ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ৭/১ পৃষ্ঠা ৩২
  • সহায় বিচাৰি নিৱেদন কৰাসকলৰ বাবে শান্ত্বনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সহায় বিচাৰি নিৱেদন কৰাসকলৰ বাবে শান্ত্বনা
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ৭/১ পৃষ্ঠা ৩২

সহায় বিচাৰি নিৱেদন কৰাসকলৰ বাবে শান্ত্বনা

বাইবেলখন এখন মনোবিজ্ঞান হাতপুথি নহয়। তথাপিও ই আমাক সমস্যা সম্মুখীন হোৱাৰ স্বত্ত্বেও জীৱনটোত আনন্দ উপভোগ কৰিবলৈ শান্ত্বনা প্ৰদান কৰিছে। সেয়েহে অপৰিৱৰ্তিতভাৱে শাস্ত্ৰই এইদৰে কৈছে: “তিৰোতাৰ পৰা জন্ম পোৱা যি মনুষ্য, তেওঁ অলপদিনীয়া আৰু দুখেৰে পৰিপূৰ্ণ।” (ইয়োব ১৪:১) আমাত থকা অসিদ্ধতাই হৈছে আমি ভুগা সকলোবোৰ দুখৰ কাৰণ। কিন্তু মূলতে ইয়াৰ বাবে কোন দায়ী?

বাইবেলত সেই দুষ্ট আত্মিক ব্যক্তিজনক চয়তান অৰ্থাৎ দিয়াবল বুলি কোৱা হৈছে। সি “গোটেই জগতৰ ভ্ৰান্তি জন্মায়” আৰু মানুহক আক্ৰমণ কৰিবলৈ সকলো প্ৰকাৰৰ সমস্যা থিয় কৰে। তদুপৰি বাইবেলে ইয়াকো কৈছে যে তাৰ ধ্বংসৰ সময় একেবাৰে কাষ চাপিলহি। (প্ৰকাশিত বাক্য ১২:৯, ১২) অতি সোনকালে চয়তানে পৃথিৱীবাসীৰ ওপৰত অনা সকলোবোৰ দুখ-কষ্টক ঈশ্বৰে অন্ত কৰিব। বাইবেলৰ অনুসাৰে ঈশ্বৰে আশাহীন আৰু নিৰাশ হোৱা লোকসকলৰ বাবে ধাৰ্ম্মিকতা নিবাস কৰা এখন নতুন পৃথিৱীৰ প্ৰতিজ্ঞা কৰিছে।—২ পিতৰ ৩:১৩.

মানুহে ভুগি থকা দুখ-কষ্টবোৰ যে অস্থায়ী তাক জানি আমি কিমান শান্ত্বনা লাভ কৰোঁ! ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্যৰ অধীনত সেই ৰাজ্যৰ ৰজা যীচুৱে, অন্যায় আৰু সকলোবোৰ দুখ-কষ্টৰ অন্ত কৰিব। ঈশ্বৰীয় নিযুক্তি সেই ৰজাজনৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “দুখীয়াই কাতৰোক্তি কৰিলে তেওঁ তাক উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব। তেওঁ দুখী-দৰিদ্ৰক কৃপা কৰিব; তেওঁ দৰিদ্ৰবিলাকৰ প্ৰাণ ৰক্ষা কৰিব। অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ সিবিলাকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সিবিলাকৰ তেজ বহুমূল্য হব।”—গীতমালা ৭২:১২-১৪.

সেই ভৱিষ্যতবাণী বাক্যৰ পূৰ্ণতাৰ সময় একেবাৰে কাষ চাপিছেহি। আমি পৰমদেশীয় পৃথিৱীৰ অপূৰ্ব পৰিৱেশত অনন্ত জীৱনৰ আনন্দ লাভ কৰিব পাৰিম। (লূক ২৩:৪৩; যোহন ১৭:৩) বৰ্তমান সহায় বিচৰি নিৱেদন কৰাসকলক এই শাস্ত্ৰীয় প্ৰতিজ্ঞাসমূহে আশা আৰু শান্ত্বনা প্ৰদান কৰে। (w03 7/15)

[৩২ পৃষ্ঠাৰ স্বীকৃতিপ্ৰাপ্ত ছবিসমূহ]

বিষণ্ণ মনেৰে বহি থকা ছোৱালীজনী: Photo ILO/J. Maillard

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক