ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ৮/১ পৃষ্ঠা ৩-৪
  • এক সত্য শিক্ষা আপুনি ক’ত পাব পাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক সত্য শিক্ষা আপুনি ক’ত পাব পাৰে?
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • মিল থকা বিষয়
  • ঈশ্বৰে গ্ৰহণ কৰা উপাসনা
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • ধৰ্মবোৰে কেনেকৈ মানুহক ঈশ্বৰৰপৰা দূৰ কৰিছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ৮/১ পৃষ্ঠা ৩-৪

এক সত্য শিক্ষা আপুনি কʼত পাব পাৰে?

তীব্বতত বাস কৰা এজন ব্যক্তিয়ে এটা প্ৰাৰ্থনা চক্ৰ ঘূৰায়। কিয়নো তেওঁ বিশ্বাস কৰে যে যিমানবাৰ সেই প্ৰাৰ্থনা চক্ৰ ঘূৰাব সিমানবাৰ নিৱেদন দোহাৰা হʼয। ভাৰতত কিছুমান লোকৰ ঘৰত পূজাৰ বাবে আছুতীয়াকৈ এটা কোঠা ৰাখা হয়। সেই কোঠাত বহুতো দেৱ-দেৱীৰ প্ৰতিমা বা ফটো ৰাখি সেইবোৰৰ আগত ধূপ জ্বলোৱা, ফুল বা আন আন বস্তু উৎসৰ্গ কৰা হয়। ইটালীৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত অৱস্থিত এখন ঠাইত বাস কৰা এগৰাকী মহিলাই অত্যধিক কাৰুকাৰ্য্যৰে সুসজ্জিত এখন গীৰ্জাত থকা যীচুৰ মাক মেৰীৰ প্ৰতিমাৰ আগত আঠুঁ কাঢ়ি হাতত মালা জপ কৰি প্ৰাৰ্থনা কৰিছে।

ধৰ্ম্মই লোকসকলৰ জীৱনত কেনেদৰে প্ৰভাৱিত কৰিছে, সেই বিষয়ে হয়তো আপুনি নিজেও লক্ষ্য কৰিব পাৰিছে। দ্য ৱৰ্ল্ডচ্‌ ৰীলিজিয়েন—আনডৰ্চটেন্ডিং দ্য লিভিং ফেইথচ্‌ নামৰ কিতাপখনত এইদৰে কৈছে: “ধৰ্ম্মই . . . বিশ্বজুৰি লোকসকলৰ সমাজত এক মুখ্য ভূমিকা আদায় কৰিছে।” জন বৌকাৰ নামৰ এজন লিখকে তেওঁ লিখা গড্‌—এ ব্ৰিফ হিচ্‌ট্ৰি, কিতাপখনত এইদৰে লিখিছিল: “ঈশ্বৰে গোটেই বিশ্বৰ নিয়ন্ত্ৰক আৰু সকলো বস্তুৰ সৃষ্টিকৰ্ত্তা হোৱাৰ বাবে এনে কোনো মানৱ সমাজ নাই যি ঈশ্বৰক বিশ্বাস নকৰে। আনকি ঈশ্বৰক বিশ্বাস নকৰা বিজ্ঞানীসকলৰ সৈতেও এই কথাশাৰী একেইদৰে প্ৰযোজ্য হয়।”

ইয়াত কোনো সন্দেহ নাই যে, আজি ধৰ্ম্মই বহুতো লোকৰ জীৱন প্ৰভাৱিত কৰিছে। গতিকে এই বিষয়টোৱে মানৱৰ এক আধ্যাত্মিক আৰু গুৰুত্বপূৰ্ণ আৱশ্যকতাৰ সম্পৰ্কে প্ৰমাণ নিদিয়েনে? ড. কাৰ্ল জী জোং নামৰ এজন প্ৰসিদ্ধ মনোবিজ্ঞানীয়ে লিখা দ্য আনডিস্কভাৰ্ড্‌ ছেল্ফ নামৰ কিতাপখনত মানৱে এক উচ্চ শক্তিশালী শক্তিক উপাসনা কৰাৰ বিষয়ে এইদৰে উল্লেখ কৰিছিল যে, “ইয়াৰ প্ৰমাণ সমুদায় মানৱ ইতিহাসত দেখিবলৈ পোৱা যায়।”

আনহাতে কিছুমানে ঈশ্বৰক বিশ্বাসো নকৰে আৰু ধৰ্ম্মৰ প্ৰতিও কোনো আগ্ৰহকতা নাই। কিছুমানে ঈশ্বৰৰ অস্তিত্বৰ ওপৰত সন্দেহ কৰে, কিয়নো তেওঁলোকৰ ধৰ্ম্মই আধ্যাত্মিক আৱশ্যকতাবোৰত উপনীত হোৱাত বিফল হৈছে। ধৰ্ম্মক এইদৰে পৰিভাষা দিয়া হয়, “কিছুমান সিদ্ধান্তৰ প্ৰতি একান্ত ভক্তি থকা; একেৰাহে অটুত বিশ্বস্ততা বজাই ৰাখা; নিষ্ঠাৱান হোৱা; ধাৰ্ম্মিকতাৰ প্ৰতি আকৃষ্ট হোৱা।” এনে ধৰণৰ পৰিভাষাবোৰক প্ৰায়ে বেছিভাগ লোকে তেওঁলোকৰ জীৱনত কিছু প্ৰকাৰৰ ধৰ্ম্মীয় ভক্তিত প্ৰকাশ কৰে। এনেবোৰ লোকৰ মাজত নাস্তিকসকলো সন্মিলিত আছে।

মানৱৰ এই হাজাৰ হাজাৰ বছৰৰ ইতিহাসত মানুহে তেওঁলোকৰ আধ্যাত্মিক আৱশ্যকতাবোৰ পূৰণ কৰিবলৈ বহুতো পদ্ধতি অৱলম্বন কৰিছে। ফলস্বৰূপে, বিশ্বজুৰি বিভিন্ন ধৰ্ম্মীয় দৃষ্টভঙ্গী দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে, যদিও প্ৰায়ভাগ ধৰ্ম্মই উচ্চ শক্তিসম্পন্ন এজনাৰ ওপৰত বিশ্বাস কৰে, কিন্তু তেওঁ কোন বা কেনে প্ৰকাৰৰ ব্যক্তি, সেই সম্পৰ্কে বিভিন্ন মতামত আছে। বহুতো ধৰ্ম্মই পৰিত্ৰাণ বা মুক্তিৰ গুৰুত্বতাৰ বিষয়ে জোৰ দিয়ে। কিন্তু পৰিত্ৰাণ কি আৰু কেনেকৈ ইয়াক পাব পাৰি, সেই বিষয়ে তেওঁলোকৰ ভিন্ন মতবাদ আছে। এনে ভিন্ন ধৰ্ম্মীয় বিশ্বাসৰ মাজত আমি কেনেকৈ সত্যতাৰ শিক্ষাক চিনাক্ত কৰিব পাৰোঁ যিয়ে ঈশ্বৰক সন্তুষ্টি প্ৰদান কৰে? (w05 7/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক