ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ১০/১ পৃষ্ঠা ৩২
  • সাধাৰণ খেল-ধেমালিতকৈও অধিক অৰ্থ ৰাখে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সাধাৰণ খেল-ধেমালিতকৈও অধিক অৰ্থ ৰাখে
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ১০/১ পৃষ্ঠা ৩২

সাধাৰণ খেল-ধেমালিতকৈও অধিক অৰ্থ ৰাখে

কণ-কণ লʼৰা-ছোৱালীবিলাকে খেল-ধেমালি কৰিবলৈ ভাল পায়। কিন্তু “তেনে কৰাটো কোনো নিৰৰ্থক কাৰ্য্য কৰা নহয়,” বুলি সন্তানৰ উন্নতি নামৰ কিতাপখনত বৰ্ণনা কৰা হৈছে। “এই সময়ছোৱাত তেওঁলোকৰ বোধশক্তি বৃদ্ধি হোৱাটো দেখিবলৈ পোৱা যায়।” খেল-ধেমালিৰ যোগেদি লʼৰা-ছোৱালীয়ে শিকিবলৈ তেওঁলোকৰ চেতনা ব্যৱহাৰ, পৰিৱেশক বুজি পায় আৰু আনৰ সৈতে কাৰ্য্য কৰে।

প্ৰায় পাঁচ বছৰ বয়সীয়া হোৱাৰ লগে লগে কণমাণিসকলে তেওঁলোকৰ খেল-ধেমালিৰ অংশ হিচাবে বয়সস্ত লোকৰ দৰে অভিনয় কৰে। লʼৰা-ছোৱালীবিলাকে খেল-ধেমালি কৰাৰ বিষয়ে এবাৰ যীচুৱেও উল্লেখ কৰিছিল। কিছুমানে “দৰা-কন্যা,” আন কিছুমানে “অন্ত্যেষ্টিক্ৰিয়া” দৰে খেল খেলিব বিচাৰে, কিন্তু কিছুমানে তেনে খেল খেলিব নিবিচাৰাৰ বাবে তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক হয়। (মথি ১১:১৬, ১৭) প্ৰকৃততে তেনে ধৰণৰ খেল-ধেমালিয়ে কণমাণিসকলৰ বৃদ্ধিত গভীৰভাৱে প্ৰভাৱিত কৰিব পাৰে।

ছবি কেইখনত দেখুৱা কণমাণি ছোৱালীবোৰে বাইবেলৰ শিক্ষক আৰু বিদ্যাৰ্থীৰ হিচাবে অভিনয় কৰিছে। তেওঁলোকে যদিও আচলতে বাইবেল অধ্যয়ন কৰা নাই, তথাপিও তেওঁলোকৰ মনত স্পষ্টকৈ বাইবেলৰ বাৰ্ত্তা প্ৰচাৰ কৰাৰ অভিপ্ৰায় আছে। এইটো হৈছে এক অতি গুৰুত্বপূৰ্ণ শিক্ষাদান। কিয়নো সকলো লোকক শিক্ষাদান কৰি শিষ্য বনাই আৰু তেওঁলোকক যীচুৱে দিয়া সকলোবোৰ পালন কৰাত সহায় কৰিবলৈ শিষ্যসকলক আজ্ঞা দিছিল।—মথি ২৮:১৯, ২০.

যিসকল কণমাণি লʼৰা-ছোৱালীয়ে বাইবেল অধ্যয়ন পৰিচালনা, ভাষণ দিয়া বা ঘৰে ঘৰে প্ৰচাৰ কৰাৰ অভিনয় কৰিছে, তেওঁলোকৰ পিতৃ-মাতৃয়ে অৱশ্যেই গৌৰৱ অনুভৱ কৰিব পাৰে। স্বাভাৱিকতে লʼৰা-ছোৱালীয়ে তেওঁলোকৰ চাৰিওফালে ঘটা ঘটনাবোৰ লক্ষ্য কৰি তাক অনুকৰণ কৰে। তেওঁলোকে খেলা বাইবেলৰ খেলবোৰে দৰাচলতে ‘প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকে প্ৰতিপালন’ হৈ ডাঙৰ-দীঘল হোৱাটো প্ৰকাশ কৰে।—ইফিচীয়া ৬:৪.

লʼৰা-ছোৱালীবিলাকে সত্য উপাসনাত ভাগ লোৱাটোৱেই হৈছে যিহোৱা ঈশ্বৰৰ ইচ্ছা। তেওঁ মোচিক নিয়ম ব্যৱস্থা পাঠ কৰাৰ সময়ত ‘কণমাণি লʼৰা-ছোৱালীকো’ সন্মিলিত কৰিবলৈ কৈছিল। (দ্বিতীয় বিবৰণ ৩১:১২) যদি লʼৰা-ছোৱালীবিলাকে জড়িত আছে বুলি অনুভৱ কৰে, তেন্তে তেওঁবিলাকে খেলা খেল-ধেমালিতো সেইবোৰ প্ৰকাশ পাব। যিসকল লʼৰা-ছোৱালীয়ে ঈশ্বৰৰ শুভবাৰ্ত্তা প্ৰচাৰ কৰাৰ অভিনয় কৰে তেওঁলোকে সেই পথত আগবাঢ়ি আহিবলৈ প্ৰথম পদক্ষেপ লয়। (w04 10/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক