ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৬/১ পৃষ্ঠা ৩২
  • উপহাৰ দিয়াটো উৎকোচ নে এটা সাধাৰণ প্ৰথা?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উপহাৰ দিয়াটো উৎকোচ নে এটা সাধাৰণ প্ৰথা?
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৬/১ পৃষ্ঠা ৩২

উপহাৰ দিয়াটো উৎকোচ নে এটা সাধাৰণ প্ৰথা?

পোলেণ্ডৰ কিছুমান কলেজত বিদ্যাৰ্থীসকলে প্ৰথাগতভাৱে ধন সংগ্ৰহ কৰি তেওঁলোকৰ শিক্ষক-শিক্ষয়ত্ৰীক উপহাৰ দিয়ে, যাতে শিক্ষক-শিক্ষয়ত্ৰীসকলে বিদ্যাৰ্থীসকলক পৰীক্ষাত অধিক নম্বৰ দিয়ে। সেইবাবে তাৰে এখন কলেজত পঢ়া কাটাৰজাইনা নামৰ এগৰাকী প্ৰকৃত খ্ৰীষ্টান যুৱতীয়ে কঠিন পৰিস্থিতিৰ সম্মুখীন হʼবলগীয়া হৈছিল। প্ৰথমতে সেই যুৱতী গৰাকীয়ে, “মই ধন দিয়া উচিত হʼব নে নহয়,” এই বুলি ভাবি দোধোৰ-মোধোৰ অৱস্থাত পৰিছিল। তাইৰ সহপাঠীসকলে তাইক যুক্তি দৰ্শাই এইদৰে কৈছিল: “এইটো হৈছে এটা প্ৰথাগত অভ্যাস। ইয়াৰ বাবে তুমি একো হেৰুৱাবলগীয়া নহয়। দৰাচলতে ইয়াৰ দ্বাৰা তোমাৰ অধিক লাভ হʼব, এতেকে তুমি কিয় সন্দেহ কৰিছা?”

এই বিষয়ে কাটাৰজাইনাই এইদৰে কৈছিল: “মই কলেজৰ প্ৰথম বছৰ পঢ়ি থকাৰ সময়ত নিজেই ধন সংগ্ৰহ কৰিছিলোঁ। কেৱল পিছতহে জানিব পাৰিলোঁ যে আচলতে মই উৎকোচ দিয়াত সমৰ্থন কৰিছোঁ আৰু যাক বাইবেলে অনুচিত বুলি উল্লেখ কৰিছে।” তাই সেই শাস্ত্ৰপদটো স্মৰণ কৰে যʼত যিহোৱাই দৃঢ়ভাৱে উৎকোচৰ বিষয়ে গৰিহণা দিছে। (দ্বিতীয় বিবৰণ ১০:১৭; ১৬:১৯; ২ বংশাৱলি ১৯:৭) কাটাৰজাইনাই আগলৈ এইদৰে কয়: “মই বুজিব পাৰিলোঁ যে সহপাঠীৰ হেঁচাত তেনে কাৰ্য্যত লিপ্ত হোৱাটো অতি সহজ। কিন্তু মই সেই বিষয়ে ভালদৰে বিবেচনা কৰিলোঁ আৰু তেতিয়াৰ পৰা তেনে প্ৰথাত দুনাই অংশ গ্ৰহণ নকৰিবলৈ দৃঢ় সিদ্ধান্ত ললোঁ।” যোৱা তিনি বছৰতকৈ অধিক সময় তাই আন বিদ্যাৰ্থীসকলৰ ঠাট্টাৰ পাত্ৰ হৈয়ো কিছুমান বিদ্যৰ্থীক বৰ্ণনা কৰিবলৈ সক্ষম হৈছে যে, তেনে “উপহাৰ” বাইবেলৰ বিৰোদ্ধ সেয়েহে তাই কোনো দান নিদিয়ে।

কিছুমানে কাটাৰজাইনাক স্বাৰ্থপৰ আৰু সমাজবিৰোধী মনোবৃত্তি ৰখা বুলি অভিযোগ কৰে। সেই যুৱতী ভনী গৰাকীয়ে এইদৰে কয়: “তেওঁলোকৰ কিছুমানে এতিয়াও মোৰ সৈতে বন্ধুত্বভাৱে ব্যৱহাৰ নকৰে। আনহাতে বেছিভাগে মোৰ এই দৃষ্টিভঙ্গীক সন্মান কৰে আৰু ইয়ে মোক আনন্দিত কৰি তুলিছে।” কাটাৰজাইনা এগৰাকী যিহোৱাৰ সাক্ষী বুলি প্ৰসিদ্ধ হৈ পৰিল, যি গৰাকীয়ে দৈনন্দিন জীৱনত বাইবেলৰ সিদ্ধান্তসমূহক নিবিড়ভাৱে পালন কৰে। (w03 6/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক