আমাৰ সকলোকে প্ৰশংসাৰ আৱশ্যক
এজনী কণমাণি ছোৱালীক এটা বা আনটো সময়ত যদিও সংশোধন কৰা আৱশ্যক আছিল, সেই বিশেষ দিনটোত তাই ভালদৰে আচৰণ কৰিলে। সেই নিশা কণমাণি ছোৱালীজনীক বিছনাত শুবলৈ ৰাখি অহাৰ পিছত তাইৰ মাকে তাইক ক্ৰন্দন কৰা শুনিবলৈ পালে। যেতিয়া মাতৃ গৰাকীয়ে তাই ক্ৰন্দন কৰাৰ কাৰণ শুধিলে তেতিয়া তাই ফেঁকুৰি-ফেঁকুৰি এইদৰে কʼলে: “আজিৰ দিনটোত মই ভালদৰে আচৰণ কৰা নাছিলোঁনে?”
এই প্ৰশ্নটোৱে এপাট শৰৰ দৰে তাইৰ মাকক বিন্ধিলে। কিয়নো সাধাৰণতে মাকে তাইক সদায়ে কোনো পলম নকৰাকৈ শুধৰণী কৰে। কিন্তু সেইদিনা মাকে যদিও দেখিছিল যে তাইৰ কণমাণি জীয়েকে ভালদৰে আচৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল তথাপিও মাকে তাইৰ প্ৰতি কোনো শলাগ নলʼলে।
বাস্তৱতে কেৱল সেই কণমাণি ছোৱালীজনীকেই যে প্ৰশংসা আৰু আশ্বাসৰ আৱশ্যক এনে নহয়, আমাৰ সকলোকে প্ৰশংসাৰ আৱশ্যক যিদৰে আমাক আৱশ্যকতাৰ অনুসাৰে পৰামৰ্শ আৰু শুধৰণীৰ প্ৰয়োজন হয়।
যেতিয়া কোনোবাই আন্তৰিকতাৰে আমাৰ শলাগ লয় তেতিয়া আমি কেনে অনুভৱ কৰোঁ? তেনে প্ৰশংসাই আমাৰ হৃদয়ত আনন্দ আৰু গোটেই দিনটো উজ্জল নকৰেনে? একেই সময়ত আমি অনুভৱ কৰোঁ যে আনে আমাৰ প্ৰতি চিন্তা কৰে। এনে শলাগনীয়ে আমাত প্ৰত্যাশা জন্মাই যে আমি যি কৰিলোঁ সেইটো সঁচাকৈ প্ৰশংশা পোৱাৰ যোগ্য আছিল আৰু ইয়ে আমাক ভৱিষ্যতে পুনৰাই তেনেদৰে কৰিবলৈ উৎসাহিত কৰে। গতিকে এইটো কোনো আচৰ্য্যজনক বিষয় নহয় যে আমি আন্তৰিকতাৰে প্ৰশংসা কৰা সেই ব্যক্তিজনৰ প্ৰতি সদায়ে আকৰ্ষিত হʼম। কিয়নো তেওঁ আমাক অনুপ্ৰেৰণা দিয়ে।—হিতোপদেশ ১৫:২৩.
যীচু খ্ৰীষ্টই প্ৰশংসা কৰা আৱশ্যকতাৰ বিষয়ে ভালদৰে বুজি পাইছিল। সেয়েহে তেওঁ দাসবোৰক গাগৰি দিয়া দৃষ্টান্তত মালিকে (যীচুৱে নিজক চিত্ৰিত কৰিছিল) দুজন বিশ্বাসী দাসক এইদৰে আন্তৰিকতাৰে শালাগ লোৱা বুলি উল্লেখ কৰিছিল: “চাবাইচ, উত্তম বিশ্বাসী দাস!” সেইটো কিমান যে স্ফূৰ্ত্তিদায়ক আছিল! যদিও সেই দাসবোৰৰ ভিন্ন পাৰ্গতালি আৰু সাফল্যতা আছিল তাথপিও তেওঁলোকক সমানে প্ৰশংসা কৰা হৈছিল।—মথি ২৫:১৯-২৩.
এতেকে আমি সেই কণমাণি ছোৱালীজনীৰ মাকৰ বিষয়ে মনত ৰাখা উচিত, যি গৰাকীয়ে তাইৰ জীয়েকক প্ৰশংসা কৰাত বিফল হৈছিল। সেয়েহে আমি আনে ক্ৰন্দন কৰালৈকে প্ৰশংসা কৰিবলৈ কেতিয়াও অপেক্ষা কৰা উচিত নহয়। ইয়াৰ পৰিৱৰ্তে আমি আনক প্ৰশংসা কৰিবলৈ সুযোগ লোৱা উচিত। দৰাচলতে আমাৰ ওচৰত আন্তৰিকতাৰে সকলো সুযোগতে প্ৰশংসা কৰাৰ উত্তম কাৰণ আছে। (w02 11/1)