ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৩ ১১/১ পৃষ্ঠা ৩২
  • ভৱিষ্যতে এক অপৰাধবিহীন জগত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভৱিষ্যতে এক অপৰাধবিহীন জগত
  • ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৩ ১১/১ পৃষ্ঠা ৩২

ভৱিষ্যতে এক অপৰাধবিহীন জগত

আপুনি এক অপৰাধবিহীন জগতৰ বিষয়ে কল্পনা কৰিব পাৰিবনে বাৰু! যʼত কোনো পুলিচ, অধিক খৰচী আৰু কাৰাগাৰ বা অপৰাধীক ন্যায়-বিচাৰ কৰা জটিল আদালত নাথাকিব। ই এনে এখন জগত হʼব যʼত সকলোৱে আনৰ জীৱন আৰু সা-সম্পত্তিৰ প্ৰতি মূল্যাঙ্কন কৰিব। ই কোনো কাল্পনিক কথা বা বিষয় যেন লগা নাইনে? আপুনিও হয়তো তেনেদৰে ভাবিব পাৰে, কিন্তু ঠিক তেনেধৰণৰ অপূৰ্ব পৰিৱৰ্তনৰ বিষয়ে বাস্তৱতে বাইবেলে প্ৰতিজ্ঞা কৰিছে। তেতিয়াহʼলে বাইবেলে বৰ্তমান সময়ত এই জগতত ঘটি থকা অপৰাধ আৰু আন বেয়া কৰ্ম্মৰ বিষয়ে কেনে ভৱিষ্যতবাণী কৰিছিল তাক বিবেচনা নকৰে কিয়?

বাইবেলৰ গীতমালা নামৰ কিতাপখনত আমি এইদৰে পঢ়িবলৈ পাওঁ: “তুমি দুৰাচাৰীবোৰৰ বিষয়ে বেজাৰ নাপাবা; কুকৰ্ম্মীহঁতলৈ অসূয়া নকৰিবা। কিয়নো সিহঁত ঘাঁহৰ দৰে অলপতে কটা যাব, কুমলীয়া তৃণৰ নিচিনাকৈ জঁয় পৰিব। কিন্তু নম্ৰবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।” (গীতমালা ৩৭:১, ২, ১১) দৰাচলতে কোনেও ঈশ্বৰক এই প্ৰতিজ্ঞা আৰু আন হৃদয়স্পৰ্ষী প্ৰতিজ্ঞাসমূহ পূৰ্ণ কৰাত বাধা দিব নোৱাৰে।

ঈশ্বৰে তেওঁৰ এই আশীৰ্ব্বাদ নিজৰ ৰাজ্যৰ যোগেদি আনিব। যীচুৱে তেওঁৰ শিষ্যসকলক শিকোৱা প্ৰভুৰ প্ৰাৰ্থনাত “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক” বুলি উল্লেখ কৰিছিল। (মথি ৬:৯, ১০) অতি শীঘ্ৰেই সেই ৰাজ্যৰ অধীনত কোনেও দৰিদ্ৰতা, নিৰ্য্যাতন বা স্বাৰ্থপৰতাৰ কৱলত নপৰিব যিয়ে তেওঁলোকক অপৰাধ কৰিবলৈ প্ৰেৰিত কৰে। কিয়নো ঈশ্বৰৰ বাক্যই এইদৰে বৰ্ণনা কৰিছে: “পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব।” (গীতমালা ৭২:১৬) প্ৰকৃততে যিহোৱা ঈশ্বৰে সকলো ব্যক্তিকে সকলো বস্তু প্ৰদান কৰিব। তদুপৰি সমস্ত মানৱ সমাজে ঈশ্বৰ, ওচৰ-চুবুৰীয়াৰ প্ৰতি প্ৰেমেৰে প্ৰেৰিত হʼব আৰু পুনৰাই আকৌ কেতিয়াও সেই জগতখনত অপৰাধ দেখা নাযাব। (w03 11/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক