ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ১২/১ পৃষ্ঠা ৩০
  • পিতৃ-মাতৃসকল—নিজ ল’ৰা-ছোৱালীৰ আৱশ্যকতাক পূৰণ কৰক!

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পিতৃ-মাতৃসকল—নিজ ল’ৰা-ছোৱালীৰ আৱশ্যকতাক পূৰণ কৰক!
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ১২/১ পৃষ্ঠা ৩০

পিতৃ-মাতৃসকল—নিজ লʼৰা-ছোৱালীৰ আৱশ্যকতাক পূৰণ কৰক!

লʼৰা-ছোৱালীক বিশেষকৈ পিতৃ-মাতৃসকলৰ মাৰ্গ-দৰ্শন আৰু প্ৰেমময় অনুশাসনৰ আৱশ্যক। এই সন্দৰ্ভত টানিয়া জাগোৰে নামৰ এগৰাকী ব্ৰাজিলৰ শিক্ষাবিদে এইদৰে কৈছিল: “প্ৰত্যেক লʼৰা-ছোৱালীয়ে মনোৰঞ্জন কৰিব বিচাৰে। তাৰবাবে তেওঁলোকক সীমা বান্ধি দিয়া আৱশ্যক। সেই সীমা কেৱল পিতৃ-মাতৃয়েহে বান্ধিব পাৰে। যদি তেনে নকৰে তেন্তে পাছলৈ তেওঁলোকে লʼৰা-ছোৱালীক নিজৰ নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিব।”

বহুতো দেশবিলাকৰ সমাজবোৰত ব্যক্তিগত স্বাধীনতাক অধিক গুৰুত্ব দিয়াৰ বাবে ওপৰত উল্লেখ কৰা পৰামৰ্শটো পালন কৰাত কঠিন হৈ পৰিছে। এই ক্ষেত্ৰত পিতৃ-মাতৃসকলে কʼৰ পৰা সহায় লাভ কৰিব পাৰে? ঈশ্বৰৰ প্ৰতি ভয় ৰাখোঁতা পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক “যিহোৱাই দিয়া আধিপত্য” হিচাবে গ্ৰহণ কৰে। (গীতমালা ১২৭:৩) সেইবাবে তেওঁলোকে লʼৰা-ছোৱালীক ডাঙৰ-দীঘল কৰাত ঈশ্বৰৰ বাক্য অৰ্থাৎ বাইবেলে প্ৰদান কৰা পথ-প্ৰদৰ্শনৰ সহায় লয়। উদাহৰণস্বৰূপে, হিতোপদেশ ১৩:২৪ পদত কৈছে: “যি জনে নিজৰ পুতেকক চেকনী নিদিয়ে, তেওঁ তাক ঘিণ কৰে, কিন্তু যি জনে তাক স্নেহ কৰে, তেওঁ উচিত সময়ত তাক শাস্তি দিয়ে।”

বাইবেলত উল্লেখ কৰা “চেকনী” শব্দটোক কেৱল শাৰীৰিকৰূপে শাস্তি দিয়াৰ অৰ্থত লোৱা উচিত নহয়; ইয়াৰ অৰ্থ হৈছে যিকোনো প্ৰকাৰে সংশোধন কৰা। এই শব্দটো হয়তো বেছিভাগ ক্ষেত্ৰত, লʼৰা-ছোৱালীক তেওঁলোকৰ বেয়া পথৰ পৰা উভটি আহিবলৈ মৌখিকৰূপে দিয়া অনুশাসনক বুজাব পাৰে। হিতোপদেশ ২৯:১৭ পদত এইদৰে উল্লেখ কৰিছে: “তুমি তোমাৰ পুত্ৰক শাস্তি দিয়া; তাতে সি তোমাক শান্তি দিব, এনে কি, তোমাৰ প্ৰাণক আনন্দিত কৰিব।”

লʼৰা-ছোৱালীক হানিকাৰক মনোবৃত্তিৰ পৰা আঁতৰাই ৰাখিবলৈ প্ৰেমময় অনুশাসন দিয়া আৱশ্যক। পিতৃ-মাতৃসকলে লʼৰা-ছোৱালীক তেনেধৰণৰ দৃঢ় আৰু দয়ালুপূৰ্ণ সংশোধনৰ যোগেদি তেওঁলোকৰ প্ৰতি লোৱা পিতৃ-মাতৃসকলৰ প্ৰেমময় তত্ত্বাৱধানৰ প্ৰমাণ দিয়ে। (হিতোপদেশ ২২:৬) গতিকে পিতৃ-মাতৃসকলে নিৰুৎসাহিত হোৱাৰ আৱশ্যক নাই! আপোনালোকে বাইবেলত উল্লেখ কৰা ব্যৱহাৰিক আৰু যথাৰ্থ পৰামৰ্শক পালন কৰাৰ দ্বাৰা যিহোৱাক সন্তুষ্টি আৰু লʼৰা-ছোৱালীৰ সন্মান লাভ কৰিব পাৰিব। (w01 12/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক