ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৪/১ পৃষ্ঠা ৩২
  • ঈশ্বৰৰ বাক্যক প্ৰেম কৰা এজন নম্ৰ মনৰ আফ্ৰিকীয় ব্যক্তি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বাক্যক প্ৰেম কৰা এজন নম্ৰ মনৰ আফ্ৰিকীয় ব্যক্তি
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৪/১ পৃষ্ঠা ৩২

ঈশ্বৰৰ বাক্যক প্ৰেম কৰা এজন নম্ৰ মনৰ আফ্ৰিকীয় ব্যক্তি

আফ্ৰিকালৈ ভ্ৰমণ কৰিবলৈ যোৱা ভ্ৰমণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে সহজে বাইবেলৰ বিষয়ে আলোচনা কৰা দেখিবলৈ পোৱাটো এক আচৰিত বিষয়। কিয়নো তেওঁলোকৰ সৈতে “ঈশ্বৰৰ ৰাজ্য কি?” বা “আকাল, মহামাৰী, যুদ্ধ আৰু অপৰাধ আদি সমস্যাবোৰৰ কোনো চিৰস্থায়ী সমাধান আছেনে?” বুলি যেতিয়া এনেবোৰ প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হয়, তেতিয়া তেওঁলোকে মনোযোগেৰে শুনে। বহুতে বাইবেলৰ তেনে প্ৰশ্নবোৰৰ উত্তৰ বুজাই দিবলৈ অচিনাকি ব্যক্তিসকলক আনন্দেৰে অনুমতি দিয়ে। ই প্ৰায়ে এক নিয়মিত বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ পৰিচালিত কৰে। বিদ্যাৰ্থীসকলে আধ্যাত্মিকভাৱে উন্নতি কৰি বাপ্তিষ্মা লয়।

সৰ্ব্বপ্ৰথম আফ্ৰিকীয় এজন ব্যক্তিয়ে এইদৰে সত্যতাক গ্ৰহণ কৰাৰ বিষয়ে বাইবেলৰ পাঁচনিৰ কৰ্ম্ম ৮:২৬-৪০ পদত উল্লেখ কৰা হৈছে। তেওঁ এজন ইথিওপিয়া ব্যক্তি, যিজনে সত্য ঈশ্বৰ যিহোৱাক উপাসনা কৰিবলৈ যিৰূচালেমলৈ যাত্ৰা কৰিছিল।

ইয়াত এজন ইথিওপিয়া ব্যক্তিয়ে নুৰাত লিখাখিনি পঢ়ি নিজৰ ৰথত উঠি ঘৰলৈ উভটি যোৱাৰ ছবি দাঙি ধৰা হৈছে। এজন বাটৰুৱাই তেওঁক এইদৰে প্ৰশ্ন কৰিলে: “আপুনি যি পঢ়িছে তাক বুজিছে নে?” সেই নম্ৰ মনৰ ইথিওপিয়া ব্যক্তিজনে পঢ়া বিষয়বোৰক বুজিবলৈ সহায়ৰ আৱশ্যক হোৱাৰ বিষয়ে বুজিব পাৰি প্ৰকৃত খ্ৰীষ্টান প্ৰচাৰক ফিলিপক নিজৰ ৰথত উঠি বহিবলৈ কʼলে। তাৰ পিছত ফিলিপক পঢ়া শাস্ত্ৰীয় কথাখিনি বুজাই দিবলৈ কʼলে। পাছে ফিলিপে বুজাই দি কʼলে যে ইথিওপিয়া ব্যক্তিজনে পঢ়া পদটো হৈছে অলপতে মৃত্যবৰণ কৰা মচীহ যীচু খ্ৰীষ্টৰ বিষয়ে কৰা ভৱিষ্যতবাণী। তদুপৰি ফিলিপে তেওঁক “যীচুৰ বিষয়ে শুভবাৰ্ত্তা প্ৰচাৰ” কৰাৰ উপৰিও যীচুৰ পুনৰুত্থানৰ বিষয়ে বুজাই দিলে।

এই আচৰ্য্যজনক সত্যতাৰ বিষয়ে ইথিওপিয়া ব্যক্তিজনে শুনি যীচুৰ শিষ্য হʼবলৈ আগ্ৰহ কৰি এইদৰে সুধিলে: “মই বাপ্তাইজিত হবলৈ কি বাধা আছে?” বাপ্তিষ্মাৰ পিছত এই নম্ৰ মনৰ ইথিওপিয়া ব্যক্তিজনে আনন্দেৰে নিজৰ ঘৰলৈ উভটি গʼল আৰু ইয়াৰ পিছত তেওঁৰ কি হʼল, সেই বিষয়ে বাইবেলত একো উল্লেখ কৰা নাই।

বৰ্তমান সময়ত যিহোৱাৰ সাক্ষীসকলে বিশ্বজুৰি লাখ লাখ লোকক সেই একেই ‘শুভবাৰ্ত্তৰ’ বিষয়ে জানিবলৈ সহায় কৰিছে। বৰ্তমান প্ৰায় ৬০ লাখ জনে বাইবেল অধ্যায়ন কৰিছে। (w05 4/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক