ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৯/১ পৃষ্ঠা ৩২
  • নিৰুৎসাহৰ সৈতে কিদৰে সফলতাৰে সম্মুখীন হ’ব পাৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিৰুৎসাহৰ সৈতে কিদৰে সফলতাৰে সম্মুখীন হ’ব পাৰি
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৯/১ পৃষ্ঠা ৩২

নিৰুৎসাহৰ সৈতে কিদৰে সফলতাৰে সম্মুখীন হʼব পাৰি

আপুনি নিৰুৎসাহী হৈছেনে? বৰ্তমানৰ অনিশ্চয়তা আৰু বিবাদমান পৰিস্থিতিৰ বাবে বহুতে নিৰুৎসাহী হৈ পৰিছে। কিছুমানে নিবনুৱা হোৱাৰ বাবে নিৰুৎসাহী হৈছে। আন কিছুমানে দুৰ্ঘটনাৰ পিছত হোৱা অৱস্থাৰ সৈতে যুঁজ কৰিবলগীয়া হৈছে। ইয়াৰ উপৰিও আন বহুতে পৰিয়ালৰ সমস্যা, গুৰুত্বৰ বেমাৰ বা নিঃসঙ্গতাৰ অনুভূতিৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছে।

যদি আপুনি নিৰুৎসাহিত হৈছে, তেন্তে কাৰ পৰা সহায় বিচাৰিব? বিশ্বজুৰি লাখ লাখ লোকে ঈশ্বৰৰ বাক্য বাইবেলৰ পৰা শান্ত্বনা লাভ কৰিছে। তেওঁলোকে পাঁচনি পৌলৰ এই বাক্যশাৰীৰ দ্বাৰা আশ্বাস লাভ কৰিছে, যʼত এইদৰে কোৱা হৈছে: “আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য; তেৱেঁই কৰুণাময় পিতৃ, আৰু সকলো শান্ত্বনাৰ ঈশ্বৰ। . . . সেই শান্ত্বনাৰে যেন সকলো ক্লেশত থকাবিলাকক শান্ত্বনা . . . দিয়ে।” (২ কৰিন্থীয়া ১:৩, ৪) তেনেহʼলে আপোনাৰ বাইবেলৰ পৰা এই পদটো আৰু আন পদবোৰ পঢ়িলে লাভজনক নহʼবনে? এনে কৰাৰ দ্বাৰা আপুনি ‘নিজৰ হৃদয়ক শান্ত্বনা আৰু নিজকে সুস্থিৰ কৰিব।’—২ থিচলনীকীয়া ২:১৭.

তদুপৰি যিহোৱাক সেৱা কৰা লোকসকলৰ সৈতে সঙ্গতি কৰিও নিৰুৎসাহী পৰিস্থিতিৰ সৈতে সফলতাৰে সম্মুখীন হʼব পাৰে। এই বিষয়ে হিতোপদেশ ১২:২৫ পদত এইদৰে কৈছে: “মানুহৰ মনৰ দুখে মনক দোঁখুৱায়; কিন্তু মঙ্গলৰ বাক্যই তেওঁক আনন্দিত কৰে।” আমি খ্ৰীষ্টান সভাত উপস্থিত হৈ সেই ‘মঙ্গলৰ বাক্য’ শুনো আৰু সেই বাক্যই “প্ৰাণত মিঠা লগায়, আৰু হাড়বোৰ আৰোগ্য কৰে।” (হিতোপদেশ ১৬:২৪) এতেকে যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্য গৃহত উপস্থিত হৈ তেনেদৰে একগোট হোৱাটোৱে আপোনাক কেনে শক্তিশালীৰূপে প্ৰভাৱিত কৰিব পাৰে আপুনি সেই বিষয়ে নিজেই অভিজ্ঞতা লাভ নকৰে কিয়?

তদুপৰি আপুনি প্ৰাৰ্থনাৰ পৰা লাভ কৰা শক্তিৰ দ্বাৰাও লাভৱান হʼব পাৰে। যদি আপুনি জীৱনৰ দুঃশ্চিন্তাত বিহ্বল অনুভৱ কৰিছে, তেনেহʼলে আপোনাৰ তেনে অনুভূতিৰ বিষয়ে “প্ৰাৰ্থনা শুনোতা” জনাৰ আগত কওক। (গীত ৬৫:২) কিয়নো আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱা ঈশ্বৰে আমাতকৈ ভালদৰে আমাৰ বিষয়ে জানে। আমি তেওঁৰ সাহায্যত ভাৰসা কৰিব পাৰোঁ। সেয়েহে তেওঁৰ বাক্যই আমাক এইদৰে প্ৰতিজ্ঞা কৰিছে: “যিহোৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্ম্মিকক কেতিয়াও লৰচৰ হবলৈ নিদিব।” (গীত ৫৫:২২) দৰাচলতে “যিবিলাকে যিহোৱালৈ অপেক্ষা কৰে, তেওঁবিলাকে নতুন নতুন বল পাব।”—যিচয়া ৪০:৩১.

আমি নিৰুৎসাহৰ সৈতে সফলতৰে সম্মুখীন হʼবলৈ যিহোৱা ঈশ্বৰে এক শক্তিশালী প্ৰবন্ধ কৰিছে। আপুনি সেই প্ৰবন্ধৰ পৰা লাভৱান হʼব বিচাৰেনে? (w04 9/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক