ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ১২/১ পৃষ্ঠা ৩২
  • “তোমাৰ দীপ্তিতে আমি দীপ্তি পাম”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তোমাৰ দীপ্তিতে আমি দীপ্তি পাম”
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ১২/১ পৃষ্ঠা ৩২

“তোমাৰ দীপ্তিতে আমি দীপ্তি পাম”

যেতিয়ালৈকে বিজুলি প্ৰবাহ বন্ধ নহয় আৰু আমাৰ চাৰিওফালে অকস্মাতে এন্ধাৰ হৈ নপৰে, তেতিয়ালৈকে আমাৰ সকলোৱে দীপ্তি অৰ্থাৎ পোহৰক এক অনুদান হিচাবে লওঁ। আনন্দৰ বিষয় এই যে আমি আমাৰ আকাশী “পোহৰৰ উৎস” অৰ্থাৎ সূৰ্য্যৰ ওপৰত সম্পূৰ্ণৰূপে ভাৰসা কৰিব পাৰোঁ। আমি সূৰ্য্যৰ পৰা পোৱা পোহৰৰ বাবে ধন্যবাদ দিয়া উচিত, কিয়নো ইয়াৰ বাবে আমি দেখিবলৈ পাইছোঁ, আহাৰ গ্ৰহণ কৰিছোঁ, স্বাস-প্ৰস্বাস আৰু জীয়াই থাকিবলৈ সম্ভৱ হৈছোঁ।

পোহৰ হৈছে আমাৰ জীৱনৰ বাবে অতি লাগতিয়াল। গতিকে এই বিষয়ে বাইবেলৰ আদিপুস্তক নামৰ কিতাপখনত পঢ়ি আমি আচৰিত নহওঁনে বাৰু, যʼত এইদৰে কোৱা হৈছে: “পাছে ঈশ্বৰে কলে, পোহৰ হওক; তাতে পোহৰ হল।” (আদিপুস্তক ১:৩) এজন দয়ালু ৰজা দায়ূদে সদায়ে স্বীকাৰ কৰিছিল যে, যিহোৱাই হৈছে সকলো জীৱন আৰু পোহৰৰ উৎস। সেয়েহে তেওঁ “তোমাৰ দীপ্তিতে আমি দীপ্তি পাম,” বুলি লিখিব পাৰিলে।—গীতমালা ৩৬:৯.

দায়ূদে কোৱা এই বাক্যশাৰী প্ৰকৃত আৰু লাক্ষণিক, এই দুয়ো অৰ্থতে ব্যৱহাৰ হয়। এই বিষয়ে বিশ্বকোষ ব্ৰিটানিকাই এইদৰে কৈছে: “দৃষ্টিক উদ্বেগী কৰি তুলিবলৈ পোহৰে এক প্ৰমুখ ভূমিকা আদয় কৰে।” বিশ্বকোষে আগলৈ এইদৰে কৈছে: “শৰীৰৰ সকলো ক্ৰীয়াশীল অঙ্গ-প্ৰত্যেঙ্গতকৈ কেৱল চকুৱে মানুহৰ মগজুলৈ অধিক তীব্ৰ গতিৰে সংবাদ কঢ়িয়াই নিয়ে।” যিহেতু আমি অধিক ক্ষেত্ৰত উপহাৰ হিচাবে পোৱা দৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰোঁ—যাক সঠিকভাৱে কাৰ্য্য কৰিবলৈ পোহৰৰ আৱশ্যক। বাইবেলত এই পোহৰক লাক্ষণিকৰূপেও ব্যৱহাৰ কৰিছে।

সেইবাবে যীচুৱে নিজৰ শিষ্যসকলক এইদৰে কৈছিল: “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।” (যোহন ৮:১২) ইয়াত যীচুৱে উল্লেখ কৰা লাক্ষণিক পোহৰৰ অৰ্থ আছিল তেওঁৰ প্ৰচাৰ কৰা সত্য, যিয়ে শুনোঁতাসকলৰ মন আৰু হৃদয় দুয়োকে উজ্জ্বলময় কৰি তুলিব পাৰিলেহেঁতেন। বহু বছৰ ধৰি আধ্যাত্মিক অন্ধকাৰময় পৰিস্থিতিত থকাৰ পাছত, অৱশেষত যীচুৰ শিষ্যসকলে মানৱজাতিৰ প্ৰতি থকা ঈশ্বৰৰ উদ্দেশ্য আৰু ৰাজ্যৰ আশাৰ বিষয়ে বুজাত সক্ষম হʼল। সচাঁকৈ এইটো “জীৱনৰ পোহৰ” আছিল, কিয়নো সেই জ্ঞানে অনন্ত জীৱনলৈ পৰিচালিত কৰিব পাৰিলেহেঁতেন। স্বৰ্গীয় পিতৃলৈ কৰা প্ৰাৰ্থনাত যীচুৱে এইদৰে কৈছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।” (যোহন ১৭:৩) আহঁক আমি এই আধ্যাত্মিক পোহৰক কেতিয়াও অনুদান হিচাবে নহয়, কিন্তু গভীৰতাৰে ইয়াক গ্ৰহণ কৰোঁহক! (w01 12/01)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক