ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৩/১ পৃষ্ঠা ৩২
  • “মোক আৱশ্যক হোৱা সকলোখিনি লাভ কৰিলোঁ”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “মোক আৱশ্যক হোৱা সকলোখিনি লাভ কৰিলোঁ”
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৩/১ পৃষ্ঠা ৩২

“মোক আৱশ্যক হোৱা সকলোখিনি লাভ কৰিলোঁ”

বিশ্ব স্বাস্থ্য সংঘই দিয়া ৰিপৰ্টৰ অনুসৰি বিশ্বত ১২ কোটি লোকে নিৰাশতা ভুগিছে। প্ৰত্যেক বছৰে দহ লাখ লোকে আত্মহত্যা কৰে আৰু দুই কোটি লোকে নিজৰ জীৱনটোক শেষ কৰি দিবলৈ চেষ্টা কৰে। গতিকে নিৰাশতাত ভুগা লোকসকলক কেনেকৈ সহায় কৰিব পাৰি? যদিও চিকিৎসা বিজ্ঞানে হয়তো শাৰীৰিক পীড়া উপশম কৰিব পাৰে কিন্তু তথাপিও মানসিক বেদনা উপশম কৰাটো গুৰুত্বপূৰ্ণ। তদুপৰি যিসকলে এনে অভিজ্ঞতা হৈছে তেওঁলোকে যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা বাইবেল আধাৰিত প্ৰকাশনসমূহৰ পৰা ব্যৱহাৰিক সহায় লাভ কৰিছে। এই বিষয়ে ফ্ৰান্সৰ পৰা পোৱা এখন পত্ৰত স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে।

“সেইটো বেছিদিনৰ কথা নহয়, যেতিয়া মই জীয়াই থকাৰ কোনো কাৰণ দেখিবলৈ পোৱা নাছিলোঁ। মই ঈশ্বৰক প্ৰাৰ্থনা কৰি কৈছিলোঁ যে মোক মৰিবলৈ দিয়ক। মই নিজকে এটা জীৱিত মৰা শ যেন অনুভৱ কৰিছিলোঁ। যিহোৱাৰ পৰা নিৰ্দেশনা বিচাৰি মই একান্তৰে তেওঁলৈ প্ৰাৰ্থনা কৰিলোঁ। তদুপৰি মই যিহোৱাৰ সাক্ষীসকলৰ ২০০২ চনৰ বাৰ্ষিক পুস্তকʼখন পঢ়িবলৈ ঠিৰাং কৰিলোঁ আৰু তিনি দিনৰ ভিতৰত তাক পঢ়ি শেষ কৰিলোঁ। সেই কিতাপখনে মোক অধিক উৎসাহিত কৰি মোৰ বিশ্বাস দৃঢ় কৰিলে।

“মই প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীবোৰক অলপ অনুসন্ধান কৰি আচৰিত হʼলোঁ। মই এই আলোচনীখন যোৱা ১৫ বছৰৰ পৰা নিয়মীয়াকৈ পঢ়ি আহিছোঁ, অথচ মই কেতিয়াও উপলব্ধি কৰা নাছিলোঁ যে ইয়াৰ লেখবোৰে বাস্তৱতে উৎসাহ আৰু আগ্ৰহকতা প্ৰদান কৰে। সেইবোৰত সম্পূৰ্ণকৈ প্ৰেম প্ৰকাশ পাইছে, যিটো বৰ্তমান সময়ত হ্ৰাস হোৱা দেখা গৈছে। সেই লেখবোৰৰ পৰা মোক আৱশ্যক হোৱা সকলোখিনি লাভ কৰিলোঁ।”

বাইবেলে এইদৰে কৈছে: “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।” (গীতমালা ৩৪:১৮) গতিকে ইয়াত কোনো সন্দেহ নাই যে ‘ভগ্ন-চিত্তিয়া’ বা ‘খেদিত মনৰ’ লোকসকলে উৎসাহিত হʼব পাৰে। তদুপৰি বাইবেলে বৰ্ণনা কৰিছে যে তেনেলোকৰ বাবে ভৱিষ্যতে এক উজ্জ্বল আশা আছে। যিসকলে ঈশ্বৰৰ শান্ত্বনাৰ দ্বাৰা লাভবান হʼব বিচাৰে তেওঁলোকৰ সহায়ৰ অৰ্থে যিহোৱাৰ সাক্ষীসকলে বাইবেল আধাৰিত প্ৰকাশনসমূহ বিতৰণ কৰে। (w03 3/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক