ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৬/১ পৃষ্ঠা ৩
  • মানৱে দৰিদ্ৰতাক আঁতৰ কৰাত সফল হ’ব পাৰিবনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মানৱে দৰিদ্ৰতাক আঁতৰ কৰাত সফল হ’ব পাৰিবনে?
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • দৰিদ্ৰতা ইয়াৰ স্থায়ী সমাধান বিচাৰি উলিওৱা
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • এক দৰিদ্ৰতাহীন জগত নিকটৱৰ্ত্তী হৈছে
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৬/১ পৃষ্ঠা ৩

মানৱে দৰিদ্ৰতাক আঁতৰ কৰাত সফল হʼব পাৰিবনে?

কোটি কোটি লোকে দৰিদ্ৰতাৰ সম্মুখীন নোহোৱাকৈ ডাঙৰ-দীঘল হৈছে। তেওঁলোকে কেতিয়াও পেটত খুদকণ নোহোৱাকৈ বা হাড় কপনি ঠাণ্ডাত শুবলগীয়া হোৱা নাই। তথাপিও তেওঁলোকৰ কিছুমানৰ দৰিদ্ৰলোকৰ প্ৰতি পুতৌ জন্মে আৰু তেনে লোকক সহায় কৰিবলৈ অনেক প্ৰচেষ্টা কৰে।

ঘৰুৱা যুদ্ধ, বানপানী, বৃষ্টিহীন আৰু আন বহুতো কাৰণৰ বাবে দৰিদ্ৰতা আজি এক নিষ্ঠুৰ বাস্তৱিকতা হৈ আছে। এনেবোৰ কাৰণে আফ্ৰিকাৰ দৰে দেশবোৰত পেটে-ভাতে খাই জীয়াই থকা খেতিয়কসকলৰ বাবে অতি কষ্টদায়ক হয়। সেইবাবে কিছুমান খেতিয়কে নিজৰ ঘৰ-বাৰী এৰি এখন নতুন দেশৰ ডাঙৰ চহৰবোৰলৈ আহি শৰণাৰ্থীৰ দৰে জীৱন-যাপন কৰে। আন গাওঁবোৰত থকা সকলে উত্তম জীৱন-যাপন কৰিবলৈ আগবঢ়োৱা প্ৰতিজ্ঞাবোৰত প্ৰলোভিত হৈ চহৰলৈ গৈ বসতি কৰিবলৈ ধৰে।

জনসংখ্যাৰে পৰিপূৰ্ণ চহৰবোৰ দৰিদ্ৰসকলৰ বাবে প্ৰায়ে লালন-পালন কৰা স্থান হৈ পৰে। খেতি-বাতি কৰিবলৈ প্ৰায়ে ঠাই নাথাকে। তদুপৰি চাকৰিও সহজে পোৱা নাযায়। উপায়ন্তৰহীন হৈ বহুতে অপৰাধ জগতত নামি পৰে। চহৰত বাস কৰা সকলে সহায়ৰ বাবে নিৱেদন কৰে, কিন্তু মানৱ চৰকাৰে বৃদ্ধি হোৱা দৰিদ্ৰতাৰ সমস্যাক সমাধান কৰিবলৈ বিফল হয়। লণ্ডনত নবেম্বৰ ২০০৩ চনত প্ৰকাশ পোৱা সংযুক্তৰাষ্ট্ৰৰ এখন ৰিপোৰ্টক কেন্দ্ৰিত কৰি দ্য ইনদিপেনডেন্ট নামৰ বাতৰিকাকতে এইদৰে কয়: “জগতখনত ক্ষুধাতুৰসকলৰ সংখ্যা বৃদ্ধি পাইছে। বৰ্তমান সময়ত গোটেই বিশ্বত ৮৪.২ কোটি লোকে পুষ্টিহীনতাত ভুগিছে বুলি অনুমান কৰা হৈছে আৰু এতিয়াও ইয়াৰ সংখ্যা বৃদ্ধি পাই আহিছে। ইয়াৰ উপৰিও ৫০ লাখ লোক প্ৰত্যেক বছৰে ভোকাতুৰ অৱস্থাত আছে।”

দক্ষিণ আফ্ৰিকাত থকা যিহোৱাৰ সাক্ষীসকলৰ শাখা কাৰ্য্যালয়ে এটা সময়ত দৰিদ্ৰতাত জীৱন নিৰ্বাহ কৰা লোকসকলৰ পৰা চিঠি পাইছিল। উদাহৰণস্বৰূপে, ব্লমফন্টেইনত বাস কৰা এজন ব্যক্তিয়ে এইদৰে লিখিছিল: “মই এজন নিবনুৱা আৰু মই চহৰত সুযোগ পালেই চুৰ কৰোঁ। যদি নকৰোঁ তেন্তে অত্যন্ত চেঁচা নিশাত ভুকাতুৰ হৈ কটাবলগীয়া হয়। ইয়াত কোনো চাকৰি পাবলৈ নাই। ৰাস্তাত বহুতে চাকৰি আৰু কিবা খাবলৈ পোৱাৰ আশাৰে ঘূৰি-ফুৰে। মই জানোঁ যে কিছুমানে আৱৰ্জনা পেলোৱা ঠাইলৈ গৈ আহাৰ বিচাৰি ফুৰে। কিছুমানে উপায়হীন হৈ আত্মাহত্যা কৰে। মোৰ দৰে বহুতে হতাশ আৰু আশাহীন হৈ জীৱন নিৰ্বাহ কৰিছে। এনে বোধ হৈছে যে ভৱিষ্যতে কোনো আশা নাই। যিজন ঈশ্বৰে আমাক খোৱা আৰু বস্ত্ৰৰ আৱশ্যকতাৰ সৈতে সৃষ্টি কৰিলে, তেওঁ আমাৰ এনে দুৰ্দশাৰ প্ৰতি কিয় দৃষ্টি কৰা নাই?”

মানৱৰ এনে অৱস্থাৰ প্ৰতি উদয় হোৱা প্ৰশ্নবোৰৰ অৱশ্যেই শান্ত্বনাদায়ক উত্তৰ আছে। পৰৱৰ্তী লেখটোত এই প্ৰশ্নবোৰৰ উত্তৰ ঈশ্বৰৰ বাক্যৰ পৰা দিয়া হৈছে। (w05 5/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক