ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০২ ১২/১ পৃষ্ঠা ৩২
  • “তিনিজন জ্ঞানী পুৰুষ” তেওঁলোক কোন আছিল?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তিনিজন জ্ঞানী পুৰুষ” তেওঁলোক কোন আছিল?
  • ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০২ ১২/১ পৃষ্ঠা ৩২

“তিনিজন জ্ঞানী পুৰুষ” তেওঁলোক কোন আছিল?

সাধাৰণতে যীচুৰ জন্মৰ সময়ছোৱাত মানসূচক বস্ত্ৰ পৰিধান কৰা তিনিজন ব্যক্তিয়ে তেওঁলোকৰ উটৰ সৈতে কণমানি যীচুক চাবলৈ পশুশাললৈ আহিছিল, যʼত তেওঁলোকে যীচুক দানা-পাত্ৰত শুই থকা দেখিবলৈ পাইছিল। জাকজমক বস্ত্ৰ পৰিধান কৰা সেই ভ্ৰমণকাৰীসকলক সাধাৰণতে তিনিজন জ্ঞানী পুৰুষ বুলি কোৱা হয়। বাইবেলে তেওঁলোকৰ বিষয়ে কি কৈছে?

বাইবেলৰ অনুসাৰে সেই তথাকথিত জ্ঞানী পুৰুষসকল “পূব ফালৰ পৰা” অহা বুলি উল্লেখ কৰিছে আৰু তেওঁলোকে যীচুৰ জন্মৰ বিষয়ে জানিব পাৰিছিল। (মথি ২:১, ২, ৯) সেই ব্যক্তিসকলক যিহূদা প্ৰদেশত উপস্থিত হʼবলৈ নিশ্চয়ে ভালেমান সময় লাগিছিল। যেতিয়া তেওঁলোকে কণমানি যীচুক বিচাৰি পাইছিল তেতিয়া পশুশালত জন্ম হোৱা যীচু নৱজন্ম শিশু হৈ থকা নাছিল। ইয়াৰ বিপৰীতে তেওঁলোকে ‘কণমানি লʼৰাটি’ আৰু মৰিয়মক সেই ঘৰটোত বাস কৰা পাইছিল। (মথি ২:১১)

বাইবেলত সেই ব্যক্তিসকলক মেগুচ বা “জ্যোতিষী” বুলি কৈছে আৰু তেওঁলোক কিমানজন আছিল সেই বিষয়ে একো উল্লেখ কৰা নাই। দি অক্সফৰ্ড কম্পেনিয়ন টু দ্যা বাইবেলে, এইদৰে বৰ্ণনা কৰিছে: “ভ্ৰমণকাৰী অন্তৰ্গত প্ৰকাশ কৰা মেগুচ আৰু জ্যোতিষী সেই কৌতূহলপূৰ্ণ তৰাটোৰ সৈতে সম্বন্ধ আছিল, যিয়ে তেওঁলোকক বৈৎলেহমলৈ পৰিচালিত কৰিছিল।” বাইবেলে স্পষ্টকৈ সকলো প্ৰকাৰৰ তন্ত্ৰ-মন্ত্ৰ আৰু বাবিলীয়া শিক্ষাৰ দ্বাৰা তৰাৰ যোগেদি লোৱা সম্বাদক নিষেধ কৰিছে।—দ্বিতীয় বিবৰণ ১৮:১০-১২; যিচয়া ৪৭:১৩.

বৃত্তান্তই দেখুৱাইছে যে সেই কেইজন ব্যক্তি কোনো ভালৰ বাবে অহা নাছিল। তেওঁলোকৰ তেনে সংবাদত দুষ্ট ৰজা হেৰোদে ঈৰ্ষাৎ অতিশয় ক্ৰোধিত হৈছিল। যাৰ বাবে যোচেফ, মৰিয়ম আৰু যীচু মিছৰলৈ পলাই যাবগীয়া হৈছিল আৰু বৈৎলেহমত থকা “দুবছৰীয়া আৰু তাতকৈয়ো কম বয়সীয়া আটাইবোৰ লʼৰাক” বধ কৰালে। হেৰোদে সেই জ্যোতিষী কেইজনৰ পৰা সাৱধানে নিশ্চিতভাৱে যীচুৰ জন্মৰ সময়ৰ বিষয়ে জানিলে। (মথি ২:১৬) তেওঁলোকে এইদৰে চাবলৈ আহি সমস্যাৰ সৃষ্টি হোৱাটোক আমি যুক্তিসঙ্গতভাৱে এই সিদ্ধান্তত উপনীত হʼব পাৰোঁ যে “যিহূদীবিলাকৰ যি ৰজা জন্মিল” তাৰ বিষয়ে সংবাদ দিয়া সেই তৰাটো অৱশ্যেই ঈশ্বৰৰ শত্ৰু চয়তান অৰ্থাৎ দিয়াবলৰ পৰা আছিল, যিজনে যীচুক হত্যা কৰিব বিচাৰিছিল।—মথি ২:১, ২. (w02 12/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক