ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/৯৯ পৃষ্ঠা ৪
  • পুৰণি কিতাপবোৰ সঠিকৰূপে ব্যৱহাৰ কৰক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পুৰণি কিতাপবোৰ সঠিকৰূপে ব্যৱহাৰ কৰক
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/৯৯ পৃষ্ঠা ৪

পুৰণি কিতাপবোৰ সঠিকৰূপে ব্যৱহাৰ কৰক

১ এই পৃথিবীৰ প্ৰত্যেক ঠাইতে লোকসকলে লাখ লাখ পুৰণি কিতাপ তেওঁলোকৰ লাইব্ৰেৰীত সংগ্ৰহ কৰি ৰাখিছে। তথাপিও, কি এইবোৰে মানৱজাতিক অনন্তকালৰ বাবে লাভ দিব পাৰিছে নে? (উপ. ১২:১২) কিন্তু সেইবোৰ কিতাপ কিমান মূল্যৱান, যিবোৰে ঈশ্বৰৰ ৰাজ্য কি আৰু ই মানৱজাতিৰ বাবে কি কৰিব তাৰ বিষয়ে কয়। কিছুমান মণ্ডলীত এনেধৰণৰ বহুতো বেলেগ-বেলেগ কিতাপ ৰাখে। জানুৱাৰী মাহত আমি এই পুৰণি কিতাপবোৰ লোকসকলক দিম।

২ এইবিলাক সচাঁকৈ বহুত মূল্যৱান: যিহেতু আমাৰ কিছুমান লোকে ভাৱিব পাৰে যে এইবিলাক কিতাপ আমাৰ নতুন আলোচনীবোৰৰ তুলনাত বহু পুৰণি, কিন্তু আমি মনত ৰখা উচিত যে এইবিলাকত শাস্ত্ৰৰ সত্যতা লুকাই আছে। এইবিলাকত বৰ্ণনা কৰা ৰাজ্যৰ বাৰ্ত্তা এতিয়াও মূল্যৱান আৰু ইয়াত গুৰুত্ব দিয়া সকলৰ জীৱন উদ্ধাৰ কৰিব পাৰে। (যোহ. ১৭:৩) সেইবাবে এই পুৰণি কিতাপবোৰক সঠিকৰূপে ব্যৱহাৰ কৰিবলৈ অতিৰিক্ত চেষ্টা কৰা উচিত।

৩ এইবিলাকৰ মূল্য কিমান, ইয়াক জানিবলৈ এগৰাকী মহিলাৰ অনুভৱে আমাক আৰু সহায় কৰিব, উত্তৰাধিকাৰীৰূপে ৱাচটাৱাৰ সংস্থাৰ বহুতো পুৰণি কিতাপ তাই আইতাকৰ পৰা পালে। এজনী সাক্ষীয়ে এই মহিলাগৰাকীক সুধিছিল যে কি তাই জানেনে এইবিলাক কিতাপৰ প্ৰকৃত মূল্য কিমান। মহিলাগৰাকীয়ে উত্তৰ দিছিল: “মই এইবিলাকৰ মূল্য নাজানো, কিন্তু মই কেনেকৈ বিচাৰি উলিয়াম?” সেই মহিলাগৰাকীয়ে বাইবেল অধ্যয়নৰ বাবে মান্তি হʼল, তাই সত্যক স্বীকাৰ কৰিলে আৰু তাৰ পাছত তাই নিজৰ আইতাকৰ লাইব্ৰেৰীৰ মূল্য বুজি পালে। উত্তৰাধিকাৰীৰূপে পোৱা এই পুৰণি কিতাপবোৰ সচাঁকৈ কিমান যে মূল্যৱান প্ৰমাণিত হʼল!

৪ এই কিতাপবোৰ লোকসকলক দিয়ক: আপুনি মনত ৰখা উচিত যে এই পুৰণি কিতাপবোৰ প্ৰচাৰৰ সময়ত ঘৰে ঘৰে দিয়াৰ উপৰিও পুনৰ সাক্ষাত কৰাৰ সময়ত এইবোৰ সেই লোকসকলক দিয়ক যি সকলে আমাৰ কিতাপবোৰ পঢ়ি ভাল পায়। এই কিতাপবোৰ সেই লোকসকলকো দিয়ক যি সকলে প্ৰহৰীদূৰ্গ আৰু সজাগ হওঁক! আলোচনীৰ গ্ৰাহক হৈছে বা আমাৰ আলোচনী ৰোট্‌ আছে। যি ব্যক্তিসকলৰ সৈতে আপুনি বাইবেল অধ্যয়ন কৰিছে তেওঁলোকক আৰু অধিক জ্ঞান প্ৰাপ্ত কৰিবলৈ কিছুমান নিৰ্ব্বাচিত কিতাপ দিয়ক, ইয়াৰ দ্বাৰা সত্যৰ বিষয়ে তেওঁলোকৰ জ্ঞান আৰু বৃদ্ধি হব। আপোনাৰ ব্যক্তিগত লাইব্ৰেৰীত যদি এই পুৰণি কিতাপবোৰ নাই তেনেহʼলে নিজৰ বাবে এইবিলাক কিতাপ লবলৈ নাপাহৰিব। এইদৰে আপুনি এটা মূল্যৱান ঈশ্বৰ-শাসিত লাইব্ৰেৰী তৈয়াৰ কৰিব, যিবিলাকে ব্যক্তিগত অধ্যয়ন কৰাৰ সময়ত আপোনাৰ জ্ঞানৰ ভৰাঁলক আৰু বৃদ্ধি কৰিব।

৫ পুৰণি কিতাপবোৰক ৰাখি থোৱাৰ পৰিবৰ্তে আহঁক আমি লোকসকলৰ আগ্ৰহ জন্মাবলৈ ইয়াক সঠিকৰূপে ব্যৱহাৰ কৰোঁহঁক যাতে তেওঁলোকে ‘ঈশ্বৰলৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবিলাক পালন কৰে।’—উপ. ১২:১৩.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক