ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ১০/১ পৃষ্ঠা ১৯
  • এখন ৰাজ্যগৃহৰ বাবে পুৰস্কৃত কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এখন ৰাজ্যগৃহৰ বাবে পুৰস্কৃত কৰা
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • ৰাজ্যগৃহলৈ সকলোকে আদৰণি জনোৱা হয়
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ৰাজ্যগৃহবোৰ কিয় আৰু কেনেকৈ তৈয়াৰ কৰা হয়?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ১০/১ পৃষ্ঠা ১৯

ৰাজ্যৰ বাৰ্ত্তাৰ প্ৰচাৰকসকলৰ বিষয়ে ৰিপৰ্ট

এখন ৰাজ্যগৃহৰ বাবে পুৰস্কৃত কৰা

ফিনলেণ্ডৰ পৰিবেশ মন্ত্ৰীয়ে ২০০০ চনটোক “কৃত্ৰিম প্ৰাকৃতিকদৃশ্য পৰিকল্পনাৰ বছৰ” হিচাবে নিৰ্বাচিত কৰিছিল। এজন সংস্থাপকে বৰ্ণনা কৰি এইদৰে কয় যে “কুঞ্জবনৰ বছৰ বুলি কোৱাৰ উদ্দেশ্য হৈছে, আমাৰ জীৱনৰ মঙ্গলৰ অৰ্থে সকলোকে চাৰিওকাষে থকা সেউজীয়া পৰিৱেশৰ প্ৰতি সচেতন কৰা।”

ফিনলেণ্ডত থকা কৃত্ৰিম প্ৰাকৃতিকদৃশ্য পৰিকল্পনাৰ উদ্যোগপতীসকলে জানুৱাৰী ১২, ২০০১ চনত তাত অৱস্থিত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়লৈ এখন পত্ৰ পঠিয়াইছিল। সেই পত্ৰখনত টিকুৰীলা চহৰত থকা যিহোৱাৰ সাক্ষীসকলক ৰাজ্যগৃহৰ চাৰিওফালে থকা অতি সুন্দৰ বাগিছাখনৰ বাবে বছৰটোৰ সৰ্ব্বশ্ৰেষ্ঠ কৃত্ৰিম প্ৰাকৃতিকদৃশ্যৰ মেডেলসমূহ প্ৰদান কৰাৰ বিষয়ে বৰ্ণনা কৰা আছিল। সেই পত্ৰখনত আগলৈ এইদৰে কোৱা হৈছিল যে “ৰাজ্যগৃহখনৰ চাৰিওফালে থকা বাগিছাখন শীত আৰু গ্ৰীষ্মকাল এই উভয়তে দেখিবলৈ মনোমোহা, সৌন্দৰ্য্য আৰু উচ্চ বৈশিষ্ট্যমূলক আছিল।”

সেই মেডেল যিহোৱাৰ সাক্ষীসকলক ফিনলেণ্ডৰ টামপেৰেত থকা ৰচেনডাহল নামৰ হোটেলত প্ৰদান কৰা হৈছিল। সেই সমাৰোহত ৪০০ জন বৃত্তিধাৰী আৰু ব্যৱসায়ী ব্যক্তি উপস্থিত আছিল। ফিনলেণ্ডত থকা কৃত্ৰিম প্ৰাকৃতিকদৃশ্য পৰিকল্পনাৰ উদ্যোগপতীসকলে বাতৰি কাকতত এটা লেখ প্ৰকাশ কৰে, যাৰ এটা অংশত এইদৰে কোৱা হৈছিল: “দেশৰ বিভিন্ন ভাগত থকা যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহবোৰ কোনো অব্যাহতি নোহোৱাকৈ সদায়ে সুন্দৰকৈ নিৰ্ম্মাণ কৰা হয়। সেই ৰাজ্যগৃহবোৰৰ কাষেৰে যোৱা সকলো ব্যক্তিয়ে তাৰ প্ৰতি আগ্ৰহী হয়। তাৰে এটা উদাহৰণ হৈছে টিকুৰীলা চহৰত থকা ৰাজ্যগৃহ, যাৰ সুন্দৰ বাগিছাখনৰ সাধাৰণভাৱে উপমা দিব পাৰি। নিৰ্ম্মাণ আৰু তাৰ চাৰিওকাষে থকা বাগিছাৰ কাৰ্য্যত সুথিল আৰু ভাৰসাম্য বজাই ৰখা হৈছে।”

ফিনলেণ্ডত থকা ২৩৩ খন ৰাজ্যগৃহৰ চাৰিওফালে বহুতো সুন্দৰ বাগিছাৰে আৱৰি আছে। কিহে এই ঠাইবোৰক বাস্তৱতে সুন্দৰ কৰি তুলিছে? দৰাচলতে এই স্থানবোৰত সত্য উপাসনা আৰু বাইবেলৰ শিক্ষা প্ৰদান কৰা হয়। বিশ্বজুৰি থকা ৬০ লাখতকৈও অধিক যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহবোৰ আছে, যিবোৰ দেখাত শুৱনি বা পৰিপাটি অৰ্থাৎ বাস্তৱতে মনোৰম স্থান। সেইবাবে যিহোৱাৰ সাক্ষীসকলে সেই স্থানবোৰক উত্তমৰূপে প্ৰেমেৰে চোৱা-চিতা কৰে। ৰাজ্যগৃহলৈ আহিবলৈ সকলো জনসম্প্ৰদায়ৰ লোকৰ বাবে দুৱাৰ মুকলি হৈ আছে! (w02 10/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক