ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/৯৯ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/৯৯ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ আলোচনীৰ প্ৰদৰ্শন জানুৱাৰী: তালিকাত উল্লেখ কৰা ১৯২ পৃষ্ঠাৰ যি কোনো পুৰণি কিতাপ, আধা মূল্য বা বিশেষ মূল্যত বিতৰণ। প্ৰাচীনসকলৰ বাবে সূচনা: সংস্থাৰ ওচৰত কোনবোৰ পুৰণি কিতাপ উপলব্ধ আছে, ইয়াক জানিবলৈ অনুগ্ৰহ কৰি অক্টোবৰ মাহৰ ১৯৯৮ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা চাওঁক। ভৱিষ্যতে ইয়াৰ ব্যৱহাৰৰ বাবেও আপুনি এই কিতাপবোৰৰ অৰ্ডাৰ কৰিব পাৰে। ফেব্ৰুৱাৰী: সুখী পৰিয়ালৰ ৰহস্য। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এটা বিশেষ প্ৰচেষ্টা কৰা হব। এপ্ৰিল: প্ৰহৰীদূৰ্গ আৰু সজাগ হওঁক! আলোচনীৰ বাবে গ্ৰাহকতা। আগ্ৰহী থকা লোকসকলৰ বাবে বিচাৰে ব্ৰশ্বৱাৰখন প্ৰস্তুত কৰক আৰু গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক।

▪ জানুৱাৰী ৪ তাৰিখৰ সপ্তাহত হবলগীয়া সেৱা সভাত উপস্থিত থকা সকলো বাপ্তিষ্মা প্ৰাপ্ত প্ৰকাশকক অগ্ৰিম চিকিৎসীয় নিৰ্দেশ-পত্ৰ/মুক্তি পত্ৰ আৰু তেওঁলোকৰ নাবালক লৰা-ছোৱালীক চিনাক্ত-প্ৰত্ৰ দিয়া যাব।

▪ এই বছৰৰ মণ্ডলীবোৰত বৃহস্পতিবাৰ, এপ্ৰিল ১ তাৰিখে সূৰ্য্য অস্ত হোৱাৰ পাছত স্মাৰক উদযাপন কৰিবলৈ প্ৰবন্ধ কৰা উচিত। যিহেতু ভাষণ সোনকালে আৰম্ভ হব পাৰে কিন্তু স্মাৰকৰ প্ৰতীক সূৰ্য্য অস্ত হোৱাৰ আগতে আৰম্ভ কৰা উচিত নহয়। আপোনাৰ স্থানত কেতিয়া সূৰ্য্য অস্ত হয় ইয়াক জানিবলৈ স্থানীয় অধিকাৰীসকলৰ পৰা সংবাদ লওঁক। যিহেতু এইটো বাঞ্চনীয় যে সকলো মণ্ডলীত স্মাৰক উদযাপন পালন কৰা হওঁক কিন্তু সদায় এইটো সম্ভৱ নহয়। যʼত সাধাৰণতে বহুতো মণ্ডলীয়ে এটাই ৰাজ্যগৃহ ব্যৱহাৰ কৰে, তাৰে এটা বা অধিক মণ্ডলীয়ে সেই গধূলি অন্য ঠাই ব্যৱহাৰ কৰিব পাৰে। আমাৰ পৰামৰ্শ এই যে যʼত সম্ভৱ হয় তাত প্ৰথম কাৰ্য্যক্ৰম শেষ হোৱা ৪০ মিনিটৰ পাছতেহে অন্য কাৰ্য্যক্ৰম আৰম্ভ কৰিব লাগে যাতে তাত উপস্থিত থকা লোকসকলৰ সৈতে পৰিচিত হব পাৰে, আগ্ৰহ থকা লোকসকলক উৎসাহিত কৰিব পাৰে আৰু সুযোগবোৰক সম্পূৰ্ণৰূপে লাভ প্ৰাপ্ত কৰিব পাৰে। ব্যক্তিসকলক লৈ অহা আৰু লৈ যোৱা লগতে যাতায়ত আৰু গাড়ী ৰখা স্থানৰ সমস্যাৰ ওপৰতো মনোযোগ দিয়া উচিত। প্ৰাচীন গোষ্ঠীয়ে সিদ্ধান্ত লব লাগে যে তেওঁলোকৰ মণ্ডলীৰ বাবে কোনটো ব্যৱস্থা সকলোতকৈ উত্তম।

▪ ১৯৯৯ চনৰ স্মাৰক সময়ৰ বাবে বিশেষ ভাষণ এপ্ৰিল ১৮ তাৰিখে দিয়া হব। ভাষণৰ বিষয় হৈছে, “ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ সৈতে প্ৰকৃত বন্ধুত্ব।” ভাষণৰ পৰিলেখ উপলব্ধ কৰা হব। যি মণ্ডলীত সেই দেওবাৰে চাৰ্কিট ওভাৰচিয়াৰৰ ভিজিট, চাৰ্কিট সন্মিলন বা বিশেষ সন্মিলনৰ দিন হয়, তেনেহʼলে বিশেষ ভাষণ পৰবৰ্ত্তী সপ্তাহত দিয়া হব। কোনো মণ্ডলীতে ১৯৯৯ চনৰ এপ্ৰিল ১৮ তাৰিখৰ আগতে বিশেষ ভাষণ দিয়া নহব।

▪ নতুন প্ৰকাশন উপলব্ধ:

এনে এজন সৃষ্টিকৰ্ত্তা আছেনে যিজনে আমাৰ বিষয়ে চিন্তা কৰে?—ইংৰাজী

আমালৈ কি ঘটে যেতিয়া আমি মৰো?—ইংৰাজী

যুৱক-যুৱতীসকলে সোধা প্ৰশ্ন—উত্তৰ যিটো কাৰ্য্যকৰ—কানাড়ী, মাৰাঠী, নেপালী আৰু হিন্দী

জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়—অসমীয়া আৰু উৰিয়া

বাইবেলৰ পৰিচৰ্চ্চা কেনেকৈ আৰম্ভ আৰু একেৰাহে চলাই যাব পাৰি (শাস্ত্ৰৰ পৰা বিবেচনা কৰক কিতাপৰ পৃষ্ঠা ৯-২৪ লৈকে) (১৬ পৃষ্ঠাৰ)—নেপালী

▪ নতুন অডিও কেছেট উপলব্ধ:

নিজৰ চকু নিৰ্মল ৰাখক (এখন কেছেট)—ইংৰাজী, কানাড়ী, গুজৰাটী, মালয়ালম, তামিল, তেলেগু আৰু হিন্দী

(অগ্ৰগামীসকলৰ বাবে অডিও কেছেটৰ মূল্য হৈছে ৬০·০০ টকা আৰু প্ৰকাশকসকলৰ বাবে ৭০·০০ টকা)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক