আঁতৰি যোৱাতো কেতিয়া বুদ্ধিমানৰ কাৰ্য্য হʼব
বৰ্তমান জগতখনত নিজৰ সাহস প্ৰদৰ্শন কৰা, দুঃসাহসীপূৰ্ণ কাৰ্য্য কৰাটো প্ৰায়ে এটা বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ হৈ পৰিছে। যি জনে তেনে পৰিস্থিতিৰ পৰা আঁতৰি আহে তেওঁক সাধাৰণতে ভয়াতুৰ বা কাপুৰুষ বুলি দৃষ্টি কৰা হয়। ইয়াৰ ওপৰিও তেওঁ হাঁহিয়াতৰ পাত্ৰ হয়।
যিহেতু বাইবেলে স্পষ্টকৈ কৈছে যে, আঁতৰি যোৱাটো কেতিয়া বুদ্ধিমান আৰু সাহসৰ কাৰ্য্য হʼব। বাইবেলৰ সত্যতাৰ বিষয়ে উল্লেখ কৰি নিজৰ শিষ্যসকলক প্ৰচাৰ কাৰ্য্য কৰিবলৈ পঠোৱাৰ পূৰ্বেই, যীচুৱে তেওঁলোকক এইদৰে কৈছিল: “যেতিয়া এখন নগৰত তোমালোকক তাড়না কৰে তেতিয়া আনখনলৈ পলাই যাবা।” (মথি ১০:২৩) দৰাচলতে যীচুৰ শিষ্যসকলে অত্যাচাৰীসকলৰ পৰা বাচিবলৈ চেষ্টা কৰিছিল। তেওঁলোকে সম্মুখীন হোৱা অত্যাচাৰৰ বাবে কোনো ক্ৰুছেড যুদ্ধ আৰু তেওঁলোকে বলেৰে আনৰ ধৰ্ম্ম পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰা নাছিল। তেওঁলোকে শান্তিৰ বাৰ্ত্তা প্ৰচাৰ কৰিছিল। (মথি ১০:১১-১৪; পাঁচনিৰ কৰ্ম্ম ১০:৩৪-৩৭) প্ৰকৃত খ্ৰীষ্টানসকলে খঙত উত্তেজিত হোৱাৰ পৰা আঁতৰি থাকি বিৰক্ত কৰা বিষয়ৰ মাজত ব্যৱধান বজাই ৰখা উচিত। এইদৰে তেওঁলোকে এক উত্তম বিবেক শক্তি আৰু যিহোৱাৰ সৈতে এক বহুমূলীয়া সম্পৰ্ক বজাই ৰাখে।—২ কৰিন্থীয়া ৪:১, ২.
বাইবেলৰ হিতোপদেশ নামৰ কিতাপখনত এটা প্ৰভেদমূলক উদাহৰণ পোৱা যায়। ইয়াত এজন ডেকা ব্যক্তিৰ বিষয়ে কোৱা হৈছে যে, তেওঁ প্ৰলোভনৰ পৰা আঁতৰি যোৱাৰ পৰিৱৰ্তে “গৰু হত হবলৈ” যোৱাৰ দৰে ব্যভিচাৰণীৰ পিছে পিছে গʼল। তাৰ পৰিণাম কি হʼল? প্ৰলোভণত পৰি তেনে বেয়া কাৰ্য্যত লিপ্ত হোৱাৰ বাবে নিজৰ প্ৰাণ দিবলগীয়া হʼল।—হিতোপদেশ ৭:৫-৮, ২১-২৩.
যদি আপুনি তেনে কোনো ব্যভিচাৰ কাৰ্য্যত লিপ্ত হʼবলৈ বা আন বিপদজনক কাৰ্য্যৰ বাবে প্ৰলোভিত হৈছে, তেনেহʼলে কি কৰা উচিত? ঈশ্বৰৰ বাক্যৰ অনুসাৰে আপুনি তেনে অৱস্থা বা পৰিস্থিতিৰ পৰা আঁতৰি আহিবলৈ কাৰ্য্য কৰাটো উপযুক্ত হʼব, তেনে কৰাৰ দ্বাৰা আপুনি বেয়াৰ দূৰত্ব বজাই ৰাখিব পাৰিব।—হিতোপদেশ ৪:১৪, ১৫; ১ কৰিন্থীয়া ৬:১৮; ২ তীমথিয় ২:২২. (w02 4/15)