ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৫ ১১/১ পৃষ্ঠা ৩২
  • তেওঁলোকে শুনাত অক্ষমসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তেওঁলোকে শুনাত অক্ষমসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে
  • ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৫ ১১/১ পৃষ্ঠা ৩২

তেওঁলোকে শুনাত অক্ষমসকলক শুভবাৰ্ত্তা প্ৰচাৰ কৰিলে

এইদৰে নেভেলকাৰনিৰ্‌, মাদ্ৰিদ, স্পেইনৰ জ্যেষ্ঠ নাগৰিক কেন্দ্ৰৰ কাৰ্য্যপৰিচালকে তেওঁৰ কেন্দ্ৰত যিহোৱাৰ সাক্ষীসকলে কৰা সাক্ষাতৰ বিষয়ে মন্তব্য দিছিল। কিহে তেওঁক তেনেদৰে কʼবলৈ প্ৰেৰিত কৰিলে?

ৰৌছেচ ডেল কামিন’ কেন্দ্ৰত বাস কৰা কেইবাগৰাকী বাসিন্দা শুনাত অক্ষম। সেইবাবে সাক্ষীসকলে অশেষ প্ৰচেষ্টা কৰি স্পেনীয় সঙ্কেটিক ভাষা শিকে, যাতে তাৰ বাসিন্দাসকলৰ সৈতে কথোপকথন কৰিব পাৰে। সাক্ষীসকলে বিনামূল্যেই তেনে আৱশ্যক থকা লোকসকলক আধ্যাত্মিক সহায় আগবঢ়োৱাৰ বাবে কাৰ্য্যকৰ্তাজনে প্ৰশংসা কৰিছিল। সেই বাসিন্দাসকলক ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তাৰ শিক্ষাদান কৰাৰ বাবে তেওঁ এক উত্তম প্ৰভাৱ দেখিবলৈ পাইছিল। সাধাৰণতে সেই বাসিন্দাসকল—যিসকলে বিশেষকৈ দেখা আৰু শুনাত অক্ষম—তেওঁলোকেও সাক্ষীসকলে কৰা সাক্ষাতৰ পৰা লাভৱান হৈছিল।

দেখা আৰু শুনাত অক্ষম ইলোহিয় নামৰ এজন বাসিন্দাই বৰ্তমানে যিহোৱাৰ সাক্ষীসকলৰ সৈতে বাইবেল অধ্যয়ন কৰি আছে। এদিনাখন অধ্যয়ন চলি থকাৰ সময়ত এজন বৃদ্ধ ব্যক্তিয়ে আহি সাক্ষীসকলৰ প্ৰতি থকা কৃতজ্ঞতা প্ৰকাশ কৰাৰ অৰ্থে তাৰ বাসিন্দাসকলে লিখা এটা কবিতা আগবঢ়ায়। সেই কবিতাৰ বিষয়বস্তু আছিল “এজন সাক্ষী হোৱা।” সেই কবিতাফাঁকিত এইদৰে কোৱা হৈছিল: “সাক্ষীসকলে অৰ্থপূৰ্ণ, সুশৃঙ্খলাবদ্ধ আৰু যিহোৱাৰ পৰা পোৱা আনন্দজনক জ্ঞানৰ অনুসাৰে জীৱন-যাপন কৰে। তেওঁলোকে যিহোৱাক ভাৰসা কৰাৰ বাবে বাৰে-বাৰে লোকসকলৰ ঘৰে-ঘৰে যায়।”

বিশেষকৈ যিহোৱাৰ ওপৰত এনেদৰে ভাৰসা ৰাখাৰ বাবে বিশ্বজুৰি বহুতো সাক্ষীয়ে তেওঁলোকৰ দেশত থকা শুনাত অক্ষম লোকসকলৰ সঙ্কেতিক ভাষা শিকিছে। এইদৰে তেওঁলোকে তেনে শুনাত অক্ষম ব্যক্তিবিলাকক বাইবেলত পোৱা আশা প্ৰদান কৰি উৎসাহিত কৰিছে। (w05 11/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক