈকে নিউ ৱৰ্ক চহৰত এখন সভা আয়োজন কৰা হৈছিল, যʼত প্ৰায় ৭৩ খন দেশৰ পৰা অহা ৫০০ জন প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰত কিছুমানে বিশেষ ধৰণৰ পাগুৰি পিন্ধিছিল, কিছুমানে কজলা ৰঙৰ পোছাক পৰিধান কৰিছিল, কিছুমানে সন্যাসীৰ দৰে বস্ত্ৰ আৰু কিছুমানে আকৌ পাখীৰে সজা মুকুট পিন্ধিছিল। ই তেওঁলোকৰ বিশ্বাসৰ প্ৰতীক আছিল। তেওঁলোক মুছলমান, খ্ৰীষ্টান, জৈন, জৰাথ্ৰুষ্ট, তান্ত্ৰিক, বৌদ্ধ, শ্বিন্টো, শিখ আৰু অন্যান্য ধৰ্ম্মৰ সদস্য আছিল।

সেই চাৰি দিনীয়া সন্মিলনত উপস্থিত হোৱা এই প্ৰতিনিধিসকলে প্ৰথম দুদিন সংযুক্ত ৰাষ্ট্ৰত কটাইছিল। যিহেতু সেই সন্মিলনৰ আয়োজন আৰু খৰচ-পাতিৰ ব্যৱস্থা সংযুক্ত ৰাষ্ট্ৰই কৰা নাছিল। কিন্তু এনে এক সংগঠনে ইয়াৰ আয়োজন কৰিছিল যিবোৰে বিশেষকৈ এনে কাৰ্য্যত ধন দান কৰে। যিয়ে নহওঁক সংযুক্ত ৰাষ্ট্ৰ আৰু ধৰ্ম্ম গুৰুসকলে কেনেকৈ দৰিদ্ৰতা, জাতিভেদ, পৰিবেশৰ সমস্যা, যুদ্ধ আৰু অস্ত্ৰ-শস্ত্ৰক শেষ কৰি শান্তি স্থাপিত কৰাৰ বিষয়ত জোৰ দি কৈছিল।

গতিকে তেওঁলোকে “বিশ্বব্যাপী শান্তিৰ প্ৰতিশ্ৰুতি” নামৰ দলিলখনত চহী কৰে। তেওঁলোকে “ধৰ্ম্মৰ নামত হোৱা হিংসা আৰু যুদ্ধ,” এই কথাষাৰ স্বীকাৰ কৰিলে। ইয়াৰ ওপৰিও সেই দলিলখনত কোৱা হৈছিল যে তেওঁলোকে সকলো সময়তে “শান্তি স্থাপিত . . . কৰাত সংযুক্ত ৰাষ্ট্ৰক” সহযোগিতা আগবঢ়াব। কিন্তু মনকৰিবলগীয়া এই যে ইয়াক কেনেকৈ আৰম্ভ কৰিব, এই সম্পৰ্কে তেওঁলোকৰ ওচৰত কোনো নিৰ্দ্ধাৰিত বিষয় নাছিল।

দ্বিতীয় দিনা জৈন ধৰ্ম্মৰ মহাসচিবে নিজৰ ভাষণৰ সমাপ্তিত এনে এক ছবিৰ কথা উল্লেখ কৰে যিটো তেওঁ কিছু বছৰৰ আগতে সংযুক্ত ৰাষ্ট্ৰত দেখিছিল। সেই ছবিখন এনে এজন ওখ ব্যক্তিৰ আছিল যিজনে সেই বিল্ডিঙৰ দুৱাৰখন টুকুৰিওৱাৰ দৰে টুকুৰিয়াই আছিল। ছবিখনৰ ঠিক তলত লিখা আছিল, “শান্তি ৰাজকুমাৰ।” আগলৈ তেওঁ এইদৰে কৈছিল, “সেই ছবিখনে মোক অতিশয় প্ৰভাৱিত কৰে। মই বিভিন্ন ব্যক্তিক ইয়াৰ অৰ্থৰ ভাঙনি সুধিলোঁ। কিন্তু কোনেও মোক ইয়াৰ অৰ্থ বুজাই দিব নোৱাৰিলে। কিন্তু আজি এনে অনুভৱ কৰিছোঁ যে মই ইয়াৰ অৰ্থ বুজি পাইছোঁ। যিহেতু আপোনালোক আধ্যাত্মিক আৰু ধৰ্ম্ম গুৰুসকলৰ উপস্থিতিৰ দ্বাৰা মই বুজি পাইছোঁ যে সংযুক্ত ৰাষ্ট্ৰই হৈছে এই শান্তি ৰাজকুমাৰৰ প্ৰতীক।”

কিন্তু বাইবেলে বিভিন্ন দৃষ্টিকোণ প্ৰস্তুত কৰিছে। ইয়াত কোৱা হৈছে যে সেই শান্তি ৰাজকুমাৰ জন হৈছে যীচু খ্ৰীষ্ট। কেৱল তেওঁহে ঈশ্বৰৰ ৰাজ্যৰ দ্বাৰা বিশ্বব্যাপী শান্তি স্থাপিত কৰিব আৰু এই শান্তি কোনো ৰাজনৈতিক বা ধৰ্ম্মৰ গুৰুৱে আনিব নোৱাৰে। ই এনে এক স্বৰ্গীয় ৰাজ্য যি আজ্ঞাকাৰীতা মানৱক একত্ৰিত কৰি পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ্ণ কৰিব।—যিচয়া ৯:৬; মথি ৬:৯, ১০. (w01 3/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক