ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৫/১ পৃষ্ঠা ৩২
  • ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপোনাৰ বিশ্বাস দৃঢ় হয়নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপোনাৰ বিশ্বাস দৃঢ় হয়নে?
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৫/১ পৃষ্ঠা ৩২

ঈশ্বৰৰ বাক্যৰ দ্বাৰা আপোনাৰ বিশ্বাস দৃঢ় হয়নে?

কোনো সমস্যাৰ সম্মুখীন হোৱাৰ সময়ত আপুনি সমস্যাটোৰ সৈতে কেনেকৈ সফলতা পাব? চয়তানৰ প্ৰত্যাহ্বানবোৰ সম্মুখীন হʼবলৈ যীচুক উপযুক্ত শাস্ত্ৰীয় পদবোৰে সহায় কৰিছিল। (মথি ৪:১-১১) ঠিক তেনেকৈ ৰজা দায়ূদেও ব্যক্তিগত সমস্যাবোৰ সম্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ বাক্যৰ দ্বাৰা তেওঁৰ বিশ্বাস দৃঢ় হৈছিল। এই বিষয়ে তেওঁ এইদৰে কৈছিল: “মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।”—গীত ৯৪:১৯.

একেইদৰে আমি ভালপোৱা শাস্ত্ৰীয় পদবোৰক স্মৰণ কৰাৰ দ্বাৰা আমাক শান্ত্বনা প্ৰদান বা সমস্যাবোৰৰ সৈতে সম্মুখীন হোৱাৰ সময়ত মানসিক দৃঢ়তা প্ৰদান কৰিব পাৰে। উদাহৰণস্বৰূপে, ৮৯ বছৰীয়া ৰেক্স নামৰ ব্যক্তিজনৰ বিষয়ে বিবেচনা কৰক। তেওঁ ১৯৩১ চনৰ পৰা পূৰ্ণসময়ৰ প্ৰচাৰক হিচাবে সেৱা কৰি আহিছে। তথাপিও তেওঁ এইদৰে কয়: “যেতিয়া মোক পৰিচৰ্য্যা কাৰ্য্যত কোনো বিশেষ দায়িত্ব দিয়া হয় তেতিয়া মই সদায়ে নিজকে অযোগ্য বুলি অনুভৱ কৰোঁ।” তেওঁ কেনেকৈ সফলতা লাভ কৰিলে? “মই মোৰ প্ৰিয় শাস্ত্ৰীয় পদ হিতোপদেশ ৩:৫ পদটো স্মৰণ কৰোঁ, যʼত এইদৰে কৈছে: ‘তুমি সমস্ত মনেৰে সৈতে যিহোৱাত ভাৰসা কৰা; তোমাৰ নিজ বিবেচনাত তুমি নিৰ্ভৰ নকৰিবা।’ এইদৰে শাস্ত্ৰীয় পদবোৰ সোঁৱৰি আৰু তাক প্ৰযোজ্য কৰাৰ দ্বাৰা সফলতাৰে মোৰ দায়িত্ববোৰ বহন কৰাত সহায়ক হয়।”

আনকি কিশোৰ-কিশোৰীসকলেও তেওঁলোকৰ প্ৰিয় শাস্ত্ৰীয় পদৰ পৰা লাভৱান হʼব পাৰে। ছবছৰীয়া জেক নামৰ কিশোৰ জনে তেওঁৰ প্ৰিয় শাস্ত্ৰীয় পদটোৰ বিষয়ে কয় যে, তেওঁক মথি ২৪:১৪ পদটোৱে তেওঁৰ মাক-দেউতাকৰ সৈতে গৈ প্ৰচাৰ কৰিবলৈ প্ৰেৰিত কৰে। তেওঁ এইদৰে কয়: “মই মোৰ মা-দেউতা আৰু মোৰ বাইদেউৰ সৈতে প্ৰত্যেক শনিবাৰে প্ৰচাৰ কৰিবলৈ যাব বিচাৰোঁ।”

যীচুৰ দৰে আপুনিও কেতিয়াবা নিজৰ বিশ্বাসৰ বাবে প্ৰত্যাহ্বানজনক পৰিস্থিতিবোৰৰ সম্মুখীন হয়নে? তেনেহʼলে ফিলিপীয়া ৪:১৩ পদটো হয়তো আপোনাৰ প্ৰিয় শাস্ত্ৰীয় পদ হʼব পাৰে। ৰজা দায়ূদৰ নিচিনাকৈ আপুনি “আন্তৰিক চিন্তাৰ” দ্বাৰা পীড়িত হৈছেনে? তেতিয়াহʼলে আপুনি ফিলিপীয়া ৪:৬, ৭ পদটো স্মৰণ কৰি সহায় লাভ কৰিব পাৰে। আপুনি ঈশ্বৰলৈ আগবঢ়োৱা সেৱা ফলদায়ক নহয় বুলি ভাবি কেতিয়াবা চিন্তিত হয়নে? তেনেহʼলে ১ কৰিন্থীয়া ১৫:৫৮ পদটো স্মৰণ কৰি লাভৱান হʼব পাৰে।

কিছুমান উপযুক্ত শাস্ত্ৰীয় পদ স্মৰণ কৰাৰ দ্বাৰা আমি ঈশ্বৰৰ বাক্যক আমাৰ জীৱনত শক্তিশালীৰূপে কাৰ্য্য কৰিবলৈ সুবিধা দিওঁ। (ইব্ৰী ৪:১২) এনে ধৰণৰ শাস্ত্ৰীয় পদবোৰে আমাৰ বিশ্বাস দৃঢ় আৰু শান্ত্বনা প্ৰদান কৰে।—ৰোমীয়া ১৫:৪. (w04 5/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক