ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৬/১ পৃষ্ঠা ৩
  • ঈশ্বৰক সন্তুষ্ট কৰিবলৈ কৰা মানৱৰ অন্বেষন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰক সন্তুষ্ট কৰিবলৈ কৰা মানৱৰ অন্বেষন
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • এক সত্য শিক্ষা আপুনি ক’ত পাব পাৰে?
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি ঈশ্বৰৰ মন আনন্দিত কৰিব পাৰে
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি কৰা বিশ্বাসক কিয় সত্য বুলি বিশ্বাস কৰে?
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৬/১ পৃষ্ঠা ৩

ঈশ্বৰক সন্তুষ্ট কৰিবলৈ কৰা মানৱৰ অন্বেষন

জন বৌকাৰ নামৰ এজন লিখকে তেওঁ লিখা গড্‌—এ ব্ৰিফ হিচট্ৰি, কিতাপখনত এইদৰে লিখিছিল: “ঈশ্বৰে গোটেই বিশ্বৰ নিয়ন্ত্ৰক আৰু সকলো বস্তুৰ সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে এনে কোনো মানুহৰ সমাজ নাই যʼত ঈশ্বৰৰ কোনো ভাগ নাই। আনকি ঈশ্বৰক বিশ্বাস নকৰা সমাজবোৰৰ সৈতেও সেই একেই দৰে সত্য।” এই প্ৰকাৰে বা আন প্ৰকাৰে ঈশ্বৰক আৰু তেওঁৰ অনুমোদন পোৱাৰ বাবে অন্বেষন কৰাটো মানুহৰ চৰিত্ৰত নিবিড়ভাৱে সন্মিলিত হৈ আছে। গোটেই পৃথিৱীত থকা লোকসকলে আন্তৰিকভাৱে ঈশ্বৰক সন্তুষ্টি কৰিব বিচাৰে। বহুতে নিজৰ বিভিন্ন ধৰ্ম বিশ্বাসৰ জড়িয়তে ঈশ্বৰক সন্তুষ্টি কৰিবলৈ চেষ্টা কৰিছে।

কিছুমানে বিশ্বাস কৰে যে ঈশ্বৰৰ অনুমোদন পাবলৈ কেৱল নৈতিকভাৱে জীৱন-যাপন কৰাটোৱেই যথেষ্ট। আন কিছুমানে অনুভৱ কৰে যে তেওঁলোকে দুখীয়া লোকক দান কৰাৰ দৰে কাৰ্য্য কৰি ঈশ্বৰৰ অনুমোদন লাভ কৰিব পাৰে। তদুপৰি কিছুমানৰ বাবে ধৰ্ম্মীয় পূজা-পাঠ আৰু ৰীতি-নীতিসমূহ পালন কৰাটোৱেই হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ।

আনহাতে এনে কিছুমান লোক আছে যিসকলে বিশ্বাস কৰে যে ঈশ্বৰক বিচাৰি পোৱাটো অসম্ভৱ আৰু তেওঁ সাধাৰণ লোকসকলৰ প্ৰতি কোনো মনোযোগ নিদিয়ে। প্ৰাচীন গ্ৰীক দাৰ্শনিক এপিকিউৰে নিৰন্তৰে বিশ্বাস কৰিছিল যে, ‘ঈশ্বৰ বহুত দূৰত আছে আৰু তেওঁ মানুহৰ কাৰ্য্যত কোনো ভাল বা বেয়া কৰিব নোৱাৰে।’ যিয়েই নহওক তেনেদৰে বিশ্বাস কৰা বহুতো ধাৰ্ম্মিক ব্যক্তি আছে। কিছুমান লোকে তেওঁলোকৰ মৃত্যু হোৱা পূৰ্বজক সন্তুষ্ট কৰাৰ আশাৰে বলিদান কৰে আৰু বহুতো ৰীতি-নীতি পালন কৰে।

আপুনি এই বিষয়ে কি ভাবে? ঈশ্বৰে বাস্তৱতে আমি তেওঁৰ অনুমোদন পাবলৈ কৰা প্ৰচেষ্টতাৰ প্ৰতি মনোযোগ দিয়েনে? ঈশ্বৰৰ হৃদয় স্পৰ্ষ আৰু তেওঁক সন্তুষ্টি কৰাটো আমাৰ বাবে সম্ভৱনে? (w04 5/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক