ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৭/১ পৃষ্ঠা ৩২
  • “তেওঁৰ বিশ্বাসৰ বাবে উৎপীড়নৰ সম্মুখীন হ’বলগীয়া হ’ল”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “তেওঁৰ বিশ্বাসৰ বাবে উৎপীড়নৰ সম্মুখীন হ’বলগীয়া হ’ল”
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৭/১ পৃষ্ঠা ৩২

“তেওঁৰ বিশ্বাসৰ বাবে উৎপীড়নৰ সম্মুখীন হʼবলগীয়া হʼল”

উত্তৰ ইটালীত থকা কাৰনʼবিয় নামৰ নগৰৰ এখন স্থানীয় পাৰ্কত মানৱ অধিকাৰ উলঙ্ঘন কৰা পীড়িত লোকসকলৰ সোঁৱৰণিৰ অৰ্থে এক স্মাৰক স্থান স্থাপন কৰা হʼল। সেই স্মাৰক স্থানত লগোৱা এখন ফলকত নাৰিস্ক’ ৰট্‌ নামৰ ব্যক্তিজনৰ নাম দেখিবলৈ পোৱা গʼল। তেওঁৰ জন্ম এক ইটালীয় পৰিয়ালত হৈছিল। ৰটে ১৯৩০ চনত এজন যিহোৱাৰ সাক্ষী হৈ পৰিল। হিটলাৰৰ শাসন কালত যিহোৱাৰ সাক্ষীসকলে হিটলাৰৰ নাম যিহোৱা ঈশ্বৰৰ নামতকৈ উচ্চস্থান দিবলৈ অস্বীকাৰ কৰাৰ বাবে অত্যন্ত নিৰ্য্যাতনাৰ সম্মুখীন হʼবলগীয়া হৈছিল।

যেতিয়া গেষ্টাপোই আৱিষ্কাৰ কৰিলে যে ৰটে যাতনা শিবিৰলৈ প্ৰহৰীবুৰুজ আলোচনীখনৰ কপিবোৰ গোপনে অনাত জড়িত আছে, তেতিয়া তেওঁ কাৰনʼবিয়লৈ পলাই যায়। তাত তেওঁক প্ৰহৰীবুৰুজ আলোচনীখন ইটালীয় ভাষাত অনুবাদ কৰি নগৰখনৰ আশে-পাশে থকা সঙ্গী বিশ্বাসী আধ্যাত্মিক ভাইসকলক বিতৰণ কৰিবলৈ কোৱা হয়। নাৰিস্ক’ ৰটে উৎসাৰে কৰা কাৰ্য্য আনৰ চকুত নপৰাকৈ নাথাকিল। এজন এচ এচ বিষয়া আৰু তেওঁৰ লোকসকলৰ সৈতে ৰটেৰ ঘৰত প্ৰবেশ কৰে আৰু তেওঁৰ পৰা দুখন বাইবেল আৰু কিছুমান পত্ৰ পোৱাত “অপৰাধী” বুলি প্ৰমাণ পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে! পিছলৈ ৰটেক জাৰ্মানিলৈ পঠোৱা হয় আৰু ডেচো যাতনা শিবিৰত বন্দী কৰি ৰাখে। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ অলপ আগতে তেওঁক মৃত্যুদণ্ড দিয়া হয়। কাৰনʼবিয় চহৰৰ পাৰ্কত থকা ফলকত নাৰিস্ক’ ৰট্‌ৰ বিষয়ে এইদৰে খোদিত আছে, “তেওঁৰ ধৰ্ম্মৰ বাবে উৎপীড়নৰ সম্মুখীন হʼবলগীয়া হʼল।”

নাৰিস্ক’ ৰট্‌ আৰু আন বহুতো বিশ্বাসী সাক্ষীয়ে নাজিৰ উৎপীড়নত পীড়িত হোৱা উদাহৰণে বৰ্তমান সময়ত প্ৰকৃত খ্ৰীষ্টানসকলৰ বাবে যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থাকিবলৈ উৎসাহিত কৰে। কিয়নো একমাত্ৰ যিহোৱাই হৈছে তেওঁলোকৰ সকলো প্ৰশংসা, সমাদৰ আৰু পৰাক্ৰম পোৱাৰ যোগ্য ঈশ্বৰ। (প্ৰকাশিত বাক্য ৪:১১) যীচুৱে এইদৰে কৈছিল: “ধাৰ্ম্মিকতাৰ কাৰণে তাড়না পোৱাবিলাক ধন্য।” তেনে বিশ্বাসী লোকসকলে কৰা সাহসিকতাৰ কাৰ্য্যক যে যিহোৱাই পাহৰি যাব, তেওঁ এনে ঈশ্বৰ নহয়।—মথি ৫:১০; ইব্ৰী ৬:১০. (w05 6/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক