ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৭/১ পৃষ্ঠা ৩
  • আমি সম্মুখীন হোৱা সমস্যাসমূহৰ বাবে ঈশ্বৰ দায়ী নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আমি সম্মুখীন হোৱা সমস্যাসমূহৰ বাবে ঈশ্বৰ দায়ী নে?
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • ঈশ্বৰে বাস্তৱতে আপোনাৰ বাবে চিন্তা কৰে
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • কিছুমানে কেনেকৈ ঈশ্বৰৰ সম্বন্ধে থকা প্ৰশ্নসমূহৰ উত্তৰ লাভ কৰিলে
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৭/১ পৃষ্ঠা ৩

আমি সম্মুখীন হোৱা সমস্যাসমূহৰ বাবে ঈশ্বৰ দায়ী নে?

মেৰীনাৰ সাবালিকা জীয়েকৰ মগজুত গুৰুতৰ আঘাত পোৱাত, মেৰীনাই আমাৰ সকলোৱে কৰিবলগীয়া সকলোখিনি কৰিলে।a তাই সহায়ৰ বাবে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে। মেৰীনাই এইদৰে কয়: “মই আগতে কেতিয়াও ইমান অকলশৰীয়া আৰু অসহায় বোধ কৰা নাছিলোঁ।” পিছলৈ তাই জীয়েকৰ অৱস্থা অধিক বেয়ালৈ ধাল খোৱাত মেৰীনাই ঈশ্বৰক এইদৰে সুধিছিল: “এনেদৰে কিয় ঘটিল?” তাই এইটো বুজি নাপালে যে প্ৰেমময় আৰু যত্ন লোৱা ঈশ্বৰে কিয় তাইক ত্যাগ কৰিলে।

মেৰীনাই পোৱা অভিজ্ঞতা কোনো অসাধাৰণ বিষয় নহয়। আজি বিশ্বজুৰি বহুতে আৱশ্যক হোৱা সময়ত ঈশ্বৰে তেওঁলোকক ত্যাগ কৰা বুলি অনুভৱ কৰিছে। এই বিষয়ে লীজা নামৰ এগৰাকী মহিলাই তাইৰ নাতিয়েকৰ হত্যা হোৱাৰ পিছত এইদৰে কৈছিল: “মই এতিয়াও প্ৰশ্ন কৰোঁ যে ঈশ্বৰে কিয় এনে বেয়া পৰিস্থিতি হʼবলৈ অনুমতি দিছে। মই এতিয়াও ঈশ্বৰৰ প্ৰতি থকা সম্পূৰ্ণ বিশ্বাস হেৰুৱা নাই, তথাপিও মই নিশ্চিত যে তেওঁৰ প্ৰতি মোৰ বিশ্বাস হ্ৰাস হৈছে।” একেইদৰে এগৰাকী মাতৃয়ে তাইৰ নুমলীয়া পুতেকৰ সৈতে ঘটা এটা অবোধ দুৰ্ঘটনাৰ পিছত এইদৰে কৈছিল: “যি ঘটিল তাৰ বাবে ঈশ্বৰে মোক শান্ত্বনা দিব পৰা নাই। তেওঁ যে মোৰ প্ৰতি চিন্তা বা দয়া দেখুৱাইছে মই তাৰ কোনো চিন দেখিবলৈ পোৱা নাই।” আগলৈ তাই এইদৰে কয়: “মই ঈশ্বৰক কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ।”

আনসকলে তেওঁলোকৰ চাৰিওফালে ঘটি থকা ঘটনাবোৰক দেখি ঈশ্বৰৰ প্ৰতি অসন্তুষ্টি মনোভাৱ বিকশিত কৰিছে। তেওঁলোকে দেশখনত দৰিদ্ৰতা আৰু অনাহাৰ, আশাহীন যুদ্ধৰ শৰণাপন্ন লোক, অসংখ্য লʼৰা-ছোৱালীয়ে মাক-দেউতাকক এইড্‌ছ ৰোগৰ ফলত মৃত্যুত হেৰুৱাই অনাথ হৈছে আৰু কোটি কোটি সংখ্যক লোকক ৰোগগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে। লোকসকলৰ বহুতে এনেদৰে আৰু একেইদৰে হোৱা ঘটনাবোৰৰ প্ৰতি ঈশ্বৰে কোনো মনোযোগ নিদিয়াৰ বাবে তেওঁক দায়ী কৰিছে।

দৰাচলতে মানৱে ভুগী থকা দুখ-কষ্টৰ বাবে ঈশ্বৰ দায়ী নহয়। কিয়নো ঈশ্বৰে মানৱজাতিৰ পৰা যে এনে দুখ-কষ্টক অতি সোনকালে আঁতৰ কৰিব সেই বিষয়ে বিশ্বাস কৰাৰ উপযুক্ত কাৰণ আছে। ঈশ্বৰে আমাৰ বাবে কি কৰিলে এই বিষয়ে জানিবলৈ আমি আপোনাক পৰৱৰ্তী লেখটো পঢ়িবলৈ অনুৰোধ কৰিছোঁ। (w04 7/1)

[ফুটনোট]

a ছদ্মনাম ব্যৱহাৰ কৰা হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক