ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৫/১ পৃষ্ঠা ৩
  • এক দুৰ্ঘটনা ঘটা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক দুৰ্ঘটনা ঘটা
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • পুনৰুত্থান হৈছে এক উজ্জ্বল আশা
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৫/১ পৃষ্ঠা ৩

এক দুৰ্ঘটনা ঘটা

ৱেন নামৰ আঢ়ৈ বছৰীয়া কণমানি লʼৰাটিয়ে নিজৰ ঘৰত থকা বাথ ৰুমত খেলি আছিল। সি কোনোমতে বগাই দৰব ৰাখা বাকচটো পালে, মাক-দেউতাকে ভাবিছিল যে সেইটো ঢুকি পোৱাটো তাৰ বাবে সম্ভৱ নহয়। বাকচটোত থকা দৰববোৰৰ ভিতৰত এটা বটলৰ ওপৰত তাৰ চকু গʼল। সি বটলটো খুলি ভিতৰত থকা পনীয়াখিন খালে আৰু এটা দুৰ্ঘটনা ঘটে।

সেই বটলটোত ক্ষতিকৰ এচিড আছিল আৰু দুখৰ বিষয় এই যে ৱেনৰ মৃত্যু হয়। তাৰ মাক-দেউতাকে শোকত ভাগি পৰে। তাৰ দেউতাক পেৰ্চীয়ে শান্ত্বনাৰ বাবে গীৰ্জাত প্ৰাৰ্থনা কৰে। তেওঁ সোধে যে, “কিয় তেনেদৰে ঘটিল?” উত্তৰত গীৰ্জাৰ যাজকজনে কয় যে, “স্বৰ্গত আন এক কণমানি দূতৰ আৱশ্যক আছিল।” শোকত বিদাৰিত হৈ এই শোকাগ্ৰস্ত পিতৃ-মাতৃয়ে অনুভৱ কৰে যে ঈশ্বৰে তেওঁলোকৰ সৈতে অন্যায় কৰিল। বাস্তৱতে তেনে দুৰ্ঘটনা হোৱাটোৱে ঈশ্বৰৰ ইচ্ছানে? পেৰ্চীয়ে বিভ্ৰান্তি হৈ গীৰ্জাত যাবলৈ বন্ধ কৰি দিয়ে।

যি ঘটিল সেই বিষয়ে সুঁৱৰি পেৰ্চীয়ে আচৰিত হৈ এইদৰে সোধে: ‘মোৰ কণমানি লʼৰাটোৱে এতিয়াও কষ্ট ভুগী আছেনে? মই তাক পুনৰাই দেখিবলৈ পামনে?’

আপুনিও হয়তো মৃত্যুৰ পিছত কি ঘটে আৰু ভৱিষ্যতে আপোনজনাক পুনৰাই দেখিবলৈ পামনে বুলি ভাবি আচৰিত হৈছে। ঈশ্বৰৰ বাক্য বাইবেলে এই প্ৰশ্নসমূহৰ এক উপযুক্ত উত্তৰ দিছে। ইয়াৰ পৃষ্ঠাবোৰত তেনেদৰে হোৱা ঘটনাবোৰৰ সম্পৰ্কে স্পষ্ট আৰু শান্ত্বনাদায়ক উত্তৰ দিছে। তদুপৰি বাইবেলে কৈছে যে ঈশ্বৰে ভৱিষ্যতৰ বাবে এক আচৰিত প্ৰতিজ্ঞা, অৰ্থাৎ পুনৰুত্থান কৰাৰ আশা প্ৰদান কৰিছে।

এই আচৰিতজনক আশাৰ বিষয়ে অধিক শিকিবলৈ অনুগ্ৰহ কৰি পিছৰ লেখটো পঢ়ক। (w05 5/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক