ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৬/১ পৃষ্ঠা ৩২
  • দীৰ্ঘ আৰু সুখী জীৱন লাভ কৰাৰ প্ৰণালী

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দীৰ্ঘ আৰু সুখী জীৱন লাভ কৰাৰ প্ৰণালী
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৬/১ পৃষ্ঠা ৩২

দীৰ্ঘ আৰু সুখী জীৱন লাভ কৰাৰ প্ৰণালী

লোকসকলৰ মাজত প্ৰচলিত এটা প্ৰবচনত এইদৰে কোৱা হয়: “সকলোৱে একেৰাহে জীয়াই থাকিব বিচাৰে, কোনেও বৃদ্ধ হʼব নিবিচাৰে।” বহুতো লোকে অৱসৰ গ্ৰহণৰ সময় কাষ চাপি অহাত তেওঁলোকে ব্যক্তিগত ইচ্ছা পূৰণ কৰিবলৈ ভৱিষ্যতে হাতত অধিক সময় আৰু কম দায়িত্ব থাকিব বুলি আশা কৰে। তথাপিও এইদৰে ভাবি ভয়ভিত হয় যে তেওঁলোকে যেন লক্ষ্যহীন আৰু অকৰ্মণ্য হৈ নপৰে। তদুপৰি তেওঁলোকে অকলশৰীয়া, অসুখী আৰু স্বাস্থ্যৰ অৱনতি হোৱাৰ বাবেও ভাবি ভয়ভিত হয়।

তেনেহʼলে সুখী জীৱনৰ মাপকাঠি কি? ভাল বন্ধু আৰু প্ৰেমময় পৰিয়ালৰ সদস্যসকলে সৰু-বৰ এই উভয়ৰ বাবে সুখ কঢ়িয়াই আনে। তথাপিও বৃদ্ধ বয়সৰ লোকসকলৰ জীৱন উন্নত কৰিবলৈ আনসকলে যি কৰে সেয়া অতি গুৰুত্বৰ বিষয় নহয়। কিন্তু এজন বৃদ্ধ বয়সৰ ব্যক্তিয়ে আনৰ বাবে কি কৰিব পাৰে সেয়া হৈছে সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়।

৪২৩ টা বৃদ্ধ বয়সৰ দম্পতীৰ ওপৰত কৰা এটা দীৰ্ঘ-অধ্যয়নে দেখুৱাইছে যে, “আনসকলৰ বাবে আগবঢ়োৱা সাহায্যই আমাৰ জীৱনটোক বৃদ্ধি কৰিবলৈ সহায় কৰিব পাৰে।” অধ্যয়ন তদাৰক কৰা ষ্টেফানীয়া ব্ৰাউন্‌ নামৰ এগৰাকী মহিলাই এইদৰে বৰ্ণনা কৰে: “আন লোকৰ সৈতে সঙ্গতি কৰি স্থাপন কৰা সম্বন্ধৰ পৰা পোৱা ফলসমূহ অধিক লাভজনক; কিয়নো এইটো হৈছে আমি দিয়া দান।” এনে দানত হয়তো আনক ঘৰুৱা কাৰ্য্যত সহায়, লʼৰা-ছোৱালীৰ যত্ন লোৱা, কোনো কাৰ্য্য কৰা, পৰিবহণৰ ব্যৱস্থা বা কোনো সমস্যাৰ বিষয়ে কʼব বিচৰাসকলৰ কথাৰ প্ৰতি মনোযোগ দিয়া।

প্ৰায় ২,০০০ বছৰ পূৰ্বেই যীচুৱে এইদৰে কৈছিল: “গ্ৰহণ কৰাতকৈ দান কৰা ধন্য।” (পাঁচনিৰ কৰ্ম্ম ২০:৩৫) দীৰ্ঘ আৰু সুখী জীৱনত উপনীত হোৱাৰ চাবি বেঙ্কত বৃহৎ পৰিমাণৰ ধন জমা বা বৃদ্ধ নহʼবলৈ গ্ৰহণ কৰা কোনো চিকিৎসা আৰু আহাৰ প্ৰণালী নহয়। ইয়াৰ পৰিৱৰ্তে, ইয়াত অন্তৰ্ভুক্ত আছে একেৰাহে সক্ৰিয় হৈ আনৰ জীৱন উন্নত কৰিবলৈ নিজৰ সময়, শক্তি আৰু সামৰ্থ প্ৰদান কৰা।

যিয়েই নহওক, আমি বৃদ্ধ অৱস্থা, ৰোগ আৰু মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ দান কৰাতকৈ অধিক সন্মিলিত আছে। একমাত্ৰ ঈশ্বৰৰ ৰাজ্যই এনেবোৰ সমস্যাক আঁতৰ কৰিব পাৰে। সেই ৰাজ্যৰ অধীনত বেমাৰ আঁতৰ হোৱাৰ উপৰিও “মৃত্যু আৰু নহব।” (প্ৰকাশিত বাক্য ২১:৩, ৪; যিচয়া ৩৩:২৪) দৰাচলতে আজ্ঞাকাৰী মানৱে পৰমদেশীয় পৃথিৱীত চিৰকালৰ বাবে সুখেৰে জীয়াই থাকিব পাৰিব। (লূক ২৩:৪৩) যিহোৱাৰ সাক্ষীসকলে আনক দীৰ্ঘ আৰু সুখী জীৱনৰ বাবে বাইবেল আধাৰিত পৰামৰ্শ দিবলৈ পাই অতি আনন্দিত হয়। (w04 5/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক