ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৫/১ পৃষ্ঠা ২৭
  • পাঠকসকলৰ প্ৰশ্ন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পাঠকসকলৰ প্ৰশ্ন
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৫/১ পৃষ্ঠা ২৭

পাঠকসকলৰ প্ৰশ্ন

গণনা পুস্তক ২৫:৯ পদত কৈছে যে ব্যভিচাৰ কৰাৰ বাবে ২৪,০০০ জন, কিন্তু ১ কৰিন্থীয়া ১০:৮ পদত কিয় ২৩,০০০ জন ইস্ৰায়েল লোক মৰিল বুলি কৈছে?

এই দুয়োটা পদত উল্লেখ কৰা পৰিমাণৰ ভিন্নতাৰ বাবে কেইবাটাও কাৰণ বৰ্ণনা কৰিব পাৰি। একেবাৰে সহজ সংখ্যাটো আচলতে ২৩,০০০ আৰু ২৪,০০০ জনৰ মাজৰ পৰিমাণৰ সংখ্যাবোৰ। এইদৰে উল্লেখ কৰা সংখ্যাবোৰে হয়তো কম বা বেছি সংখ্যক লোকৰ পূৰ্ণ সংখ্যা দাঙি ধৰিছে।

আন এক সম্ভাৱনাৰ বিষয়ে বিবেচনা কৰক। পাঁচনি পৌলে চিটীমত বাস কৰা ইস্ৰায়েলসকলৰ এই ঘটনাটোক কৰিন্থীয়াত বাস কৰা খ্ৰীষ্টান ভাই-ভনীসকলক সতৰ্ক কৰিবলৈ উল্লেখ কৰিছিল। কিয়নো তেওঁলোকে ব্যভিচাৰপূৰ্ণ কাৰ্য্যৰ বাবে প্ৰখ্যাত হোৱা চহৰত বাস কৰিছিল। তেওঁলোকক উদ্দেশ্য কৰি পৌলে এইদৰে লিখিছিল: “যেনেকৈ ব্যভিচাৰ কৰাত; একে দিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহঁক।।” ইয়াত কেৱল ব্যভিচাৰ কাৰ্য্যৰ বাবে যিহোৱাই বধ কৰাসকলৰ সংখ্যা দাঙি ধৰি পৌলে ২৩,০০০ জন মৰিল বুলি কৈছে।—১ কৰিন্থীয়া ১০:৮.

যিহেতু গণনা পুস্তক ২৫ অধ্যায়ত কৈছে যে, “ইস্ৰায়েল বাল-পিয়োৰ দেৱতাত আসক্ত হোৱাত ইস্ৰায়েলৰ অহিতে যিহোৱাৰ ক্ৰোধ জ্বলি উঠিল।” তেতিয়া যিহোৱাই মোচিক “লোকবিলাকৰ আটাই মূল মানুহক” মৃত্যুদণ্ড দিবলৈ আজ্ঞা দিলে। মোচিয়ে বিচাৰকৰ্তাসকলক যিহোৱাই কৰা সেই আজ্ঞা পালন কৰিবলৈ আদেশ দিলে। অৱশেষত, যেতিয়া পীনহচে ইস্ৰায়েলৰ চাউনীলৈ এজনী মিদিয়নীয়া তিৰোতা অনা ইস্ৰায়েল ব্যক্তিক বধ কৰাতহে “মহামাৰী স্থগিত হʼল।” সেই বৃতান্তত এইদৰে কৈ সামৰণী মাৰিছে: “যিবোৰ মহামাৰীত মৰিল সিহত চব্বিশ হাজাৰ লোক আছিল।”—গণনা পুস্তক ২৫:১-৯.

গণনা পুস্তকত উল্লেখ কৰা মৃত্যু হোৱা লোকসকলৰ সংখ্যাত বিচাৰকৰ্ত্তাসকলে “আটাই মূল মানুহক” মৃত্যুদণ্ড দিয়া আৰু যিহোৱাই পোনপটীয়াকৈ বধ কৰিবলৈ দিয়া আজ্ঞাও সন্মিলিত আছে। বিচাৰকৰ্ত্তাসকলৰ হাতত মৃত্যু হোৱা লোকসকলৰ সংখ্যা আছিল সম্ভৱতঃ এক হাজাৰ জন আৰু এইদৰে মৃত্যু হোৱা লোকসকলৰ মুঠ সংখ্যা আছিল ২৪,০০০ জন। গতিকে সেই মূল মানুহ বা অবৈধ কাৰ্য্যচক্ৰৰ দলপতি, ব্যভিচাৰ কৰাসকল, ঘৃণনীয় উৎসৱবোৰত ভাগ লোৱা অথবা মৃত্যু হোৱাবিলাকক সহযোগ কৰা, সেই সকলো “বাল্‌-পিয়োৰ দেৱতাত আসক্ত” হোৱা অপৰাধত জগৰীয়া আছিল।

“আসক্ত” শব্দটোৰ বিষয়ে এটা উল্লেখত এইদৰে বৰ্ণনা কৰা হৈছে যে, “এই শব্দটো শাৰীৰিক আৰু আধ্যাত্মিক ব্যভিচাৰত প্ৰযোজ্য হয়।” ইস্ৰায়েলসকল যিহোৱালৈ সমৰ্পিত লোক আছিল, কিন্তু যেতিয়া “বাল্‌-পিয়োৰ দেৱতাত আসক্ত” হʼল তেতিয়া তেওঁলোকে ঈশ্বৰৰ সৈতে থকা সমৰ্পিত সম্বন্ধ ছিঙি পেলালে। সেই ইস্ৰায়েলসকলৰ সম্পৰ্কে প্ৰায় ৭০০ বছৰৰ পিছত ভৱিষ্যতবক্তা হোচেয়াৰ দ্বাৰা যিহোৱা ঈশ্বৰে এইদৰে কৈছিল: “তেওঁবিলাকে বাল পিয়োৰৰ ওচৰলৈ গৈ লাজ লগা বস্তুটোৰ উদ্দেশে নিজকে পৃথক কৰিলে, আৰু তেওঁবিলাকে প্ৰেম কৰা বস্তুটোৰ দৰে তেওঁবিলাক ঘৃণনীয় হল।” (হোচেয়া ৯:১০) তেনেদৰে কৰা সেই সকলোৱে ঈশ্বৰৰ ন্যায়-বিচাৰৰ যোগ্য আছিল। সেয়েহে মোচিয়ে ইস্ৰায়েলৰ পুত্ৰসকলক এইদৰে সোঁৱৰাই দিছিল: “যিহোৱাই বাল-পিয়োৰৰ কাৰণে যি কৰিছিল, তাক তোমালোকে নিজ চকুৰে দেখিলা; কিয়নো তোমাৰ ঈশ্বৰ যিহোৱাই বাল-পিয়োৰৰ পাছত যোৱা আটাই লোকক তোমাৰ মাজৰ পৰা উচ্ছন্ন কৰিলে।”—দ্বিতীয় বিবৰণ ৪:৩. (w04 4/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক