ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ১০/১ পৃষ্ঠা ৩২
  • আপুনি “ঈশ্বৰলৈ ধনৱান” হয়নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি “ঈশ্বৰলৈ ধনৱান” হয়নে?
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ১০/১ পৃষ্ঠা ৩২

আপুনি “ঈশ্বৰলৈ ধনৱান” হয়নে?

যীচুৱে দিয়া বহুতো চিন্তাবিদাৰক দৃষ্টান্তত এজন ধনৱান জমিদাৰৰ বিষয়েও কৈছিল। নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ জমিদাৰজনে ভঁৰালবোৰ ডাঙৰ কৰিবলৈ পৰিকল্পনা কৰিছিল। তথাপিও যীচুৰ দৃষ্টান্তত সেই ব্যক্তিজনক “নিৰ্ব্বোধ” বুলি কোৱা হৈছে। (লূক ১২:১৬-২১) কিছুমান বাইবেল অনুবাদত এই উক্তিটোক “মুৰ্খ” বুলি উল্লেখ কৰিছে। সেই ব্যক্তিজনক কিয় তেনেদৰে আখ্যা দিয়া হৈছে?

দৰাচলতে, সেই ধনী জমিদাৰজনে ঈশ্বৰৰ অনুসাৰে নিজৰ আঁচনি বনোৱা নাছিল; নতুবা ভূমিত উৎপন্ন হোৱা শষ্যবোৰৰ বাবে ঈশ্বৰক ধন্যবাদ দিছিল। (মথি ৫:৪৫) তাৰ বিপৰীতে তেওঁ অহঙ্কাৰ কৰি এইদৰে কৈছিল: “হে প্ৰাণ, অনেক বছৰলৈকে তোমালৈ অনেক বস্তু সাঁচি থোৱা হৈছে; জিৰাই-সঁতাই থাকা; ভোজন-পান কৰি ৰং কৰা।” দৰাচলতে, জমিদাৰজনে ভাবিছিল যে তেওঁ যি পৰিশ্ৰম কৰি ফল পালে, সেয়ে তেওঁৰ বাবে এক “ওখ গড়স্বৰূপ” হʼব।—হিতোপদেশ ১৮:১১.

তেনে ধৰণৰ অহঙ্কাৰপূৰ্ণ মনোবৃত্তিৰ অহিতে যীচুৰ শিষ্য যাকোবে এইদৰে লিখিছিল: ‘এতিয়া চোৱাচোন, তোমালোকে বোলা, আজি বা কাইলৈ আমি অমুক নগৰলৈ গৈ, তাতে এবছৰ থাকি বেহা-বেপাৰ কৰি লাভ কৰিম; কালিলৈ কি ঘটিব, তাক তোমালোকে নাজানা; তোমালোকৰ জীৱন নো কি? কিয়নো এখন্তেক দেখা পোৱা হৈ, পাছত দেখা নোপোৱা যি ভাপ, তোমালোক সেই ভাপস্বৰূপ।’—যাকোব ৪:১৩, ১৪.

“হে নিৰ্ব্বোধ, আজি ৰাতি তোমাৰ প্ৰাণ তোমাৰ পৰা নিয়া হব; তাতে যিবোৰ বস্তু যুগুত কৰি থলা, সেইবোৰ কাৰ হব?” যীচুৱে সেই ধনী জমিদাৰ জনৰ সম্পৰ্কে কোৱা এই কথাশাৰী প্ৰকৃতে সঁচা আছিল, কিয়নো সেই ধনৱান ব্যক্তিজনে নিজৰ সপোন দিঠকলৈ পূৰ্ণ হোৱা দেখি পোৱাৰ পূৰ্বেই ভাপৰূপে তেওঁৰ জীৱন সমাপ্তি হʼবলগীয়া আছিল। আমি ইয়াৰ পৰা কোনো শিক্ষামূলক পাঠ শিকিব পাৰোঁনে? যীচুৱে এইদৰে কৈছিল: “যি জনে ঈশ্বৰলৈ ধনৱান নহৈ, নিজলৈ ধন সাঁচি থয়, তেওঁ তেনেকুৱা।” আপুনিও “ঈশ্বৰলৈ ধনৱান” হয়নে? (w05 10/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক