ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৭/১ পৃষ্ঠা ৩২
  • প্ৰাৰ্থনা কৰি আপোনাৰ সমস্যাৰ সমাধান পাব পাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰাৰ্থনা কৰি আপোনাৰ সমস্যাৰ সমাধান পাব পাৰেনে?
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৭/১ পৃষ্ঠা ৩২

প্ৰাৰ্থনা কৰি আপোনাৰ সমস্যাৰ সমাধান পাব পাৰেনে?

এতিয়ালৈকে আমাৰ কোনজনে গভীৰ সমস্যাৰ সম্মুখীন হোৱা নাই? বাইবেলে দেখুৱাইছে যে সমস্যাসমূহৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ যে প্ৰাৰ্থনাই সহায় কৰিব পাৰে, তাক পাঁচনি পৌলে ভালদৰে জানিছিল।

যেতিয়া পৌলক অন্যায়ভাৱে ৰোম চহৰত বন্দী কৰি ৰাখা হৈছিল তেতিয়া তেওঁৰ নিজৰ সঙ্গী ভাই-ভনীসকলক উৎসাহিত কৰি এইদৰে কৈছিল: “মোক যেন আৰু সোনকালে তোমালোকলৈ পুনৰায় দিয়া হয়, এই কাৰণে প্ৰাৰ্থনা কৰিবলৈ মই তোমালোকক অধিক মিনতি কৰিছোঁ।” (ইব্ৰী ১৩:১৮, ১৯) আন এক উপলক্ষ্যত পৌলে ঈশ্বৰৰ ওপৰত থকা দৃঢ় নিশ্চয়তা প্ৰকাশ কৰি কৈছিল যে সোনকালে মুক্তি লাভ কৰিবলৈ কৰা প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে অৱশ্যেই দিব। (ফিলীমন ২২) অনতিপলমে পৌলে বন্দীৰ পৰা মুক্তি পাই পুনৰাই মিছনাৰী কাৰ্য্যত যোগ দিছিল।

আপোনাৰ সমস্যাবোৰৰ সৈতে সফলতাৰে সম্মুখীন হʼবলৈ প্ৰাৰ্থনাই বাস্তৱতে আপোনাক সহায় কৰিব পাৰেনে? সম্ভৱতঃ সহায় কৰিব। মনত ৰাখক যে প্ৰাৰ্থনা এক ধৰ্ম্মীয় বিধিবদ্ধ অভ্যাস নহয়। এইটো হৈছে আমাৰ শক্তিশালী আৰু প্ৰেমময় স্বৰ্গীয় পিতৃৰ সৈতে কৰা যোগাযোগৰ এক মাধ্যম। গতিকে আমি মুকলি মনেৰে নিৰ্দ্দিষ্ট বিষয়ে প্ৰাৰ্থনা কৰি যিহোৱাৰ পৰা উত্তৰ পাবলৈ ধৈৰ্য্যেৰে অপেক্ষা কৰা আৱশ্যক।

ঈশ্বৰে সদায়ে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ পোনপটীয়াকৈ বা সদায়ে আমি অপেক্ষা কৰাৰ দৰে একেই প্ৰকাৰে উত্তৰ নিদিয়ে। উদাহৰণস্বৰূপে, পৌলে তেওঁৰ ‘শৰীৰত থকা এটা কাঁইট’ আঁতৰ কৰিবলৈ বাৰে বাৰে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল। ঈশ্বৰে পৌলৰ সমস্যাক সমাধান কৰা নাছিল, তাৰ পৰিৱৰ্তে তেওঁ পৌলক এইদৰে আশ্বাস দি বিশ্বাসত দৃঢ় কৰিলে: “মোৰ যি অনুগ্ৰহ, সেয়ে তোমালৈ জুৰিব; কিয়নো দুৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়।”—২ কৰিন্থীয়া ১২:৭-৯.

একেইদৰে আমি আশ্বাস ৰাখিব পাৰোঁ যে ঈশ্বৰে যদিও আমাৰ কোনো বিশেষ সমস্যাক আঁতৰ নকৰে, তথাপিও তেওঁ “তাৰ কাৰণে পৰীক্ষাই সৈতে সাৰিবৰ উপায়ো কৰিব।” (১ কৰিন্থীয়া ১০:১৩) ভৱিষ্যতে ঈশ্বৰে অতি সোনকালে মানৱজাতিৰ সকলো সমস্যা দূৰ কৰিব। তেতিয়ালৈকে আমি “প্ৰাৰ্থনা শুনোতা” জনালৈ একেৰাহে প্ৰাৰ্থনা কৰা আৱশ্যক, কিয়নো প্ৰাৰ্থনাই আমাৰ পৰিস্থিতিত প্ৰভাৱ পেলাব পাৰে।—গীত ৬৫:২. (w04 6/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক